Search

খেতি পথাৰ পুতি জৱাহৰ নগৰ, খুনছাত ইন্দিৰা গান্ধীৰ জন্মদিন, নন্দিনী চটপাঠিৰ জনপ্ৰিয়তা

তাজুদ্দিন আহমেদ



১৯৭৬ চন। গুৱাহাটীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশন অনুষ্ঠিত হৈছিল। নৱেম্বৰ মাহত অধিৱেশন হ'ব যদিও আয়োজন বছৰটোৰ আৰম্ভণিৰে পৰা আৰম্ভ হৈছিল। সেই সময়ত গুৱাহাটীখন আহল-বহল বাট পথবিহীন অনুন্নত এখন চহৰ আছিল। ১৯৭২ চনৰ আগলৈকে গুৱাহাটী কেৱল কামৰূপ জিলাৰ সদৰ হে আছিল। ১৯৭২ চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা স্থানান্তৰিত হৈ দিশপুৰলৈ আহিছিল, তেতিয়া দিশপুৰৰ খেতি পথাৰ পুতি অস্থায়ী ৰাজধানী নিৰ্মাণ কৰা হৈছিল। তেতিয়াৰে পৰা গুৱাহাটীয়ে ৰাজধানী ৰূপে গুৰুত্ব লভি উন্নয়নৰ দিশত কিছু আগবাঢ়িছিল।

গুৱাহাটীত কংগ্ৰেছ অধিৱেশন পাতিবলৈ তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ কংগ্ৰেছ চৰকাৰে খানাপাৰা আৰু বেলতলাৰ সংলগ্ন খেতি পথাৰ পুতিবলৈ লৈছিল। তাৰ পাচত তাত বাট-পথ নিৰ্মাণ, পানী, বিদ্যুৎ যোগান আদি বহু কাম ৬ মাহৰ ভিতৰতে শেষ কৰাৰ বাবে যুদ্ধংদেহি মনোভাবেৰে কাম কৰিছিল।

সেই সময়ত জি এছ ৰোড (বৰ্তমান শঙ্কৰদেৱ পথ)টো তেনেই ঠেক আছিল। দুয়ো কাষে উদং নলা আৰু পথটোৰ কাষ বোৰ বোকাৰে ভৰা আছিল। মাজৰ কিছু অংশ পকা আছিল। ষ্ট্ৰীট লাইট বুলিবলৈ উলুবাৰী চাৰিআলিত আৰু লাচিত নগৰ চাৰিআলিত শাল কাঠৰ খুটাত ওলমি সাধাৰণ বাল্ব দুটা জ্বলা দেখিছিলোঁ। সেয়েহছ অধিৱেশন চাবলৈ গুৱাহাটীৰ মাজমজিয়াৰ পৰা খানাপাৰালৈ যাবলৈ এই জি এছ ৰোডৰ উন্নয়ন খুবেই জৰুৰী হৈ পৰিছিল। সেই সময়ত জৰুৰীকালীন অৱস্থা চলি থকা বাবে বাধাহীন ভাবে কাম কৰিবলৈ চৰকাৰে ভাল এটা সুযোগ পাইছিল। সেয়েহে বহল পথ নিৰ্মাণৰ বাবে পথৰ দুয়োকাষৰ ভূমি অধিগ্ৰহণ আৰু অনায়াসে উচ্ছেদ কৰি মুকলি কৰিছিল। সেই সময়ত উলুবাৰী চাৰিআলিৰ মিষ্টিমুখ নামৰ মিঠাই দোকানখন বাটৰ ওপৰৰ এটা অসম আৰ্হিৰ ঘৰত আছিল। সেই ঘৰটো সম্পূৰ্ণ উচ্ছেদ কৰা আমি দেখিছিলোঁ। আৰু দেখিছিলো লাচিত নগৰ চাৰিআলিৰ বাটৰ ওপৰত থকা হনুমান মন্দিৰটো বুলডজাৰ চলাই উচ্ছেদ কৰা। এইদৰে পথৰ দুয়ো কাষৰ বহু পৰিমানৰ চৰকাৰী ভূমি যি দোকান, মিল, অট্টালিকা আদিয়ে বেদখল কৰি ৰাখিছিল, সেই ভূমি চৰকাৰে উচ্ছেদ অভিযানৰ দ্বাৰা বেদখলমুক্ত কৰিছিল।

