Search

'ডাঙৰ' মানুহ নালাগে

তপন দত্ত



একেদিনাই এখন ঘৰত দুটাকৈ মৃত্যু৷

বৰ মধুৰ অথচ ব্যতিক্ৰমী সংসাৰ আছিল তপন আৰু প্ৰীতিৰ৷

সাতটা বছৰ পাৰ হোৱাৰ পিছতো প্ৰীতিৰ কোলা শুৱনি হোৱা নাছিল৷ চিকিৎসা কৰি আছিল৷ ডাক্তৰৰ মতে প্ৰীতিৰ সন্তান নহবলগীয়া বিশেষ দোষ নাই, কিন্তু কেতিয়াবা ডাক্তৰতকৈয়ো ভগৱানৰ সহায়ৰহে প্ৰয়োজন বেছি৷

অষ্টম বছৰত সিহঁতে এটি ল’ৰা সন্তান তুলি ল’লে। দূৰৰ হস্পিতালৰ লগত যোগাযোগ কৰি তপনৰ মোমায়েকৰ ল’ৰা এজনে এই কামটো কৰি দিলে৷

নাভাবো বুলি ভাবিলেও তপনৰ মনত কিছুমান প্ৰশ্নই আমনি কৰিবলৈ ধৰিলে৷ এইটো হিন্দুৰ সন্তান হয়নে নহয় বা? দৌৰাদৌৰিতে এই বিষয়ে ভবাই নহ’ল নহয়! ইয়াৰ বংশত ডাঙৰ মানুহ কোনোবা আছিল নে? ই পঢ়ি শুনি ডাঙৰ মানুহ হ’ব পাৰিবনে?

তপনৰ ঘৰৰ কাষতে বৰুৱাৰ ঘৰ৷ বৰ ডেমাগী মানুহজনৰ৷ তেওঁৰ ল’ৰাজন বিদেশত থাকে৷ সেয়াই অহঙ্কাৰ৷ মাজে মাজে পুতেকে মোবাইলত পঠোৱা কিছুমান ফটো তপনক দেখুৱায়৷ চুইমিং চুট পিন্ধি ল’ৰা ছোৱালীয়ে ওচৰা ওচৰিকৈ সাঁতোৰা, বাৰ্থ ডে পাৰ্টিত সাৱতা সাৱতিকৈ নচা আৰু চুম্বন কৰা - এনেবোৰ ফটো দেখুৱাই যিটো গৰ্বৰ হাঁহি মাৰে, তপনৰ বুকুত বাৰুকৈয়ে সাঁচ বহুৱাই৷ সিয়ো তাৰ ল’ৰাক 'ডাঙৰ' মানুহ কৰাৰ আশা এটা পুহি ৰাখে৷

তপনে ল’ৰাটোৰ নাম ৰাখিছিল কৃষ্ণ৷ মানসিক দুৰ্বলতাৰ বাবেই হয়তো তপনে কৃষ্ণৰ মাজত কিছু ব্যতিক্ৰম দেখা পাইছিল৷ কৃষ্ণই কেতিয়াবা উবুৰি হৈ হাতদুখন বিশেষ ভঙ্গীত ৰাখিছিল৷ তপনে প্ৰীতিক কৈছিল, "ই নামাজ কৰি আছে নে কি হে?" আকৌ কৃষ্ণৰ মাত ওলোৱাৰ সময়ত কৃষ্ণই যেতিয়া আ..আল..আ বুলি কল কলাই আছিল তপনে আল্লা বুলি কোৱা যেনহে পাইছিল৷ এইবোৰ টেনচন লৈয়ে সি নিজৰ কিছুমান বেমাৰ চপাই লৈছিল। পিছে ডাক্তৰে কোৱাটোৱেই ফলিয়ালে৷ সকলো ভগৱানৰে লীলা৷ কৃষ্ণৰ দুবছৰ হোৱাৰ সময়তে প্ৰীতিয়ে এটি পুত্ৰ সন্তান জন্ম দিলে৷ তাৰ নাম ৰাখিলে পল৷ আঠবছৰমান পিছত কৃষ্ণ আৰু পল ওখ পাখইদি প্ৰায় সমানেই হ’ল যদিয়ো চাৰিত্ৰিক বৈশিষ্ট্য বহু পৃথক হ’ল৷ পলে অনবৰতে পঢ়াক লৈয়ে ব্যস্ত থাকে৷ আনহাতে কৃষ্ণই মাকৰ কামত সহায় কৰা, সৰু সৰু কাপোৰ ধোৱা, দেউতাকৰ জোতা পৰিস্কাৰ কৰা, গছৰ মধুৰিআম পাৰি পলক খাবলৈ দিয়া ইত্যাদি কামতহে ব্যস্ত থাকে৷ এবাৰ দেউতাকে গ্ৰন্থ মেলাৰ পৰা দহখনমান শিশুৰ উপযোগী কিতাপ আনি দিছিল৷ কৃষ্ণই হজৰত মহম্মদ, হাচান হোচেনৰ কাহিনী, মনিষীৰ জীৱন কাহিনী এনেধৰণৰ কিতাপ কিছুমান বাচি ল’লে৷ পলৰ ভাগত পৰিল ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা কিছুমান কিতাপ৷ পলে ভালেই পাইছিল৷

