Search

বাগ্মীবৰ’ৰ পুৰণি চকীখন আৰু...

ক্ষীৰোদ কুমাৰ শইকীয়া



বৃত্তিৰ তাগিদাত বিভিন্ন বিদ্যালয় - মহাবিদ্যালয় ভ্ৰমণকৰি ফুৰিবলগীয়া হয়। এনেদৰে ফুৰোঁতে বহু তিতা-মিঠা-কেঁহা অভিজ্ঞতাৰো সন্মুখীন হওঁ। তাৰেই এটি আপোনালোকৰ লগত আজি ভগাই লবলৈ চেষ্টা কৰিছোঁ।


কালি অৰ্থাৎ ষোল্ল মাৰ্চ ২০২১ তাৰিখে প্ৰায় আঢ়ৈ মাহৰ পিছত বৰ্তমানৰ মোৰ গৃহচহৰ ডিব্ৰুগড়ত ভৰি দিয়েই, চহৰখনৰ শিক্ষানুষ্ঠান সমূহত এপাক মাৰিবলৈ পুৱা ন' বজাতে ওলাই গ’লো।


তিনিখন কানৈ মহাবিদ্যালয়, চেইণ্ট মেৰীজ, লিট'ল ফ্লাৱাৰ মোৰ ঘৰৰ ঠিক সমীপতেই।এইকেইখনত সোমাই খোজ কাঢ়িয়েই ভিক্ট'ৰীয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যাত্ৰা কৰিলোঁ। বিশেষ দৌৰা-দৌৰি নাথাকিলে মই সাধাৰণতে খোজ কাঢ়িয়েই ফুৰা চকা কৰিবলৈ ভাল পাওঁ, কাৰণ এনেকৈ গ'লে মনত বিভিন্ন কথা কোনো বাধা নোহোৱাকৈ পাগুলিব পাৰি লগতে মোৰমেদবহুল দেহৰো কিছু উপকাৰ হয়।


ডিব্ৰুগড় চহৰৰ চৰকাৰী বিদ্যালয় সমূহৰ এটাবৈশিষ্ট্য মন কৰিব লগীয়া; ইয়াৰ প্ৰায় সমূহেই ব্ৰিটিছ যুগতে স্থাপন হোৱা।উদাহৰণস্বৰূপে ১৮৪০ চনতেঢ়স্থাপিত ডিব্ৰুগড় চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ডেৰশ বছৰীয়া জয়ন্তী পালন কৰিলে, ভিক্ট'ৰীয়া ছোৱালী উচ্চতৰ মাধ্যমিক স্থাপন হৈছিল ১৮৯৭ চনত, ডিব্ৰুগড় ছোৱালী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ আৰম্ভণি হৈছিল ১৮৮৫ চনত।গতিকে সহজতে এই কথা ধৰিব পাৰি যে ডিব্ৰুগড় চহৰ অতীতত শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত অতি আগবঢ়া আছিল।


পিছে আজিৰ মোৰ এই লেখাৰ বিষয় অন্য এখন বিদ্যালয়হে। সেইখন হ'ল ১৯১২ চনতে স্থাপিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে মনিষীয়ে শিক্ষা গ্ৰহণ কৰা ঐতিহ্যমণ্ডিত জৰ্জ ইনষ্টিটিউট। বৰ্তমান এই বিদ্যালয়ৰ নাম প্ৰথমজন অধ্যক্ষ, সকলোৰে শ্ৰদ্ধাৰ ককা বাগ্মীবৰ নীলমণি ফুকনৰ নামেৰে নামকৰণ কৰি, বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰখা হৈছে।যদিওবা আগতেও তিনি /চাৰিবাৰ এই বিদ্যালয়লৈ গৈছোঁ তথাপিও স্কুলখন খৰচি মাৰি পৰিদৰ্শন কৰা হোৱা নাছিল।


Photo: Kshirod Kumar Saikia


বিদ্যালয় চৌহদত ভৰি দিয়েই প্ৰায় তেৰ বিঘাতকৈও অধিক ভূমিৰ বিশাল খেলপথাৰখনৰ এমুৰে থকা পুৰণি এল. পেটাৰ্নৰ বৃহৎ বিদ্যালয় ভৱনতো প্ৰায় জনশূণ্য অৱস্থাত দেখা পালোঁ। সন্মুখত পৰীক্ষা। গতিকে সকলো বিদ্যালয়তে বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি অতি নগণ্য। পোনে-পোনে অধ্যক্ষৰ কোঠালৈ গ'লো আৰু বৰ্তমানৰ অধ্যক্ষ মিনাক্ষী ফুকন মহোদয়াৰ অনুমতি লৈ তেওঁৰ সন্মুখত বহিলোঁগৈ।দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কথা উলিয়াওতেই বাইদেৱে বৰ দুখেৰে ক'লে যে বৰ্তমান উচ্চতৰ মাধ্যমিক স্তৰৰ মাত্ৰ এজনহে বিষয় শিক্ষক আছে, গতিকে ছাত্ৰ সকলক অনলাইনতে যি পাৰে পাঠদান দি আছে, বিদ্যালয়লৈ মতা নাই। এই কথাষাৰে মনত বৰ দুখ দিলে। শিক্ষাৰ প্ৰকৃত উন্নয়ন আছলতে কেতিয়া সম্ভৱ হ'ব বাৰু?


