Straight from the Heart

Feb 14, 20211 min

প্ৰেমৰ দিনৰ সংলাপ

জুলী কোচ

[ ১ ]

তোমাক ভালপোৱাৰ নামত উচৰ্গা কৰিব পাৰোঁ

মই মোৰ সকলো সপোন

বিনিময়ত বিচাৰিম তোমাৰ সকলো বিষাদ

আৰু তোমাৰ সেন্দুৰীয়া ওঁঠত

প্ৰতিনিয়ত চাব বিচাৰোঁ এটি সলাজ হাঁহি।

[ ২ ]

দীৰ্ঘ আত্মগোপনৰ অন্তত খিৰিকী খুলি মই

প্ৰথম দেখিলোঁ তোমাক

দীৰ্ঘ অভিমানৰ অন্তত চকু মেলিয়েই মই

প্ৰথম দেখিলোঁ তোমাক

দীৰ্ঘ স্বপ্নযাত্ৰাৰ অন্তত ভাগৰ জিৰাবলৈ গৈ

পালোঁ তোমাৰ সন্ধান

এতিয়া নিজৰ পৰা তোমাক পৃথক কৰাটোৱে টান।

[ ৩ ]

জোনটোক ক'লো ভালপোৱাৰ সাধু এটা কোৱা

জোনটোৱে আঙুলিয়াই দেখুৱালে তোমাক

তুমি জিলিকি আছিলা মোৰ বুকুৰ মাজত

তোমাৰ নামৰ জোনাক এতিয়া মোৰ জীৱনৰ বাটত।

[ ৪ ]

বগাই যাব খোজোঁ মই তোমাৰ বুকুয়েদি

সীমাৰ সিপাৰে থকা তোমাৰ সেউজীয়া খিনি চুবলৈ

আৰু কব খোজোঁ শব্দহীন ভাষাৰে

মই তোমাক ভালপাওঁ।

::x::x::x::


Poet Julee Koch

lives in Nazira, Sivasagar, Assam

[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

    43
    3