Search
  • Straight from the Heart

বৃটিছ চাহাবৰ ডাঢ়িত কঠালৰ আঠা, নৱগ্ৰহ পাহাৰৰ পৰা ধাৰাষাৰ গোলাবৰ্ষণ...

তাজুদ্দিন আহমেদ



ত জনৰ সপোনৰ মহানগৰ এইখন। কত ঘটনা, পৰিঘটনাৰ সাক্ষী। লুইতৰ পাৰৰ এই ঐতিহাসিক মহানগৰ, গুৱাহাটীৰ বৰ্ণিল পৰিক্ৰমাৰ ইতিহাস নানা গ্ৰন্থ, পুৰাণ, বুৰঞ্জীৰ পাতে পাতে সিচৰিত হৈ আছে। সেয়েহে গুৱাহাটীৰ ইতিহাসৰ সেই কথাবোৰ ন'কৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। এই লেখক যিহেতু ইতিহাসবিদ নহওঁ, সেয়েহে ইতিহাস লেখাৰ ধৃষ্টতাও নকৰোঁ। 'এই মহানগৰ এই দেশ' আক্ষৰিক অৰ্থত‌, এই গুৱাহাটীতেই জন্ম লভি, ইয়াতেই শৈশৱ, কৈশোৰ, যৌৱন গৰকি জীৱনৰ ওভতনি যাত্ৰাৰ এজন পথিকৰ কিছু অনুভৱ আৰু কিছুমান বিশেষ ক্ষণ, মুহুৰ্তৰ চাক্ষুশ বিৱৰণ তথা ধাৰাভাষ্যহে। হয়, এই গুৱাহাটীক বিগত ছয় দশকে যিদৰে দেখিলোঁ, পালোঁ আৰু প্ৰতিনিয়ত অনুভৱ কৰিলোঁ, তাৰেই কিছু বচা-বচা মুহুৰ্তৰ সোৱৰণী আপোনাসৱৰ সৈতে সমভাগ কৰিবলৈ বিচাৰিছোঁ। ইয়াৰে বহু কথা ইতিহাস গ্ৰন্থবোৰক উৎস ৰূপে লৈ লিখা, বহু কথা অগ্ৰজ সকলৰ পৰা মুখেৰ শুনা আৰু অধিকাংশই নিজ চকুৰে প্ৰত্যক্ষ কৰা। গুৱাহাটীক ভাল পোৱা, এই মহানগৰীখনৰ এগৰাকী আজন্ম নাগৰিক ৰূপে যত্ন কৰিম, যাতে উত্তৰ প্ৰজন্মৰ বাবে, কিছু তথ্য, কিছু জীয়া ছবি সযতনে সাচি থৈ যাব পাৰোঁ।


ইতিহাসত গুৱাহাটী নগৰ ৰূপে পৰিচিত হয় ব্ৰিটিছ অসমলৈ অহাৰ পিছত। আহোম আৰু মোগলৰ দিনতেই ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰকে গুৱাহাটী বোলা হৈছিল। কিন্তু ব্ৰিটিছ অসমলৈ অহাত গুৱাহাটীৰ দক্ষিণ পাৰটোৱে ভৌগোলিক কাৰণত বেছি গুৰুত্ব লাভ কৰিছিল। সেই সময়ত এই দক্ষিণ পাৰটো খাল, বিল, বাঁহনী, খেৰনী ইত্যাদিৰে ভৰি আছিল। বাট-পথ বিহীন, হাবি জঙ্ঘলেৰে ভৰা আৰু অপৰিষ্কাৰ এই দক্ষিণ পাৰটো হেনো বসবাসৰ বাবে মুঠেই উপযোগী নাছিল। ১৮৫১ চনত কলাজ্বৰ মহামাৰীত গুৱাহাটীৰ দক্ষিণ পাৰৰ প্ৰায় অৰ্ধেক সংখ্যক মানুহ ঢুকাইছিল বুলি শুনিছিলোঁ।


View of Guwahati-Shillong Road then (Photo Courtesy: Internet)


