Search

'এক দিন কা চুলতান', লাৱাৰিছ কবৰস্থানত বেদখল, জনতাৰ বাবেই 'জনতা ভৱন'

তাজুদ্দিন আহমেদ



১৯৭৮ চনৰ ১২ মাৰ্চ তাৰিখে গোলাপ বৰবৰাদেৱে অসমৰ ষষ্ঠ গৰাকী মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিছিল। তেওঁ আছিল প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী। তেওঁৰ পূৰ্বে ৫ গৰাকী কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিল ক্ৰমে ভাৰতৰত্ন গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী আৰু শৰৎ চন্দ্ৰ সিংহ। গোলাপ বৰবৰাৰ জনতা চৰকাৰ হোৱাত সাধাৰণ মানুহে আশা কৰিছিল যে পূৰ্বৰ ছচিয়েলিষ্ট পাৰ্টীৰ মুখ্যমন্ত্ৰী জনে দৰিদ্ৰ তথা সাধাৰণ মানুহে সকাহ পোৱা কিছুমান নতুন কৰ্মসূচী ল'ব। গোলাপ বৰবৰাদেৱৰ জীৱনশৈলী আছিল অতি সাধাৰণ। মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে তেওঁ কৃষকৰ আৰু শ্ৰমিকৰ ন্যাৰ্য আৰু কল্যাণৰ বাবে দেহে কেহে খাটি কাম কৰিছিল। তেওঁ দেশৰ বিভিন্ন ট্ৰেড ইউনিয়নৰ সৈতেও জড়িত আছিল। ট্ৰেড ইউনিয়নৰ আন্দোলনৰ নেতৃত্ব লৈ দেশৰ বিভিন্ন ঠাইত তেওঁ কাৰাবন্দী হৈছিল। সেয়ে অসমৰ জনসাধাৰণে তেওঁক ব্যতিক্ৰমী মুখ্যমন্ত্ৰী বুলি ভাবি এক পৰিৱৰ্তনৰ আশা কৰিছিল।

গোলাপ বৰবৰা দেৱে মুখ্যমন্ত্ৰী হৈ দিশপুৰত অতি সাধাৰণ ভাবে বিধায়কৰ আবাসতে আছিল। আজিৰ মুখ্যমন্ত্ৰী সকলৰ দৰে ৰাজহাউলী সদৃশ বাসভৱনত নাছিল। অৱশ্যে শৰৎ চন্দ্ৰ সিংহ দেৱেও সম্পূৰ্ণ মুখ্যমন্ত্ৰীত্বৰ কালচোৱা অতি সাধাৰণ ভাবে আছিল। এই দুগৰাকী নেতাক মুখ্যমন্ত্ৰীত্বৰ অন্তত অতি সাধাৰণ নাগৰিকৰ দৰে গুৱাহাটীৰ চিটি বাছত উঠি ঘুৰা ফুৰা কৰা আমি দেখিবলৈ পাইছিলোঁ।

