Search

অগ্নিশৰ্মা বিশ্ব শৰ্মা, জনতা ৱৰকাৰ্চ ফ'ৰাম'ৰ কনভেনশ্বন, দাদুৰ ঘৰত পাখি খোলা এৰোপ্লেন

তাজুদ্দিন আহমেদ



১৯৭৭ নিৰ্বাচনত কেৱল কংগ্ৰেছ দলৰে পৰাজয় হোৱা নাছিল। পৰম ক্ষমতাশালী ইন্দিৰা গান্ধীৰ দৰে নেত্ৰীয়েও পৰাজয় বৰণ কৰিবলগীয়া হৈছিল। শাসনাধিষ্ঠ প্ৰধানমন্ত্ৰী এগৰাকীৰ পৰাজয় সেইসময়ত একপ্ৰকাৰ কল্পনাতীত ঘটনা আছিল। যি কি নহওঁক, সেইবাৰ স্বাধীন ভাৰতৰ শাসন প্ৰথম বাৰৰ বাবে এখন অকংগ্ৰেছী চৰকাৰৰ হাতলৈ গৈছিল। যাক বহুতে মানি ল'ব নোৱাৰি বৰ আৱেগিক হৈ পৰিছিল।

দিল্লীত জনতা পাৰ্টীৰ চৰকাৰ গঠন হৈছিল মোৰাৰজী দেশাইৰ নেতৃত্বত। বহুতে ভাবিছিল এই অকংগ্ৰেছী চৰকাৰ খনৰ আভ্যন্তৰীণ আৰু বৈদেশিক নীতি বেলেগ হব। এই লৈ সেইসময়ত সংবাদ মাধ্যমত যঠেষ্ট চৰ্চা হৈছিল। মোৰাৰজী দেশাই চৰকাৰৰ প্ৰথম বছৰটোৰ ভিতৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে ভাৰত ভ্ৰমণ কৰিছিল। কাৰ্টাৰ আছিল ভাৰত ভ্ৰমণ কৰা তৃতীয় গৰাকী আমেৰিকান ৰাষ্ট্ৰপতি। সেই সময়ত আমেৰিকাৰ সংবাদ মাধ্যমত চৰ্চা হৈছিল যে ভাৰতৰ অকংগ্ৰেছী চৰকাৰখনে হয়তো ছোভিয়েট ৰুছিয়াৰ সঙ্গ এৰি আমেৰিকাৰ সঙ্গ ল'ব পাৰে নতুবা আমেৰিকাৰ সৈতে পূৰ্বতকৈ অধিক সম্পৰ্ক গঢ়াৰ প্ৰয়াস কৰিব পাৰে। জিমি কাৰ্টাৰে এনে এক ধাৰণা লৈ ভাৰতলৈ আহিছিল। কিন্তু যেতিয়া Nuclear Non-proliferation Treatyৰ কথা আহিল তেতিয়া দেশায়ে এই চুক্তি কৰিব নোৱাৰো বুলি স্পষ্টকৈ কৈ দিলে। ফলত, অকংগ্ৰেছী চৰকাৰখনে যে পূৰ্ৱৰ কংগ্ৰেছী চৰকাৰৰ নীতি সলনি কৰা নাছিল সেইটো স্পষ্ট হৈ পৰিছিল।

জনতা পাৰ্টীৰ অভ্যান্তৰত লাহে লাহে ক্ষমতা লৈ টনা-আজোৰা বৃদ্ধি পাইছিল। জনতা পাৰ্টী আছিল বিভিন্ন মতাদৰ্শৰ দল মিলি হোৱা এটা পাৰ্টী। সেয়ে চৰকাৰত নেতাবোৰে নিজৰ নিজৰ প্ৰভাৱ বিস্তাৰতহে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছিল। ফলত ১৯৭৯ৰ মাজ ভাগত মোৰাৰজী দেশায়ে পদত্যাগ কৰিব লগীয়া হৈছিল। ইয়াৰ পাছত চৌধুৰী চৰণ সিঙে প্ৰধানমন্ত্ৰী ৰূপে শপত ল'লে যদিও অনাস্থাৰ সন্মুখীন হোৱাৰ পূৰ্বে পদত্যাগ কৰিছিল।