সেই সময়ত এখন পৰিষ্কাৰ-পৰিচন্ন, বাট-পথ থকা গুৱাহাটীৰ অভাৱ নগৰবাসীয়ে বাৰুকৈয়ে অনুভৱ কৰিছিল। সেয়েহে গুৱাহাটীৰ কিছু নাগৰিকে নগৰখনৰ বাট-পথ নিৰ্মাণ আৰু বাতাবৰণ পৰিষ্কাৰ-পৰিচন্ন কৰি ৰখাৰ স্বাৰ্থত তেতিয়াৰ শাসক 'ইষ্ট ইণ্ডিয়া কোম্পানী'ৰ কৰ্তৃপক্ষক এখন পৌৰ সমিতি (মিউনিচিপালটি) বিচাৰি আবেদন জনাইছিল। সেই সময়ত কৰ্তৃপক্ষই এই আবেদন অগ্ৰাহ্য কৰিছিল যদিও পাছত হয়তো বিষয়টোৰ গুৰুত্ব বুজি আবেদনখন গ্ৰহণ কৰি তিনিজনীয়া এখন মিউনিচিপালটি কমিটি গঠন কৰি দিছিল, ১৮৫৩ চনত। এই কমিটিৰ তিনিও গৰাকী সদস্যই ব্ৰিটিছ আছিল।


সেই সময়ত গুৱাহাটী মিউনিচিপালিটি কমিটিয়ে হাতত লোৱা প্ৰথম আৰু মুখ্য কাম দুটা আছিল পানবজাৰ আৰু ফাঁচীবজাৰৰ মাজত থকা প্ৰকাণ্ড খালটো পোতা আৰু উজান বজাৰৰ পৰা ভৰলুমুখলৈ দুটা পথ নিৰ্মাণ কৰা। তাৰে এটা আছিল ষ্ট্ৰেণ্ড্ ৰোড। পাচলৈ এই নামটো সলনি হৈ মহাত্মা গান্ধী ৰোড কৰা হৈছিল।


গুৱাহাটীৰ ১১৩ গৰাকী নাগৰিকৰ আবেদনত এই গুৱাহাটী মিউনিচিপালিটি কমিটি গঠন হৈছিল। এই আবেদনৰ তাৰিখটো আছিল ১১ জুন ১৮৫২ চন। সেয়েহে মাছখোৱাৰ "প্ৰাগজ্যোতিষ সাংস্কৃতিক সমাজে" এই ১১ জুন তাৰিখটো ২০০৭ চনৰে পৰাই প্ৰায় প্ৰতিবছৰেই "নাগৰিক দিৱস" ৰূপে পালন কৰি আহিছে।


১৮৫৮ চনত গুৱাহাটী মিউনিচিপালিটি কমিটিৰ তিনি গৰাকী ব্ৰিটিছ সদস্যৰ এগৰাকী বদলি হোৱাত সদস্য পদ এটা খালি হৈ পৰিছিল। খালী হোৱা সেই পদটো স্থানীয় লোকেৰে পূৰ কৰিবলৈ বিচাৰি ইষ্ট ইণ্ডিয়া কোম্পানী কৰ্তৃপক্ষই নিৰ্বাচন পাতিছিল। নিৰ্বাচনৰ প্ৰাৰ্থী দুগৰাকী আছিল গুৱাহাটীৰ উত্তৰ পাৰৰ প্ৰয়াত গৰ্গৰাম বৰুৱা আৰু দক্ষিণ পাৰৰ মাছখোৱাৰ প্ৰয়াত কেফায়েৎ উল্লাহ মুন্সি। নলবাৰীৰ সদৰ আমিন ৰূপে কাৰ্য্য নিৰ্বাহ কৰা এই গৰ্গৰাম বৰুৱা হৈছে অসমৰ প্ৰথমজন ভাৰতীয় প্ৰশাসনিক সেৱা (ICS)ৰ বিষয়া প্ৰয়াত আনন্দৰাম বৰুৱাৰ পিতৃ। নিৰ্বাচনত দুয়োগৰাকী প্ৰাৰ্থীয়ে সমান ভোট পোৱাত কোম্পানী কৰ্তৃপক্ষই দুয়োকে মিউনিচিপালিটি কমিটিৰ সদস্যৰূপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লয়। হয়তো তেওঁলোকে ভাবিছিল যে ইয়াৰ ফলত গুৱাহাটীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ দুয়োটাই সমানে গুৰুত্ব লাভ কৰিব।


