Search

আপোন ঘৰ

মিনতী ৰায়মেধী



নীলাঞ্জনা বৰুৱাই চাৰি বাজোতেই বিছনাৰ পৰা উঠি আহিল। পুতেক বোৱাৰীয়েকৰ টোপনি ভাঙে বুলি সন্তপৰ্ণে দুৱাৰ খন খুলি বাহিৰলৈ ওলাই আহিল। আজি কিছুদিনৰ পৰা তেওঁৰ টোপনি বহুত পাতল হৈছে। টোপনি আহিলেই তেওঁৰ প্ৰয়াত স্বামীয়ে সপোনত দেখা দিয়ে। একেটা দৃশ্যই প্ৰায়ে তেওঁৰ চকুৰ আগলৈ আহে। গিৰিয়েকে বাহিৰৰ বাৰান্দাত বহি থকা দৃশ্যটো। যোৱাৰাতি তেওঁ সুধিছিল "নীলা, তুমিটো বৰ হেপাহেৰে তোমাৰ ঘৰ খন সজাইছিলা। সেই ঘৰখন আনৰ হাতত উৱলি যাবলৈ কেনেকৈ দিব পাৰিলা?" কিবা এটা উত্তৰ দিয়াৰ আগতেই মানুহজন নাইকীয়া হ'ল। তাৰ পাছত আৰু চকু টিপ মাৰিব নোৱাৰিলে। ই'কাটি সি'কাটি কৰি সময়খিনি পাৰ কৰি দিলে।


কিমান কষ্ট স্বীকাৰ কৰি মানুহজনে গুৱাহাটীত ঘৰ মাটি কৰিছিল। বহুবছৰ ভাৰা ঘৰত থাকি তিতা-কেহা লাগি গৈছিল।ৰিটায়াৰমেন্টৰ পাছত গুৱাহাটীতে থাকিম বুলি ভাবিছিল কাৰণ ল'ৰা-ছোৱালী দুটাক যোগ্য কৰি তুলিবলৈ হ'লে ভাল শিক্ষা দিবই লাগিব। সেইটো গুৱাহাটীতহে সম্ভৱ। ফ্লেটত থকাৰ তেওঁ আগ্ৰহী নাছিল। নীলাঞ্জনাৰো সৰুকৈ হ'লেও নিজৰ এখন ঘৰ হোৱাটো কাম্য আছিল কিন্তু গিৰিয়েকৰ ওপৰত হেঁচা প্ৰয়োগ কৰাটো তেওঁৰ স্বভাৱ বিৰূদ্ধ কথা আছিল।


বশিষ্ঠ থানাৰ অন্তৰ্গত গনেশ নগৰত আঢ়ৈ কথা মাটি কম দামতে পাই নীলাঞ্জনাৰ গিৰিয়েক দীপক বৰুৱাই কিনি ল'লে। গাৱৰ নিজৰ ভাগৰ কিছু মাটি বিক্ৰী কৰি দিব লগা হোৱাত নীলাঞ্জনাৰ মনটো বেয়া লাগিছিল। চিকিৎসাৰ বাবে পইচাৰ দৰকাৰ হোৱা বাবে কম দামতে এই মাটি খিনি বিক্ৰী কৰি দিবলৈ ওলোৱা বুলি গম পাই দীপক বৰুৱাই পলম নকৰিলে। টাউনৰ পৰা অলপ দূৰত হোৱা বাবে নীলাঞ্জনাই আপত্তি কৰিছিল। কিন্তু মেইন ৰাষ্টাৰ কাষৰ মাটি ভৱিষ্যতে উন্নতি হ'ব বুলি বুজাইছিল তেওঁক।


