Search

বৰদলৈ ট্ৰফীৰ উন্মাদনা, পুলিচৰ গুলীত ভেবেল ঘোষৰ মৃত্যু, পিম্পুৰ নেতৃত্বত শুকুৰবাৰে অলৌ টলৌকৈ ভ্ৰমণ...

তাজুদ্দিন আহমেদ


(Background photo courtesy: www.eastbengalclub.com)


১৯৬৯ চনৰ জানুৱাৰী মাহ। কামৰূপ একাডেমী বিদ্যালয়ৰ স্কুল সপ্তাহ আৰম্ভ হৈছে। সেই সময়ত আমি লতাশিল খেল পথাৰক কামৰূপ একাডেমীৰ খেল পথাৰ বুলি জানিছিলো কাৰণ, লতাশিল খেল পথাৰত কামৰূপ একাডেমীৰ খেল পথাৰ বুলি এখন চাইনব'ৰ্ড লগোৱা আছিল। কিন্তু সেইসময়ত খেল পথাৰখনত মাটিৰ চপৰা দি ওখ কৰাত খেলৰ বাবে মুঠেই উপযোগী হৈ থকা নাছিল। সেয়েহে কামৰূপ একাডেমীৰ স্কুল সপ্তাহৰ খেলসমূহ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছিল।


নেহৰু ষ্টেডিয়ামত সেই তেতিয়াই মই পোণ প্ৰথম বাবে চাক্ষুষ প্ৰত্যক্ষ কৰিছিলো লং জাম্প, হাই জাম্প, পোল ভল্ট, চটপুট, ডিচকাচ থ্ৰ' ইত্যাদি খেলবোৰ। এই খেলবোৰ তেতিয়া মোৰ বাবে ৰোমাঞ্চকৰ আছিল। কাৰণ তেতিয়া টিভি নাছিল আৰু বাতৰি কাকতত কেতিয়াবাহে এনেকুৱা কিছুমান খেলৰ ছবি দেখিছিলোঁ। কিন্তু ইয়াত সেই খেলসমুহ খেলুৱৈয়ে খেলি থকা দেখিছিলোঁ। এই ষ্টেডিয়ামতে ১৯৬৫ চন মানত মই প্ৰথম টিভি দেখিছিলোঁ। নেহৰু ষ্টেডিয়ামৰ কনকলতা ইনডোৰ ষ্টেডিয়ামৰ বাহিৰত টেণ্টৰ তলত ৰখা দুটা টিভিত ভিতৰত চলি থকা বেডমিণ্টন খেল দেখিছিলোঁ। তাত তেতিয়া বোধহয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেল চলি আছিল। দৰ্শকৰ ভীৰৰ প্ৰতি লক্ষ্য ৰাখি বাহিৰত টেণ্টৰ তলত টিভিত খেল চোৱাৰ ব্যৱস্থা কৰা হৈছিল। মই দেউতাৰ কান্ধত উঠি সেই টিভিত খেল চাইছিলোঁ। বোধহয় গুৱাহাটী বাসীয়ে দেখা এই দুটাই প্ৰথম টিভি আছিল।


