Search

খেলপথাৰত মোৰ অভ্যুত্থান

জিতেন শৰ্মা



ফুটবলৰ ক্ষেত্ৰখনত মোৰ পদাৰ্পনৰ কাহিনী দৰাচলতে এক অভ্যুত্থানেই। 'অভ্যুত্থান' নহয়নো কি? মই যি সময়ৰ কাহিনী কৈছোঁ সেয়া আজিৰ পৰা প্ৰায় ৫০ বছৰ আগৰ কাহিনী। সেই সময়ত আমাৰ দৰে সৰু সৰু চহৰ নাইবা গ্ৰাম্যাঞ্চল বোৰত ফুটবল মানে আছিল শাৰীৰিক শক্তিৰ খেল। হৃষ্ট-পুষ্ট, বলিষ্ঠ চেহেৰা এটা নাথাকিলে ফুটবলৰ পথাৰত প্ৰৱেশ নিষেধ। সেইবিলাক ঠাইত সেই সময়ত 'স্কিল'ৰ প্ৰদৰ্শন আছিল দুৰ্লভ, গা'ৰ জোৰেৰে প্ৰতিপক্ষক ধৰাশায়ী কৰাটোহে আছিল 'ভাল প্লেয়াৰ'ৰ অভিধা। গতিকে তেনে সময়ত আমাৰ দৰে এক অদ্ভুত জীৰ্ণ শীৰ্ণ অবয়বৰ ল'ৰা এজন ফুটবলৰ পথাৰত প্ৰৱেশৰ ঘটনা এক অদ্ভুত ঘটনাই। হৰিনাথ ভট্ট ছাৰেনো আমাৰ মাজত এনে কি সম্ভাৱনা দেখা পাই ফিল্ডৰ ভিতৰলৈ ঠেলি হেঁচি সুমুৱাই দিছিল সেয়া একমাত্ৰ তেখেতেহে জানিব।

যি কি নহওঁক, আন্তঃশ্ৰেণী ফুটবল প্ৰতিযোগিতাত সেই যে মোৰ প্ৰৱেশ ঘটিল তাৰ পিছত আৰু পিছলৈ ঘুৰি চাবলগীয়া নহ'ল। সেই যে দলৰ নিয়মীয়া গ'লৰক্ষক পৰমা'ক হাটাও কৰি অমুকা গ'লকীপাৰ হ'লো, হ'লোৱেই। তাৰ পৰৱৰ্তী তিনিওখন খেলতে ছাৰে মোকেই উক্ত গুৰুভাৰ অৰ্পন কৰিলে। আৰু বিধিৰ কি বিধান উক্ত তিনিওখন খেলতে আনকি ফাইনেল খেলখনতো মই কিবা অদৃশ্য শক্তিৰ বলতে নেকি, দলৰ গ'লপোষ্ট সুকলমে ৰক্ষা কৰিবলৈ সক্ষম হ'লো আৰু তাতোকৈও সপ্তম আশ্বৰ্য্যৰ কথা ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিছাবে আগবঢ়োৱা চাৰি ইঞ্চিৰ কাপটোও হস্তগত কৰিলো এই অমুকায়ে।

