Straight from the Heart

Jan 4, 20211 min

আশা

মুনীন্দ্ৰ চন্দ্ৰ শইকীয়া

আশা

আঘোনৰ ৰাতিপুৱা

কুৱঁলীৰ জাল ফালি

ভুমুকি মাৰিব খোজা

উদিত সুৰুযৰ

হেঙুলীয়া আভা।

আশা

দুৰণিৰ বননিত ফুলা

সুগন্ধি ফুলৰ সুবাস

জগতত বিলাব খোজা

এছাটি মলয়া বতাহ।

আশা

নুফুটা মাতেৰে

মাতৃ হৃদয় জিনিব খোজা

কল্লোলৰত কেচুঁৱাৰ

অবুজ অফুৰন্ত ভাষা।

আশা

অনাঘ্ৰাত কুসুমৰ

ৰেনুৰে ৰঞ্জিত হোৱা

আনন্দত মতলীয়া

ৰঙীন পখিলা।

::x::x::x::


Poet Munindra Chandra Saikia

hails from Darang district and

currently lives in Guwahati

[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

    33
    5