আজি কিছু বছৰ ধৰি মাছখোৱা ভোগালী বিহু উদযাপন কমিটিয়ে ভোগালী মেলা আৰু প্ৰীতিভোজৰ আয়োজন কৰি আহিছে। এই প্ৰীতিভোজৰ আয়োজন পোণ প্ৰথমবাৰৰ বাবে আজিৰে পৰা প্ৰায় ডেৰশ বছৰ আগেয়ে গুৱাহাটী মিউনিচিপালিটি কমিটিৰ প্ৰথম দুজন নিৰ্বাচিত সদস্যৰ এগৰাকী কেফায়েৎ উল্লাহ মুন্সিয়ে কৰিছিল। পশ্চিম গুৱাহাটী অঞ্চলৰ সকলো ধৰ্ম, বৰ্ণ, ভাষাৰ মানুহে এই প্ৰীতিভোজত অংশগ্ৰহণ কৰিছিল। সেয়েহে বৰ্তমান মাছখোৱাৰ স্থানীয় লোকেৰে গঠিত ভোগালী উদযাপন কমিটিখনে এই পৰম্পৰা আজিও ৰক্ষা কৰি আহিছে।


সেই সময়ত পানবজাৰত বজাৰ বুলিবলৈ বিশেষ কোনো ডাঙৰ বজাৰ নাছিল। ব্ৰহ্মপুত্ৰৰ শুক্ৰেশ্বৰ মন্দিৰৰ ঘাটলৈ জাহাজত দূৰ দূৰণিৰ মানুহ আহে আৰু মানুহবোৰে পানবজাৰ হৈ বিভিন্ন ঠাইলৈ যায়। সেয়েহে পানবজাৰত দুই এখন দোকান আছিল।


View of Panbazar at that time (Photo Courtesy: Internet)


আজি ভৰালী ব্ৰাদাৰ্চ নামৰ দোকানখন যি স্থানত আছে সেই স্থানত বাঁহৰ চাঙৰ ওপৰত সাজি লোৱা এখন ফলমূলৰ দোকান আছিল। সেই দোকানখনত কল, কঠাল, নাৰিকল, আনাৰসকে আদি কৰি নানান ধৰণৰ থলুৱা আৰু বতৰৰ ফলমুল পোৱা গৈছিল। এবাৰ হেনো কেইজনমান ব্ৰিটিছ চাহাবে শুক্ৰেশ্বৰ ঘাটত জাহাজৰ পৰা নামি ভোকত কলমলাই পানবজাৰত খোৱা বস্তু বিচাৰি ফুৰিছিল। পিছত এই ফল-মূলৰ দোকান খন দেখি তেওঁলোক উধাই মুধাই কল আৰু কঠাল খোৱাত লাগিল। কিন্তু কঠাল ভাঙি খাওঁতে তেওঁলোকৰ দীঘল দাঢ়িত লগা আঠা যিমানেই এৰুৱাবলৈ চেষ্টা কৰে সিমানেই বেছিকৈ লাগি ধৰে। এই কাণ্ড দেখি দোকানীজনৰ হাঁহি উঠিল যদিও নিজৰ মুখখন ঢাকি বহি আছিল। কাৰণ, চাহাবৰ খং উঠিলে ৰক্ষা নাই। যি শাস্তিয়েই চাহাবে প্ৰদান কৰিব বিচাৰে সেই শাস্তিয়েই দোকানীয়ে পাব। পানবজাৰত খাচী মানুহ কিছুমানে পাণ-তামোল আৰু বিভিন্ন খেতিৰ সামগ্ৰী কিনিবলৈ আহিছিল। লুংলুঙীয়া বাটেৰে আহি ঘোঁৰাত বোজাই কৰি সামগ্ৰীবোৰ নিছিল। এইবোৰ কথা মোক জনাইছিল পানবজাৰ 'বি এণ্ড ডে' সুৰাৰ দোকানৰ কাষৰ 'স্প'ৰ্টছ্ হাউছ' নামৰ দোকান খনৰ জেষ্ঠ স্বত্তাধিকাৰী হাজৰিকাদেৱে, আজিৰ পৰা প্ৰায় চল্লিশ বছৰ মান আগতে।


১৮৭৪ চনত ব্ৰিটিছ ভাইচৰয় লৰ্ড নৰ্থব্ৰুক গুৱাহাটীলৈ আহিছিল। তেওঁ জাহাজেৰে আহি শুক্ৰেশ্বৰ মন্দিৰৰ ঘাটত নামিছিল। সেয়েহে তেওঁৰ নামত এখন স্মৃতি তোৰণ 'নৰ্থব্ৰুক গেট' নামেৰে নিৰ্মাণ কৰা হৈছিল। বৰ্তমান এই তোৰণখনকে 'গেটৱে অব আসাম' বুলি কয়।