সেয়া আৰম্ভণি। তাৰ পিছত এসপ্তাহমান স্কুলত মোৰ 'যাদুকৰী গ'লৰক্ষন'ৰ সৰৱ আলোচনা চলিল আৰু তাৰ পিছতে বন্ধ হৈ গ'ল। ময়ো ভাবিলো বোধহয় পিছৰ বছৰলৈ মোৰো ফুটবল পৰ্ব সমাপ্ত হ'ল। কিন্তু দেখোন কথা বিপৰীত। দুমাহমান পিছত গম পালো আমাৰ স্কুল আৰু গৰ্ডন স্কুলৰ মাজত এখন প্ৰীতি ফুটবল মেচ অনুষ্ঠিত হ'ব আৰু তাৰ পিছতে আমাৰ স্কুলে বাছ লৈ ৰঙিয়া হাইস্কুলৰ সৈতে ৰঙিয়ালৈ যাব আন এখন মেচ খেলাৰ বাবে। সেই সময়ত গৰ্ডন-দেবীৰাম হাইস্কুলৰ খেলা মানে ব্ৰাজিল-আৰ্জেন্টিনাৰ মাজৰ খেলা। সমগ্ৰ নলবাৰী বাসী ফুটবল প্ৰেমীৰ আকৰ্ষণ খেলুৱৈ আৰু দুয়োখন স্কুলৰ স্নায়ুযুদ্ধ। গৰ্ডনৰ বিৰুদ্ধে হ'বলগীয়া খেলাখনৰ বাবে আমাৰ দলৰ প্ৰেকটিচ আৰম্ভ হ'ল আৰু সকলোকে পুণৰবাৰ হতচকিত কৰি আমাৰ স্কুল দলৰ এক নম্বৰ গ'লৰক্ষকৰ দ্বায়িত্বত নিৰ্বাচিত কৰা হ'ল অমুকাক। সেই সময়ত গৰ্ডন স্কুল টিম দুৰ্দ্ধৰ্ষ, স্কুল টুৰ্ণামেন্টৰ চেম্পিয়ন, নলবাৰীৰ আটাইখিনি বছা বছা খেলুৱৈৰে সমৃদ্ধ। সেই দলৰ সেই সকল 'ভয়াবহ' খেলুৱৈৰ আক্ৰমনৰ বিৰুদ্ধে আমাৰ দলৰ শেষৰক্ষাৰ ভাৰ পৰিলহি আমাৰ দৰে এক তেনেই নতুন আৰু অনভিজ্ঞ গ'লৰক্ষকৰ ওপৰত। মোতকৈও বেছি চিন্তা মা'ৰ। ভৰি, হাত, বুকু, মুৰ গুড়ি হৈ নাহিলেহে ৰক্ষা। অৱশেষত মেচৰ দিনটো পালেহি। আগদিনা ৰাতি মুঠেও টোপনি নাহিল, মিছা কথা নকও উত্তেজনাত নহয় ভয়ত। গুলীৰ দৰে অহা প্ৰতিটো শ্বট ৰখাবলৈ যাওতে যদি বুকু ফাটি যায়, বলৰ লগত যদি উৰি যাওঁ!... 'যি হয় হ'ব' বুলি তেত্ৰিশ কোটি দেৱতাক স্মৰণ কৰি খেলপথাৰত প্ৰৱেশ কৰিলোঁ। আমাৰ স্কুলৰ হেডমাষ্টৰ ছাৰৰ কোঠাত মৌ পৰাৰ বাবে এজোৰ উলৰ হাতমোজা আছিল। স্কুলৰ চকিদাৰ কেশৱ কলিতা দাদাই সেই হাতমোজাজোৰ মোৰ দুয়োহাতত পিন্ধাই দি ক'লে 'চিন্তা নকৰিবা বল আঠা লগাৰ দৰে ৰৈ যাব'। হয় কি নহয়। ওপৰৰ বল ধৰাত, মানে শূণ্যতে বল 'গ্ৰীপ কৰা'ত সেইদিনা খেলাত যি অদ্ভুত প্ৰদৰ্শন দেখুৱালো মই নিজেতো বাদেই খেলপথাৰত উপস্থিত দুই তিনি হাজাৰ দৰ্শকো আচৰিত। খেলাখনত অভাৱনীয় ভাবে আমি ১-০ গ'লত জিকিলো, আৰু খেলৰ শেষত বিপক্ষৰ খেলুৱৈ সকলেও আহি মোক কৰমৰ্দন কৰি অভিনন্দন জনাবলগীয়া হ'লহি। মই নিজেই গম নাপালো কিহৰ পৰা কি হ'লহি। সেই খেলখনৰ পিছৰ পৰাই স্কুল টিমত স্থায়ীভাৱে অমুকাৰ নাম সংৰক্ষিত হৈ গ'ল, নলবাৰী চহৰতো এটা নতুন পৰিচয়'ৰ সৃষ্টি হ'ল 'জিতেন গ'লকিপাৰ'।

