top of page
Search

দুপৰীয়া এটাৰ কথা

জুলী কোচ



কাঠৰোকাটোৰ মাতে গোটেই দুপৰীয়াটো

নিজৰ কৰি লয়

বাৰীৰ ঢাপৰ শিমলুজোপাত

ভোকৰ পোক বিচাৰি

টোকৰ মাৰোতেই নিজম দুপৰীয়াটো

খৰমৰাই উঠে শুকান সৰাপাতত

শিপিনী বলীয়া মন

লৱৰি বহেগৈ তাঁতৰ পাতত

গৰকাৰ তালে তালে মাকোটি নাচে

দোৰ্পটিৰ কোবত ঘৰচিৰিকা উৰে

জেতুকাপতীয়া জীৱন

বুটা চানেকীয়া সপোন ৰচে

ভঁৰালৰ মুধত এহালি পাৰৰ চেনেহা চেনেহী

চকুৰ আগত ভাঁহে ছকামকাকৈ এখন ছবি

গৰকি অহা কোনোবাটো দিনৰ

আনমনা মন মাকো সৰি সৰি পৰে

শালিকীজুটিয়া ভাঙোতেই বেলি লহিয়ায়

সময়বোৰ গুচি যায় সৰাপাতৰ বাটেৰে

কুঁহিপাতৰ আশাৰে

কাঠৰোকাটোৰ মাতে চ'তৰ দুপৰীয়াটো জয়াল কৰি তোলে।


::x::x::x::


 

Poet Julee Koch

lives in Nazira, Sivasagar, Assam


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

58 views

Recent Posts

See All
bottom of page