অসমত ১৯৭৭ চনৰ নিৰ্বাচনৰ অন্তত জনতা পাৰ্টীৰ পূৰ্ণাংগ কমিটি গঠন হৈছিল। কিন্তু কমিটিত ছচিয়েলিষ্ট পাৰ্টিৰ প্ৰভূত্ব খুবেই স্পষ্ট আছিল। কমিটিত জনসঙ্ঘ পন্থী আৰু কংগ্ৰেছ ত্যাগীৰ কোনো স্থান নেদেখিছিলোঁঁ। এই লৈ শিলপুখুৰীৰ জনতা পাৰ্টীৰ কাৰ্যালয়ত অভিযোগকাৰীৰ ভিৰ বাঢ়িছিল আৰু কেতিয়াবা কেতিয়াবা জনতা পাৰ্টীৰ সভাপতি গোলাপ বৰবৰাক কাৰ্যালয়ত আবদ্ধ কৰা দেখা গৈছিল।

ৰেণুকা দেৱী বৰকটকীৰ নিৰ্বাচনত দেহে কেহে খটা কৰ্মীবোৰে জনতা পাৰ্টীৰ কোনো কমিটিতে স্থান পোৱা নাছিল। কাৰণ এওঁলোক ছচিয়েলিষ্ট পাৰ্টীৰ সদস্য নাছিল। ইয়াকে লৈ সকলো কৰ্মীয়ে বিদ্ৰোহী হৈ জনতা ৱৰকাৰ্চ ফ'ৰাম তৈয়াৰ কৰিছিল। ফ'ৰামৰ নেতৃত্ব দিয়া মূল কৰ্মী কেইজন আছিল কাউন্সিলাৰ অজয় কুমাৰ দত্ত, কাউন্সিলাৰ পাৰ্ৱতী গোস্বামী, উদ্যোগপতি খনীন বৰুৱা আৰু খেল সংগঠক গিৰীণ বৰুৱা। ফ'ৰাম গঠন হোৱাৰ পাচত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সদৌ অসম ভিত্তিত "জনতা ৱৰকাৰ্চ কনভেনশ্বন" গুৱাহাটীত অনুষ্ঠিত কৰাৰ। এই লৈ ফ'ৰামৰ সদস্য সকলে দিহা পৰামৰ্শৰ বাবে জেষ্ঠ প্ৰাক্তন কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ দেৱেশ্বৰ শৰ্মাদেৱৰ ঘৰলৈ গৈছিল। শৰ্মাদেৱ আছিল গোস্বামী চাৰ্ভিছত জোঁৱাইয়েক ন্যায়াধীশ পাৰ্ৱতী গোস্বামীৰ ঘৰত। তেওঁ তাত আহল বহল বাৰাণ্ডাত বহি দৰ্শনাৰ্থীৰ সৈতে কথা পাতিছিল।