আমাৰ দেবীৰাম পাঠশালা হাইস্কুলৰ গাতে লাগি থকা গাওঁখন হ'ল ঐতিহ্যমণ্ডিত মালিকুছি গাওঁ। সেই বৃহৎ গাওঁখনৰ ভিতৰৰে মুছলমান চুবুৰিটো আমাৰ স্কুলৰ গাতে লাগি আছে। সেই চুবুৰিটোতে নলবাৰীৰ সেই সময়ৰ বিখ্যাত ফুটবল খেলুৱৈ ৰহমান, ইব্ৰাহিম, মাকিজ আলী আদিৰ লগতে নতুনকৈ উঠি অহা মতিৰ, তাজেৰ আদিৰ ঘৰ। আমি সেইবাৰ মেট্ৰিক পৰীক্ষা দি আজৰি হৈছো। মতিৰ, তাজেৰ, ইব্ৰাহিম আদিয়ে আহি খবৰ দিলে 'মালিকুছিৰ মুছলমান চুপাৰ পৰা এটা নতুন ফুটবল ক্লাব গঠন হ'ব আৰু তাতে নলবাৰীৰ বছা বছা নতুন খেলুৱৈসকলক অন্তৰ্ভুক্ত কৰা হ'ব'। গ'ল কথা গুছিল। ফুটবল ক্লাবৰ লগত আমাৰনো কি সম্পৰ্ক! স্কুলত ছাৰসকলৰ উৎসাহত যি কৰিলো কৰিলো, পেছাদাৰী ফুটবলত আমাৰ কি কাম! কিন্তু কথাবিলাক আছিল আমি ভবাৰ সম্পূৰ্ণ বিপৰীত। 'ৰানাৰ্ছ ক্লাব'ৰ জন্ম হ'ল আৰু দলৰ মুখ্য গ'লৰক্ষক হিছাবে উদ্যোক্তা সকলে নিৰ্বাচিত কৰিলে আমাক। ভাবিছিলো শাসনত যঠেষ্ট কাঢ়া 'পিতা'ৰ ফালৰ পৰা আপত্তি আহিব। কিন্তু উদ্যোক্তা সকলে কেনেদৰে তেওঁৰ পৰা সন্মতি আদায় কৰিলে নাজানো - মই নলবাৰী প্ৰথম ডিভিজন লীগৰ নিয়মীয়া তথা পঞ্জীয়নভুক্ত ফুটবল খেলুৱৈৰ তালিকাভুক্ত হৈ পৰিলো। আৰম্ভণিৰ বছৰতে ৰানাৰ্ছ ক্লাবে চমক দেখুৱাই দিলে।

মফিজ, ৰাধা বড়ো, দিলীপ শৰ্মা, মতিৰ, বীৰেণ দাস, তাজেৰ আৰু আন বহু কেইজন উদীয়মান খেলুৱৈৰে সমৃদ্ধ দলটোৱে এখনো খেলত পৰাজিত নোহোৱাকৈয়ে লীগ চেম্পিয়ন হ'ল। আমাৰ দলৰ এঘাৰজনৰ ভিতৰত ন জনেই নলবাৰী জিলা জুনিয়ৰ ফুটবল দলৰ বাবে নিৰ্বাচিত হ'ল য'ত তালিকাভুক্ত হ'লো এই নিঃকিনো। তেতিয়ালৈ ক্লাবে দিয়া জাৰ্চি, বুটজোতা, হেণ্ড গ্লোভছ লৈ অমুকা ফিটফাট। নলবাৰী চহৰৰ কথাই নাই - ওচৰ পাজৰৰ গাওঁ ভুইৰ দৰ্শকৰ মাজতো 'জিতেন গ'লকীপাৰ' তেতিয়া এটা পৰিচিত নাম।

