Straight from the Heart

Nov 23, 20201 min

যাত্ৰা

জুলী কোচ

আকাশখন য'ত শেষ হৈছে

ঠিক তাৰ তলতেই

আপুনি মোৰ সহযাত্ৰী হৈছিল

এচপৰা ডাৱৰক ছাতিৰ আঁৰত লুকুৱাই

বাট বুলিছিলোঁ নৈখনৰ উৎসৰ সন্ধানত

আপুনি আৰু মই

নীৰৱে... একেলগে...

আপোনাৰ উপস্থিতি মোৰ বাবে আছিল

তেজৰঙা বেলিটোৰ দৰে

বিৰিষে ক'ব, পশ্চিমৰ বতাহজাকে ক'ব

আপোনাৰ সতে সাতুঁৰি পাৰ হোৱা

নীলা সময়খিনিৰ কথা

কবিতাৰ আঁৰৰ কবিতাবোৰৰ কথা।

এৰি থৈ অহা কেকুঁৰিত নিয়ৰ সৰিছিল

আপোনাৰ সতে যাত্ৰাত মোৰ বুকুত তৰা ফুলিছিল

হৃদয়ৰ কেনভাচত বাট আঁকি আঁকি

আমি গৈ আছিলোঁ সোঁৱৰণিৰ সন্ধানত

যাত্ৰাৰ শেষৰ পৰাই আৰম্ভ হৈছিল

অন্য এক নতুন যাত্ৰাৰ।

::x::x::x::


Poet Julee Koch

lives in Nazira, Sivasagar, Assam

[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

    95
    8