এই প্ৰসংগত উল্লেখ কৰিব লাগিব যে মই এতিয়ালৈকে স্বচ্ছক্ষ কৰা এইখনেই প্ৰথম এনে বিদ্যালয় নহয়, বৰঞ্চ ১৯৩৬ চনতে স্থাপিত নগাঁও ছোৱালী উচ্চতৰ মাধ্যমিকৰো একেই দশা। সেইখনলৈ যাওঁতে তাৰ অধ্যক্ষা নেছা বাইদেউৱে কৈছিল তেওঁৰ নিজৰ ছোৱালীজনী এই বিদ্যালয়ৰ পৰা ২০১৩ চনত পাছ কৰি মেডিকেলো পাছ কৰিলে, ২০১২ চনত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত এই বিদ্যালয়ৰ ছাত্ৰীয়ে স্থান পাইছিল আৰু আজি দ্বাদশ শ্ৰেণীত মাত্ৰ ১৫ জনী ছোৱালী। এক বৃহৎ চৌহদ আৰু পৰিকামাথো থকাৰ পিছতো কিয় বাৰু এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানবোৰৰ এই অৱস্থা! বাইদেউৱে ক'লে, নিৰ্বাচনৰ ষ্ট্ৰং ৰুমৰ নামত বিদ্যালয় ৪/৫ মাহ বন্ধ থাকে আৰু অৱসৰৰ পিছত নতুনকৈ কোনো নিযুক্তি হোৱা নাই।


আকৌ ঘূৰি আহিছোঁ জৰ্জ ইনষ্টিটিউটলৈ। মিনাক্ষী বাইদেউৱে লগতে কথা প্ৰসংগত ক'লে যে এইবিদ্যালয়তে জ্যোতিপ্ৰসাদ আগৰৱালাই শিক্ষাগ্ৰহন কৰিছিল আৰু দুখন পুৰণি চকী দেখুৱাই ক'লে যে সেই চকীতে বহি এটা সময়ত ককা বাগ্মীবৰে কাৰ্যনিৰ্বাহ কৰিছিল।


Photo: Kshirod Kumar Saikia


মই চকীখন চুই চালোঁ। অনুভৱ কৰিবলৈ চেষ্টা কৰিলোঁ বাগ্মীবৰৰ স্পৰ্শ। চকুত ভাঁহি উঠিল এজাক ছাত্ৰৰে সুউচ্চ মুধছেৰে অসম আৰ্হিৰ ১৯১২-১৯২৮ৰ জৰ্জ ইনষ্টিটিউট।


অতি পৰিতাপৰ বিষয়, কালে দংশা জৰ্জ ইনষ্টিটিউট আৰু বৰ্তমানৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সেই সোণসেৰীয়া অতীত আৰু গৰিমা আজি অনিহা, পাহৰণি আৰু বিলুপ্তিৰ সন্ধিক্ষণত। শিক্ষকৰ অভাৱ। বিদ্যালয়ৰ ভূমিখণ্ডৰ কিছু বে-দখলো আৰম্ভ হৈছে। এনেকৈয়ে হয়তো এচোৱা এচোৱাকৈ খহি পৰি এদিন নিঃশেষ হ'ব এটা সময়ৰ উজনি অসমৰ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ স্বৰূপ এই বিদ্যালয়ৰখন।


ৰজাঘৰ-প্ৰজাঘৰ সকলোৱে মিলি এনে ঐতিহ্যমণ্ডিত অনুষ্ঠান সমূহ ৰক্ষা নকৰিলে এইসমূহ এদিন হয়তো কেৱল বুৰঞ্জী গ্ৰন্থৰ অংশ হৈ পৰিব।


::x::x::x::


Kshirod Kumar Saikia

hails from Machkhowa in Dhemaji,

currently lives in Dibrugarh and works at

the Lovely Professional University, Jalandhar


Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and

do not necessarily reflect the opinions of the Publisher.

59 views