Straight from the Heart

Nov 25, 20201 min

কবিতা মানে

দীক্ষা পাঠক খাটনিয়াৰ

কবিতা মানে...

কিছুমান শব্দ,

কিছুমান ছন্দ মিলোৱা শব্দ,

ভাব প্ৰকাশৰ শব্দ,

অৰ্থপূৰ্ণ শব্দ,

কিছুমান সৃষ্টিশীল শব্দ৷

কবিতা মানে...

সুখ দুখৰ শব্দ,

হাহি কান্দোনৰ শব্দ,

আশা নিৰাশাৰ শব্দ,

পোৱা নোপোৱাৰ শব্দ,

আবেগ অনুভুতিৰ শব্দ,

কবিতা মানে...

কিছুমান অন্তৰ চুই যোৱা শব্দ,

হৃদয় স্পৰ্শ কৰি যোৱা শব্দ,

মৰম ভালপোৱা বিলোৱাৰ শব্দ,

পোহৰ বিলোৱাৰ শব্দ,

আন্তৰিকতাৰে আদৰি লোৱাৰ শব্দ৷

কবিতা মানে...

জীৱন যুজঁত জয়ী হোৱাৰ শব্দ,

সপোন দিথক হোৱাৰ শব্দ,

সফলতাক আকোৱালী লোৱাৰ শব্দ,

নতুন দিগন্ত ক আদৰি লোৱাৰ শব্দ,

কবিতা মানে...

দেশ ভক্তিৰ ধ্ৱনিৰে আকাশ কপাই তোলাৰ শব্দ,

স্বদেশ প্ৰেমৰ ধ্ৱনিৰে ধৰণী কপাই তোলাৰ শব্দ৷

::x::x::x::


Poet Diksha Pathak Khataniar

lives in Navi, Mumbai, Maharashtra

[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

    186
    4