পথৰ দুয়ো কাষ মুকলি হোৱাৰ পাচত ব্ৰহ্মপুত্ৰৰ পানী অধিৱেশন স্থলীলৈ নিয়াৰ বাবে জি এছ ৰোডৰ কাষেৰে পানীৰ পাইপ বহুৱাইছিল। তাৰ পাচত উলুবাৰী, লাচিত নগৰ চাৰিআলিকে ধৰি বহু ঠাইত ফুটপাথ নিৰ্মাণ কৰিছিল। আহল-বহল হোৱা পথটো সম্পূৰ্ণকৈ পকা কৰিছিল আৰু সম্পূৰ্ণ জি এজ ৰোডটোত ষ্ট্ৰীট লাইট লগোৱা হৈছিল। হাতীৰ শুৰৰ দৰে দীঘল ব্ৰেকেটত টিউব লাইট লগোৱা হৈছিল যাতে পথৰ মাজত পোহৰ পৰে। অতি কম সময়ৰ ভিতৰতে জি এছ ৰোডৰ পূৰ্ৱৰ কদৰ্যময় ৰূপ সলনি হৈ পথটো সুন্দৰ হৈ পৰিছিল।

সেই সময়ত অকল জি এছ ৰোডতে উচ্ছেদ হোৱা নাছিল বৰঞ্চ গুৱাহাটীৰ আন বিভিন্ন পথতো উচ্ছেদ অভিযান চলিছিল। উচ্ছেদৰ পূৰ্বে ঘৰৰ মালিক সকলক জাননী দিয়া হৈছিল। বেছিভাগ মালিকে চৰকাৰে বিচৰা ধৰণে ঘৰ ভাঙি মোকলাই দিছিল। সেইসময়ত টিনপাত কটা, পকী দেৱাল ভাঙি পুণৰ গথা মিষ্ট্ৰি বনুৱা পোৱা নগৈছিল। পালেও দুই তিনিগুণ বেছি মজুৰি দিবলগীয়া হৈছিল।

শিলপুখুৰীৰ গোপীনাথ বৰদলৈ পথৰ পৰা গান্ধীবস্তি তিনিআলিলৈ সোমাই অহা পথটোৰ মুখখন ইমানেই চেপ আছিল যে কেৱল এখন সৰু গাড়ীহে কোনোমতে পাৰ হ'ব পাৰিছিল। গান্ধীবস্তিৰ ৰাইজে ভাবিছিল জৰুৰীকালীন অৱস্থাতে এই পথটোৰ বেদখল উচ্ছেদ হৈ বহল হ'ব। কিন্তু এনে নহ'ল। পাচত জিলা উপায়ুক্ত এছ কে অগ্নিহোত্ৰীৰ কাৰ্য্যকালতহে বেদখলমুক্ত হৈ পথটো বহল হৈছিল।

খানাপাৰাৰ কংগ্ৰেছ অধিৱেশন স্থলীত কংগ্ৰেছ দলৰ নেতা কৰ্মীৰ তৎপৰতা আৰু জি এছ ৰোডত চৰকাৰৰ কামৰ তৎপৰতা দেখি গুৱাহাটীৰ সাধাৰণ ৰাইজে ভাবিছিল বিৰাট ডাঙৰ মেলা জাতীয় কিবা হ'বলৈ গৈ আছে। মানুহবোৰে অধিৱেশন স্থলীলৈ ধাপলি মেলিছিল নিৰ্মাণ কাৰ্য্য প্ৰতক্ষ কৰাৰ বাবে। খানাপাৰাৰ কইনাধৰা পাহাৰৰ অতিথিশালাটো অধিৱেশনৰ উদ্দেশ্যেই নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তীকালত এই অতিথিশালাটো 'ইন্দিৰা ভৱন' বুলি সাধাৰণ ৰাইজৰ মাজত পৰিচিত হৈ পৰিছিল কাৰণ, এই অতিথিশালাতে অধিৱেশনৰ কালছোৱাত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিল। প্ৰাক্তন মুখ্যমন্ত্ৰীৰূপে প্ৰয়াত তৰুণ গগৈ দেৱে তেওঁৰ কাৰ্য্যকালৰ ১৫ টা বছৰ এই অতিথিশালাতেই বাস কৰিছিল।

গুৱাহাটীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অধিৱেশনৰ লগতে যুৱ কংগ্ৰেছৰো অধিৱেশন অনুষ্ঠিত হৈছিল। সেয়েহে অধিৱেশন স্থলীদুখনৰ নামাকৰণ কৰা হৈছিল 'জৱাহৰ নগৰ' আৰু 'যুৱ নগৰ' ৰূপে। বৰ্তমানৰ চৰকাৰী পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰখন আৰু তাৰ আশে পাশে থকা সমগ্ৰ ঠাইত কংগ্ৰেছ অধিৱেশন আৰু প্ৰদৰ্শনী পতা হৈছিল। সেই সময়ত এই সমগ্ৰ ঠাইখিনি খেতিপথাৰ পুতি মুকলি কৰা হৈছিল। এই ঠাইখিনিৰ নাম দিয়া হৈছিল জৱাহৰ নগৰ। তাৰ পৰা বশিষ্ট চাৰিআলি দিশৰ কিছু দূৰৈত হাবি জঙ্ঘল কাটি চফা কৰি ঠাই উলিয়াই যুৱ কংগ্ৰেছৰ অধিৱেশন অনুষ্ঠিত কৰা হৈছিল আৰু এই ঠাইখিনিক নাম দিয়া হৈছিল যুৱ নগৰ বুলি। যুৱ কংগ্ৰেছৰ সদস্যবোৰক তালৈ নি কামত লগোৱা হৈছিল। সেই সময়ত যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সভাপতি আছিল অম্বিকা ছোনী ডাঙৰীয়ানী। তেওঁ মাজে সময়ে কামৰ অগ্ৰগতি চাবলৈ গুৱাহাটীলৈ আহিছিল আৰু যুৱ নগৰত টেণ্ট পাতি কাম তদাৰক কৰা যুৱ কংগ্ৰেছ কৰ্মী সকলৰ সতে সভা কৰিছিল। তেনে এখন সভাত ময়ো অংশ গ্ৰহণ কৰা মনত আছে।

কংগ্ৰেছ অধিৱেশন স্থলীত যিখন প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল সেইখন আছিল অসমৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰদৰ্শনী। দেশৰ সকলো ৰাজ্যৰ ৰাজ্যিক পেভিলিয়ন তাত নিৰ্মাণ কৰা হৈছিল। ৰাজ্য চৰকাৰসমূহে নিজ নিজ ৰাজ্যৰ পেভিলিয়ন নিৰ্মাণ কৰিছিল আৰু এই পেভিলিয়নবোৰত ৰাজ্যসমূহৰ কৃষ্টি-সংস্কৃতি, উদ্যোগিক আৰু কৃষিৰ বিকাশ, পৰ্যটন, খাদ্য-সম্ভাৰকে ধৰি ৰাজ্যখনৰ সকলো আকৰ্ষণীয় দিশক প্ৰদৰ্শন কৰিছিল। দেশৰ চৰকাৰী আৰু বেচৰকাৰী বৃহৎ উদ্যোগ আৰু সেৱা প্ৰতিস্থান সমূহে এই প্ৰদৰ্শনীত ভাগলৈ নিজ নিজ সফলতা আৰু সেৱাৰ বিষয়ে প্ৰচাৰ কৰিছিল।