এদিন অজয় কুমাৰ দত্তৰ লগত দেৱেশ্বৰ শৰ্মা দেৱৰ ঘৰলৈ মই গৈছিলোঁ । তেওঁক অজয় দত্তই দাদু বুলি মাতিছিল বাবে ময়ো দাদু বুলিয়ে সম্বোধন কৰিছিলোঁ। অজয় দত্ত বাংলাভাষী আছিল বাবে ককা নকৈ দাদু বুলি মাতিছিল। অজয় দত্ত আৰু জনতা ৱৰকাৰ্চ ফ'ৰামৰ বাকী উদ্যোক্তা সকলৰ সৈতে মোৰ চিনাকি হৈছিল গিৰীণ বৰুৱাৰ দ্বাৰা। গিৰীণ বৰুৱা গুৱাহাটী স্প''ৰ্টছ এছচিয়েশ্বন (GSA)ৰ কোষাধ্যক্ষ আছিল। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত গোপীনাথ বৰদলৈ ট্ৰফী GSAৰ তত্বাৱধানতে অনুষ্ঠিত হৈছিল। সেই সময়ত বৰদলৈ ট্ৰফী খেলৰ টিকট বেচিবলৈ মোৰ সৈতে আৰু কিছু যুৱকক গিৰীণ বৰুৱাই ষ্টেডিয়ামলৈ মাতি নি কাউণ্টাৰত বহুৱাইছিল। তাৰ বিনিময়ত আমি কিছু পইছাও পাইছিলোঁ। তেতিয়ালৈকে গিৰীণ বৰুৱা ৰাজনীতিক নাছিল কিন্তু জৰুৰীকালীন অৱস্থাৰ অৱসান বিচৰা সাধাৰণ নাগৰিকবোৰৰ লগতে তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে ১৯৭৭ৰ নিৰ্বাচনত জনতা পাৰ্টীৰ প্ৰাৰ্থী ৰেণুকা দেৱী বৰকটকীক সহায় কৰিছিল আৰু মোকো মাতি নি তেওঁৰ কিছু কাম কৰিবলৈ দিছিল। সেই সূত্ৰে কাউন্সিলাৰ পাৰ্ৱতী গোস্বামী আৰু কাউন্সিলাৰ অজয় দত্তৰ সৈতে মোৰ চিনাকি হৈছিল। সেয়েহে তেওঁলোকৰ সৈতে মই জনতা ৱৰকাৰ্চ ফৰামৰ কামত মাজে সময়ে দাদুৰ ওচৰলৈ গৈছিলোঁ। দাদুৱে মোক দেখিলেই দীঘলা বুলি মাতিছিল। মই অকলে থকা অৱস্থাত তেনেকৈ মাতিলে বেয়া পোৱা নাছিলোঁ। কিন্তু সকলোৰে আগত মাতিলে প্ৰথমাৱস্থাত অস্বস্তি অনুভৱ কৰিছিলোঁ। পাচলৈ মৰমতে মতা বাবে বেয়া নোপোৱা হৈছিলোঁ।

দাদুৰ জোঁৱাই ন্যায়ধীশ পাৰ্ৱতী গোস্বামীৰ চোতালৰ কাষত এটা হেঙাৰ আছিল। তাত বিমানকোঠৰ পৰা সৰু এৰোপ্লেন এখনৰ পাখি দুখন খুলি ট্ৰাকেৰে আনি এই হেঙাৰত তুলি থৈছিল। যেতিয়া দাদুৱে বাৰাণ্ডাত বহি কাৰোবাৰ লগত কথা পাতি থাকে তেতিয়া মই উঠি হেঙাৰৰ কাষলৈ যাওঁ আৰু তন্ন তন্নকৈ পাখি খোলা এৰোপ্লেনখন চাইছিলোঁ। পাচত জানিলো এৰোপ্লেনখন আসাম ফ্লায়িং ক্লাৱৰ আছিল। ঘণ্টা হিচাপত ভাড়া লৈ সাধাৰণ নাগৰিকে এই এৰোপ্লেনখনত উঠিব নাইবা সেইখন উৰুৱাৰ বাবে প্ৰশিক্ষণ ল'ব পাৰিছিল।

