Search

ভাল খবৰৰ সন্ধানত

প্ৰণৱ শৰ্মা



বন্ধুৰ মোলৈ প্ৰশ্ন, 'কি বিচাৰিছে?'

মোৰ পোনপটীয়া উত্তৰ, 'খবৰ কাকতখন!'


নাই ইয়ং মেন... নাই৷ গৰজি উঠিল বন্ধু৷ মই খবৰ কাকত ৰখা বন্ধ কৰিলো৷ কি পাব খবৰ কাকতত! অসামৰিক সেৱাৰ বিষয়াই পইছা দি চাকৰি লোৱাৰ খবৰ নে স্বামী অগ্নিবেশ? এইবোৰ খবৰ, ধেৎ নালাগে ইয়ং মেন, নপঢ়ো এনে খবৰ৷


মই থতমত খালো৷ এজন মানুহ, যিজনে খবৰ কাগজ পঢ়াৰ লোভত অন্যৰ খবৰ কাগজ কঢ়িয়াই আনে, তেনে এজন মানুহে খবৰ কাগজ পঢ়া বাদ দিলে৷ মই আচৰিত হ'লো৷ মুৰ খজুৱাই খজুৱাই ক'লো, 'খবৰটো খবৰেই৷ ভাল খবৰ নাথাকিলে খবৰ কাকতে কি কৰিব?'


বন্ধু অলপ শান্ত হ’ল৷ ক'লে, 'কোনে কৈছে ভাল খবৰ নাই? এইবোৰেই ভাল খবৰ৷ মাত্ৰ সজাব লাগে।'


মই আচৰিত৷ বন্ধুক ক'বলৈ নিদি মই অলপ উচ্চ স্বৰত আৰম্ভ কৰিলো, 'ছাৰ, মই বুজি নাপালো৷ এই খবৰবোৰৰ বাবে আপুনি আপোনাৰ ইমান ডাঙৰ চখ মানে বাতৰি কাকত পঢ়া বন্ধ কৰি দিলে, অথচ এতিয়া কৈছে এইবোৰেই ভাল খবৰ৷ আপুনি দুই বিপৰিত বিন্দুত অৱস্থান লৈছে, ছাৰ৷'


এনেতে যতিনে আমাৰ ব্ৰেক ফাষ্ট যতনাই দি আমাক ডাইনিং টেবুললৈ আমন্ত্ৰণ কৰিলে৷ মই উঠি টেবুলৰ কাষৰ বেচিনটোত হাত মুখ ধুই, কাষতে ওলোমাই থোৱা টাৱেলখনত হাত মুখ মচি টেবুলত বহিলোঁ৷ বন্ধু ইতিমধ্যেই বহিছে৷ খোৱাৰ টেবুলত ভিজা চিৰাৰ সৈতে সিজোৱা আলুৰ ভাজি৷ লগত নৰসিংহ পাত৷ কাষত একোগিলাছকৈ ফলৰ ৰস৷ খুব সাধাৰণ কিন্তু বৰ আটোমটোকাৰীকৈ বনোৱা জলপান৷ বন্ধুৱে খাই খাই ক'বলৈ আৰম্ভ কৰিলে৷


ইয়ং মেন চাওক, এই যে পইছা দি এপিএছচি'ৰ চাকৰিবোৰ লৈছে, দোষ কাৰ? যি প্ৰতিযোগিতাৰ যুগ, কোনোবাই যদি সৰু সুযোগ এটা পায়, এৰি দিব নোখোজে৷ নাভাবিব এই ল'ৰা ছোৱালী সকলো বোৰ জধা মুৰ্খ বা বৰ ধনী ঘৰৰ ল'ৰা ছোৱালী৷ কোনোবাই ঘৰৰ মাটি বেচি চাকৰি লৈছে৷ এনে অপমান, ইহতে জানো জীয়াই থাকিব পাৰিব? এনে বক্ৰ পথ লবলৈ কোনে বাধ্য কৰালে?


মই চিন্তা কৰি কলো, 'ছাৰ, অপৰাধ কৰিলেটো শাস্তি পাবই৷'


বন্ধুৱে ধমকিৰ সুৰত কৈ উঠিল, 'ইয়ং মেন, অপৰাধ! কোনে কৰিলে অপৰাধ? আপুনি তাৰা প্ৰসাদৰ নাম শুনিছে?' মই মুৰ জোকাৰি সন্মতি দিলো৷


এই তাৰা প্ৰসাদৰ ঘৰত পোৱা ইমানবোৰ টকা ক'ৰ পৰা আহিছিল? পিচলৈ তেওঁৰ কি হ’ল? কিবা বিচাৰ হৈছিল নে? এই লৰা ছোৱালী কেইটাই এইবোৰ সকলো জানিছিল৷ সিহতে ধাৰণা কৰি লৈছিল, টকা দি চাকৰি লোৱাটো তেওঁলোকৰ এটা সামাজিক যোগ্যতা৷ তেওঁলোকে এই যোগ্যতা কামত লগাইছিল৷ নহ'লে যে আনে ল'ব৷ ইয়াতো প্ৰতিযোগিতা। কিন্তু খবৰ কাকতে বাতৰি সজালে ৰঙীন ফটোৰ সৈতে। ক'লে সিহতবোৰৰ কাৰোবাক এয়াৰ কণ্ডিচনাৰ লাগে, কাৰোবাক আকৌ হেনো লাগে টাইলছ লগোৱা বাথৰুম, মখমলৰ বিছনা৷ কিন্তু সমাজত কাঠফুলাৰ দৰে পোখা মেলা কদৰ্য্য ব্যৱস্থাটোৰ ওপৰত কিবা লিখিলে নে? এইবোৰ ভাল বাতৰি? এইবোৰ বাতৰি নহয়, এইবোৰ মছলা৷'


