Search

কামৰূপ একাডেমীৰ পূজাৰ খিচিৰি, ভাষা আন্দোলনৰ হিংসা, চিগাৰেট গুদামত লুটপাত...

তাজুদ্দিন আহমেদ



এই মহানগৰ এই দেশ

(খণ্ড - ০২)


ঐতিহ্যমণ্ডিত নৱগ্ৰহ দেৱালয়ৰ লগতে আহোম স্বৰ্গদেউ সকলৰ দিনত নিৰ্মিত ন-কোনীয়া পুখুৰী বৰ্তমান যাক আমি শিলপুখুৰী বুলি কওঁঁ, সেই শিলপুখুৰীৰ মূল পথটোৰ দাতিত এডাল প্ৰকাণ্ড আঁহত গছ আছিল। বৰ্তমানে শিলপুখুৰীত থকা ষ্টেট বেঙ্ক অব ইণ্ডিয়াৰ সমুখৰ পথৰ বিপৰীতে আছিল এই আঁহত জোপা। এই আঁহত ডালৰ গুৰিত চান্দমাৰীৰ দিশৰ পৰা অহা চিটি বাছবোৰ অলপ সময়ৰ বাবে ৰৈছিল। মই কেতিয়াবা স্কুললৈ যাবলৈ বাছৰ বাবে তাতে ৰওঁঁ। বাছত উঠি গুৱাহাটী ক্লাবৰ উজান বজাৰ দিশে যোৱা পথত নামো। বাছৰ ভাড়া মাত্ৰ ৫ পইছা। ১৯৬৮ চনৰ কথা। এইচোৱা সামান্য দূৰত্বলৈ কোনোৱে বাছত নুঠে। মই উঠাৰ কাৰণটো হ'ল মই তৃতীয়মান পাছ কৰি কামৰূপ একাডেমীত তেতিয়া পঢ়িবলৈ লৈছোঁ। আনবোৰ ডাঙৰ ল'ৰাৰ দৰে মোৰো বাছত উঠাৰ খুবেই চখ আছিল। কেতিয়াবা লেজাৰ (আহাৰ বিৰতি)ত খাবলৈ চাৰি অনা বা বিছ পইছা পালেহে অৱশ্যে বাছত উঠিছিলোঁ।


সেই সময়ত গুৱাহাটীত বিদ্যালয় বৰ বেছি নাছিল। দুখন মিছনেৰী বিদ্যালয়ৰ বাদে বাকী সকলোবোৰ চৰকাৰী বিদ্যালয়েই আছিল। ঐতিহ্যমণ্ডিত বিদ্যালয় কেইখনত নামভৰ্তিৰ বাবেও চিট পৰীক্ষা দিব লাগিছিল। মই চিট পৰীক্ষাত ভাল ফলাফল লাভ কৰাত কামৰূপ একাডেমীত চতুৰ্থ শ্ৰেণীৰ 'ক' শাখাত প্ৰৱেশ পালোঁ। হেদায়েৎপুৰ প্ৰাথমিক বিদ্যালয়ৰ মোৰ কেইজনমান সহপাঠীয়ে 'খ' শাখা আৰু 'গ' শাখাত প্ৰবেশ পাইছিল। সিহঁতক মোৰ শ্ৰেণীত নাপাই প্ৰথমে অলপ বেয়া লাগিছিল যদিও পাচলৈ বেয়া নলগা হ'ল। কাৰণ, কামৰূপ একাডেমীত বিভিন্ন ঠাইৰ পৰা অহা ল'ৰাবোৰৰ পৰা বহু নতুন কথা জানিবলৈ পাইছিলোঁ। হেদায়েৎপুৰ প্ৰাথমিক বিদ্যালয়ত পঢ়োতে তাৰে একে ঠাইৰ ল'ৰাবোৰক পাইছিলো আৰু বেছিভাগ ল'ৰাৰ ৰুচিবোধ মোৰ সতে নিমিলিছিল। পিছে তাত খেলাৰ বাবে বিদ্যালয়ৰ কাষতে এখন ডাঙৰ পথাৰ আছিল। তাৰোপৰি ওচৰৰ কংগ্ৰেছ ভৱনৰো পথাৰ এখন আছিল। সেই সময়ত তৃতীয় মানৰ পৰীক্ষা শিক্ষা ব'ৰ্ডে পাতিছিল আৰু তাৰ কেন্দ্ৰ হেদায়েৎপুৰ প্ৰাথমিক বিদ্যালয়ত নাছিল বাবে আমাক চেনীকুঠি প্ৰাথমিক বিদ্যালয়ৰ কেন্দ্ৰলৈ পৰীক্ষা দিবলৈ নিয়া হৈছিল।

কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উজান বজাৰ, শিলপুখুৰী, গান্ধীবস্তি আদিৰ ছাত্ৰ সৰহ আছিল। সেই সময়ত একাদশ শ্ৰেণীৰ ছাত্র- ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাও দিছিল। উচ্চতৰ মাধ্যমিক স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে দশম মানত মেট্ৰিক দিব নালাগিছিল। উচ্চতৰ মাধ্যমিক পাছ কৰিয়েই তিনি বছৰীয়া স্নাতক পঢ়িব পাৰিছিল। সেই সময়ত দ্বাদশ শ্ৰেণী নাছিল বাবে স্নাতকত প্ৰবেশ কৰিবলৈ আজিৰ তুলনাত এবছৰ কম লাগিছিল।

কামৰূপ একাডেমীত প্ৰথম ভৰি দিয়েই সহপাঠী এজনৰ পৰা জানিছিলো, তাত দুজন বৰ খঙাল শিক্ষক আছে। শিক্ষক দুজনে ল'ৰাবোৰক বেতেৰে হাত ফাটি যোৱাকৈ মাৰিছিল। শুনিয়েই পেপুৱা লাগিছিলোঁ। আৰম্ভণিৰ এই ভয়টো মোৰ বহু দিনলৈ আছিল। যিটোৱে মোক মুকলিমূৰীয়াকৈ স্কুলত খেলা-ধূলা কৰাত সংকোচিত কৰিছিল। সেই সময়ত শিশু মনোবিজ্ঞান বিষয়ত আমাৰ দেশত বিশেষ চিন্তা-চৰ্চা কৰা হোৱা নাছিল। সেয়েহে মাক দেউতাক আৰু শিক্ষকে চেকনীৰ আগত বিদ্যা এই ধাৰণাটোকেই এক প্ৰকাৰ গৌৰৱেৰে বহন কৰিছিল।


(Photo Courtesy: Internet)


কামৰূপ একাডেমীত মই চতুৰ্থ শ্ৰেণীত প্ৰবেশ হোৱাৰ সময়ত অৰ্থাৎ ১৯৬৮ চনত স্কুলৰ অধ্যক্ষ আছিল গোলাপ চৌধুৰী। দুমাহ মান পাচত তেওঁ অৱসৰ গ্ৰহণ কৰাত তেওঁৰ ঠাইত নতুন অধ্যক্ষ হৈছিল সুশীল কাকতি। কাকতি চাৰে অধ্যক্ষ হৈয়ে স্কুলৰ সকলো ছাত্র শিক্ষকক ভোজ-ভাত খুৱাইছিল। স্কুলৰ সমুখতে থকা ডাঙৰ হলটোত আমি তলত বহি কলৰ দোনাত মাছে মঙহে খুবেই ভাল খানা খাইছিলোঁ। সেই খানাৰ বিবিধ ব্যঞ্জন আৰু সোৱাদ আজিও পাহৰা নাই। এইটো আছিল স্কুলৰ দ্বিতীয় খানা। প্ৰথমটো খানা আছিল সৰস্বতী পূজাৰ খিচিৰি। শ্ৰেণী আৰম্ভ হোৱাৰ কিছুদিন পাচত স্কুলত হৈছিল সৰস্বতী পূজা। এয়া আছিল মোৰ স্কুলৰ প্ৰথম সৰস্বতী পূজা। হেদায়েৎপুৰ প্ৰাথমিক স্কুলত সৰস্বতী পূজা অনুষ্ঠিত নহৈছিল। পূজাত পুৱাৰে পৰা ব্যস্ত আছিলো প্ৰসাদ খাই, ফোঁঁট লৈ, স্কুলৰ আশেপাশে ফুৰি । খিচিৰি হোৱাৰ সময়ত স্কুলত উপস্থিত হৈছিলোঁ। সকলো পাচলি মিহলি কৰি বনোৱা লেবেৰা, বিলাহীৰ ট্বক আৰু ঘিউৰ সুগন্ধি খিচিৰি মই প্ৰথমবাৰ খাইছিলোঁ।

মই পঢ়া চতুৰ্থ শ্ৰেণীৰ 'ক' শাখা শ্ৰেণীটো কোঠাত নাছিল। ডাঙৰ হলটোৰ মাজত পাৰ্টিশ্বন দি দক্ষিণ মূৰৰ অংশটোক শ্ৰেণী কোঠা কৰা হৈছিল। শ্ৰেণী কোঠাটো অধ্যক্ষৰ কোঠাৰ আৰু শিক্ষাগুৰু সকলৰ কমনৰুমৰ কাষতে হোৱা বাবে আমি পিৰিয়ড শেষ হোৱাৰ পাচত হুলস্থুল কৰিব পৰা নাছিলোঁ। লেজাৰৰ বেলৰ শব্দ শুনিহে হুলস্থুল কৰি বাহিৰলৈ দৌৰ দিছিলোঁ চানাৱালা, আইচক্ৰীমৱালা বিচাৰি। স্কুলৰ ওচৰৰ ৱালবোৰত চিনেমাৰ নতুন পোষ্টাৰ লগালে ইংৰাজীত লিখাবোৰ জোটাই জোটাই পঢ়িছিলোঁ। চিনেমাৰ নাম, হিৰো হিৰোইনৰ নাম আৰু চিনেমা হলৰ নাম নজনাটো তেতিয়া আমাৰ বাবে লাজৰ কথা আছিল। এইদৰে আমি লেজাৰৰ সময় খিনি পাৰ কৰিছিলোঁ।

