Search

ফুটবল ফিল্ডত প্ৰথম পদাৰ্পন

জিতেন শৰ্মা



সৰুতে টেঙাৰ বলেৰে ক্ৰিড়া জীৱন আৰম্ভ নকৰা লোক সেই সময়ত বিৰল। তেতিয়া নগৰৰ সংখ্যা আঙুলিৰ মুৰত লেখিব পৰা। নতুন নতুন নগৰৰ আৰম্ভণি পৰ্ব চকুত পৰা হৈছে যদিও সেই সমূহ নগৰৰ অধিবাসী সকলৰ শতকৰা ৯৯ ভাগেই গাৱঁৰ পৰা উঠি অহা। অধিক কি গুৱাহাটী মহানগৰ খনৰ অধিকাংশ অধিবাসীৰে তেতিয়া ঘৰৰ পিছফালে একোখন বাৰী য'ত ৰবাব টেঙা, তামোল পান, নাৰিকল, জলফাই, বগৰী আনকি আম জামুৰ গছো সূলভ। গতিকে ৰবাব টেঙাৰ বলেই তেতিয়া প্ৰতিগৰাকী কিশোৰৰ হেপাহৰ ফুটবলটো। তেতিয়া ৰবৰৰ বল বেছি প্ৰচলন হোৱা নাই। চামৰাৰ বল ডাঙৰ সকলৰ বাবে। গতিকে আমিও সেই ৰবাব টেঙাৰ বলেৰেই আৰম্ভ কৰিছিলোঁ আমাৰ ফুটবল কেৰিয়াৰ। সেয়া ১৯৬৪-৬৫ চনৰ কথা। আমাৰ নলবাৰীৰ ঘৰখনৰ সমুখতে প্ৰকাণ্ড কলেজ ফিল্ডখন। তাত মাজে মাজে ডাঙৰ সকলৰ দুই এখন ফুটবল মেচ চলে যদিও মাহত দুই এদিন। গতিকে অৱধাৰিত ভাৱে মাহৰ বাকী প্ৰায় সমস্ত দিনেই খেলপথাৰখন আমাৰ দখলত। প্ৰায়েই আমাৰ মাজতে দুটা দল হৈ মেচ চলে। মেচৰ উত্তেজনালৈ লক্ষ ৰাখি বিকল্প হিচাপে দ্বিতীয়টো ৰবাব টেঙা সাজু কৰি থোৱা হয়, কাৰণ এটা টেঙাৰ বল গোটেই মেচ খন 'লাষ্টিং' নকৰে। সেইসময়ত আমাৰ চেহেৰাটো 'লেখত ল'বলগীয়া'। গা'ত মঙহ বুলিবলৈ নায়েই যেন। হাত ভৰি চিঁয়া চিঁয়া। দেখিলে ভাব হয় জোৰকৈ বতাহ বলিলে উৰায়ে লৈ যাব নেকি! গতিকে সতীৰ্থ খেলুৱৈ সকলৰ হৃষ্ট-পুষ্ট দেহাৰ আগত ফুটবল খেলুৱৈ হিচাপে আমাৰ স্থান আৰু মৰ্য্যদা কি হ'ব পাৰে ৰাইজে নিজেই গম পাব।


নলবাৰী অভ্যাসন বিদ্যালয়ৰ পৰা নলবাৰী দেবীৰাম পাঠশালা হাইস্কুলৰ চতুৰ্থ শ্ৰেণীত ভৰ্তি হ'লো ১৯৬৪ চনত। সেই সময়ত আমাৰ স্কুলৰ ফুটবল টিমটো যঠেষ্ট শক্তিশালী। বীৰেণ ৰামচিয়াৰী, তাৰা মেধি, নৰেন বৰ্মন, কৃষ্ণ দাস, খগেন হালৈ, দক্ষ বৰ্মন আদি তেতিয়া নলবাৰীৰ চিনাকি তথা সুদক্ষ খেলুৱৈ। অৱশ্যে তেতিয়ালৈ অকলে গৈ ফুটবল মেচ চাবৰ বাবে ঘৰৰ পৰা আমি অনুমতি প্ৰাপ্ত হোৱা নাই। মাজে মাজে কলেজ ফিল্ডত গৰ্ডন দেৱীৰাম স্কুলৰ মেচ হয়, তাকেই ৰুদ্ধশ্বাস উত্তেজনাৰে উপভোগ কৰি থাকোতে ভাবি থাকো 'কেতিয়াবালৈ এইসকল খেলুৱৈৰ দৰে ফুটবল খেলিব পৰা হ'লে'।