দীপক বৰুৱাই মিছা কোৱা নাছিল। দহবছৰ মানৰ ভিতৰতে ঠাইখিনিৰ বহু উন্নতি হ'ল। দোকান পোহাৰ সকলো হ'ল। ঘৰৰ পৰা চিটিবাছ আস্থানলৈ পাচ মিনিটৰ বাট। প্ৰথমতে ভাৰা ভৰি থাকি কষ্টত থকাতকৈ নিজৰ ঘৰ বুলি দুকোঠালিৰ ঘৰ এটা সাজি থাকিবলৈ লৈছিল। গাঁৱলীয়া পৰিবেশ। চহৰৰ হাইহুৰুমি নাই। ওচৰ চুবুৰীয়াৰ লগত পূজা বিহু একেলগে পালন কৰিছিল। এটা পৰিয়ালৰ দৰে থাকিছিল।


লৰাছোৱালী দুটাৰ পঢ়া শুনা সম্পূৰ্ণ হোৱালৈ বহু কষ্ট কৰি ডাঙৰকৈ আসাম টাইপৰ ঘৰটো সম্পূৰ্ণ কৰিছিল। আগফালে ধুনীয়াকৈ দুয়োজনে মিলি শাক পাচলি আৰু ফুল ৰুইছিল। দুকোঠালিৰ ঘৰটো অলপ ঠিক কৰি ভাৰালৈ দিছিল। ল'ৰা ছোৱালীৰ বিয়া হৈ হাইদৰাবাদ আৰু পুনেত থাকিবলৈ ললে। বাহিৰত ডাঙৰ হোৱা অসমীয়া জোৱাই আৰু বোৱাৰী পাই বৰুৱা বৰুৱানীৰ মনত বৰ আনন্দ। পুত্ৰ বোৱাৰী দুয়ো দুটা নাম থকা কোম্পানীত কম্পিউটাৰ ইঞ্জিনিয়াৰ। জী জোৱাই পুনেত ইংৰাজী বিভাগৰ অধ্যাপক।


কিন্তু ভগৱানৰ চাগৈ তেওঁলোকৰ সুখ সহ্য হোৱা নাছিল। বৰুৱাৰ দুদিন মানৰ পৰা অলপ গাটো বেয়া মানে জ্বৰ জ্বৰ ভাব এটা হৈ আছিল। আবেলি ডাক্তৰে বুকুত অলপ কফ জমা হৈছে, কিন্তু চিন্তা কৰিবলগীয়া নাই বুলি ক'লে। দৰৱ খিনি নিয়মিত ৰূপে খালে দুদিনমানতে ভাল পাই যাব বুলি কোৱা বাবে বৰুৱানীৰ মনটো ভাল লাগিছিল। পুতেক জীয়েকক ডাক্তৰে কোৱা কথা খিনি কৈ চিন্তা কৰিবলৈ মানা কৰিলে।


ভাত অলপ খাই বাহিৰত চকী খনত বহিবলৈ লোৱা মানুহজন বাগৰি পৰিল। নীলাঞ্জনাই দৰৱ দিবলৈ আহি তেনেকৈ মানুহজনক পৰি থকা দেখি আচৰিত হৈ উঠাবলৈ বুলি ভাৰা ঘৰৰ ল'ৰা কেইটাক মাতিলে। সিহঁতেই হস্পিতাললৈ লৈ গৈছিল। কিন্তু ডাক্তৰে massive heart attack বুলি কৈ death certificate দি দিলে।


বৰুৱাৰ শ্ৰাদ্ধাদি হৈ যোৱাৰ পাছত মাক ইয়াত অকলে কেনেকৈ থাকিব বুলি পুতেকহতৰ চিন্তা লাগিল। সিহঁতে জানে মাক দেউতাকৰ মাজত কিমান মিল আছিল। দেউতাক নোহোৱা ঘৰখনত মাকক এৰি যাবলৈ সিহত প্ৰস্তুত নাছিল। বৰুৱানীৰ নিজ হাতেৰে পাতি লোৱা ঘৰখন এৰি যাবলৈ বৰ কষ্ট হৈছিল। কিমান যে স্মৃতি জড়িত হৈ আছে এই ঘৰখনত। ল'ৰা ছোৱালীৰ মনত কষ্ট দিবলৈও তেওঁৰ মন যোৱা নাছিল।


