top of page
Search

অভিজিত মেনাৰ ছুটি গল্প



শেৱালী সন্ধিয়া... দূৰ্গা পূজাৰ দীঘলীয়া বন্ধ... জিলমিল বাট পথ... গৰম জিলাপী...


এইবোৰৰ মাজতে দূৰ্গা পূজাথলীত অঞ্জলী দি নৱমীৰ ভোগ খাবলৈ ৰৈ থকা সময়ত যিটো আড্ডা জমি উঠে তাৰ মাদকতাই সুকীয়া। সেই আড্ডাত অংশ লোৱাসকলৰ বাবে বয়সৰ কোনো জোখ নাই। তাত কেৱল ৰসাল কথাৰ অন্তহীন মেল। বছৰে দেৱীৰ প্ৰতিমা সলনি হয় ঠিকেই, কিন্তু আড্ডা সেই একেই। প্ৰথম প্ৰথম আড্ডাৰ বিষয়বস্তু আছিল কেৱল পিষ্টল। তাৰ পিছত হ'লগৈ ছোৱালী। আৰু এতিয়া আড্ডাৰ মুখ্য বিষয় হৈ পৰিল কেৰিয়াৰ আৰু ভবিষ্যত দৰ্শন।


নয়ন: ঐ সন্ধিয়া ওলাবি

ঋষি: না ভাই। মাত্ৰ দুটা দিন বন্ধ পাওঁ। মইতো আৰাম কৰিম।

ময়ূখ: টিভিত চাম দে। ভিৰ ভাল নালাগে অ' আজিকালি অকণো।

হাঃ হাঃ হাঃ

বিকি: ছোৱালী যদি কুৰিতে বুঢ়ী হয় আমাৰ ত্ৰিশ মানে আমিবোৰো বুঢ়ায়েই দে এতিয়া।

হাঃ হাঃ হাঃ

ৰিকি: তহঁত বুঢ়া হ’ব পাৰ। মোৰ কিন্তু এতিয়া ভৰ যৌৱন দেই।

হাঃ হাঃ হাঃ

: তহঁতে বা কি ক'বি মই নাজানোঁ। মই হ'লে দূৰ্গা মাক নিজ চকুৰে দেখিছোঁ দেই।

হতবাক হৈ আটায়ে মোৰ ফালে থৰ লাগি চাই ৰ'ল।

: অ' মই দূৰ্গা মা'ক দেখিছোঁ। এদিন নহয়, বহু দিন আৰু ভিন ভিন ৰূপত।

মোৰ মুখৰ পৰা ওলোৱা শব্দ কেইটাই আড্ডাৰ প্ৰতিজনৰ মুখৰ শব্দবোৰ যেন কাঢ়ি লৈ গ'ল।

মই কৈ গ'লো…

: ন্যায়ালয়ৰ পৰা ওলাই বাছ ষ্টেণ্ড পাইছোঁ। ঠিক তেনেতে বাছ এখন আহি ৰ'ল আৰু লগে লগে এক হুলস্থূলীয় পৰিবেশ। কি হ'ল তলকিব পৰাৰ আগতেই দেখিলোঁ এজনী কলেজীয়া ছোৱালীয়ে এজন আদবয়সীয়া, দেখাত বেছ ভদ্ৰলোক যেন মানুহক তেওঁৰ ছাৰ্টৰ ক'লাৰত ধৰি বাছৰ পৰা নমাই আনি উপৰ্য্যুপৰি চৰ সোধাইছে। তাইক ঘেৰি ধৰি আছিল এদল পুৰুষে আৰু কাষত অন্য এগৰাকী মহিলাই তাইক ৰখাবলৈ অপ্ৰাণ চেষ্টা কৰি আছিল।

