Search

মোৰ প্ৰথম নাট্যৰচনা

জিতেন শৰ্মা



ইয়াৰ আগতেই উল্লেখ কৰা হৈছিল - জীৱনৰ প্ৰথমটো নাট্যাভিনয় দৰ্শনৰ অভিজ্ঞতা হৈছিল আমাৰ পিতৃভূমি চকলাপাৰৰ সীমাতে লাগি থকা বৰবৰী থানৰ বাসন্তী খোলাত। এই বাসন্তী খোলাতে পৰৱৰ্তী সময়ত, বোধহয় আমাৰ বয়স তেতিয়া দহ বছৰমান হ'ব - আন এখন নাটক চোৱাৰ সৌভাগ্য ঘটিছিল। নাটকখনৰ নাম 'মগৰিবৰ আজান', নাট্যকাৰ দুজন কৃষ্ণকান্ত ভট্টাচাৰ্য আৰু সাৰদাকান্ত বৰদলৈ। নাট্যকাৰ, পৰিচালক এইসকলৰ কথা তেতিয়া মনলৈ অহাৰ প্ৰশ্নই নাহে। এটাই কথা মনত আছে চকলাপাৰৰ ঘৰৰ আন মানুহবোৰৰ লগত 'থিয়েটাৰ' চাবলৈ আহিছিলোঁ - যিখন থিয়েটাৰৰ নাম আছিল 'মগৰিবৰ আজান'। বাকী কথা বাদ দিলো, নাটকখনৰ মূল চৰিত্ৰ লথৌ আৰু কৰিম'ৰ ভূমিকাত অভিনয় কৰিছিল বৰবৰী চকৰ সৰবৰহী অম্বিকা মাষ্টৰ (বৰবৰী হাইস্কুলৰ শিক্ষক প্ৰয়াত অম্বিকা ডেকা) আৰু পাজিপৰৰ মনোৰঞ্জন দাদাই (মনোৰঞ্জন চক্ৰৱৰ্তী - পৰৱৰ্তী সময়ৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা)। দুয়োজন আমাৰ চিনাকি বাবে চৰিত্ৰ দুটাই খুইব সহজতে আকৰ্ষণ কৰিছিল। তদুপৰি দুয়োৰো যি সাৱলীল অভিনয় সেয়া বহুত দিনলৈ চকুৰ আগত ভাহি থাকিল।


ঘটনাক্ৰমত সেই সময়তে আমি নলবাৰী নগৰৰ বাসিন্দা হ'লোহি। নলবাৰী দেৱীৰাম পাঠশালা হাইস্কুলত ভৰ্তি হ'লো। তাতেই লগ পালোঁ শ্ৰীযুত হৰনাথ ভট্টাচাৰ্য ছাৰক। এই গৰাকী শিক্ষাগুৰুৱে প্ৰায় হাতত ধৰি আমাক সুকুমাৰ কলাৰ পৃথিৱীখনলৈ আগবঢ়াই আনিলে। ছাৰে পাঠদানৰ সমান্তৰালকৈ আমাক নাচ, গান, নাটকৰ কথা কয়। মিটিংত বক্তৃতা দিয়াৰ অভ্যাস কৰোৱায়, আবৃত্তি কৰিবলৈ শিকায়। তেতিয়া আমি ষষ্ঠমান শ্ৰেণীৰ ছাত্ৰ। স্কুলৰ বাৰ্ষিক অধিৱেশন। সেইসময়ত স্কুলৰ বাৰ্ষিক অধিৱেশন মানে কেৱল মাত্ৰ এখন সভাই নহয়, এখন বিচিত্ৰানুষ্ঠানতহে পৰিণত হয়। এটা দৃশ্য, এটা আধুনিক গীত, এটা আবৃত্তি, এটা সমবেত নৃত্য... এইবোৰ কাৰ্যসূচীৰে ভৰি থাকে বাৰ্ষিক অধিৱেশনৰ দিনটো। বিশিষ্ট অতিথিসকল উপস্থিত থকা সেই সভাতে বিভিন্ন কাৰ্যসূচীৰ প্ৰতিযোগী সকলৰ মাজৰ পৰা প্ৰথম, দ্বিতীয়, তৃতীয় বাছনি কৰি পুৰস্কাৰ দিয়া হয়। এই পুৰস্কাৰ লাভ কৰা মানে স্কুলৰ অবিসম্বাদী 'হিৰো'। তাৰ লগত বাৰ্ষিক খেলধেমালিৰ পুৰষ্কাৰ, বছৰেকীয়া পৰীক্ষাৰ স্থানপ্ৰাপ্তসকলৰ পুৰস্কাৰ, বছৰযোৰা কৃতকাৰ্য্যতাৰ অন্যান্য পুৰস্কাৰসমুহে পাত্তাই নাপায়।


