Search

প্ৰেমৰ আদিপাঠ

জুলী কোচ



( ১ )


বুকুৰ পৰাই আৰম্ভ হোৱা কাহিনীটো

ওঁঠে ওঁঠে বগাই ফুৰা গুণগুণনিৰপৰা

ক্ৰমে দীঘল হৈ গৈ থাকিল

বতাহত বিয়পিল সপোনৰ আগলি বতৰা

দুখন আকুল হিয়াত জাহ গ'ল আকাশৰ সকলো তৰা।


( ২ )


নিজান ৰাতিবোৰত তুমি তুমি গোন্ধোৱা অনুভব এটাই ছানি ধৰেহি মোক তুমি যেন এজাক ভালপোৱাৰ বৰষুণ আৰু মই তুমি কোৱাৰ দৰে টোপটোপকৈ সৰো তোমাৰ চুলিৰ আগেৰে তোমাৰ বুকুয়েদি উজাই উজাই গৈ পাওগৈ মোৰ ধুনীয়া ঘৰখন য'ত ওমলে এজাক জোনাকীয়ে কথা পাতে তপত উশাহবোৰে বুকুৱে বুকুৱে শিপাই ভালপোৱাৰ সুৰ লাজত লুকাই আকাশৰ জোন।


( ৩ )


তোমাৰ দুচকুত মোৰ হেপাঁহৰ সেন্দুৰীয়া ওঁঠৰ সুনিপুণ শিল্পৰ সম্ভাৱনা কিনো পালা মোৰ অবাঞ্চিত কোঠাত য'ত তুমি উছৰ্গা কৰিলা তোমাৰ অজন্তা ইলোৰা।


::x::x::x::


Poet Julee Koch

lives in Nazira, Sivasagar, Assam


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

34 views0 comments

Recent Posts

See All