জুনিয়ৰ জিলা দলৰ নিয়মীয়া গ'লৰক্ষকৰ দ্বায়িত্ব পালন কৰাৰ সময়তে ছিনিয়ৰ জিলা দলটো স্থান পালো। সেই সময়ত ছিনিয়ৰ দলৰ কেপ্তেইন আছিল গুৱাহাটী ৰাজবাৰী দলৰ খেলুৱৈ - নলবাৰীৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবল খেলুৱৈ আমাৰ ঘৰৰ ওচৰৰে (বৰ্তমান প্ৰয়াত) পবিত্ৰ দত্ত। তেখেতৰ সুদক্ষ প্ৰশিক্ষণতে বহুখিনি শিকিলো যাৰ পৰিণতিতে ছিনিয়ৰৰ খেলা চায়েই 'অসম ৰাজ্যিক জুনিয়ৰ ফুটবল দল'ৰ বাবে আমন্ত্ৰণ পালো, পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয় ফুটবল দলত স্থান পালো। গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতে গুৱাহাটীৰ সেই সময়ৰ প্ৰথম শাৰীৰ ফুটবল দল নৱজ্যোতি ক্লাবৰ হৈ খেলাৰ সুযোগ পোৱাই নহয়, স্পোৰ্টছ কোটাত আয়কৰ বিভাগৰ শ্বিলঙ কাৰ্য্যলয়ত যোগদান কৰিলো। অসমৰ আটাইকেইখন মেজৰ ফুটবল টুৰ্ণামেন্টৰ উপৰিও অসমৰ বাহিৰতো ফুটবল খেলিলো অনেক। ফুটবলৰ উদ্যমতে নেকি পিছলৈ ক্ৰিকেট, ভলীবল আদিতো জিলা দলৰ সদস্য হিচাবে নিৰ্বাচিত হোৱাৰ সৌভাগ্য হ'ল।

অভাৱনীয় ভাৱে এদিন ভট্ট ছাৰৰ দয়াত ফুটবলৰ পথাৰত প্ৰৱেশ কৰিছিলো, ফুটবলে জীৱনত অলপ হ'লেও অতিৰিক্ত পৰিচিতি দিছিল তাৰ বাবে ছাৰ, ৰানাৰ্ছ ক্লাবৰ উদ্যোক্তা সকল...কাক এৰিম, কাক ধৰিম? সকলোলৈকে এই চেগতে কৃতজ্ঞতা যাচিলোঁ।


::x::x::x::


 

প্ৰায় ডেৰশ খনৰো অধিক নাটক ৰচনাৰে অসমৰ নাট্য সাহিত্যৰ জগতত এখন নিগাজী আসন লাভ কৰিবলৈ সক্ষম হোৱা জিতেন শৰ্মা একেধাৰে ছুটি গল্প আৰু উপন্যাস ৰচয়িতা হোৱাৰ উপৰিও অসমৰ সংবাদ জগতৰো এক পৰিচিত নাম। ২০১৮ চনত অসম চৰকাৰৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বটাৰে বিভূষিত জিতেন শৰ্মা প্ৰসাৰ ভাৰতী দূৰদৰ্শনৰ অন্তৰ্গত বাচনি কমিটি তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বাছনি কমিটিৰো এগৰাকী সন্মানীয় সদস্য। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক শৰ্মাৰ নাটক ইতিমধ্যেই কেইবাটাও ভাৰতীয় ভাষালৈ অনুদিত হৈছে। ৰিজাৰ্ভ বেঙ্কৰ চাকৰিৰ পৰা অৱসৰপ্ৰাপ্ত শৰ্মা গুৱাহাটীৰ নিগাজী বাসিন্দা।


Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.

19 views

Recent Posts

See All