হয়তো অজানিতে তপনৰ মৰম আৰু দায়িত্বৰ তুলাচনীখন পলৰ ফালে বেছিকৈ ঢাল খাইছিল৷ সেয়েহে হয়তো হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃষ্ণই দ্বিতীয় বিভাগত আৰু দুবছৰ পিছত পলে চতুৰ্থ স্থান লাভ কৰি ষ্টেণ্ড কৰিছিল।

'ডাঙৰ' মানুহ হবলৈ পলে এদিন বিদেশ পালেগৈ৷ বিদেশতে বহুজাতিক কোম্পানীৰ চাকৰিত যোগদান কৰিলে৷ তাৰ জুনিয়ৰ এজনী পাকিস্তানী ধুনীয়া ছোৱালী তাতেই বিয়াও কৰালে৷ বিয়াৰ আগতে এবাৰ মাত্ৰ ঘৰলৈ আহিছিল৷ পিছলৈ প্ৰমোচন হোৱাত আৰু 'ডাঙৰ' মানুহ হ’ল৷ দেশ বিদেশ ঘুৰি ফুৰিব লগা হ’ল৷ ইয়াৰ মাজতে দুবাৰকৈ ডিভোৰ্চো হ’ল৷ 

কৃষ্ণই কোনোমতে স্নাতক ডিগ্ৰীটো লৈ প্ৰাক প্ৰাথমিক বিদ্যালয় এখনত শিক্ষকৰ চাকৰিত সোমাই থাকিল৷ সি সদায় এটা এক্সট্ৰা ক্লাচ কৰে৷ সেই ক্লাচটোত সি চৰিত্ৰ পাঠ আৰু সৎ জীৱন যাপনৰ ওপৰত হিন্দু আৰু ইছলাম ধৰ্মৰ দৰ্শনৰ বহু কথা সাধুৰ আকাৰে কয়৷ তাৰ কথা শুনিবলৈ আন শিক্ষকেয়ো কোঠা দখল কৰে৷ মালতীয়ো তেনে এজনী শ্ৰোতা শিক্ষয়িত্ৰী৷ তাই এজনী হৰিজন কুলৰ শিক্ষিতা জীয়ৰী৷ এটা চকুও নাই৷

তপনৰ অৱস্থা বেয়লৈ ঢাল খালে৷ বিচনাতে শৌচ প্ৰস্ৰাৱ কৰা হ’ল৷ কাপোৰ কানি কৃষ্ণই ধুই পৰিস্কাৰ কৰি থয়৷ কাৰণ মাকো শয্যাগতা৷ ককালৰ বিষত উঠিব নোৱাৰে৷ দিনত তিনি চাৰিবাৰ মালিচ কৰি দিয়ে কৃষ্ণই৷ অলপ সময় ভাল পায়৷ কিন্তু ৰন্ধা বঢ়া, কাপোৰ ধোৱা, ঘৰ সৰা আদি একো কাম কৰিব নোৱাৰে৷ তাৰোপৰি আছে শ্বাস কফ্ জাতীয় সমস্যা৷ কৃষ্ণই মাক দেউতাকে কষ্ট নোপোৱাৰ বাবে যি কৰিব লাগে সকলোখিনি হাঁহি মুখে কৰি যায়৷ মাজে মাজে মালতীয়েও আহি তাক সহায়ৰ হাত বঢ়াই।

