top of page
Search

কাৰ বাবে ফাগুন

ৰঞ্জন কুমাৰ বৰুৱা



ফাগুনৰ উদাসী বুকুত

মতলীয়া পচোৱাৰ বা' লাগি

ধূলিবোৰ উৰিছে

আনমনা হৈ,

ধূলিময় গাওঁৰ নিজান বাট পথ

ব্যস্ত নগৰ চহৰ

ধূলিময় আকাশ বতাহ,

ধূলিময় লঠঙা ফাগুন,

এই ফাগুন ধূলিৰ বাবে

নে ধূলিৰ বাবে ফাগুন ?


শিমলু ফুলিছে

ফুল নহয় যেন

একোপাহ তেজাল কলিজা হৈ

ফাগুনৰ নিসংগ পদূলিত

উলমি আছে,

ইমান তেজাল!

উমাল কোনোবা ব্যৰ্থ প্ৰেমিক-প্ৰেমিকাৰ

শৰবিদ্ধ কলিজাৰ পৰা নিগৰা

তেজৰ দৰে জ্বলিছে অহৰহ,

কাৰ বাবে এই মহা আয়োজন

ফাগুনৰ বাবে?

নে ফাগুন আহিছে শিমলু ফুলৰ বাবে?


বতাহে কানে কানে কৈ গ'ল

কোনো কাৰো বাবে নহয়

যিদৰে নহয় ধূলি আৰু শিমলু ফুল

ফাগুনৰ বাবে

বৰঞ্চ ইটোৱে সিটোৰ সত্বাত

বিলীন হৈ

অধীৰ আগ্ৰহেৰে ৰৈ আছে

যৌৱনক আদৰাৰ বাবে।


::x::x::x::


 

Poet Ranjan Kr. Barua works at Govt. of Assam and lives in Bihpuria, Lakhimpur, Assam [Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

95 views

Recent Posts

See All
bottom of page