View of the North Brook Gate then (Photo Courtesy: Internet)


চাৰ্চ ফিল্ড অৰ্থাৎ বৰ্তমানৰ নেহেৰু পাৰ্কত ১৮৪৪ চনত এটা গীৰ্জা নিৰ্মাণ কৰা হৈছিল। ইউৰোপৰ নিঅ'গথিক স্থাপত্যশিল্পৰ আৰ্হিত নিৰ্মিত অতি সুন্দৰ এই গীৰ্জাটো অসমত নিৰ্মিত এইধৰণৰ গীৰ্জাঘৰৰ কেৱল মাত্ৰ এইটোৱেই আছিল। ব্ৰিটিছ শাসিত ভাৰতবৰ্ষত আৰু কেইটামান এনে গীৰ্জাঘৰ অৱশ্যে সজা হৈছিল। কিন্তু অসমৰ এই গীৰ্জাঘৰটো ১৮৫৪ চনৰ আৰু ১৮৯৭ চনৰ দুটা ভূমিকম্পত সম্পূৰ্ণ বিধস্ত হৈছিল। বৰ্তমান তাত যিটো গীৰ্জাঘৰ আছে সেইটো ধ্বংসস্তুপৰ ওপৰত নতুনকৈ "আসাম টাইপ" আৰ্হিত নিৰ্মাণ কৰা গীৰ্জাঘৰ, যাতে ভূমিকম্পই আৰু ধ্বংস কৰিব নোৱাৰে। মোৰ বোধেৰে শুক্ৰেশ্বৰ মন্দিৰৰ কাষৰ নৰ্থব্ৰুক গেট আৰু চাৰ্চ ফিল্ডৰ এই খ্ৰাইষ্ট চাৰ্চটো ব্ৰিটিছৰ দিনত নিৰ্মিত গুৱাহাটীৰ প্ৰথম আৰু অতিকৈ আকৰ্ষণীয় ঐতিহাসিক স্মৃতি চিহ্নৰ ভিতৰত অন্যতম।


View of Christ Church then (Photo Courtesy: Internet)


ভাৰতে স্বাধীনতা লাভ কৰাৰ পাচত গুৱাহাটীৰ উল্লেখনীয় নিৰ্মাণকাৰ্য্য কেইটা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়, শৰাইঘাট দলং আৰু গুৱাহাটী তেল শোধনাগাৰ। ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিস্থা হয়, শৰাইঘাট দলঙৰ নিৰ্মাণ আৰম্ভ হয় ১৯৫৯ চনত আৰু সমাপ্ত হয় ১৯৬২ চনত। গুৱাহাটী তেল শোধানাগাৰো ১৯৬২ চনতে স্থাপিত হয়।


১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ বিশেষ প্ৰভাৱ গুৱাহাটীত পৰা নাই যদিও যুদ্ধৰ দুমাহ মান পূৰ্বে নিৰ্মাণ সমাপ্ত হোৱা শৰাইঘাট দলঙে আমাৰ সৈন্য বাহিনীক যঠেষ্ট সহায় কৰিছিল। সেয়েহে বোধহয় ১৯৬৫ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত গুৱাহাটীৰ শৰাইঘাট দলং আৰু গুৱাহাটী শোধনাগাৰ পাকিস্তানী বায়ু সেনা বাহিনীৰ টাৰ্গেট হৈ পৰিছিল। তেতিয়া অৱশ্যে বাংলাদেশ স্বাধীন হোৱা নাছিল। পাকিস্তানেই হৈ আছিল। পূৱ দিশৰ পাকিস্তান বাবে পূৱ পাকিস্তান বোলা হৈছিল। পূৱ পাকিস্তানৰ পৰা আক্ৰমণৰ মূল লক্ষ্য আছিল কলিকতা আৰু গুৱাহাটী, এই উন্নত চহৰ দুখন। সেয়েহে আৰম্ভণিৰে পৰাই গুৱাহাটী নগৰ যুদ্ধৰ বিভীষিকাত পতিত হৈছিল। যুদ্ধৰ সময়ত ৰাইজলৈ চৰকাৰৰ সতৰ্কতামূলক নিৰ্দেশ সমূহ আছিল - আকাশলৈ কোনো কাৰণতেই টৰ্চ লাইট নমৰা, গাড়ীৰ হেড লাইটৰ ওপৰ অংশৰ অৰ্ধেকত ক'লা ৰং সনা, ষ্ট্ৰীট লাইটবোৰৰ ওপৰ ফালে আৰু চাৰিও দিশে ছয় ইঞ্চিমান ক'লা ৰঙৰ টিনেৰে ঢাকি দিয়া যাতে লাইটৰ পোহৰ কেৱল ৰাজপথতহে পৰে আৰু আকাশেৰে পৰিভ্ৰমণ কৰা শত্ৰু বিমানে একো দেখা নাপায়। ঘৰৰ খিড়িকীৰ আইনাবোৰো খবৰ কাগজৰে আঠা লগাই ঢকাৰ নিৰ্দেশ দিছিল। ইয়াৰোপৰি আটাইতকৈ ডাঙৰ নিৰ্দেশটো আছিল সকলোৱে ঘৰৰ চোতালত ট্ৰেন্স অৰ্থাৎ গাত খন্দাটো, যাতে শত্ৰু বিমানে বোমা পেলালে সেই গাত'ত সোমাই প্ৰাণ ৰক্ষা কৰিব পাৰি।