প্ৰদৰ্শনী স্থলীৰ সোঁমাজত কৃষি বিভাগে ধান ৰুই কৃত্ৰিম ভাৱে এখন ঘূৰণীয়া ধাননি পথাৰ সাজিছিল। ৰেল বিভাগে সেই ধাননিৰ চাৰিও কাষে ঘূৰণীয়াকৈ সৰু ৰেল লাইন বহুৱাই প্ৰদৰ্শনীমুলক সৰু ৰেলগাড়ীও চলাইছিল। বহু ঠাই আগুৰা এই বৃহৎ প্ৰদৰ্শনীখনৰ এটা কোণত হোটেল আৰু অন্যান্য সামগ্ৰীৰ দোকান বহুৱাবলৈ দিয়া হৈছিল। তাতেই এখন ভাতৰ হোটেল দিবলৈ সেই সময়ৰ যুৱ কংগ্ৰেছৰ নেত্ৰী শ্বামা পাৰভেজ আখটাৰে মোৰ লগ লৈছিল। তাৰ বাবে তেওঁ অনুমতি বিচাৰি হেদায়েৎপুৰৰ কংগ্ৰেছ ভৱনলৈ মোক লৈ গৈছিল। পাচলৈ শ্বামা পাৰভেজ আখটাৰ অসম আন্দোলনৰ এগৰাকী নেত্ৰী হৈ উঠিছিল। এই প্ৰদৰ্শনীৰ মুখ্য দ্বায়িত্বত আছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰয়াত মানৱেন্দ্ৰ শৰ্মা দেৱ।

জৱাহৰ নগৰৰ কংগ্ৰেছ অধিৱেশনৰ প্ৰদৰ্শনীখন আজিও মোৰ ভাল দৰে মনত আছে। আমাৰ অস্থায়ী ভাতৰ হোটেলত অধিৱেশন চলা দুই-তিনিটা দিন ইমানেই ভীৰ আছিল যে ভাত খাৰলৈ মানুহে শাৰী পাতি ঠিয় হৈ ৰৈ থাকিব লগীয়া হৈছিল। সেই সময়ত প্ৰদৰ্শনীস্থলীৰ সকলো হোটেল দুপৰীয়াতে খাদ্য সামগ্ৰী শেষ হৈ বন্ধ হৈ পৰিছিল। কিন্তু আমাৰ হোটেল মাজ নিশালৈ চলিয়েই থাকিছিল। আমি ৰাতিৰ ভিতৰতে সকলো খাদ্য সামগ্ৰী আনি মজুত কৰি ৰাখিছিলোঁ। কাৰণ, দিনত ভীৰৰ মাজেৰে ঘোঁৰাগাড়ী নাইবা ঠেলাগাড়ীৰে খাদ্য সামগ্ৰী অনা অসম্ভৱ আছিল।

প্ৰদৰ্শনীস্থলীৰ সোঁমাজত ধুনীয়া পানীৰ ফোঁৱাৰা আছিল। ৰং-বিৰঙৰ লাইটৰ পোহৰত ফোঁৱাৰাটো খুবেই মনোমোহা হৈ পৰিছিল। তাৰ চাৰিওফালে আছিল ফুল আৰু ধান খেতি। ধান খেতিৰ চাৰিওফালে ঝক ঝক কৈ সৰু ৰেল এখন চলিছিল। পৰিয়াল সহ দৰ্শকে সেই ৰেলত উঠি একোপাক ঘূৰিছিল। ৰেলত উঠা সৰু লৰা-ছোৱালীৰ কিৰীলি দূৰৈৰ পৰাই শুনা গৈছিল।