মই বাকৰুদ্ধ হৈ গলো৷ কথাতো মিছাও নহয়, আমাৰ চিষ্টেমটোৱে এটা বিশেষ যোগ্যতা নিৰূপণ কৰি থৈছে৷ পইছা দি সাংসদ ক্ৰয় কৰি শাসনত বৰ্তি থকাৰ উপায় যি সমাজ ব্যৱস্থাত আছে, তেনেস্থলত এনে প্ৰক্ৰিয়াৰে চাকৰি ল'বলৈ যোৱাটো কি ডাঙৰ কথা  হল? যদি এই যোগ্যতাৰ বা প্ৰক্ৰিয়াৰ ব্যৱস্থা নাথাকিলে হয় তেন্তে এই ল'ৰা ছোৱালী কেইটাৰ প্ৰায় ভাগেই হয়টো চাকৰি পালে হয়৷ মনটো বৰ ভাগৰুৱা হৈ পৰিল।


বন্ধুৱে অনৰ্গল কৈ গ’ল, 'মই যে প্ৰায় বোৰ বাতৰি কাকত পঢ়ো, আচলতে মই বাতৰি সমুহ নিৰিক্ষণ কৰো৷ আগতে মাথো বাতৰি আছিল৷ এতিয়া মছলা হ’ল৷ কিছুমানৰ মছলাৰ প্ৰকোপত আছিল বাতৰিতোৱেই হেৰাই যায়৷ আপুনিয়ে এদিন আদ্দাত কৈছিল যে নাটকৰ বিশেষ বিশেষ শব্দ কিছুমানত বিশেষ যোৰ দি, কিছু শব্দ ৰিপিট কৰি নিগেটিভ নাটকো পজিটিভ কৰি ল'ব পাৰি৷ অথচ তেওঁলোকটো শব্দৰ ৰজা৷ কিয় তেওঁলোকে এনে নিগেটিভ খবৰ শব্দৰ প্ৰয়োগেৰে পজিটিভ কৰি পৰিৱেশন কৰিব নোৱাৰে৷ সমাজক বাতৰিৰ সত্যতা কিয় দেখুৱাব নোৱাৰিলে? সমাজক অনুভৱ হব দিব লাগিব ক’ত ব্যাধি হৈছে৷ তাত হে বাতৰি পৰিৱেশন কৰোতাজনৰ সাফল্য৷ অভিমণ্যুৰ দৰে চক্ৰবেহুত সোমাই পৰা সেই ল'ৰা ছোৱালী কেইটাক উপলুঙা কৰাটো ভাল বাতৰি হব নোৱাৰে৷'


লাহে লাহে আমাৰ জলপান খোৱা শেষ হ’ল৷ ফলৰ ৰসৰ গিলাচ হাতত লৈ আকৌ ছোফাত বহিলোহি৷


বন্ধুৱে ক'বলৈ আৰম্ভ কৰিলে, 'ইয়ং মেন জানে নহয়, No pain, no gain, আচলতে যিকোনো positive মানে সুখৰ অনুভূতি পাবলৈ, কিছু বেদনা মানে pain আপোনাই ল'বই লাগিব৷ পইছা দি চাকৰি লোৱা বাতৰিটো যদি সুন্দৰ ভাবে সজাই আগবঢ়ালেহেতেন, সমাজখনে নিজৰ দেহত থকা ব্যাধিৰ বেদনা অনুভৱ বাৰুকৈয়ে কৰিলেহেতেন৷ সেই ল'ৰা ছোৱালী কেইটাও এই সমাজৰেই৷ প্ৰসুতিয়ে প্ৰচণ্ড বেদনাৰ পাচতহে সন্তান জন্ম দিয়ে৷ আমি ৰাইজেও সমাজৰ ভালৰ বাবে কিছু কষ্ট বা pain অনুভৱ কৰিব লাগিব৷ এই অনুভব আমাক সংবাদ মাধ্যমে দিব লাগিব৷ তেহে ভাল বাতৰি সৃষ্টি হব৷'


এনেতে যতিনে সৰু বটা এখনত অলপ গুৱামুৰি আনি মাজৰ টেবুলখনত থ'লে৷ মই ঠিয় হৈ অলপ গুৱামুৰি মুখত লৈ আহিবলৈ ওলালো৷ বন্ধুৱেও থিয় হৈ গুৰুগম্ভীৰ মাতটোৰে কলে, 'ইয়ং মেন, আহি থাকিব৷' ময়ো তেখেতক ৰাতিপুৱা পুণৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দি  ঘৰমুৱা হ'লো৷


ঘৰলৈ বুলি বাট বোলোতে সেই বিখ্যাত কথা ফাকি হঠাতে মনলৈ আহিল। কোনোবাই কৈছিল, 'বতাহৰ লগত উৰি যোৱাটো খবৰ নহয়, বতাহক নিয়ন্ত্ৰণ কৰি উৰি যাব পৰাটোহে আচলতে খবৰ।'


বন্ধুৱে পুণৰাই সেই কথাকেই যেন আকৌ এবাৰ সোঁৱৰাই দিলে।

(সমাপ্ত)

::x::x::x::

The Writer Pranab Sarma

is a Master of Business Administration

currently working as an independent

financial consultant and

lives in Guwahati


[Disclaimer: The opinions expressed in our Blog are those of the author(s) and do not reflect the opinions of the Publisher.]

25 views