Search

ভাল খবৰৰ সন্ধানত

Updated: Aug 17

প্ৰণৱ শৰ্মা



(প্ৰথম খণ্ড)


ৰাতিপুৱা উঠি ফুৰিব যোৱা অভ্যাসটো বহু দিনৰ৷ তাহানি ৰমেন দাস মানে গুদু দাই আৰম্ভ কৰা জগিং ক্লাবৰ দিনৰ পৰা যে আৰম্ভ হৈছিল, তাৰ ইতি পৰা নাই৷ দৌৰি আহি আমি সকলোৱে বাৰোৱাৰীৰ বৰ গছ জোপাৰ তলত ঘূৰণীয়াকৈ বহি ডেকা নিউজ এজেঞ্চিলৈ অহা দৈনিক অসম আৰু আসাম ট্ৰিবুউনৰ পাতত চকু ফুৰাই সকলো ঘৰা ঘৰি গৈছিলো৷


এনেকৈ আমি লাহে লাহে ডাঙৰ হলো৷ বৰ গছ জোপাও বুঢ়া হ’ল৷ আমাৰ বহুতে কলেজ এৰি ব্যৱসায়ত ধৰিলে, কোনোবাই চাকৰি পাই আতৰি গল৷ মোৰ ৰুটিন কিন্তু চলি থাকিল৷


লাহে লাহে বৰ গছ জোপা নাঙঠ হৈ আহিল৷ ছাঁ নিদিয়া হ’ল৷ চৰাই চিৰিকটিৰ কোলাহল লাহে লাহে নোহোৱা হৈ আহিল৷ এদিন হঠাৎ কৰ্তৃপক্ষই মানুহ পঠিয়ালে গছ কাটিবলৈ৷ সেই দিনা আমি সকলো আবেগিক৷ গছডাল কব নোৱাৰাকৈ আমাৰ বৰ আপোন হৈ পৰিছিল৷ সন্ধিয়া আমি ইয়াৰ তলতে বহি শীৱানী, মৌছুমীহতক জোকাবলৈ প্লট  ৰচিছিলো৷ গাভাস্কাৰৰ ক’ভাৰ ড্ৰাইভ'ৰ প'ষ্টমৰ্টেম কৰিছিলো৷ কাৰোবাক লগ কৰিবলৈ আমাৰ এটা ঠিকনা আছিল৷ আবেগত আমি সকলোৱে মিলি সিদ্ধান্ত ললো, আমি এডাল নতুন গছ ৰুম৷ এডাল আহত গছ৷ যি কেতিয়াও আহত নহয়৷


নতুন আহত জোপা লাহে লাহে ডাঙৰ হ’ব ধৰিলে৷ ময়ো  নতুন নতুন বন্ধু পালো৷ আমাৰ আদ্দা আকৌ পকিবলৈ আৰম্ভ কৰিলে৷ কিন্তু আদ্দাৰ বিষয় বস্তু সলনি হ'ল৷ ঠাই খনো বহু সলনি হ’ল৷ কিবা বজাৰ যেন হ’ল৷ এটা সময়ত ইয়াত কেৱল ডেকা নিউজ এজেঞ্চি আৰু অতুল দাৰ চাহৰ দোকানখন আছিল, য’ত আমি সন্ধিয়া ৭৫ পইছাৰে পৰঠা খাইছিলো৷ আগতে আমি প্ৰায় সকলো সমনীয়া আছিলো৷ এতিয়া কিন্তু আমি বিভিন্ন বয়সৰ, বিভিন্ন কৰ্মক্ষেত্ৰৰ, বিভিন্ন স্বাদত থকা মানুহ৷ কিন্তু আমি প্ৰত্যেকে সাৱধান ৰাজনীতিক লৈ৷ যদিহে কোনোৱে ৰাজনৈতিক আলোচনা আৰম্ভ কৰিব বিচাৰে, সকলোৱে হয় দেৰি হৈছে, নহয় আন কিবা চেলু উলিয়াই যাবলৈ বিছাৰো৷ আগতে তেনে নাছিল৷ আমি বিভিন্ন বিষয়ত কথা পাতো৷ আছু, এছ এফ আই, সত্যম শিৱম সুন্দৰম, ববী, ভ্ৰাম্যমাণ আদি সকলো বিষয়৷ কোনো শঙ্কা নাছিল, কোনো ভয় নাছিল৷


