Straight from the Heart

Nov 11, 20201 min

নাৰী

ৰূপালী কৰ্মকাৰ

নাৰী তুমি অনন্যা

প্রতিটো ৰূপতে

মা, ভনী, পত্নীৰূপী

সফল তুমি

সকলো চৰিএতে। 

পৃথিৱীৰ ৰংগমঞ্চত

বিশেষ অভিনেত্রী তুমি 

তুমি অবিহনে

অসম্পূর্ণ পৃথিৱীৰ ঘৰখনি

নাৰী তুমি উজ্জ্বল প্রদীপ

সকলো স্থানতে।

উজ্জ্বল হলা তুমি সকলো ৰূপত

সমগ্র বিশ্বতে। 

নাৰীক অপমান কৰে যিজনে

ধ্বংস তেওঁৰ নিশ্চয়। 

নাৰীৰ অবিহনে পৃথিৱীত

মাতৃত্ব কাক  কয়? 

নাৰীৰ অপূর্ব শক্তি যেন

সকলে জানি লয়।

::x::x::x::

Rupali Karmakar

lives in Guwahati, Assam

[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

    28
    4