এদিন উচিত সময় বুলি ভাবি মাকে কৃষ্ণৰ জন্ম বৃত্তান্তৰ কথাটো তাক কৈ দিলে৷ মাত্ৰ দুটামান ঘণ্টাৰ বাবে কৃষ্ণ নীৰৱ হৈ পৰিছিল৷ তাৰপাছত পৃথিৱীৰ সকলোটি নাৰীয়েই একোগৰাকী মাতৃ বুলি নিজকে পতিয়ন নিয়াইছিল৷

এদিন হঠাতে কাঁহি কাঁহি প্ৰীতিয়ে উশাহ ঘুৰাই পোৱা নাছিল৷ হাস্পতাললৈ নিয়া হ’ল যদিও ইতিমধ্যে প্ৰীতিয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল৷ কথাটো লগে লগে তপনক জনোৱা হোৱা নাছিল৷ দুঘণ্টামান পিছত দেউতাকক খবৰ দিবলৈ কৃষ্ণ কোঠাটোত সোমাইছিলহে মাত্ৰ, বিকট এটা গেঙনি মাৰি তপনেও প্ৰীতিৰ বাটেৰেই বাট ল'লে।

দুখন  সাঙ্গী৷ এখন ঘৰতেই৷ শ্মশান বহু নিলগত৷ সলনা সলনি কৰি নিবলৈ প্ৰায় ষোল্লজন মানুহ লাগে৷ গাওঁখনৰ ডেকা ল’ৰাবোৰ নোহোৱাই হ’ল৷ বেছিভাগেই বাঙ্গালোৰ, চেন্নাই, কলকাতা আদিৰ কোম্পানীত কৰ্মৰত৷ যি দুই চাৰিজন আছে, শ্মশানলৈ যাবলৈ টান পায়৷

উপায়ন্তৰ কৃষ্ণই খবৰ দিয়াত আতৰৰ পৰা ইছলাম ধৰ্মীয় কেইজনমান ডেকা আহি  সাঙ্গী কান্ধত ল’লে৷ কৃষ্ণই সলনা- সলনিকৈ দুয়োখন  সাঙ্গী কান্ধ পাতি লৈছিল৷

'ডাঙৰ' মানুহ পল'ক খবৰ দিয়া হৈছিল৷ কিন্তু কমেও পাঁচ গণ্ডা অসুবিধাৰ বাবে আহিব নোৱাৰিলে৷ 

এদিন কৃষ্ণৰ বিয়া হ’ল এটা চকু নথকা হৰিজনৰ ছোৱালী মালতীৰ সৈতে৷ ফুলশয্যাৰ নিশা কৃষ্ণই মালতীক সুধিছিল, "আমাৰ সন্তানক কিমান 'ডাঙৰ' মানুহ কৰিবা?"

"একো ডাঙৰ মানুহ নকৰোঁ৷ তোমাৰ দৰে মানুহ কৰিম", মালতীয়ে কৈছিল।

"যদি টুইন বেবি হয়?" কৃষ্ণই ধেমালি কৰি কৈছিল৷ "ধ্যেৎ!" এইবুলি মালতীয়ে কৃষ্ণৰ নাকত লাহেকৈ কামুৰি দিছিল৷ কিছুমান কামোৰ ইমান মিঠা! যেন শেৱালি ফুলৰ তিতা৷ কোনে বাৰু কৈছিল?

::x::x::x::

Tapan Dutta

lives in Makhibaha,

Tihu, Assam

[Disclaimer: The opinions expressed in our Blog are those of the author(s) and do not reflect the opinions of the Publisher.]

26 views