আমি যি সময়ৰ কথা কৈছো সেই সময়ত আমাৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ আছিল স্কুলৰ শ্ৰেণীসমূহৰ মাজত অনুষ্ঠিত হোৱা 'ইন্টাৰ ক্লাছ ফুটবল টুৰ্ণামেন্ট'। (এই প্ৰতিযোগিতা কলেজতো আছিল) সেই প্ৰতিযোগিতাৰ পৰাই স্কুল দলটো বাছনি কৰা হৈছিল। স্কুলৰ ফুটবল টিমত স্থান পোৱাটো তেতিয়া অলিম্পিক দলত স্থান পোৱাৰ লেখীয়া সন্মান আৰু গৰ্বৰ কাৰণ আছিল। ক্লাছ টিম মানে প্ৰতিটো শ্ৰেণীৰ ফুটবল দলটো নিৰ্বাচন কৰি দিয়ে শ্ৰেণীৰ ক্লাছ টিছাৰে। তাত অন্যৰ কোনো এক্টিয়াৰ নাই। অৱশ্যে ষষ্ঠ শ্ৰেণীৰ পৰাহে এনে আন্তঃ শ্ৰেণী প্ৰতিযোগিতাত অংশ লোৱাৰ যোগ্যতা মানে অৰ্হতা পোৱা যায়। ক'বই নালাগে ওপৰৰ শ্ৰেণীৰ প্ৰতিষ্ঠিত খেলুৱৈ সকলৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ সেই সময়ত ফুটবল স্কিলতকৈ দৈহিক সামৰ্থ আছিল বেছি আৱশ্যকীয়। গতিকে আমাৰ সেই শীৰ্ণকায় চেহেৰাৰে শ্ৰেণীৰ ফুটবল টিমত স্থান লাভ কৰাটো সপোনৰো অগোচৰ। তাতে সেইসময়ত এটা অঘোষিত নিয়ম হ'ল - পঢ়া শুনাত অলপ চোকা হ'লে খেল ধেমালি, গান-বাজনা আদিত অংশ লোৱাটো এটা 'অপৰাধ'। তেওঁলোকৰ বাবে নিৰ্দিষ্ট কৰা থাকে স্কুলৰ সভাবোৰত বক্তৃতা দিয়া, ৰচনা পাঠ কৰা ইত্যাদি।