পুতেকৰ লগত থাকিব কিন্তু মাজে মাজে জীয়েক হিমাশ্ৰীৰ তাতো থাকিব। নিজৰ হাতে গঢ়া ঘৰখন এৰি নীলাঞ্জনা পুতেকৰ হাইদৰাবাদৰ দশম মহলাত থকা 2BHK ৰ প্লেটৰ বাসিন্দা হ'ল। পুতেক অনল আৰু বোৱাৰী নিৰ্মিতা দুয়ো দুটা আন্তৰ্জাতিক কোম্পানীত কাম কৰে। ৰাতিপুৱা ন' বজাতে ওলাই গৈ ৰাতি আঠ ন' বজাত ঘৰ সোমায়। অফিছলৈ যোৱাৰ আগতে আৰু উভতি আহি দুয়ো মিলি ঘৰৰ কাম, ৰন্ধাবঢ়া সকলো কৰে।মাকৰ লগত বহি অলপ সময় কটায়। মাকে কিবা এটা কৰিব খুজিলেও এতিয়া তোমাৰ আৰাম কৰাৰ সময় বুলি সিহঁতে বাধা দিয়ে। মাথো দুপৰীয়া খোৱাখিনি গেছত গৰম কৰি খায়। মাইক্ৰোৱেভত হাত লগাবলৈ ভয় কৰে। প্ৰথমতে ৰবিবাৰে তেওঁক ফুৰাবলৈ নি হোটেলতে খুৱাই আনিছিল কিন্তু পাছলৈ নীলাঞ্জনাই নিজে যাবলৈ বাদ দিলে। পুতেকহতৰ পচন্দৰ বস্তুবোৰ তেওঁ ভাল নাপায়, সেই বুলি সিহঁতক বাধা নিদিয়ে। তেওঁ বুজি পায় সিহঁতৰ কষ্টৰ কথা। তেওঁ থকা বাবে সদায় ৰান্ধিব লগা হৈছে নহ'লে হয়তো হোটেলৰ পৰাই আনি খালেহেতেন। তেনে ভাৱ মনলৈ আহিলেই তেওঁ নিজকে পুতেক বোৱাৰীয়েকৰ বোজা যেন অনুভৱ কৰিবলৈ ধৰিলে। অকণমানি বেলকনি খনত বহি বাহিৰৰ মানুহবোৰক চাবলৈ কয় কিন্তু তেওঁৰ দহমহলাৰ পৰা তললৈ চালেই মুৰ ঘুৰায়।


পুতেকহত শুই উঠাৰ আগতে তেওঁ পুনৰ বিছনাত পৰি থাকিল নহ'লে পুতেক বোৱাৰীয়ে হুলস্থুল লগাই দিব কিবা হৈছে বুলি। টিভি, এচি সকলো লগাই তেওঁক এটা সুন্দৰ জীৱন দিছে। তথাপি তেওঁ সুখী হ'ব পৰা নাই। সোনৰ সজাত থোৱা চৰাইটোৰ দৰে অৱস্থা তেওঁৰ। নাই, তেওঁ এনেকৈ ইয়াত থাকিব নোৱাৰে। তেওঁক অলপ মুকলি বতাহ লাগে। আজি ৰাতি ভাত খোৱাৰ সময়ত তেওঁ পুতেকক কথাটো ক'ব।


: মা,ৰাতি ভাল টোপনি হৈছিল নে?

: উম,

: মনটো মাৰি আছাযে? গাটো বেয়া কৰিছে নেকি?

: নাই অ বাবা। তুমি মিছাকৈয়ে চিন্তা কৰি থাকা। তোমাৰ অফিছলৈ পলম হোৱা নাই জানো?

