Search

মোৰ প্ৰথম মঞ্চ প্ৰৱেশ

জিতেন শৰ্মা



চন তাৰিখ এইবোৰ একো মনত নাই। কেৱল এটা কথা মনত আছে আমি তেতিয়া পৈতৃক ভেটি চকলাপাৰ গাৱঁৰ বাসিন্দা। সেয়া আনুমানিক ১৯৬০ চনমানৰ ঘটনা। আমাৰ সেই অঞ্চলৰ মুল অনুষ্ঠান বুলিবলৈ বহাগ বিহুৰ আগে পিছে অনুষ্ঠিত হোৱা বৰবৰী থানৰ বাসন্তী পূজাখন আৰু পূজাৰ সপ্তমী, অষ্টমী, নৱমী পূজাৰ কেইদিনৰ পূজাথলী ৰজনজনাই থকা ওজাপালি, পুতলা নাচ, ঢুলিয়া, যাত্ৰাপাৰ্টি নাইবা স্থানীয় লোকসকলে নিবেদন কৰা থিয়েটাৰ (নাট্যাভিনয়)। তেনে এক নাট্যাভিনয়তে আমাৰ পৰিয়ালৰ আটাইবোৰৰ লগত বৰবৰী থানলৈ আহি প্ৰথমবাৰৰ কাৰণে নাট্যাভিনয় উপভোগ কৰিছিলোঁ।


চকুত আধাটোপনি, আধা তন্দ্ৰাৰ মাজত চকামকাকৈ চকু কেইটা আধামেলা কৰি তৰোৱালৰ যুদ্ধ, চোকৰাৰ নাচ, ৰজাৰ দৰ্পভৰা আস্ফালন যিখিনি দেখাৰ সৌভাগ্য হৈছিল সেইয়াই আছিল জীৱনৰ প্ৰথম নাট্যদৰ্শন। তাৰ পিছত যিখিনি মনত আছে সেইয়া হ'ল - আমাৰ চৰাঘৰতে অস্থায়ীভাৱে থাকি বাসন্তী পূজাৰ মূৰ্তি সাজিবৰ বাবে বহা লোৱা কোচবিহাৰৰ বঙালী কাৰিকৰ জনক কুটুৰি কুটুৰি ভলুকা বাঁহৰ শকত চেকনিৰে তৰোৱাল বনাই লৈ তাৰে যুদ্ধ যুদ্ধ খেলা আৰু হকে বিহকে নাটকৰ বচন বুলি কেইটামান শব্দ আওৰোৱা, যেনে - 'দূৰ হ চয়তান', 'যুদ্ধ দে হাঃ হাঃ হাঃ' ইত্যাদি...।


সেই প্ৰথম নাট্যদৰ্শনতে আমাৰ শিশু মনত দ'কৈ সাঁচ কটা আন বিষয়টো আছিল অভিনেতা অভিনেত্ৰী সকলে মুখত সানি লোৱা ডাঠ ৰঙ (যাক আমি তেতিয়া আমাৰ ভাষাত 'পেন্টিং' বুলি কৈছিলোঁ) আৰু তাৰ ওপৰত লগাই লোৱা বালিচন্দাৰ চিকমিকনি। মেন্থোল লাইটৰ পোহৰত অভিনেতা অভিনেত্ৰী সকলৰ মুখৰ চিকমিকনিয়ে, মুৰত পিন্ধি থকা মুকুটৰ চিকমিকনিকো মোলান পেলাই দিছিল বাবেই হবলা সেই পাচ, ছয় বছৰ বয়সতে মনত দুৰ্বাৰ আশা এটাই বাহ লৈছিল - জীৱনত এবাৰলৈ হ'লেও মুখখনত এই পেন্টিং ঘঁহি চিকমিকাই তুলিব পৰা হেতেন!


তাৰ দুবছৰৰ ভিতৰতে আমাৰ স্থায়ী ঠিকনা নলবাৰী চহৰলৈ স্থানান্তৰিত হ'ল। নলবাৰীলৈ আহি অভ্যাসন বিদ্যালয়ৰ দ্বিতীয়মান শ্ৰেণীত ভৰ্তি হ'লো। অভ্যাসন বিদ্যালয় মানে আমাৰ ঘৰৰ প্ৰায় গা'তে লাগি থকা বেছিক ট্ৰেইনিং চেন্টাৰৰ চৌহদত থকা তাত প্ৰশিক্ষণ ল'বলৈ অহা শিক্ষক সকলৰ প্ৰশিক্ষণৰ বাবে স্থাপন কৰা প্ৰাথমিক বিদ্যালয়তখন। সেই বেছিক (আমি সংক্ষেপতে গোটেই চৌহদটোকে 'বেছিক' বুলিছিলো)তে প্ৰশিক্ষণ ল'বলৈ আহিছিল আমাৰ পেহীৰ ফালৰ সম্বন্ধীয় ভিনদেউ হৰেন্দ্ৰ নাথ শৰ্মা। সেই সময়ত বেছিক বিদ্যাভ্যাসৰ লগে লগে সুকুমাৰ কলাৰ চৰ্চাও আছিল বাধ্যতামূলক। তাতে আকৌ বেছিক'ৰ প্ৰশিক্ষক ৰূপত তেতিয়া কৰ্মৰত আছিল বৰ্তমানৰ সু-গায়ক দীক্ষু, সু-অভিনেত্ৰী চন্দনা শৰ্মাহঁতৰ ককাক গুনেশ্বৰ শৰ্মা ডাঙৰীয়া। এই জন্মগত শিল্পীপ্ৰাণ ব্যক্তিগৰাকীয়ে নিজে নাটক লিখিছিল, অভিনয়, পৰিচালনা কৰিছিল, গীত লিখি নিজে সুৰ কৰি মঞ্চত পৰিৱেশন কৰিছিল, সুন্দৰ ছবি আকিছিল।