১৯৭৮ চনৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে জনতা ৱৰকাৰ্চ কনভেনশ্বন গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছিল। কনভেনশ্বনৰ পতাকা উত্তোলন কৰিছিল দেৱেশ্বৰ শৰ্মাদেৱে। কনভেনশ্বনৰ নিমন্ত্ৰণী পত্ৰ লৈ ফ'ৰামৰ সদস্যই যেতিয়া জনতা পাৰ্টীৰ কাৰ্যালয়লৈ যায় তেতিয়া তাত বিশ্ব শৰ্মা আছিল। বিশ্ব শৰ্মাই ১৯৭৭ ৰ সংসদীয় নিৰ্বাচনত বৰপেটা সমষ্টিৰ জনতা পাৰ্টীৰ প্ৰাৰ্থী হৈ কংগ্ৰেছৰ হাতত পৰাস্ত হৈছিল। তেওঁ নিমন্ত্ৰণী পত্ৰ দেখিয়েই অগ্নিশৰ্মা হৈ ফ'ৰামৰ সদস্য কেইজনক দুৰ্ব্যৱহাৰ কৰি খেদি পঠিয়াইছিল। পাচত ৰাজ্যিক কমিটিয়ে সুসংগঠিত কৰ্মীসকলৰ কৰ্ম উদ্যোগ দেখি ভয় খাই কনভেনশ্বনলৈ অহাৰ সিদ্ধান্ত লৈছিল। সেইসময়ত জনতা পাৰ্টীৰ সভাপতি গোলাপ বৰবৰা আৰু দুলাল বৰুৱা শীৰ্ষ নেতাদ্বয় আছিল। তেওঁলোক কনভেনশ্বনলৈ আহি কৰ্মীৰ ওজৰ-আপত্তিবোৰ শুনি সমাধানৰ আশ্বাস দিছিল।

দিল্লীত জনতা পাৰ্টীত মতাদৰ্শৰ লবীৰ টনা-আজোৰা ইমানেই আছিল যে দুটা ফৈদে একেটা দলৰ দুটা যুৱ সংগঠন খুলিব লগা হৈছিল। ছচিয়েলিষ্ট ফৈদে যুৱ জনতা আৰু জন সঙ্ঘ ফৈদে জনতা যুৱ মৰ্চা গঠন কৰিছিল। অসমৰ যুৱ জনতাৰ নেতৃত্বত আছিল ৰঞ্জন বৰা আৰু মইদুল ইছলাম বৰাই। মইদুল ইছলাম পাচলৈ অগপৰ মন্ত্ৰী হৈছিল। তেওঁ এতিয়া পৰলোক গামী হৈছে। জনতা যুৱ মৰ্চাৰ শীৰ্ষ নেতা আছিল ৰমেন ডেকা। ডেকা বৰ্তমান বিজেপিৰ প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন সাংসদ। সেই সময়ত গুৱাহাটীত জনতা যুৱ মৰ্চাৰ সদস্য সংখ্যাত তাকৰ আছিল যদিও সামাজিক কামকাজত বেচ সক্ৰিয় আছিল। কামাখ্যাৰ অম্বুবাচী মেলাত আৰু বশিষ্ঠৰ মকৰ সংক্ৰান্তি মেলাত জনতা যুৱ মৰ্চাই স্বেচ্ছাসেৱক নিয়োগ কৰি দৰ্শনাৰ্থীক যঠেষ্ট সহায় কৰিছিল।