আমাৰ আদ্দা বোৰ চলিব ধৰিলে৷ এতিয়া আদ্দা কেইবাটাও হ’ল৷ মানুহো বাঢ়িল৷ হয়টো মানুহবোৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিবলৈ আৰম্ভ কৰিছে৷ আমাৰ আদ্দাবোৰৰ এটা লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰা গছ জোপাৰ তলত, আন কেইটা নতুনকৈ বহা কেঞাৰ চাহৰ দোকানত৷  মই কিন্তু বৰ গছ জোপাৰ ঠাই মানে আহতৰ গুড়ি এৰা নাই৷ আমাৰ আদ্দাত আমি প্ৰায় ন জন৷ মই, অৰুন আৰু পাপু পুৰণি৷ পাপুৱে চাহ বাগানৰ কাম বাদ দি পুনৰ অৰুণ আৰু মোক লগ দিছেহি৷ বাকী সকলো নতুন৷ বিভিন্ন বয়সৰ৷ আমাৰ আদ্দাৰ মুল বিষয় আগদিনা ৰাতিৰ বিভিন্ন চেনেলত চোৱা চিৰিয়েল সমুহ৷ মই কিন্তু এজন মানুহক প্ৰায় লক্ষ্য  কৰিছিলো৷ মানুহজন বৰ মাৰ্জিত৷ আমাৰ লগত অলপ কথা পাতিব৷ কিন্তু ডেকা নিউজ এজেঞ্চিৰ কাকতৰ টোপোলাবোৰ আহি পোৱাৰ লগে লগেই এটা টোপোলা লৈ তেওঁ যাবলৈ ওলায় মানুহ জনক কাকতৰ হ’কাৰ কৰা যেনো নালাগে৷


লাহে লাহি মই মানুহ জনৰ লগত আত্মীয়তা বঢ়াই আনিলো৷ গম পালো তেখেত কেন্দ্ৰীয় গড়কাপ্তানি বিভাগৰ অৱসৰপ্ৰাপ্ত অধিক্ষক অভিযন্তা৷ অৱসৰ পোৱাৰ পিচত হেপীভিলাত এটা ফ্লেট কিনি লৈ তাতে উঠিছেহি৷ খবৰ কাকত পঢ়াটো তেওঁৰ এটা চখ৷ হয়তো চাকৰি কালত নিজৰ অফিচতে বিভিন্ন খবৰ কাকত পাইছিল৷ কিন্তু অৱসৰ পোৱাৰ পিচত অলপ অসুবিধা পালে৷ সেয়েহে তেওঁ এই কামটো উলিয়াই লৈছে৷ তেওঁ থকা বিল্ডিংটোৰ সকলো কাকত তেওঁ বিলাই দিবলৈ দায়িত্ব লৈছে৷ ডেকা এজেঞ্চিৰো সময় বাছিল৷ তেওঁৰো বিভিন্ন বাতৰি কাকত পঢ়া নিচা চলি থাকিল৷ সাংঘাতিক positive মানুহ৷ বাতৰি কাকত লৈ গৈ হেনো তেখেতে তেওঁলোকৰ বিল্ডিংৰ তলত আন এটা আড্ডাত বহিব old friend সকলৰ লগত৷ আমি হেনো young friend.


যোৱা কেইদিন মান আমাৰ সকলোবোৰ অলপ অনিয়মিত হৈছিল৷ বিশ্ব কাপৰ জড়তা শেষ হোৱা নাছিল৷ লাহে লাহে আমিবোৰ আকৌ লগ হ'ব ধৰিলো৷ কিন্তু মোৰ নতুন বন্ধু অভিযন্তা জনক দেখা পোৱা নাই কেইবাদিনো৷ ইফালে ডেকা নিউজ এজেঞ্চিৰ লৰা জনেহে অভিযন্তাজন থকা বিল্ডিংটোৰ পেপাৰ সমুহ দিয়া আৰম্ভ কৰিছে৷ মই তেখেতৰ দৰে Positive নহয়৷ মনলৈ বেয়া চিন্তাবোৰ আহিবলৈ ধৰিলে৷ হয়তো বেমাৰ৷ লৰা ছোৱালী বাহিৰত থাকে৷ অ কবলৈ পাহৰিছো৷ তেখেতৰ পত্নী এই সংসাৰত নাই৷ অকলে থকা মানুহ৷ কিবা এটা হৈছে নিশ্চয়৷ মনে মনে ঠিক কৰিলো৷ তেখেতৰ খবৰ এটা লম৷

(ক্ৰমশ)

::x::x::x::

The Writer Pranab Sarma

is a Master of Business Administration

currently working as an independent

financial consultant and

lives in Guwahati


[Disclaimer: The opinions expressed in our Blog are those of the author(s) and do not reflect the opinions of the Publisher.]

37 views