জনতা পাৰ্টী যিহেতু ভিন্ন মতাদৰ্শৰ কেইবাটাও দল মিলি হোৱা এটা পাৰ্টী সেয়েহছ মন্ত্ৰীত্ব লাভৰ বাবে সেই দলবোৰৰ নেতাৰ প্ৰৱল হেঁচা গোলাপ বৰবৰাৰ ওপৰত বাৰুকৈয়ে পৰিছিল। গুৱাহাটীৰ জনতা পাৰ্টীৰ বিধায়ক অজয় দত্ত গোলাপ বৰবৰাৰ পূৰ্ৱৰ দল ছচিয়েলিষ্ট পাৰ্টীৰ সদস্য অথবা সমৰ্থক নাছিল। তেতিয়া আমি শুনিবলৈ পোৱা মতে তেওঁ জন সঙ্ঘৰ কেইবাগৰাকীও সমৰ্থনকাৰীৰ সৈতে সম্পৰ্ক ৰক্ষা আছিল বাবে তেওঁ বৰবৰা চৰকাৰখনৰ বাবে একপ্ৰকাৰ এলাগী হৈ পৰিছিল। এবাৰ তেওঁ বিধায়ক হৈ থকা স্বত্বেও নিজ চৰকাৰৰেই আমোলত থকা গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়লৈ গুৱাহাটী মহানগৰৰ ক্ষুদ্র ব্যৱসায়ী সকলৰ এটা সমদলৰ সৈতে গৈ আয়ুক্ত গৰাকীক ঘেৰাও কৰি ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ বিভিন্ন সমস্যাৰাজি সমাধান কৰাৰ দাবী তুলিছিল। জনতা পাৰ্টীৰ যিবোৰ নেতা কৰ্মী পূৰ্বৰ ছচিয়েলিষ্ট পাৰ্টীৰ নাছিল তেওঁলোকে বৰবৰা চৰকাৰখনৰ পৰা কোনো ৰাজহুৱা কৰ্মৰ বাবে কোনো ধৰণৰ সহায় সহযোগ পোৱা নাছিল বুলি অভিযোগ উঠিছিল। জৰুৰীকালীন অৱস্থাৰ অৱসান বিচাৰি যিবোৰ মানুহে নিজৰ ধন আৰু সময় ব্যয় কৰি জনতা দলক জিকোৱাৰ বাবে দেহে কেহে খাটিছিল, তেওঁলোকে জনতা পাৰ্টীৰ চৰকাৰ হোৱাৰ পাচত হতাশাত ভুগিছিল। এইসকল লোকক পাচলৈ বিভিন্ন জনতা চৰকাৰ বিৰোধী সভা আৰু প্ৰতিবাদত দেখা পোৱা গৈছিল।

জনতা চৰকাৰৰ আমোলত গুৱাহাটী পৌৰ নিগমৰ দ্বিতীয়টো নিৰ্বাচন অনুষ্ঠিত হৈছিল। কাউন্সিলাৰ পদবী লাভৰ বাবে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ উদ্দেশ্যেৰে জনতা দলৰ কিছুমান নেতা আৰু কৰ্মীয়ে নিজ নিজ ৱাৰ্ডবোৰত বাট-পথ, নলা ইত্যাদিৰ মেৰামতিৰ কামত নামি পৰিছিল। পুৱাতে নলা চফা কৰা, পথ বনোৱা শ্ৰমিকক আনিবলৈ পৌৰ নিগমৰ কাৰ্যালয়ত প্ৰাৰ্থীত্ব প্ৰত্যাশীসকল উপস্থিত হৈছিল। পৌৰ শ্ৰমিক আনি নিজৰ নিজৰ এলেকাত কাম কৰাই ভোটাৰৰ প্ৰশংসা লোৱাৰ প্ৰয়াস কৰিছিল। ১৬ নং ৱাৰ্ড উলুবাৰীৰ জিতেন ডেকা নামৰ জনতা পাৰ্টিৰ এজন কৰ্মীয়ে এই উদ্দেশ্যতেই বহু দিন ধৰি উলুবাৰী, ৰূপনগৰ, লাচিত নগৰ আদিত এনেবোৰ কাম কৰি আছিল। সেই সময়ত মই সেই ঠাইবোৰলৈ গ'লে দেখিছিলো পৌৰ নিগমৰ শ্ৰমিকে নলা চফা কৰি থকা নতুবা শিল, মাটি বা শিলৰ গুৰি দি বাটৰ গাত পুতি থকা আৰু কাষতে তেওঁ বগা পাঞ্জাৱী পাইজামা পিন্ধি কামৰ তদাৰক কৰি থকা। কিন্তু দুৰ্ভাগ্যৰ কথা এয়ে যে তেওঁ ইমান কাম কৰিও জিকিব নোৱাৰিলে। পিছে জনতা পাৰ্টীয়ে পৌৰ নিগমৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লভিবলৈ সক্ষম হৈছিল। সেই সময়ত গুৱাহাটী পৌৰ নিগমৰ ৩৪ টা ৱাৰ্ড আছিল। হিতেশ্বৰ শইকীয়াৰ আমোলত অৰ্থাৎ ১৯৯৫ চনৰ পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত এই ৱাৰ্ডৰ সংখ্যা বাঢ়ি হৈছিলগৈ ৬০টা। কিন্তু বৰ্তমান এই ৱাৰ্ডৰ সংখ্যা ৩১ টা লৈ হ্ৰাস কৰা হ'ল। ৱাৰ্ডৰ সংখ্যা হ্ৰাস হ'ল যদিও প্ৰতিটো ৱাৰ্ডত ২,৩ বা ৪ টা কৈ এৰিয়া সভা বনোৱা হৈছে যাতে নাগৰিকে পৌৰ নিগমৰ অধিকতম্ সেৱা লভিব পাৰে। এই এৰিয়া সভাবোৰৰ পৰা একোগৰাকীকৈ প্ৰতিনিধিৰ নিৰ্বাচন কৰা হয়। এৰিয়া সভাৰ নিৰ্বাচন ৱাৰ্ড কাউন্সিলাৰৰ নিৰ্বাচনৰ লগতে অনুষ্ঠিত কৰা হয়। এনে এৰিয়া সভাৰ মুঠ সংখ্যা হল ৯০ টা। এৰিয়া সভাৰ নিৰ্বাচিত প্ৰতিনিধিক এৰিয়া মেম্বাৰ বোলা হয়। এই এৰিয়া মেম্বাৰ সকলে কেৱল নিজ নিজ ৱাৰ্ডৰ কাউন্সিলাৰৰ অধীন হৈ নিজৰ এৰিয়াৰ কাম- কাজহে তদাৰক কৰে।