হেদায়েৎপুৰ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোতে নেহৰু ষ্টেডিয়ামত ছোভিয়েট ৰুছিয়া আৰু আমাৰ দেশৰ কোনো এটা দলৰ মাজত ফুটবল খেল এখন অনুষ্ঠিত হৈছিল। ভাৰত-ৰুছিয়া মৈত্ৰী অনুষ্ঠান এটাৰ উদ্যোগত এই খেলখন অনুষ্ঠিত কৰা হৈছিল। সেয়েহে ছোভিয়েট ৰুছিয়াৰ খেলুৱৈ সকলক বহু অনুষ্ঠান প্ৰতিস্থানে বিভিন্ন ধৰণে সন্মান আৰু মৰম যাচিছিল। হেদায়েৎপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু এজনে আমাক ষ্টেডিয়াম গেষ্ট হাউছ (বৰ্তমানৰ লেণ্ডমাৰ্ক হোটেল)লৈ লৈ গৈছিল ৰাছিয়ান খেলুৱৈ সকলক ফুলৰ থোপাৰে সম্ভাষণ জনাবলৈ। আমাক শিক্ষাগুৰু গৰাকীয়ে হেদায়েৎপুৰ স্কুলৰ পৰা লাইন কৰি ৰাষ্ট্ৰভাষা প্ৰচাৰ কাৰ্যলয় আৰু কংগ্ৰেছ ভৱনৰ সমুখেৰে লেভেল ক্ৰচিং পাৰ কৰাই তালৈ লৈ গৈছিল। তেতিয়া ষ্টেডিয়াম আৰু তাৰিণী চৌধুৰী ছোৱালী হাইস্কুলৰ মাজৰ সেতুখন বনোৱা হোৱা নাছিল। শিক্ষাগুৰু গৰাকী গোস্বামী উপাধিৰ আছিল আৰু তেওঁক আমি চেকেণ্ড ছাৰ বুলি সম্বোধন কৰিছিলোঁ। তেওঁৰ জেষ্ঠ ভাতৃ ৰমা গোস্বামীও কামৰূপ একাডেমীৰেই শিক্ষক আছিল। তেওঁৰ সৰু ভায়েক খগেন গোস্বামী মোৰ সহপাঠী আছিল। পাছত খগেনে শান্তি নিকেতনৰ পৰা সঙ্গীতৰ স্নাতক শিক্ষা গ্ৰহণ কৰে।


ষ্টেডিয়াম গেষ্ট হাউছত আমাক দেখি খেলুৱৈ কেইজনে যঠেষ্ট ভাল পাইছিল। আমি তেওঁলোকক ফুলৰ ঠোপা যাঁঁচি সম্ভাষণ জনোৱাত কিবা কৈছিল যদিও দোভাষী নথকাত একোকে নুবুজিলোঁ। আমাৰ লগৰ দুজনমানে খেলুৱৈসকলক বহী আগুৱাই দিয়া দেখিছিলো আৰু খেলুৱৈ সকলে তাত কিবা লিখি আৰু চহী কৰি দিছিল। ময়ো এজনৰ বহীৰ পৰা পাত এখিলা ফালি লৈ খেলুৱৈ এজনক দিছিলোঁ। তেওঁ কিবা অলপ লিখি চহী কৰি দিছিল‌। ৰাছিয়ান ভাষাত লিখাৰ বাবে তাৰ অৰ্থ উদ্ধাৰ কৰিব নোৱাৰিলোঁ।


নেহৰু ষ্টেডিয়ামে মোৰ বাল্য কালৰ বহু স্মৃতি বহন কৰে। আগতে হেদায়েৎপুৰ আৰু ইছলামপুৰৰ মাজত বহু ঠাই মুকলি হৈ আছিল। মই তেতিয়া হেদায়েৎপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা ইছলামপুৰ হৈ ঘৰলৈ গৈছিলোঁ। আজিকালি পিছে শিলপুখুৰী হৈহে গান্ধীবস্তিলৈ আহিব লাগে। স্কুল ছুটীৰ পাচত আহি ইছলামপুৰৰ ৰেললাইন পালেই দেখো নেহৰু ষ্টেডিয়ামত বৰদলৈ ট্ৰফী চাবলৈ মানুহবোৰে ইছলামপুৰৰ মাজেৰে যাবলৈ ধৰে। ৰেললাইনৰ ওপৰৰ পৰা ষ্টেডিয়ামৰ মাইকত বাজি থকা পুৰণি হিন্দী চিনেমাৰ চিনাকি গান কেইটা শুনিছিলোঁ। কেইখনমান একেই গানৰ ৰেকৰ্ড বহু বছৰলৈ বজাই আছিল। ঘৰ পাই উধাতু খাই ভাত খাই ষ্টেডিয়ামলৈ দৌৰ দিছিলোঁ।