: ৰেডি হওগৈ মা।


নীলাঞ্জনা বাহিৰলৈ ওলাই আহিল। নিৰ্মিতাই চকু মোহাৰি মোহাৰি 'গুড মৰ্নিং মা,আজি অলপ পলম হৈ গ'ল' বুলি মাতষাৰ লগাই কিচ্চেনলৈ গ'ল। ব্ৰেকফাষ্ট টেবুলত দুই এটা কথা হ'ল। তাৰ পাছত দিনটোৰ বাবে পুতেক বোৱাৰীয়েক অফিছলৈ ওলাই গ'ল।


নীলাঞ্জনা অকলশৰীয়া হৈ পৰিল। টিভিটো চাবলৈও মন নোযোৱা হৈছে। একঘেয়ামি হৈ পৰা জীৱনটোত অলপ পৰিবৰ্তন বিচাৰিছে।যোৱা ছমাহে এইয়া দৈনন্দিন দিনলিপি নীলাঞ্জনাৰ। ভাৰা ঘৰৰ মানুহজনীক ফোন কৰি খবৰ ল'লে। একে চুবুৰীৰে দত্তনীলৈ ফোন কৰি মনটো বেছি বেয়া লাগিল। মহিলা সমিতিৰ মানুহখিনিৰ তেওঁলৈ বৰকৈ মনত পৰি থাকে বুলি কোৱা বাবে তেওঁ বেছি ভাবুক হৈ পৰিল।


: বাবা, মই গুৱাহাটীলৈ যাম বুলি ভাবিছো!


ৰাতি ভাত খাই থাকোতে নীলাঞ্জনাই কোৱা কথাটো শুনি অনল আৰু নিৰ্মিতা উচপ খাই উঠিল।


: কিয় মা? কিবা অসুবিধা পাইছা নেকি ইয়াত?

: অসুবিধা মানে দিনটো অকলে থাকি আমনি লাগে অ'।কথা এষাৰ পাতিবলৈ কোনো এজন নাই।

: কিন্তু তাত তুমি অকলে কেনেকৈ থাকিবা মা? মানুহে কি ক'ব?

: কোনে কি কয় সেইটো ভাবিব নালাগে।

: মা আমি আপোনাক সময় দিব পৰা নাই বাবে বেয়া পাইছে ন'?

: তুমি কিয় তেনেকৈ ভাবিছা নিমি? মই জানো তোমালোকৰ কষ্ট বুজি নাপাও। মুখখন গোড়া কৰি অনল খোৱা টেবুলৰ পৰা উঠি গ'ল।

: আচলতে আজি দত্ত খুৰীয়ে ফোন কৰিছিল। মই নথকা বাবে তেওঁলোকৰ ভাল নলগা হৈছে।

: কিন্তু অকলে থাকিলে যদি মা আপোনাৰ গা বেয়া হয়, তেতিয়া কি হ'ব?

: একো নহয়। ইয়াতহে মানুহে ঘৰৰ দুৱাৰ বন্ধ কৰি থয়। কাৰোবাৰ ঘৰলৈ গ'লে ফোন কৰি যাব লাগে। আমাৰ চুবুৰীটো এটা পৰিয়ালৰ দৰে। কাৰোবাৰ কিবা বিপদ হ'লে গোটেই চুবুৰীটোৱে উবুৰি খাই পৰে। দেউতাৰাক দীপুহতেইটো হস্পিতাললৈ লৈ গৈছিল। নিমি, তুমি নিশ্চয় মোৰ কথা বোৰ বুজিছা। এতিয়া বাবাক বুজোৱাৰ দায়িত্ব তোমাৰ।


