Search

ক্ষোভ

অলকানন্দা শ্ৰীকুমাৰী



জীৱনৰ প্ৰাৰম্ভতে

কালৰ বিৰামহীন ৰথত উঠি

যি যাত্ৰা আৰম্ভ হৈছিল

তেতিয়া,...

বুকুত আছিল সোনালী

সম্ভাৱনাৰবৈভৱ ধাৰা

সেয়া নিঃশেষ হল

কালৰ কুটিল গতিত

আই, সেয়ে আজি তোলৈ

মনত পৰিছে...

এতিয়া মোৰ বুকুত

অন্তহীন হাহাঁকাৰ

আই, তই মোক জান

আঁতে আঁতে

নৰিয়াত পৰি যেতিয়া

আচাট বিচাত কৰো

তোৰ দৰে আচঁলেৰে মুখ মচি

মোৰ বুকুৰ আজাৰ কোনে গুচাব

এতিয়া ভাৱিছো

মোৰ অচৈতন‍্যমনৰ

অজৰ-অমৰ প্ৰতিজ্ঞাই

মোক অধঃপাতে নিলে

তোৰ বুকুৰ জুহালত

মই য়ে জুমুধি আছিলোঁ

এতিয়া চাগে

তই শান্তিৰে আছ

আই আতৰণৰ সময়ত

তইয়ে মোৰ জীৱনৰ

আমোলন ফুল

ল'ৰালিৰ উকচ্কচ্ সময়ত

সমনীয়াৰ লগত

উখনাউখনি কৰোতে

উচতীয়া মাতেৰে

উজাৰি হ'বলৈ কৈছিলি

নিষ্ঠুৰ সময়ে মোক

নিপাত কৰিব নোৱাৰিলে

কাৰণ...এতিয়া মই নিৰংকুশ॥


::x::x::x::


Poet Alakananda Sreekumari Kakoti

worked as a Teacher and lives in Tinsukia


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

33 views0 comments

Recent Posts

See All