: ভন্টি তোমাৰ ভুল হৈছে। তেওঁ তেনে মানু্হ নহয়।

: আগতে আপোনাৰ মতাক সোধক সি কিয় এইবোৰ কৰিছে। আজি তাক মই সুধাই নেৰো।


তাই চিঞৰি চিঞৰি কেৱল গালি পাৰিছে আৰু তাইতকৈ যথেষ্ট ওখ ব্যক্তি জনক জঁপিয়াই জঁপিয়াই চৰিয়াইছে। কাষলৈ গৈ ঘটনাৰ ওৰ লৈ বুজিলো নামিবলৈ লওঁতেই ছোৱালীজনীৰ গোপন অংগত লম্পতৰ কামুক স্পৰ্শ।

এইটো সমস্যা নতুন নহয়, সকলো নাৰীয়ে সঘনে সন্মুখীন হৈ আহিছে। কিন্তু লাজ, ভয় আৰু সংকোচৰ বাবে কেৱল মুষ্টিমেয়ইহে ইয়াৰ প্ৰতিবাদ কৰে। ওলা, উবেৰ অহাৰ পাছত প্ৰায় প্ৰতিগৰাকী নাৰীৰ মুখত এটাই কথা - "পইচা অলপ বেছি গ'লেও বাছ'ত পোৱা আতিশয্যৰ পৰা মুক্তি"। দৰাচলতে ই এক মহামাৰী তথাপি সমাজে এইটো আঁওকাণ কৰি আহিছে। কিন্তু সিদিনা সেই ছোৱালীজনীৰ ৰুদ্ৰমূৰ্তি দেখি, তাই অন্যায়ৰ বিৰুদ্ধে সবলে মাত মতাৰ সময়ত, বিশ্বাস কৰা মই তাইৰ মাজত দূৰ্গা মা'ৰহে প্ৰতিচ্ছবি দেখিছিলো।


বিকি: হয় হয় তই ঠিকেই কৈছ। আমাৰ বাইদেউহঁতেও চিটিবাছত উঠিব লাগিলে মুখ কোঁচাই দিয়ে।


পূজাৰ শংখধ্বনিত আমাৰ ঘূৰণীয়া আড্ডা নিজম পৰিল।


নয়ন: কৈ যা ভাই তই নৰখিবি।

: যোৱা দুৰ্গা পূজাৰ পিছত মোৰ জুনিয়ৰ গৰাকীয়ে এমাহৰ চুটি কটাই উভতি আহিছিল। ঘৰ নামনিত। সুধিলো, কিয় ইমান দিন অহা নাছিল? তাই প্ৰথমে অলপ অপ্ৰস্তুত হ'ল, তাৰ পিছত যি কথা ক'লে, শুনি মোৰ গাৰ নোম শিঁয়ৰি উঠিছিল। তাই পিতৃহাৰা স্বাৱলম্বী মনোভাৱাপন্ন ছোৱালী। মাক আৰু তাই ইজন আনজনৰ একমাত্ৰ লগৰী। পূজাৰ বজাৰ কৰিবলৈ স্কুটাৰত উঠি মাকৰ লগত গৈ থাকোতে হঠাৎ অ'টোৰিক্সা এখনে খুন্দা মাৰি দুয়ো জনীকে ৰাস্তাৰ দুফালে চিতিকাই পেলাই দিছিল। তলকিব পৰাৰ আগতেই অ'টোৰিক্সাখন পলাল। তেজেৰে লুতুৰি পুতুৰি মাকজনীক কোলাত লৈ তাই বহু সময় সহায় বিচাৰি হাহাকাৰ কৰি আছিল কিন্তু দূৰ্ঘটনা গুৰুতৰ দেখি কোনেও সহায়ৰ বাবে আগবাঢ়ি নাহিল। এম্বুলেন্স এখন যোগাৰ কৰি তাইঢ়অচেতন মাকক কোনোমতে হস্পিতাললৈ নিয়ে। সেই সময়তেই পুলিচ আহি তাইৰ স্কুটাৰখন জব্দ কৰে আৰু নানান সোধপোচ কৰি তাইক ব্যতিব্যস্ত কৰি তুলিছিল। ছোৱালী দেখি ভয় খুৱাই সিহঁতৰ বিৰুদ্ধেহে গোচৰ দিয়াৰ ভয় দেখুৱালে। কিন্তু সাহসেৰে তাই পুলিচৰ মোকাবিলা কৰিলে। তাৰ ডাক্তৰসকলেও অকলশৰীয়া দেখি উচিত সঁহাৰি নিদিয়াত কাজিয়া কৰি তাই মাকক কোনোমতে গুৱাহাটীলৈ আনি আজি এমাহে চিকিৎসা কৰালে।