জনতা চৰকাৰৰ সময়ত জেহিৰুল ইছলাম পৰিবহন মন্ত্ৰী হোৱাৰ উপৰিও নিগমৰো অভিভাৱক বিভাগৰ মন্ত্ৰী আছিল। পৌৰ নিগমৰ নিৰ্বাচন নোহোৱালৈকে পৌৰ নিগমৰ কিছু কাম তেওঁৰ জৰিয়তেও কৰিব পৰা গৈছিল। সেইসময়ত চাবিপুল লাৱাৰিছ কবৰস্থানখনত চাৰিওফালৰ পৰা বে-দখল আৰম্ভ হৈছিল। এই কবৰস্থান খন আঠগাঁও আৰু চাৰাব ভাট্টিৰ মাজত অৱস্থিত এখন বিশাল কবৰস্থান। লাৱাৰিছ অৰ্থাৎ যাৰ কোনো স্বত্তাধিকাৰী নাই বা আপোন মানুহ, চিনাকী মানুহ নাই তেনে মৃতকৰ বাবেই আছিল এই খন কবৰস্থান। তাত অচিনাকী মৃত ব্যক্তিক কবৰ দিয়া হয়। সেয়েহে এই কবৰস্থানখন তদাৰক কৰাৰ বাবে আঠগাঁওৰ কবৰস্থান বা শৰণীয়াৰ কবৰস্থানৰ দৰে সক্ৰিয় কবৰস্থান কমিটি নাছিল। যাৰ ফলত লাৱাৰিছ কবৰস্থানখনৰ ভূমি বে-দখল কৰিবলৈ অতি সহজ হৈ পৰিছিল। এই কবৰস্থানখন সুৰক্ষিত কৰি ৰখাৰ বাবে আঠগাঁও আৰু লাখটকীয়াৰ কিছুলোকে নিগমৰ মন্ত্ৰী গৰাকীক আবেদন জনাইছিল আৰু মন্ত্ৰী গৰাকীয়ে গুৱাহাটী পৌৰ নিগমক চাৰিও দিশৰ সীমাৰ দেৱাল সাজিবলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশ মৰ্মে পৌৰ নিগমে দেৱাল সাজি লাৱাৰিছ কবৰস্থান খন সুৰক্ষিত কৰিছিল।