অসমৰ জনতা পাৰ্টীত মতাদৰ্শভিত্তিক সংঘাত লাগি থাকোতেই নিৰ্বাচন আহি পাইছিল। পাৰ্টীত টিকটৰ বাবে মনোনয়ন জমা দিয়া কাম চলিছিল। তাৰ পাচত প্ৰাৰ্থী বাচনিৰ বাবে চিলেকশ্বন কমিটি গঠন হৈছিল। চিলেকশ্বন কমিটি বহিছিল ভগৱতী প্ৰসাদ বৰুৱা ভৱনত। এতিয়া সেই ভৱনটো অসম সাহিত্য সভাৰ কৰ্তৃত্বত। তাত এতিয়া সাহিত্য সভাৰ বাদে অইন সভা পতা কাচিৎহে দেখোঁ। তাতেই চিলেকশ্বন কমিটিৰ সভা চলি থকা অৱস্থাত বাহিৰৰ চোতালত কিছুমান কৰ্মীয়ে বহি অনশন কৰি আছিল। কৰ্মীসকল বৰাক উপত্যকাৰ আছিল। তেওঁলোকৰ দাবী আছিল বৰাকৰ কিছুমান ব্যক্তিক টিকট দিব নালাগে। তেওঁলোকৰ বিৰুদ্ধে কিছু অভিযোগো উঠিছিল। তেতিয়া জনতা ৱৰকাৰ্চ ফৰামৰ কৰ্মীবোৰে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। কাৰণ, ৱৰ্কাৰ্চ ফৰামৰ কৰ্মীবোৰে বহুদিনৰ পৰা ৰাজ্যিক কমিটিৰ বিৰুদ্ধে এই একেই প্ৰতিবাদ কৰি আহিছিল।

অনশনকাৰীসকলক বৰাকৰ জনপ্ৰিয় নেতা আব্দুল মুহিব মজুমদাৰে দিহা পৰামৰ্শ দিয়া দেখিছিলোঁ। সেই সময়ত বৰাকৰ আন এগৰাকী নেতা গোলাম ওচমানীয়ে গুৱাহাটী ৰেলৱে ষ্টেচনৰ ৰিটায়াৰিং ৰুমত থাকি অনশনকাৰীক কম্বল, চাদৰ আদি যোগান ধৰিছিল। তাকে দেখি অজয় দত্তই ফৰামৰ কৰ্মীবোৰক ক'লে, "এইবোৰ বৰাকৰ নেতাৰ ব্যক্তিগত কাজিয়াক লৈ অনশন চলিছে। কোনো বঞ্চিত কৰ্মীৰ আন্দোলন নহয় গতিকে এই অনশনক আমি সমৰ্থন কৰিব নোৱাৰোঁ।" শুনিছিলোঁ বৰাকত হেনো আব্দুল মুহিব মজুমদাৰ আৰু গোলাম ওচমানীৰ বিৰুদ্ধে কোনাবাই প্ৰতিবাদ কৰিছিল আৰু তাৰ বিৰুদ্ধেহে এই অনশন আছিল। এনে জিলাপী পাকৰ ৰাজনীতি ফৰামৰ কৰ্মীবোৰে প্ৰথমবাৰ লক্ষ্য কৰিছিল। তাকে দেখি কিছু কৰ্মী হতাশ হৈ পৰিছিল।

সেই সময়ত জনতা ৱৰকাৰ্চ ফৰামৰ অজয় দত্ত, পাৰ্ৱতী গোস্বামী, গিৰীণ বৰুৱা আৰু খনীন বৰুৱাই টিকট বিচাৰি পাৰ্টীত মনোনয়ন দিছিল। খনীন বৰুৱাই বৰক্ষেত্ৰীৰ টিকট বিচাৰিছিল, গিৰীণ বৰুৱাই কমলপুৰৰ পৰা আৰু বাকী দুজনে পূৱ গুৱাহাটীৰ টিকট বিচাৰিছিল। পিছত বৰক্ষেত্ৰীৰ পৰা চান্দ মহম্মদে টিকট পাই জয়ী হৈছিল। কমলপুৰৰ পৰা টিকট পাই জয়ী হৈছিল দৈৱশক্তি ডেকাই। পূৱ গুৱাহাটীৰ বাবে অজয় দত্ত সবাতোকৈ প্ৰভাৱশালী আছিল। তেওঁ দিল্লীলৈ গৈ টিকট লাভ কৰিছিল আৰু নিৰ্বাচনত জয়ীও হৈছিল। ছচিয়েলিষ্ট লবীৰ কিৰণ বেজবৰুৱাও পূৱ গুৱাহাটীৰ টিকট বিচাৰিছিল। তাৰ বাবে তেওঁ দিল্লীলৈ গৈছিল। কিন্তু তেওঁ পশ্চিম গুৱাহাটীৰ টিকটহে পালে আৰু নিৰ্বাচনত জয়ীও হৈছিল।