তাই আঘাট পাইছিল নেকি সোধোতে অলপ মিহিকৈ হাঁহি এটা মাৰি চুলি কোচা দাঙি দিওঁতে দেখিলোঁ কাণৰ ওপৰত দীঘলীয়াকৈ চিলাই। এতিয়াও শুকাই অহা নাই। নিজৰ আঘাট তাই লুকুৱাই ৰাখিছে কেৱল মাকক সাহস যোগাই যাবলৈকে।

কথাখিনি কৈ থাকোঁতে তাইৰ চলচলীয়া কিন্তু উজ্জ্বল সাহসী চকুদুটাত মই দূৰ্গা মাকহে যেন দেখিছিলোঁ।


ময়ূখ: তই কোৱাৰ দৰেই মোৰো এটা উপলব্ধি আছে কিন্তু সেইটো যে দুৰ্গা মাৰ ৰূপ আছিল আজি নিশ্চিত। মোৰ প্ৰেয়সীয়ে এদিন তাইৰ ভয়াৱহ অতীতৰ কথা কৈছিল। তাইৰ ভালপোৱা জন অন্য ৰাজ্যৰ। চাকৰি সূত্ৰে তাই তাত আছিল। ল'ৰা জনেও বিয়াৰ প্ৰতিশ্ৰুতি দি সঘনাই আহ যাহ কৰি থাকিছিল। প্ৰথমে সকলো ঠিকেই আছিল কিন্তু লাহে লাহে সি হিংস্ৰ হৈ উঠা হ'ল। বুজিবলৈ তাইৰ বেছি দিন নালাগিল। তাৰ অন্য নাৰীৰ লগতো সম্পৰ্ক আছিল। তাই প্ৰতিবাদ কৰিছিল কিন্তু সি ভয় দেখুৱাই তাইক বশ কৰি ৰাখিছিল।


অপৰিচিত ঠাই এখনত তাই সম্পূৰ্ণৰূপে অকলশৰীয়া। বাৰে বাৰে তাই ঠিকনা সলাই তত্ নোপোৱা হ'ল। এটা সময়ৰ পিছত সি কথাই কথাই মাৰধৰ কৰাত লাগিল। তাই একপ্ৰকাৰে গৃহবন্দী হৈ পৰিছিল। তাইৰ ফোন, টকা পইচা সকলো তাৰ জিম্মাত। কিন্তু এদিন তাইৰ ধৈৰ্য্যৰ বান্ধ ছিঙি গ'ল আৰু সি মাৰিবলৈ আগুৱাই আহোতেই তাৰ মূৰত পূৰ্ণ শক্তিৰে তাইৰ কোঠাত থকা ফুলদানিটোৰে প্ৰচন্দ কোব সোধাই তাক এটা কোঠাত বন্ধ কৰি দিয়ে। তাৰ পিছত তাৰ ফোনেৰেই তাই তাৰ ঘৰত ফোন কৰি সকলো কথা বিৱৰি কয়। লগতে অন্য এজনী ছোৱালীকো সি কৰা অমানুষিক অত্যাচাৰৰ বিষয়বস্তু বৰ্ণনা কৰে। তাইওঁ হঁতবাক। ইমানতে ল'ৰা জনৰ ঘৰৰ মানুহ আহি তাক লৈ যায়। সেইদিনা তাই অকলে চিঞৰি চিঞৰি কন্দিছিল। ইমান দিনে তাই কান্দিবলৈও পাহৰি গৈছিল। এই বন্দীত্বৰ জীৱনৰ সেয়াই তাইৰ আছিল শেষ নিশা। কথাখিনি কওতে তাই এবাৰো বিচলিত হোৱা নাছিল কিন্তু মোৰ দুচকু সেমেকি গৈছিল। হয়, আজি ময়ো ক'ব পাৰো যে মইও দূৰ্গা মাক স্বচক্ষে দেখিছো।