জনতা চৰকাৰৰ দেৰ বছৰীয়া শাসনৰ উল্লেখনীয় কাম কেইটামান আছিল কৃষকৰ ১০ বিঘা খেতি ভূমি পৰ্যন্ত খাজনা ৰেহাই দিয়া, মেট্ৰিক পৰ্যায়লৈ ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ৰ মাচুল ৰেহাই দিয়া আৰু চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা। গোলাপ বৰবৰাৰ এই কামত পূৰ্ৱৰ ছচিয়েলিষ্ট পাৰ্টীৰ আদৰ্শ কিছু পৰিস্ফুট হৈছিল। সেই সময়ত স্কুলৰ মাছুলৰ ৰেহাই দিয়া কাৰ্য্যই আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলক বিশেষ সকাহ দিছিল। সেইসময়ত চৰকাৰী বিদ্যালয়ৰ মাচুল যঠেষ্ট কম আছিল যদিও সেইখিনি টকাৰ অভাৱতো বহু ল'ৰা ছোৱালী বিদ্যালয়লৈ যাব নোৱাৰিছিল। এই মাচুল ৰেহাইয়ে কিছু হ'লেও ছাত্ৰ-ছাত্ৰীৰ 'স্কুল ড্ৰপ আউট'ৰ পৰিসংখ্যা নিম্নগামী হোৱাটো সম্ভৱ কৰিছিল। পাচত ১৯৮৫ চনত অগপ চৰকাৰে অষ্টমমানলৈ স্কুলীয়া পাঠ্যপুথি বিনামূলীয়া কৰাত অসমৰ বিদ্যালয় পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত এক উল্লেখনীয় পৰিৱৰ্তন আহিছিল। আৰ্থিকভাৱে পিছ পৰা ল'ৰা ছোৱালী স্কুল নোযোৱাৰ মূল কাৰণটো আছিল মাচুল আৰু পাঠ্যপুথিৰ অভাৱ। তেতিয়াৰ এই দুখন অকংগ্ৰেছী চৰকাৰে তেনে বৰ্গৰ ল'ৰা ছোৱালীৰ এই অভাৱ দূৰ কৰি শিক্ষাৰ প্ৰসাৰৰ ধাৰা তৰান্নিত কৰি তুলিছিল।

সেই সময়ত চৰকাৰী চিকিৎসালয়বোৰত ৰোগীক দেখুৱাৰ আগতে নাম পঞ্জীয়ন কৰাৰ বাবে পঞ্জীয়ন মাচুল দিব লাগিছিল। সকলো লোকৰ বাবে পঞ্জীয়ন মাচুল দি ৰোগীৰ চিকিৎসা কৰাটো সম্ভৱ নাছিল। সেয়েহে মাচুল ৰেহায়ে কিছু হ'লেও আৰ্থিকভাৱে দুৰ্বল লোকসকলক সকাহ দিছিল।

জনতা চৰকাৰে কৰা আন এটা উল্লেখনীয় কাম হ'ল দিশপুৰৰ এটা ভৱন 'জনতা ভৱন' ৰূপে নামাকৰণ কৰি তাত সকলো মন্ত্ৰীক একেলগে বহাৰ স্থান দি ৰাজ্যৰ জনতাক মন্ত্ৰীসকলক সাক্ষাৎৰ সুবিধা কৰি দিয়াতো। এতিয়া পিছে সেই 'জনতা ভৱন' নোহোৱা হ'ল। দিশপুৰ এতিয়া স্থায়ী ৰাজধানী হোৱাত স্থায়ী ভৱন নিৰ্মাণ কৰা হল। তৰুণ গগৈৰ কংগ্ৰেছ চৰকাৰৰ দিনত এই কামৰ আৰম্ভ আৰু সম্পূৰ্ণ কৰা হৈছিল। এতিয়া পিছে মন্ত্ৰীবোৰে জনতাৰ সুবিধাৰ অৰ্থে একেটা ভৱনত নবহে, বিভাগীয় ভৱনবোৰত বেলেগে বেলেগে বহে।