নীলাঞ্জনা নিজৰ ৰুমলৈ উঠি যোৱাৰ পাছত নিৰ্মিতাই অনুভৱ কৰিলে শাহুৱেকৰ মনৰ অৱস্থাটো। সিহঁতে দায়িত্ব পালন কৰিব খুজিছিল যাতে সিহঁতৰ ওপৰত কোনো অভিযোগ নাহে মাকক চোৱা-চিতা নকৰিলে বুলি। এতিয়া তাই বুজি পাইছে শাহুৱেকে কিমান মানসিক কষ্ট পাই আছে। নিজৰ মানুহজনৰ স্মৃতিয়ে নিশ্চয় তেওঁক আমনি কৰি থাকে। স্বামীৰ স্পৰ্শ থকা ঘৰখন এৰি আহিব লগা হোৱাত তেওঁৰ মনৰ অৱস্থা কি হৈছিল, সিহঁতে বুজিবলৈ চেষ্টা নকৰিলে।


তাই অনলক বুজাব। মাকৰ মনোকষ্ট খিনি তাক অনুভৱ কৰোৱাব। অনলহতৰ চুবুৰীৰ মানুহবোৰ সিহঁতৰ দৰে যান্ত্ৰিক নহয়। তেওঁ লোকৰ মাজত আত্মীয়তা আছে। সুখে-দুখে, বিপদে-আপদে সকলো একেলগে থাকে। গতিকে মাক তাত নিৰাপদে থাকিব। এৰা, মাকে ঠিক কথাই কৈছে। দিনটো তেওঁৰ বাকচত সোমাই থকাৰ দৰে লাগে। নিজ হাতে গঢ়ি তোলা ঘৰখনৰ লগত তেওঁৰ আত্মিক সম্বন্ধ আছে সেইটো সিহঁতে অনুভৱেই কৰা নাছিল।


নিমিয়ে অনলক মাকৰ মনৰ কথা বোৰ বুজালে। পোনতে সি মান্তি হোৱা নাছিল। তাইক গালি পাৰিছিল। কিন্তু তাই তাক বহুত বুজালে। এই পৰিবেশত থাকিলে মাক হয়তো অতি সোনকালে ডিপ্ৰেচনত যাব পাৰে। নিমিৰ এই কথাটোৱে অনলৰ মনত ক্ৰিয়া কৰিলে আৰু মাকক গুৱাহাটীলৈ পঠিয়াই দিবলৈ মান্তি হ'ল।


অহা সপ্তাহত অনলৰ বন্ধু এজন গুৱাহাটীলৈ যাব গতিকে মাকক তাৰ লগতে পঠিয়াই দিয়াৰ যো-জা কৰিলে।


নীলাঞ্জনাৰ মনটো মুকলি হৈ পৰিল। ৰাতি টোপনি ভাল হ'ল। পূজা বিহুত অনল আৰু নিৰ্মিতাই মাকৰ ওচৰলৈ যাব বুলি কথা দিলে।


নীলাঞ্জনাই দুয়োকো বুকুত সাৱটি লৈ ক'লে, "মই আজি খুব সুখী। তোমালোকে মোক কিমান ভালপোৱা বুজি পালো। সদায় এনেকৈয়ে থাকিবা। ফোন কৰিলে তোমালোকৰ কথাবোৰ ক'বা ,ময়ো দিনটোৰ খতিয়ান তোমালোকক দিম। তেতিয়া চাবা শাৰীৰিক দুৰত্ব থাকিলেও মানসিক দুৰত্ব নোহোৱা হৈ যাব। দুইখন হাতেৰে দুয়োকে বুকুলৈ চপাই আনি নীলাঞ্জনাই পৰম প্ৰশান্তিত চকু দুটা মুদি দিলে।

::x::x::x::


Writer Minati Roymedhi

is a regular contributor of short stories

to various journals and lives in Guwahati


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher. This is a work of fiction. Names, characters, businesses, places, events, locales, and incidents are either the products of the author's imagination or used in a fictitious manner. Any resemblance to actual persons, living or dead, or actual events is purely coincidental.]

99 views