সচৰাচৰ আড্ডাত মাত নমতা ৰাহুলে নিজৰ স্থানৰ পৰা উঠি প্ৰতিমাৰ ওচৰত বহি থকা মহিলাসকলৰ মাজলৈ সোমাই গৈ মাকৰ ভৰি চুই আকৌ আমাৰ কাষ চাপিল।


ৰাহুল: মই কেইয়াও নকওঁ, কিন্তু সৰুৰে পৰাই মোৰ বাবে মোৰ আয়েই দুৰ্গা। মোৰ পিতায়ে যৌতুক নোপোৱা বাবেই মই গৰ্ভত থাকোঁতেই আইক বিবাহ বিচ্ছেদ দিছিল। আমাৰ সমাজত এতিয়াও বিচ্ছেদিত মহিলাক বৰ ক্ৰুঢ় চকুৰে চায়। মোৰ কাৰণে আইয়ে কিমান ত্যাগ কৰিছে, কিমান সংঘৰ্ষ কৰিছে মই দেখি আহিছোঁ। কেৱল মোৰ কাৰণে আই জীয়াই আছিল। মোৰ প্ৰাপ্য অধিকাৰৰ বাবে আনৰ লগত আইয়ে সদাই যুঁজি আহিছে। আৰু স্বাভিমানেৰে সৰু চাহৰ দোকান এখন দি আজি মোক হাকিম বনালে। হয়, মোৰ কাৰণে মোৰ আয়েই মা দূৰ্গা।


: প্ৰতি দিনে কৰ্ম স্থানত, কলেজত, ৰাজপথত অথবা ঘৰত প্ৰতিজনী নাৰীয়ে এনে ঘটনা বোৰৰ সন্মুখীন হৈ আহিছে। বহুতে সহ্য কৰি থাকে, মাত্ৰ কিছু সংখ্যাকেহে প্ৰতিবাদ কৰে। সহ্য কৰা বোৰেও পৰিয়ালৰ লাজ সন্মান ভাবি এই জুইত মনে মনে দহি থাকে। ত্যাগ, সাহস আৰু ধৈৰ্য্যৰ প্ৰতীক এই প্ৰতিগৰাকীয়েই একো একোজনী দূৰ্গা গোঁসানী। সেই কাৰণে কৈছিলো মই দূৰ্গা মাক নিজ চকুৰে দেখিছোঁ।


সেই সময়তেই পুৰহিতৰ মন্ত্ৰোস্বাৰণ আৰু আয়তীসকলৰ উৰুলি ধ্বনিৰে পূজাথলীত এক ঐশ্বৰিক পৰিৱেশৰ সৃষ্টি হয়।


আমি আড্ডাবাজ কেইজনেও তেওঁলোকক চাই আকৌ এবাৰ জয় ধ্বনি দিও।


বোলো জয় দূৰ্গা মাই কি...


জয় জয় জয়।।


::x::x::x::



অভিজিত মেনা

গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰ্মৰত এগৰাকী অধিবক্তা আৰু গুৱাহাটীৰ খাৰঘূলীৰ বাসিন্দা


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

104 views

Recent Posts

See All

コメント


bottom of page