Straight from the Heart

Oct 26, 20201 min

শেৱালি

জ্যোতিশিখা দত্ত

শুভ্ৰ জোনাক বিচ্ছুৰিত

তোৰ দেহ 

সেন্দুৰীয়া মাজেৰে আঁকি দিয়' 

এটি সশ্ৰদ্ধ বাট

সেই বাটেৰে নামি আহে

শাৰদীয় সুবাস বিলোৱা 

তোৰ সৌৰভ 

অ' মোৰ প্ৰাণৰ সখী 

শক্তি আৰাধনাৰ ৰাতিবোৰৰ

তয়ো হৈ ৰ'ৱ বিশ্বস্ত সাক্ষী।

::x::x::x::


Dr. Jyotisikha Dutta

did her Ph.D in Economics and

currently works at the

Dept. of Women's Studies,

Gauhati University

[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

    87
    17