প্ৰাৰ্থীত্বৰ টিকট বিচাৰি ৰাজ্যিক শীৰ্ষ মহলতো যে কোনো সংঘাত হোৱা নাছিল এনে নহয়। তেওঁলোকৰ মাজতো আজিৰ নেতাৰ দৰে সংঘাত, স্বজনপ্ৰীতি খুবেই স্পষ্টকৈ দেখা গৈছিল। ৰাজ্যিক সভাপতি গোলাপ বৰবৰাৰ সৈতে এই লৈ বিশ্ব গোস্বামী আৰু গৌৰীশঙ্কৰ ভট্টাচাৰ্য্যৰ সংঘাত খুবেই তীব্ৰতৰ হৈছিল। ফলত এই দুয়ো গৰাকী জনপ্ৰিয় নেতাই প্ৰাৰ্থীত্বৰ টিকট নাপালে।

১৯৭৮ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ ভিৰ কেৱল জনতা পাৰ্টীতে আছিল এনে নহয়। কংগ্ৰেছ দলটো প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ যঠেষ্ট ভিৰ পৰিলক্ষিত হৈছিল। কাৰণ, এবছৰ আগতে হৈ যোৱা লোকসভাৰ নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ১০ খন কংগ্ৰেছ দলেই লাভ কৰিছিল। যি সময়ত সমগ্র ভাৰতত কংগ্ৰেছৰ শোচনীয় পৰাজয় হৈছিল সেই সময়তো অসমত ১৪ খন সংসদীয় আসনৰ ১০খন আসনেই কংগ্ৰেছে লাভ কৰাতো স্বাভাৱিকতেই দলৰ ভাৱমূৰ্তী ভাল থকাৰ বাবেই সম্ভৱ হৈছিল বুলি ক'ব লাগিব।

ইন্দিৰা গান্ধীৰ ১৯৭৭ চনত শোচনীয় পৰাজয় হোৱাৰ পাছত নিজ দলতে তেওঁ এলাগী হৈ পৰিছিল। ফলত তেওঁ ১৯৭৮ চনৰ জানুৱাৰীত নিজৰ দল খুলিছিল। দলটো কংগ্ৰেছ (ইন্দিৰা) ইংৰাজীত Congress (I) বুলি পৰিচিত আছিল। অসমত ছৈয়দা আনোৱাৰা টাইমূৰৰ নেতৃত্বত কংগ্ৰেছ(ই) দল গঠন হৈছিল।

মূল কংগ্ৰেছ অৰ্থাৎ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ থকা কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ টিকট নোপোৱা আৰু জনতা পাৰ্টীৰ প্ৰাৰ্থীত্বৰ টিকট নোপোৱা বহুতে শেষত কংগ্ৰেছ(ই) দলৰ প্ৰাৰ্থী হৈ নিৰ্বাচন খেলিছিল।

ইন্দিৰা গান্ধীয়ে এই নিৰ্বাচনত প্ৰচাৰৰ বাবে অসমলৈ আহিছিল। অসমৰ বিভিন্ন ঠাইত তেওঁৰ কিছু সভাত মানুহ যঠেষ্ট হৈছিল। তেওঁৰ সভাত তিৰোতাৰ সংখ্যা যঠেষ্ট আছিল। তেওঁক দেখি তিৰোতাবোৰে আবেগিক হৈ উচুপি উঠিছিল। গুৱাহাটীৰ জজ খেলপথাৰত তেওঁ ভাষণ দি থকা অৱস্থাত দৰ্শকৰ মাজৰ পৰা কোনো কোনোৱে জোতা চেন্দেল দলিয়াইছিল। কিন্তু ইন্দিৰা গান্ধীয়ে তালৈ ভ্ৰুক্ষেপ নকৰি ভাষণ দি আছিল। ইন্দিৰা গান্ধীৰ সফলতাৰ মূল কাৰণ এটা আছিল তেওঁৰ এই সাহসীকতা।