কাশ্মীৰৰ পৰা কেৰেলাকে ধৰি ভাৰতৰ সকলো প্ৰদেশৰ হস্তশিল্প আৰু তাঁতৰ বস্ত্ৰৰ বিপনী এই প্ৰদৰ্শনীত আছিল। বেনাৰছ'ৰ পানৰ পৰা সকলো ৰাজ্যৰ পৰম্পৰাগত খাদ্য আৰু বস্ত্ৰও তাত দেখা পোৱা গৈছিল। গুৱাহাটীবাসীয়ে এইবোৰ সামগ্ৰী বোধহয় এনেদৰে মেলা ৰূপত প্ৰথমবাৰ দেখিবলৈ পাইছিল। তেতিয়া গুৱাহাটীখন আজিৰ দৰে বিশাল নাছিল আৰু এনেবোৰ বস্তুৰ দোকানো নাছিলেই।

ধুনীয়া ধুনীয়া ৰাজ্যিক পেভিলিয়নবোৰত ৰাজ্যখনৰ কৃষ্টি-সংস্কৃতি সুন্দৰকৈ প্ৰদৰ্শন কৰা দেখিবলৈ পাই বহু কথা জানিছিলোঁ। ONGC'ৰ ড্ৰিলিঙকে ধৰি বিভিন্ন উদ্যোগৰ বিভিন্ন সামগ্ৰীৰ উৎপাদনৰ কাৰিকৰী দিশবোৰ তাত সুন্দৰকৈ দেখুওৱাত বহু কথা জানিব পাৰিছিলোঁ। প্ৰদৰ্শনীস্থলীৰ সোঁমাজত গুৱাহাটীৰ ৱালফৰ্ডৰ সন্মুখত থকা বিল্ড ৱৰ্থে এটা ওখ ভিউ টাৱাৰ সাজিছিল। তাতে উঠি বিশাল প্ৰদৰ্শনীখন সুন্দৰ ভাবে দেখা গৈছিল। প্ৰদৰ্শনী চোৱাৰ বাবে চৰকাৰে পল্টন বজাৰৰ পৰা পৰিৱহন নিগমৰ চিটি বাছৰ সুব্যৱস্থা কৰাত দৰ্শকে জৱাহৰ নগৰলৈ যাবলৈ কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিল।

সেই সময়ত ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়া ভাৰতৰ ৰাষ্ট্ৰপতি আছিল আৰু দেৱকান্ত বৰুৱাদেৱ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি হৈ আছিল। সেয়েহে এই অধিৱেশনে দেশত এক বিশেষ গুৰুত্ব লভিছিল। নেতা, প্ৰতিনিধি আৰু ৰাইজৰ সমাগমে কংগ্ৰেছ অধিৱেশনৰ পূৰ্বৰ সকলো ৰেকৰ্ড প্ৰায় ভঙ্গ কৰিছিল। অধিৱেশন অনুষ্ঠিত হৈছিল নবেম্বৰ মাহৰ ২১ আৰু ২২ তাৰিখে। তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী অৰুণাচলৰ টিৰাপ জিলাৰ খুনচালৈ আহি তাৰে জনজাতীয় লোকৰ স'তে জন্মদিন পালন কৰিছিল। আমি ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ নেতাবোৰক কাষৰ পৰা দেখিবলৈ পোৱাটো আমাৰ সৌভাগ্য বুলি ভাবিছিলোঁ। এই অধিৱেশনলৈ অহা বিশিষ্ট লোকসকলৰ ভিতৰত ইন্দিৰা গান্ধীৰ পাচতেই গুৱাহাটীবাসীৰ বাবে জনপ্ৰিয় আছিল উৰিষ্যাৰ মুখ্যমন্ত্ৰী নন্দিনী চটপাঠি। বোধহয় তেওঁ সেই সময়ত দেশৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিল। ইন্দিৰা গান্ধীৰ সৰু পুত্ৰ সঞ্জয় গান্ধীও যুৱ নেতা ৰূপে পৰিচিত হোৱাৰ লগতে সেই সময়ত ইন্দিৰা গান্ধীৰ পাচতেই দেশৰ শক্তিশালী ব্যক্তি আছিল। অধিৱেশনত এই সঞ্জয় গান্ধীও গুৱাহাটীবাসীৰ মূল আকৰ্ষণ আছিল।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.

56 views0 comments