সেই বছৰেকীয়া অধিবেশনৰ এপষেকমান আগতে ভট্ট ছাৰে আমাক আদেশ দিলে - "বাৰ্ষিক অধিবেশনৰ দিনা তই এটা দৃশ্য উপস্থাপন কৰিব লাগিব। মই ঠিক কৰি নিদিওঁ, কি কৰ নিজে ঠিক কৰি ল'বি।" ছাৰৰ আদেশ মানে অলংঘনীয়। দৃশ্য কৰিবই লাগিব। তাৰ আগতে মঞ্চত উঠাৰ অভ্যাস সেই এবাৰেই...মাত্ৰ দুই মিনিট মানৰ বাবে। কিন্তু এতিয়াটো সম্পূৰ্ণ দহ বা পোন্ধৰ মিনিটৰ কথা। আমাৰ বয়সৰ লগত মিলা নাটকৰ দৃশ্য ক'ত পাওঁ? নাটক বা ক'ত বিচাৰি পায়? ভাবোতে চিন্তোতে চাৰি পাচদিন গ'ল। শেষত মৰণত শৰণ দি নিজেই কলম কাগজ লৈ বহি গ'লো। চকুৰ আগত ভাহি থকা 'মগৰিবৰ আজান'ৰ লথৌ আৰু কৰিম'ৰ আৰ্হিত ভোদোক আৰু ৰুদাই নামৰ দুটা চৰিত্ৰৰে সৃষ্টি হ'ল দহমিনিটৰ এটা 'দৃশ্য'। ভট্ট ছাৰক দেখুৱালো। ছাৰে ক'লে - "হ'ব, তহঁতে ৰিহাৰ্চেল কৰ।" মোৰ সংগী ছাৰেই নিৰ্বাচন কৰি দিলে - মোৰ সখী ভূৱনেশ্বৰ শৰ্মা যাৰ সৈতে আজিও মোৰ অভিন্ন সম্পৰ্ক। সলসলীয়াকৈ পাৰ্ট মুখস্থ কৰি দুয়ো মঞ্চত উঠিলো। প্ৰথম পুৰস্কাৰ পালোঁ জীৱনৰ প্ৰথমখন নাট্য ৰচনাতে। সভাৰ শেষত মুখ্য অতিথিকে ধৰি সকলোৱে প্ৰশংসা কৰা সময়ত মনলৈ আহি থাকিল "পুৰষ্কাৰ কোনে পালে মই আৰু সখী নে 'মগৰিবৰ আজান'ৰ লথৌ আৰু কৰিমে?


::x::x::x::


প্ৰায় ডেৰশ খনৰো অধিক নাটক ৰচনাৰে অসমৰ নাট্য সাহিত্যৰ জগতত এখন নিগাজী আসন লাভ কৰিবলৈ সক্ষম হোৱা জিতেন শৰ্মা একেধাৰে ছুটি গল্প আৰু উপন্যাস ৰচয়িতা হোৱাৰ উপৰিও অসমৰ সংবাদ জগতৰো এক পৰিচিত নাম। ২০১৮ চনত অসম চৰকাৰৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বটাৰে বিভূষিত জিতেন শৰ্মা প্ৰসাৰ ভাৰতী দূৰদৰ্শনৰ অন্তৰ্গত বাচনি কমিটি তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বাছনি কমিটিৰো এগৰাকী সন্মানীয় সদস্য। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক শৰ্মাৰ নাটক ইতিমধ্যেই কেইবাটাও ভাৰতীয় ভাষালৈ অনুদিত হৈছে। ৰিজাৰ্ভ বেঙ্কৰ চাকৰিৰ পৰা অৱসৰপ্ৰাপ্ত শৰ্মা গুৱাহাটীৰ নিগাজী বাসিন্দা।


Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.

12 views0 comments