শ্ৰদ্ধেয় শৰ্মা ডাঙৰীয়াৰ উদ্যোগত প্ৰায় প্ৰত্যেক মাহতে বেছিকত অনুষ্ঠিত হৈছিল বিচিত্ৰানুষ্ঠান সমূহ। গান, নাচ, আবৃত্তি, অভিনয় কি নাছিল সেই অনুষ্ঠানবোৰত! দৰ্শকে ঠাহ খাই পৰিছিল বেছিকৰ সৰু হলঘৰটো। তাতেই প্ৰথমবাৰৰ বাবে আয়োজন কৰা হ'ল এখন পূৰ্ণাংগ নাটক মঞ্চস্থৰ। নাম 'কনৰামৰ বিলৈ', লিখক বোধহয় মিত্ৰদেৱ মহন্ত। প্ৰাপ্তবয়স্ক শিক্ষাৰ বিষয়ক লৈ নাটকখন পৰিচালনা কৰিছিল গুণেশ্বৰ শৰ্মা দেৱেই। সেই নাটকখনৰে এটা দৃশ্যত এটা সৰু ল'ৰাৰ আৱশ্যক হ'ল। মাত্ৰ এটা দৃশ্যত ওলাব লাগিব, ভাওটো হ'ল কনৰামৰ পুতেকৰ। সেই সময়ত আমাৰ অভ্যাসন বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল - আজিও আমাৰ মানস পটত স্পষ্টৰূপত জিলিকি থকা পৰম শ্ৰদ্ধাৰ মধুৰাম তামুলী ছাৰ। হৰেন ভিনদেউৱে সেই নাটকখনৰ মুখ্য চৰিত্ৰ কনৰামৰ ভাও দিব, তেওঁৰ ল'ৰাৰ ভাও দিবৰ বাবে এটা সাত / আঠ বছৰীয়া ল'ৰা লাগে। অৱধাৰিত ভাৱে মধু তামুলী ছাৰৰ ওচৰলৈ 'ডিমাণ্ড' গ'ল, হৰেন ভিনদেৱে চুপাৰিশ কৰিলে মোৰ নামটো, শ্ৰদ্ধাৰ গুনেশ্বৰ শৰ্মাৰ পৰিয়াল আৰু আমাৰ পৰিয়ালৰ সম্পৰ্ক ঘনিষ্ঠ, সঘন অহা-যোৱা গতিকে পৰিচালকৰো তাৎক্ষণিক অনুমোদন আৰু অৱশেষত মধু তামুলী ছাৰৰ পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ (মানে অডিছন পাছ কৰি) আমি 'কনৰামৰ বিলৈ' নাটকৰ শিশু অভিনেতাৰ বাছনিত উঠি গ'লো।


(...শেষ অংশ অহা খণ্ডত)

::x::x::x::


প্ৰায় ডেৰশ খনৰো অধিক নাটক ৰচনাৰে অসমৰ নাট্য সাহিত্যৰ জগতত এখন নিগাজী আসন লাভ কৰিবলৈ সক্ষম হোৱা জিতেন শৰ্মা একেধাৰে ছুটি গল্প আৰু উপন্যাস ৰচয়িতা হোৱাৰ উপৰিও অসমৰ সংবাদ জগতৰো এক পৰিচিত নাম। ২০১৮ চনত অসম চৰকাৰৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বটাৰে বিভূষিত জিতেন শৰ্মা প্ৰসাৰ ভাৰতী দূৰদৰ্শনৰ অন্তৰ্গত বাচনি কমিটি তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বাছনি কমিটিৰো এগৰাকী সন্মানীয় সদস্য। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক শৰ্মাৰ নাটক ইতিমধ্যেই কেইবাটাও ভাৰতীয় ভাষালৈ অনুদিত হৈছে। ৰিজাৰ্ভ বেঙ্কৰ চাকৰিৰ পৰা অৱসৰপ্ৰাপ্ত শৰ্মা গুৱাহাটীৰ শিলপুখুৰীৰ

নিগাজী বাসিন্দা।


Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s)

and do not necessarily reflect the opinions of the Publisher.

28 views