Representational Image of Trench digging (Photo Courtesy: Internet)


এই ট্ৰেন্সবোৰ ইংৰাজী আখৰ 'এল'টোৰ দৰে বনাব লাগিছিল। গাতৰ ভিতৰত মানুহ বহিব পৰা জোখেৰে গভীৰ হোৱাতো বাঞ্চনীয় আছিল। গাত'ৰ ওপৰখন বাঁহ নাইবা কাঠেৰে ঢাকি তাৰ ওপৰত মাটি জাপি দিব লাগিছিল। যাতে ওপৰৰ জুই বা বিস্ফোৰণ স্ফুলিংগৰ পৰা গাত'ৰ ভিতৰৰ মানুহ নিৰাপদে থাকিব পাৰে। শত্ৰু বিমানে যেতিয়া আক্ৰমণ কৰিব আহিছিল তেতিয়া চহৰৰ বিভিন্ন ওখ ঠাইত থকা চাইৰেণবোৰ বাজি উঠিছিল। লগে লগে বিদ্যুৎ যোগান কৰ্তন কৰা হৈছিল। ওখ আৰু মুকলি ঠাইত থকা কামানবোৰৰ পৰা আকাশলৈ ধাৰাসাৰ গোলাবৰ্ষন কৰা হৈছিল। মানুহবোৰে তেতিয়া গাত'ত সোমাবলৈ ধৰিছিল। গাতৰ ভিতৰলৈ লগত নিবলগীয়া মমবাতি, দিয়াচলাই, ফাৰ্ষ্ট এইড বক্স ইত্যাদি আগতীয়াকৈ যোগাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছিল। সেই সময়ত গাতত সোমোৱা বহু মানুহক সাপে কামোৰাও শুনিছিলোঁ। যেতিয়া শত্ৰু বিমানবোৰ লক্ষ্যভ্ৰষ্ট হৈ গুছি গৈছিল তেতিয়াহে মানুহবোৰক গাতৰ পৰা ওলাবলৈ নিৰ্দেশ দিয়া চাইৰেণ বাজি উঠিছিল। গাতত সোমোৱা আৰু ওলোৱা চাইৰেণ বজাৰ সুৰ বোৰ বেলেগ আছিল। চিভিল ডিফেন্সৰ মানুহে তেতিয়া যুদ্ধৰ সময়ত ল'বলগীয়া পদক্ষেপবোৰৰ সকলো দৰকাৰী কথা মানুহক শিকাই বুজাই ঘুৰি ফুৰিছিল।