সেইসময়ত বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা ইমানেই জনপ্ৰিয় আছিল যে দৰ্শকৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে পুলিচে ঘোঁৰা ব্যৱহাৰ কৰিছিল। বোধহয় ১৯৭০ চন মানত এবাৰ দৰ্শকৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ পুলিচে গুলীচালনা কৰাৰ পৰিস্থিতি উদ্ভৱ হয় আৰু তেতিয়া উলুবাৰীৰ ভৰলুৰ পাৰৰ অৰবিন্দ হাইস্কুলৰ ছাত্ৰ ভেবেল ঘোষ পুলিচৰ গুলীত নিহত হৈছিল। পিছদিনা গুৱাহাটীৰ সকলো স্কুলৰ ছাত্র-ছাত্ৰীয়ে পুলিচৰ এই বৰ্বৰ কাণ্ডক গৰিহণা দিবলৈ ৰাজপথেৰে সমদল কৰি প্ৰতিবাদ কৰিছিল।


সেইসময়ত নেহৰু ষ্টেডিয়াম সম্পূৰ্ণ হৈ উঠা নাছিল। পাছফালে বাউণ্ডাৰী ৱাল নাছিল। টিনপাতৰ বেৰ আছিল। টিনপাত আতৰাই টিকট নকটাবোৰে ভিতৰলৈ সোমাবলৈ চেষ্টা কৰে আৰু পুলিচে বাধা দিয়ে। এই লৈ কেতিয়াবা পুলিচ আৰু দৰ্শকৰ মাজত খণ্ড যুদ্ধ হৈছিল। ষ্টেডিয়াম খনৰ অৰ্ধেকতকৈও কম অংশ গেলাৰীহে কংক্ৰিটৰ আছিল। বাকী সৰহ ভাগ কাঠৰ গেলাৰীহে আছিল। মাজে সময়ে খেলত উত্তেজনা বাঢ়িছিল, যেতিয়া ৰেফাৰীয়ে ভুল সিদ্ধান্ত লৈছিল আৰু সমৰ্থন কৰা দলটোৱে যেতিয়া হাৰিছিল। তেতিয়া কিছুমান দুস্কৃতিকাৰী দৰ্শকে লগত বহিবলৈ নিয়া বাতৰি কাকত জ্বলাই কাঠৰ গেলাৰীত অগ্নি সংযোগ কৰিছিল। সেইসময়ত বৰদলৈ ট্ৰফীৰ খেলৰ দৰ্শকক নিয়ন্ত্ৰণ কৰাটো অসম আৰক্ষীৰ বাবে এক বিৰাট প্ৰত্যাহ্বান আছিল।


আমাৰ স্কুলীয়া জীৱনৰ বহু মুল্যবান সময় ভাষা আন্দোলন, অসমৰ তৃতীয়টো শোধনাগাৰৰ বাবে দাবী আন্দোলন, ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন দলংৰ বাবে আন্দোলন আদি কৰি বহু সময় হেৰুৱালো। স্কুল ক্ষতি কৰি সত্যাগ্ৰহ কৰিছিলোঁ। এবাৰ আমাক জেষ্ঠবোৰে কামৰূপ একাডেমীৰ পৰা কটন কলেজিয়েট স্কুললৈ লৈ গৈছিল। তাৰপৰা আমাক শাৰী পাতি সমুখৰজনৰ হাতত এখন গান্ধীৰ ফটো দি কাছাৰীলৈ সত্যাগ্ৰহ কৰিবলৈ পঠিয়াইছিল। কাছাৰীত এখন পুলিচৰ বাছ ৰৈ আছিল। সেইখনতে আমাক বহুৱাই বেলতলাৰ শিশু কাৰাগাৰলৈ নিছিল। এতিয়া যত শঙ্কৰদেৱ নেত্ৰালয় আছে তাৰ কাষৰে ওখ পাহাৰীয়া ঠাইত শিশু কাৰাগাৰখন আছিল। তিনি ঘণ্টামান তাত আমাক ৰাখি কাছাৰীলৈ আনি এৰি দিছিল। আৰু এবাৰ আমাক গুৱাহাটীৰ ফাঁঁচীবজাৰৰ জিলা কাৰাগাৰত সুমুৱাই দিছিল। জেলৰ ভিতৰত বিভিন্ন ধৰণৰ অপৰাধীক লগ পাই বহু কথা সুধিছিলোঁ। লেতেৰা দুৰ্গন্ধময় কোঠাবোৰ দেখি কয়দীবোৰৰ প্ৰতি এক সহানুভূতি জাগিছিল।