১৯৬৮ চনটো মোৰ বাবে খুবেই স্মৰণীয়। এই চনৰে ২৬ জানুৱাৰীত খাদ্য সঙ্কট আৰু অসমীয়া ভাষা মাধ্যমৰ দাবীত গুৱাহাটীত এক প্ৰতিবাদে হিংসাত্মক ৰূপ লৈছিল।

সেইদিনা আমাৰ পৰিয়ালৰ সৈতে মই বশিষ্ঠলৈ বনভোজ খাবলৈ গৈছিলোঁ। সেই সময়ৰ বশিষ্ঠ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এক নিজান ঠাই আছিল। আজি বশিষ্ঠ মন্দিৰৰ ওচৰত যি ঠাইত দোকান বজাৰ ইত্যাদি আছে তেতিয়া সেই ঠাই ডোখৰ নদীৰ সৰু বৰ শিলেৰে ভৰা হৈ আছিল। বাৰিষাত সেই ঠাইৰে নৈ খন বহল হৈ বৈছিল। বনভোজৰ বাবে অতি সুন্দৰ ঠাই আছিল।


আমি কাষৰ পাহাৰৰ পৰা খৰি কাটি আনি ৰান্ধিছিলোঁ। এনেতে ৰেডিঅ'ৰ দুপৰীয়াৰ বাতৰিত শুনিলো গুৱাহাটীত সান্ধ্য আইন জাৰি কৰা হৈছে। আমি তেতিয়া ততাতৈয়াকৈ খোৱা বোৱি শেষ কৰি আহিবলৈ ওলালোঁ।

তেতিয়া বশিষ্ঠৰ পৰা বৰা চাৰ্ভিচলৈ পথৰ দাতিত দুই এটা ঘৰ, আট্টলিকাৰ বাহিৰে কেৱল ধাননি পথাৰ আছিল। সান্ধ্য আইনৰ কোনো প্ৰভাৱ বৰা চাৰ্ভিচলৈ নেদেখিলোঁ। লাচিত নগৰ চাৰিআলিত অট্টলিকা এটাত চাইন বৰ্ড ভাঙি ওলমি থকা দেখিলোঁ। ভঙাৰ কাৰণ কোম্পানীৰ চাইন ব'ৰ্ড কেইখন কেৱল ইংৰাজীত লিখা আছিল। বি বৰুৱা কলেজৰ পৰা উলুবাৰী চাৰিআলি আৰু লাচিত নগৰৰলৈকে বাটৰ ওপৰত কেৱল ফলা ছিগাৰেটৰ কাৰ্টুন আৰু ছিগাৰেটৰ পেকেট দেখিছিলোঁ। বি বৰুৱা কলেজৰ কাষত এটা ডাঙৰ চিগাৰেটৰ গুদাম আছিল। প্ৰতিবাদকাৰীয়ে স্থানীয় কিছু লোকৰ সৈতে গুদামটো লুট কৰিছিল। আশেপাশে থকা বিভিন্ন ঠাইৰ মানুহ আহি দুপৰীয়াৰ পৰা সন্ধিয়ালৈ গুদামটোত লুটপাত চলাই আছিল।

শিলপুখুৰী আৰু গুৱাহাটী ক্লাবটো সেই একে অৱস্থা দেখিছিলোঁ। ইংৰাজী লিখা চাইন ব'ৰ্ডবোৰ ভঙা হৈছিল। ভাঙিব নোৱাৰা ওখ চাইনবৰ্ডবোৰত নলাৰ বোকা দলিয়াই ঢাকিছিল। লক্ষী চাৰ্ভিচ ষ্টেচনৰ ওখ ইণ্ডিয়ান অইল লিখা ঘূৰণীয়া চাইনবৰ্ডখন এইদৰে বোকাৰে ঢাকিছিল‌।

ফাঁচীবজাৰত এই প্ৰতিবাদৰ প্ৰভাৱ খুবেই ভয়ানক আছিল। খাদ্য সামগ্ৰীৰ গুদাম, দোকানত অগ্নি সংযোগ কৰা হৈছিল। ফাঁচীবজাৰৰ জুই বহু দূৰৈৰ পৰা মানুহে প্ৰত্যক্ষ কৰিছিল। আনকি উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ পৰাও মানুহে এই জুই দেখিছিল। এয়া আছিল অসমীয়া ভাষা মাধ্যমৰ বাবে আৰু খাদ্য সংকটৰ পৰা মুক্ত হোৱাৰ অৰ্থে কৰা বোধকৰোঁ প্ৰথমটো হিংসাত্মক প্ৰতিবাদ। ফুলকুমলীয়া অৱস্থাতেই এই প্ৰতিবাদ দেখি মই একপ্ৰকাৰ ভীতিগ্ৰস্ত হৈ পৰিছিলোঁ।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability if the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.

42 views