top of page
Search

চেংহেহিচনৰ কোলাহল

By Dr. Abhijit Rabha, IFS



ডিফুৰ পৰা মাঞ্জা, কিবাকৈ পালোঁহি ,

বাটৰ দাঁতিৰ কেম্প্ৰাইদা’ৰ চাহৰ দোকানত বহি,

উতলাই শেষ নোহোৱা চালু চাহত সোহা মাৰি

তৃঞ্চাতুৰ দৃষ্টিৰে উত্তৰৰ দিগন্ত চলাথ কৰিছোঁ!

ক’ত সেয়া চেংহেহিচনৰ উত্তুঙ্গ চুড়া?

পিপাসাৰ্ত চকুৰ দৃষ্টিৰে আজুৰি আনিম যেন তাক,

বিশাল বুকুত পিষ্ট কৰি সুধিম;

কেলেই তই ভেলেঙা লাগ’ চাই চাই?

ডিংক্সেৰ কোমল সেউজ পিন্ধা শ্বিলং পাহাৰলৈ?

কেলেই বাৰু মেঘৰ শুকুলা ডিঙৰাই

ভয়তে আধাডুখৰি হয়?

তোমাৰ চূড়াই বলীয়া আচোঁৰ লগাই বুলি?

সুঠাম, সৰল, ৰেংমা ককাইটি, যাঠী জোকাৰি,

বগাইছিল তোমাৰ পিঠি।

আহ! কি চেঁচা কোবাল বতাহ বলে, 

সি কৈছিল 'চেংহেহিচন’

'চেংহেহিচন'

তই কি চায়েই থাকিবি?

অঁকাই পকাই বৈ যোৱা, সময় নৈখনৰ অগণত চাকনৈয়াৰ

পকনীয়া খেলবোৰ?

কেলেই বাৰু তই স্তব্ধ, মোৰ কাগজৰ মানচিত্ৰত?

কেলেই বাৰু তই স্তব্ধ, মোৰ চকুৰ দিগন্তত?

হ’লাহেতেন যদি তুমি কোনো অন্ধকাৰ যুগৰ আদিম সভ্যতাৰ সেউজ ড্ৰেগন!

তোমৰ পিঠিত জিলিকিলেহেতেন, সিৰলুৰ দৰে

কাংবুৰু, ভ’ৰেচমুচেক,বাচাটিপ্লু্ং, খনবামন

সেই ৰহস্যময় পাহাৰমালাৰ শিখৰ অগণন৷

তোৰ টোপনি হঠাৎ হৰে,

নেদেখা কেংলেংপ’ৰ নিশাৰ চিঞঁৰে

কোৰ্হাল চৌদিশে, জুয়ে চেলেকা ৰাতিৰ গাওঁবোৰ মাজতে!!

চেংহেহিচন?

তই কি চায়েই থাকিবি?

সময় নৈৰে আৰু দুটিমান চাকনৈয়া?


::x::x::x::





Dr. Abhijit Rabha, IFS

is the Special PCCF, Diphu

Govt. of Assam

47 views

Recent Posts

See All
bottom of page