ভাষা আন্দোলন আৰু বিদেশী বিতাড়ণ আন্দোলনৰ মাজৰ চোৱা অৰ্থাৎ ১৯৭২ চনৰ পৰা ১৯৭৮ চনলৈ গুৱাহাটীত বঙালী বিদ্বেষৰ এক চেপা উত্তেজনা বিৰাজ কৰিছিল। সেই সময়ত নেহৰু ষ্টেডিয়ামৰ বৰদলৈ ট্ৰফী খুবেই জনপ্ৰিয় আছিল। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলকেইটা মূলত কলিকতাৰ মোহন বাগান, ইষ্ট বেঙ্গল আৰু মহমেদান স্পৰ্টিং আদি আছিল। বঙালী বিদ্বেষীবোৰৰ এই দল কেইটাৰ সমৰ্থকক গালি পৰাটো মুখ্য কাম আছিল। যেন নেহৰু ষ্টেডিয়াম বঙালী বিদ্বেষীৰ তাণ্ডৱৰ এখন ক্ষেত্ৰহে হৈ উঠিছিল।


আমাৰ স্কুলীয়া জীৱনকাল কেৱলযে আন্দোলন আৰু সাম্প্ৰদায়িক বিদ্বেষেৰে পাৰ হৈছিল এনে নহয়। খেলা-ধূলা, চিনেমা, ৰঙালী বিহু, ভোগালী বিহু আদি এনেবোৰ আনন্দদায়ক উৎসৱ আৰু মনোৰঞ্জনেৰেও পাৰ হৈছিল।


সেইসময়ত কামৰূপ একাডেমী মেধাৰ দিশত কলেজিয়েটতকৈ পিছপৰা বুলি বহুতে কৈছিল। কিন্তু খেলা আৰু আন্দোলনত হ'লে সকলোতকৈ আগবঢ়া আছিল। আন্তঃজিলা বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত কামৰূপ একাডেমীয়ে প্ৰথম স্থান দখল কৰিছিল। মই পঢ়ি থকা সময়চোৱাত ক্ৰিকেট খেলত আমাৰ স্কুলৰ বাহিৰে অইন কোনো স্কুল চেম্পিয়ন হোৱা নেদেখিলোঁঁ। ক্ৰিকেটত আমাৰ প্ৰতিদ্বন্দী কেৱল সোনাৰাম হাইস্কুলহে আছিল। প্ৰায়ে সোনাৰামৰ লগত আমাৰ ফাইনেল খেলখন হৈছিল। ক্ৰিকেট খেলবোৰ হৈছিল নেহৰু ষ্টেডিয়াম নতুবা সোনাৰাম খেলপথাৰত। খেলৰ দিনা আমি ক্লাচ নকৰি দলে বলে খেল চাবলৈ যাওঁ। নেহৰু ষ্টেডিয়ামত হ'লে খোজকাঢ়ি যাওঁ, সোনাৰাম খেলপথাৰত হ'লে বাটত খালি বাছ বা ট্ৰাক ৰখাই উঠি যাওঁ।


আমাৰ কেৱল এটাই দুখ আছিল আৰু সেইটো হ'ল আমি তেতিয়া এবাৰো জিলা ফুটবল চেম্পিয়ন হব পৰা নাছিলোঁ। প্ৰতিবাৰে ফাইনেলত আমাক গুৱাহাটী নৈশ বিদ্যালয়ে হৰুৱাইছিল। নৈশ বিদ্যালয়ৰ খেলুৱৈবোৰ পুলিচ ৰিজাৰ্ভত থকা আৰক্ষীৰ লোক আছিল। তেওঁলোক আমাতকৈ বহু পৰিমাণে স্বাস্থ্যৱান আৰু যঠেষ্ট শক্তিশালী আছিল। সেই সময়ত মেট্ৰিক পাছ নকৰাকৈ আৰক্ষীৰ চাকৰি পোৱা গৈছিল। তাৰে কিছুমানে নৈশ বিদ্যালয়ত পঢ়ি পাচত মেট্ৰিক পাছ কৰিছিল। গুৱাহাটী নৈশ বিদ্যালয়ৰ নিজা গৃহ নাছিল। বৰ্তমানৰ বিশাল শ্বপিং মলৰ সমুখৰ জুনিয়ৰ মাদ্ৰাছা (এতিয়া গুৱাহাটী মাদ্ৰাছা হাইস্কুল)ত সন্ধিয়াৰ পৰা নৈশ বিদ্যালয়ৰ শিক্ষাদান চলিছিল।


