ফুল হৈ ফুলে জুই
উৎপল ভট্টাচাৰ্য্য

মনে চমেচমাই, দেহা কুটেকুটাই,
সোণৰ পালেঙত কমলা কুঁৱৰী নিশা চতেফটাই।
ৰজাই অলংকাৰৰ পেৰা খেপিয়াই
বৈভৱৰ জিঞ্জিৰী পিন্ধি মনৰ পুখুৰীত পানী খেপিয়াই।
পানী নাই, পানী নাই..
: চকুৰ পানীৰে শুকান পুখুৰী কিদৰে ভৰাবা কুঁৱৰী আই?
: নাজানো গোঁসাই,
অমাৱশ্যাত জোনাক বিচৰাও নাই।
কণ কণ জোনাকীয়ে যদি মন পোহৰাই!
শুকান পুখুৰীত আঠুত মূৰগুজি বহিপৰে কুঁৱৰী আই।
অদূৰৰ পানীৰে চপচপীয়া পুখুৰীত
এহাল পানীকাউৰীৰ জলকেলী।
গুপুত সুৰংগেৰে বৈ আহে জিৰজিৰ পানীৰ সোঁত।
খৰাং পুখুৰীত কমলা কুঁৱৰীৰ দুভৰি তিতে,..
অচিন, অজান শিহৰণ দেহে-মনে।
অচিন চিনাকি হয়..
উতলি উঠে তেজ।
আঃ, পানী, পানী...
বুৰাই পেলোৱা মোক...
পানী বাঢ়ে, উশাহ টুতে...
ডুবি যায় ৰজাঘৰীয়া অহংকাৰী বৈভৱ।
ৰজাই দুচকুৰে জুই চতিয়াই।
কমলা কুঁৱৰীৰ দেহশীতলোৱা পুখুৰীত
সেই জুইশিখা ফুলহৈ ফুলি আছে যুগে যুগে।
ফুল চুমি আৰম্ভ হয় ৰ'দৰ স্তুতি,
ৰজাই বুজে নে নুবুজে?
::x::x::x::

Poet Utpal Bhattacharya
works as a Tea Executive and
lives amidst the lush greenery of a
Tea Estate in upper Assam
[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher. Any reference to historical events, real people, or real places are used fictitiously. Names, characters, and places are products of the author(s) / poet(s) imagination and any resemblance to any such persons / events is merely coincidental.]
(Photograph Credit: Adrian Swancar)