সেই সময়ত অসমৰ সংবাদ মাধ্যমত জনতা পাৰ্টীৰ জনপ্ৰিয়তাৰ কথা খুবেই প্ৰকাশ পাইছিল যদিও এই নিৰ্বাচনত জনতা পাৰ্টীয়ে কেৱল ৫৩ খন আসনহে পাইছিল আৰু কংগ্ৰেছে ২৬ খন আসন পাইছিল। নতুনকৈ গঠন হোৱা দল ইন্দিৰা গান্ধীৰ কংগ্ৰেছ(ই) এ অখ্যাত ব্যক্তিৰে নিৰ্বাচন খেলি ৮ আসন লাভ কৰিছিল।

৭০ৰ দশকত অসমত বামপন্থী ৰাজনীতিৰ প্ৰভাৱ বিশেষকৈ কমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া (মাৰ্ক্সিষ্ট) চমুকৈ চিপিআই(এম)ৰ প্ৰভাৱ ভালেখিনি আছিল। সেই সময়ত চিপিআই কংগ্ৰেছৰ সমৰ্থক আছিল আৰু জৰুৰীকালীন অৱস্থাক সমৰ্থন কৰিছিল। কাৰণ, কংগ্ৰেছৰ সৈতে ছোভিয়েট ৰুছিয়াৰ শাসনাধিষ্ঠ কমিউনিষ্ট দলৰ মধুৰ সম্পৰ্ক আছিল আৰু চিপিআইয়ে ছোভিয়েট ৰুছিয়াৰ শাসকৰ কথা মতে চলিছিল বুলি শুনিবলৈ পাইছিলোঁ। সেয়েহে চিপিআইয়ে কোনো কথাতে কংগ্ৰেছক বিৰোধ কৰিব নোৱাৰিছিল। কিন্তু চিপিআই(এম)এ কংগ্ৰেছৰ ঘোৰ বিৰোধী আছিল আৰু জৰুৰীকালীন অৱস্থাত তেওঁলোকৰ নেতাবোৰক কংগ্ৰেছ চৰকাৰে আটক কৰি জেলত নিক্ষেপ কৰিছিল। বিষ্ণু প্ৰসাদ ৰাভাৰ দল বিপ্লৱী কমিউনিষ্ট পাৰ্টী অৰ্থাৎ আৰচিপিআই কংগ্ৰেছৰ ঘোৰ শত্ৰু আছিল, এই দলৰ নেতা অম্বু বৰা জৰুৰীকালীন অৱস্থাত গ্ৰেপ্তাৰ হৈছিল। কিন্তু এই তিনিটা কমিউনিষ্ট দলে ১৯৭৮ ৰ নিৰ্বাচনত ভাল ফল দেখুৱাইছিল। চিপিএমে পাইছিল ১১ খন আসন। চিপিআই'এ ৫ খন আসন আৰু আৰচিপিআই দলে ৪ খন আসন পাইছিল। কমিউনিষ্টে মুঠ ২০ খন আসন লভিছিল। অসম বিধান সভাত আজিলৈকে এইটোৱে হৈছে কমিউনিষ্টৰ সৰ্বাধিক সংখ্যা।

৫৩ খন আসন পোৱা জনতা পাৰ্টিয়ে চিপিআই(এম)ৰ ১১ আসনৰ সমৰ্থন লৈ চৰকাৰ গঠন কৰিছিল আৰু গোলাপ বৰবৰা মুখ্যমন্ত্ৰী হৈছিল। আৰু এইখন চৰকাৰেই আছিল অসমৰ প্ৰথমখন অকংগ্ৰেছী চৰকাৰ।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.

27 views