১৯৭২ চন মানৰ পৰা কামৰূপ একাডেমীৰ শুক্ৰবাৰৰ লেজাৰ এঘণ্টা পোন্ধৰ মিনিটলৈ বৃদ্ধি কৰা হৈছিল। যাতে মুছলমান ছাত্ৰবোৰে শুক্ৰবাৰৰ জুম্মা নামাজ পঢ়িব পাৰে। এই শুক্ৰবাৰটো আছিল আমাৰ সকলোৰে আতিকৈ প্ৰিয় দিন। কাৰণ ল'ৰাবোৰে দল বান্ধি দূৰলৈ ফুৰিবলৈ যাব পাৰিছিল। মই কেইজনমানৰ লগত দল বান্ধি কেতিয়াবা কাছাৰী বজাৰত ফল-মূল টিয়হ আদি খাবলৈ আৰু কেতিয়াবা উজান বজাৰৰ কফি হাউচলৈ গৈছিলোঁ। এইদৰে স্কুলৰ চাৰিও দিশে দূৰলৈ ফুৰি শুক্ৰবাৰৰ লেজাৰৰ সময়খিনি পাৰ কৰিছিলোঁ। আমি ফুৰা দলটোৰ নেতৃত্বত আছিল মোৰ অন্তৰঙ্গ বন্ধু তথা সহপাঠী ৺অনুপ শৰ্মা ওৰফে পিম্পু।


Late Anup Pimpu Sarma (Photo Courtesy: Anup Pimpu Sarma's Facebook wall)



ওখ পাখ ধুনীয়া হাঁহিমুখীয়া পিম্পু সকলোৰে আকৰ্ষণীয় আছিল। পিম্পুই সকলো বন্ধুৰ খা-খবৰ লৈছিল। কাৰোবাৰ কিবা অভাৱ দেখিলে পাৰ্যমানে তেওঁ পূৰ কৰিছিল। তেওঁৰ লগত ঘুৰি ফুৰি সকলোৱে ভাল পাইছিল। স্কুলৰ পৰা ওলোৱাৰ পাচতো বিভিন্ন সামাজিক কামত মই তেওঁক লগ পাইছিলোঁ। তেওঁৰ মৃত্যুৰ আগমুহূৰ্তলৈকে আমাৰ দুয়োৰে বন্ধুত্ব অটুট আছিল।


আমি স্কুল এৰাৰ কিছু বছৰ পাছলৈকে স্কুলৰ শৈক্ষিক আৰু বাহ্যিক পৰিৱেশ একেই আছিল। তাৰ পাছতে বিদেশী বিতাড়ণ আন্দোলনৰ উকমুকনি হয়। এই আন্দোলনৰ কালছোৱাত অসমৰ শৈক্ষিক পৰিবেশ বিধস্ত হৈ পৰিছিল। আন্দোলনকাৰী ছাত্ৰবোৰৰ সংস্কৃতি সলনি হৈছিল, গুৰু গোঁসাই নমনা হৈছিল। অসমখনে সকলো ধৰণৰ মূল্যবোধ হেৰুৱাই যেন মধ্যযুগীয়া বৰ্বৰতাক আকোৱালি লৈছিল। পিছে এতিয়া শিক্ষা সংস্কৃতিৰ সুন্দৰ পৰিৱেশ আকৌ গঢ় লৈ উঠিছে। এই দিশত যঠেষ্ট উন্নতিও লভিছে। পুনৰ যেন সেই শৈক্ষিক পৰিৱেশ বিনষ্টকাৰী আন্দোলন অসমত গঢ় লৈ নুঠে তাৰেই কামনা কৰিছোঁ।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.

24 views