আহি আহি অষ্টম শ্ৰেণী পালোহি। অষ্টম শ্ৰেণীৰ আমাৰ ফুটবল দলটো অন্যতম শক্তিশালী তথা সাম্ভাব্য বিজয়ীৰ বাবে দাবীদাৰ। মতিৰ, তাজেৰ, দয়া, অজিত, অমূল্য, ভাবিত আদি সুদক্ষ খেলুৱৈ। গ'লৰক্ষক হিচাপে আছে সেইসময়তে স্কুল টিমৰ গ'লৰক্ষক দ্বায়িত্ব পোৱা পৰমানন্দ। (পৰমা এতিয়া সুদক্ষ বাঁহীবাদক।... যথাসময়ত খেলা আৰম্ভ হ'ল। আমাৰ প্ৰতিপক্ষ সেই সময়ৰ স্কুল টিমৰ প্ৰায়খিনি খেলুৱৈৰে সমৃদ্ধ দশম শ্ৰেণী। খেলা আৰম্ভ হ'ল। তুমুল প্ৰতিদ্বন্দিতা মূলক খেল। দশম শ্ৰেণীৰ অধৰ্গল আক্ৰমণ, আমাৰ অষ্টম শ্ৰেণীৰ দলৰ প্ৰাণপনে আত্মৰক্ষা। আত্মসন্মানৰ প্ৰশ্ন। আমাৰ সকলোৰে লগতে আমাৰ সেইসময়ৰ ক্লাছ টিছাৰ শ্ৰীযুত হৰিনাথ ভট্টাচাৰ্য ছাৰৰো। উত্তেজনাত ৰ'ব নোৱাৰি মই আমাৰ দলৰ গ'লৰক্ষক পৰমাৰ গ'লপোষ্টৰ পিছফাল পালোহি। পৰমাক চিঞৰি চিঞৰি উৎসাহ যোগোৱা আৰু গ'লপোষ্টৰ পিছফালে অহা বলটো ধৰি আগবঢ়াই দিয়া। স্কুলৰ নতুনকৈ মাটি পেলোৱা খেলপথাৰ, ৰোৱা তোলা পথাৰৰ দৰে বোকা। খেলুৱৈ সকল মানুহ নে গাহৰি চিনিব নোৱাৰা অৱস্থা। লগতে আমাৰ দৰে অত্যুৎসাহী কেইজনমান সমৰ্থকৰো। খেলৰ হাফটাইম হ'ল, ফলাফল গ'লশূণ্য। দ্বিতীয়াৰ্দ্ধ যেনেতেনে শেষ হ'লেই হ'ল। ড্ৰ' থাকিলেই ফাইনেল খেলাৰ চাঞ্চ। কিন্তু দ্বিতীয়াৰ্দ্ধ আৰম্ভ হোৱাৰ লগে লগে আমাৰ দলৰ যেন চন্দপতন ঘটিল। দহ মিনিটৰ ভিতৰতে দশম শ্ৰেণীয়ে তিনি গ'ল দি দিলে। তাৰে তিনিওটা গ'লেই গ'লৰক্ষক পৰমাৰ ভুলৰ বাবে। সকলো হতাশ। ভট্ট ছাৰ পাগল হ'বলৈ বাকী - কি কৰা যায় এতিয়া। ইফালে হতাশ আৰু বিফল হৈ পৰা পৰমা আনফালে দশম শ্ৰেণীৰ উপৰ্য্যুপৰি আক্ৰমণ। এটাৰ পিছত আনটো শ্বট, পৰমাই নোৱাৰে, পিছফালে ৰৈ থকা অমুকাই দুই আঁঠু পেলাই ধৰি আগুৱাই দিওঁ। অলপ পিছতে ভট্ট ছাৰ আমাৰ ওচৰলৈ আহিল আৰু অভাৱনীয় আৰু অবিশ্বাস্য প্ৰস্তাৱটো দিলে 'তই পৰমাৰ ঠাইত গ'লকিপাৰ সোমা'। সমগ্ৰ খেলপথাৰক হতচকিত আৰু নিস্তব্ধ কৰি পৰমা মুৰ তল কৰি খেলপথাৰৰ পৰা ওলাই আহিল আৰু ভৰি হাতৰ কপনি কোনোমতে সম্বৰণ কৰি খেলপথাৰলৈ সোমাই গ'লো এই শীৰ্ণকায়, জকা সদৃশ জিতেন। সকলোৱে ভট্ট ছাৰৰ এই সিদ্ধান্তক গৰিহণা দিলে, বহুতে হাঁহিলে। কিন্তু অষ্টম আশ্বৰ্য্য - অপুৰ্ব দক্ষতাৰে অমুকাই গ'লপোষ্ট খেলৰ শেষলৈ সুৰক্ষিত কৰি ৰাখিলোঁ আৰু আমাৰ এই অদ্ভুত কৃতিত্বতে উৎসাহিত হৈ নেকি আমাৰ দলে তিনিওটা গ'লেই পৰিশোধ কৰি পেলালে। খেলখন ড্ৰ' হ'ল।

(আগলৈ)


::x::x::x::

প্ৰায় ডেৰশ খনৰো অধিক নাটক ৰচনাৰে অসমৰ নাট্য সাহিত্যৰ জগতত এখন নিগাজী আসন লাভ কৰিবলৈ সক্ষম হোৱা জিতেন শৰ্মা একেধাৰে ছুটি গল্প আৰু উপন্যাস ৰচয়িতা হোৱাৰ উপৰিও অসমৰ সংবাদ জগতৰো এক পৰিচিত নাম। ২০১৮ চনত অসম চৰকাৰৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বটাৰে বিভূষিত জিতেন শৰ্মা প্ৰসাৰ ভাৰতী দূৰদৰ্শনৰ অন্তৰ্গত বাচনি কমিটি তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বাছনি কমিটিৰো এগৰাকী সন্মানীয় সদস্য। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক শৰ্মাৰ নাটক ইতিমধ্যেই কেইবাটাও ভাৰতীয় ভাষালৈ অনুদিত হৈছে। ৰিজাৰ্ভ বেঙ্কৰ চাকৰিৰ পৰা অৱসৰপ্ৰাপ্ত শৰ্মা গুৱাহাটীৰ নিগাজী বাসিন্দা।


Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.

21 views