আপোনাৰ চকুযোৰ
ৰঞ্জন কুমাৰ বৰুৱা

আপোনাৰ চকুযোৰ আপোনাৰ নিজৰ
চকুযোৰৰ বাবে দেখিছে সমস্ত চৰাচৰ
দেখিছে দাপোনত নিজৰ মুখ,
ইচ্ছা কৰিলে উপভোগ কৰিছে
পৃথিৱীৰ অপাৰ সৌন্দৰ্য
চকু যোৰৰ বাবে আতংকিত হ'ব পাৰে
ধ্বংসৰ অভিশাপ দেখি।
আপোনাৰ চকুযোৰ আপোনাৰ নিজৰ
মনৰ মাজতো আপোনাৰ অজানিতে
এযোৰ চকু আছে
মন গলেই ক্ষন্তেকতে
বাধাৰ দুৱাৰ ফালি
পোহৰতকৈও অধিক বেগেৰে
চাব পাৰে জগতৰ ইমুৰ সিমুৰ।
আপোনাৰ চকুযোৰ আপোনাৰ নিজৰ
চকুযোৰত লেখা আছে আপোনাৰ মনৰ কথা,
ওলমি আছে বিশেষ জনৰ বাবে
নিমন্ত্ৰণৰ ঘোষণা পত্ৰ,
নাইবা প্ৰত্যাখানৰ পৰোৱানা।
আপোনাৰ চকুযোৰ আপোনাৰ নিজৰ
তথাপি আপুনি দেখাখিনি একমাত্ৰ সত্য নহয়
কাৰণ একেটা দৃশ্যই এজনৰ বাবে তৰা
আনজনৰ বাবে বোকা।
আপোনাৰ চকুযোৰ আপোনাৰ নিজৰ
জয়ৰ আনন্দ
পৰাজয়ৰ দুখত
নিগৰি অহা চকুলো
সযত্নে পালিত হয়
আপোনাৰ চকুত।।
::x::x::x::

Poet Ranjan Kr. Barua
works at Govt. of Assam
and lives in
Bihpuria, Lakhimpur, Assam
[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]