সেইসময়ত মই প্ৰায় ৭/৮ বছৰীয়া সৰু ল'ৰা। এদিন নিশা প্ৰায় ৮ মান বজাত হঠাতে শত্ৰু বিমান অহাৰ চাইৰেণ বাজি উঠিল। আকাশত ধাৰাসাৰ গোলাবৰ্ষণ হ'ব ধৰিলে। মোৰ মা'য়ে লগে লগে জুই জ্বলি থকা আমাৰ পাকঘৰৰ চৌকাত পানী ঢালি দিছিল। তাৰ পাচত মোক লৈ বিচনাৰ তলত সোমাইছিল। চোতালত সুন্দৰকৈ বনোৱা ট্ৰেন্স আছিল যদিও সেইদিনা দেউতা ঘৰত নথকাৰ বাবে সোমাবলৈ ভয় কৰিছিল। কিছুপৰ পাচত শত্ৰু বিমান যোৱা চাইৰেণ বাজি উঠিল আৰু মানুহবোৰে স্বস্তিৰ নিশ্বাস এৰিলে। মানুহ বিলাকে কথা পাতিলে, শত্ৰু বিমান অহাৰ লগে লগে ব্লেক আউট কৰি দিয়াত হেনো সেই বিমানবোৰ লক্ষ্য ভ্ৰষ্ট হৈ উভতি গ'ল। আকাশত হোৱা কামানৰ গোলাবৰ্ষণৰ দৃশ্য কি অপূৰ্ব আছিল। ৰঙা ৰঙা জুই বহু ওপৰলৈ গৈ আকৌ নামি আহে। সৰুতে যুদ্ধৰ বিভীষিকা অনুভৱ কৰিব পৰা নাছিলো বাবে দেৱালীৰ আকাশলৈ চোৱাৰ দৰে, আকাশৰ গোলাবৰ্ষণ চাই বৰ ফুৰ্তি পাইছিলোঁঁ। গান্ধীবস্তিৰ মানুহে নৱগ্ৰহ পাহাৰৰ পৰা হোৱা কামানৰ গোলাবৰ্ষণৰ কাণ তাল মৰা শব্দ শুনিছিল।


১৯৬৫ চনৰ ভাৰত-পাকিস্তানৰ এই যুদ্ধত ভাৰত জয়ী হৈছিল। ফলত পাকিস্তানে সন্ধি কৰিবলৈ বাধ্য হৈছিল। এই সন্ধি-চুক্তি স্বাক্ষৰ হৈছিল ছোভিয়েট ৰুছিয়াৰ টাচকেন্টত। এই চুক্তিৰ স্বাক্ষৰ হোৱাৰ পাচতে হৃদৰোগত আক্ৰান্ত হৈ টাচকেন্টতে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীদেৱৰ মৃত্যু হৈছিল। এইদৰে ১৯৬৫ চনৰ ভাৰত পাকিস্তান যুদ্ধৰ পৰিসমাপ্তি ঘটিছিল। কিন্তু ১৯৭১ত পুনৰ ভাৰত-পাকিস্তানৰ যুদ্ধ হৈছিল।


সেই সময়ত পূৱ পাকিস্তানত শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত পাকিস্তানৰ পৰা শোষণমুক্ত হোৱাৰ গণ আন্দোলন চলিছিল। তেতিয়া তাত পাকিস্তানী সৈন্যই গণহত্যা চলাইছিল। পূৱ পাকিস্তানৰ জনসাধাৰণক ৰক্ষা কৰাৰ অৰ্থে ভাৰতে যুদ্ধত লিপ্ত হৈছিল। এই যুদ্ধত ভাৰতে অতি কম সময়তে জয়ী হৈছিল আৰু এই যুদ্ধৰ বিশেষ প্ৰভাৱ গুৱাহাটীত দেখা নাছিলোঁ। কেৱল অসমলৈ যুদ্ধৰ শৰণাৰ্থীৰ আগমন ঘটিছিল আৰু বন্দী পাকিস্তানী সেনাবোৰক ধৰি আনি চাংসাৰিৰ সেনা চাউনীত কিছুদিন বন্দী কৰি ৰখা হৈছিল। পাচত ভাৰতীয় সেনাই পূৱ পাকিস্তানক শ্বেখ মুজিবুৰ ৰহমানৰ হাতত গতাই দিছিল আৰু তেওঁ স্বাধীন বাংলাদেশ প্ৰতিস্থা কৰিছিল। সেই সময়ৰ গুৱাহাটীবাসীয়ে অনুভৱ কৰা যুদ্ধৰ বিভীষিকা এতিয়া ইতিহাস হ'ল। ভৱিষ্যতে যাতে আৰু এনে কোনো যুদ্ধ নহয়, তাৰেই মাথোঁ কামনা কৰিলোঁ।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability if the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.

92 views0 comments