সময় যিমানেই বাগৰিছিল জনতা চৰকাৰখনৰ আয়ুসো সিমানেই টুটি আহিছিল। ইন্দিৰা গান্ধীক পৰাভূত কৰাৰ বাবে ভিন্ন মতাদৰ্শৰ দল লগ হৈ ততাতৈয়াকৈ জনতা পাৰ্টী গঠন কৰা হৈছিল। এতিয়া নিজ নিজ মতাদৰ্শ অটুট ৰখাৰ বাবে ক্ষমতা লৈ তেওঁলোকৰ মাজতেই টনা আজোৰা আৰম্ভ হৈছিল। ফলত মন্ত্ৰীসভাত স্থান নোপোৱা আৰু চৰকাৰখনত গুৰুত্ব নোপোৱা বিধায়ক, নেতাৰ বিসম্বাদ তুঙ্গত উঠিছিল। এই বিসম্বাদৰ ফলত গোলাপ বৰবৰা চৰকাৰখনৰ দেৰ বছৰৰ মূৰত ১৯৭৯ চনৰ ছেপ্টেম্বৰ মাহতেই পতন হৈছিল। সেই একে মাহতে যোগেন্দ্ৰ নাথ হাজৰিকা মুখ্যমন্ত্ৰী হৈছিল মাত্ৰ ৩ মাহৰ বাবে। তেতিয়া শুনিছিলোঁ তেওঁ বিভাগীয় শীৰ্ষ বিষয়াবোৰক কিছুমান কামৰ নিৰ্দেশ দিছিল আৰু বিষয়াবোৰে সেই নিৰ্দেশ নামানি কামৰ পৰা ছুটি লৈ আছিল। কাৰণ সকলোৱে জানিছিল যে যোগেন্দ্ৰ নাথ হাজৰিকাৰ পতন নিশ্চিত আৰু তাকো অতি সোনকালে। শেষত মানুহে পূৰ্বানুমান কৰা মতেই ডিচেম্বৰতেই তেওঁৰ মুখ্যমন্ত্ৰীত্বৰ পতন ঘটিছিল।

ইতিমধ্যে অসমত বিদেশী বিতাড়ণ আন্দোলনে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছিল। দিল্লীতো জনতা পাৰ্টীৰ চৰকাৰৰ পতন ঘটিছিল। প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই দেৱে পদত্যাগ কৰাৰ পাচত চৌধুৰী চৰণ সিঙে প্ৰধানমন্ত্ৰী ৰূপে শপত লৈছিল। তেওঁ কেৱল ৭ দিনহে প্ৰধানমন্ত্ৰী হৈ আছিল। দিল্লীৰ ইতিহাসত আটাইতকৈ কম দিনৰ শাসক আছিল বাবে তেওঁক 'এক দিন কা চুলতান' বুলিও কোৱা হৈছিল। কাৰণ, দিল্লীৰ বাদশ্বাহ হুমায়ুনৰ শাসনকালত শ্বেৰ শ্বাহ ছুৰীয়ে আক্ৰমণ কৰাৰ সময়ত ৰজা হুমায়ুনে নিজৰ সিংহাসন ৰাজপ্ৰসাদৰ পানী কঢ়িওৱা ব্যক্তি এজনক গটাই পলায়ন কৰিছিল। সেই পানীভাৰী জন দিল্লীৰ এদিনৰ শাসনকৰ্তা হৈছিল বাবে তেওঁক 'এক দিন কা চুলতান' বোলা হৈছিল। এই কথা তাহানিৰ পৰা দিল্লীবাসীৰ মুখে মুখে প্ৰচলিত আছিল।

দিল্লীত জনতা চৰকাৰৰ পতনৰ পাচত নিৰ্বাচনৰ দিন ঘোষণা হ'ল কিন্তু অসমত আন্দোলনকাৰীয়ে এই নিৰ্বাচন বহিষ্কাৰ কৰাত অসমক এৰি আন সকলোতে নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত ইন্দিৰা গান্ধীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি ১৯৮০ চনত পুনৰ প্ৰধানমন্ত্ৰী হৈছিল। কিন্তু সেই সময়ত অসমত এক দীঘলীয়া সময়ৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন চলিছিল।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.

39 views