Search

মোৰ প্ৰথম মঞ্চ প্ৰৱেশ

জিতেন শৰ্মা



[…যোৱা খণ্ডৰ পিছৰ পৰা]


প্ৰথমতে পৰিচালক গুণেশ্বৰ শৰ্মা, তাৰ পিছত হৰেণ ভিনদেউ আৰু ঘৰৰ মা - এই তিনিগৰাকীৰ সুক্ষ্ম নিৰীক্ষণ আৰু তালিমৰ মাজেৰে পূৰ্ণগতিত আগবাঢ়িল আমাৰ জীৱনৰ প্ৰথম মঞ্চপ্ৰৱেশৰ মানে মঞ্চ অভিনয়ৰ ৰাজসূয় পৰ্ব। সেইকেইদিন অন্য কথা নাই, খেলা ধূলা, পঢ়া শুনা সকলো বাদ। অনবৰতে নাটকৰ কবলগীয়া 'ডায়লগ' পাচলাইন মুখস্থ কৰা আৰু সলসলীয়াকৈ কোৱাৰ অভ্যাস কৰা।


যথাসময়ত নাট মঞ্চস্থ কৰাৰ সেই বিশেষ দিনটো আহিল। পুৱাৰ পৰা মোৰ মনৰ অৱস্থা কি সেয়া কাকো নিশ্চয় ক'ব নালাগে। এবাৰ পেছাব লাগে, পিছ মুহূৰ্ততে পায়খানা। নাটকৰ ক'বলগীয়া বাক্য কেইটা পাহৰি যোৱা যেন।লাগে, লগে লগে উশাহ চুটি হৈ অহা যেন লাগে। মোতকৈও চাবলগীয়া অৱস্থা মা'ৰ, যেন মই নহয়, তেওঁহে মঞ্চত উঠিব। এটা সময়ত গধূলি হ'ল। হৰেন ভিনদেউ আহি ঘৰৰ পৰা মোক লৈ গ'ল। মা'য়ে গোসাই ঘৰৰ নৈবৈদ্য, চাকি জ্বলাই, কপালত সেন্দুৰৰ ফোঁট দি পদূলিলৈ আগবঢ়াই দিলে।


আৰু অৱশেষত...। সেই বহুদিনৰ ঈপ্সিত বাসনা পূৰ কৰি হৰেন ভিনদেউৱে নিজহাতে মোৰ গালত ৰং সনা আৰম্ভ কৰিলে। মুৰত গামোচা এখন বান্ধি 'পেন্টিং কৰা' সেই দৃশ্যটো আজিও চকু মুদি হুবহু বৰ্ণনা কৰিব পাৰো। তাৰ পিছত সেই সুৱৰ্ণ মূহুৰ্ত, ৰঙৰ ডাঠ প্ৰলেপৰ ওপৰত বালিচন্দাৰ চিকমিকনি। হৰেন ভিনদেৱে আয়না খন সন্মুখত দাঙি ধৰি যেতিয়া ক'লে - 'চা, কেনে লাগিছে'... এনে লাগিল যেন অন্য এখন পৃথিৱীলৈ গুচি গৈছোঁ মই। সচাকৈয়ে আয়নাত দেখাজন মইয়েইনে!...এতিয়া অৱশ্যে মনত পৰিলে হাঁহি উঠে - ভাওনাৰ কলীয়া কৃষ্ণৰ চকুৰ চেলাউৰিৰ ওপৰেদি বগা বগা ফোঁট আকি দিয়াৰ দৰে...মুখখনৰ ৰঙ বিৰঙী সেই ৰূপটো...। কনৰামৰ পুতেক এটা গাৱলীয়া সাত/আঠ বছৰীয়া ল'ৰা, তাৰ মুখত ইমানবোৰ ৰঙৰ প্ৰয়োজন সঁচাকৈয়ে আছিলনে! কিন্তু মোৰ অভিনয়ৰ প্ৰথম চৰ্তটোৱেই যে আছিল সেইটোৱে - 'মোক ৰজাৰ দৰে পেন্টিং লগাই দিব লাগিব। মুখখন জিকমিকাই থাকিব লাগিব, তেতিয়াহে মই পাৰ্ট কৰিম'। অভিনয় চাবলৈ মা' যোৱাৰ প্ৰশ্ন নুঠে, কাৰণ তেতিয়া প্ৰেক্ষাগৃহৰ নাটকত মহিলা দৰ্শকৰ প্ৰৱেশ নাই। নাটকৰ পিছত আকৌ ভিনদেৱে আনি মোক ঘৰত থৈ গ'লহি।


মা'য়ে মোৰ মুখখন চাই কি কৰিব, কি নকৰিব, এবাৰ লেমৰ পোহৰত ওচৰৰ পৰা, এবাৰ দূৰৈৰ পৰা বৰপুত্ৰক 'চাই চাই যেন হেপাহ নপলায়'। আৰু এই অভিনেতাপ্ৰবৰে! মঞ্চত উঠি মুখস্থ মাতি একে উশাহতে বাক্য কেইটা শেষ কৰি মঞ্চৰ ভিতৰলৈ যি সোমালো, দূৰে দূৰে থাকিলো যাতে মুখৰ ৰঙত কাৰো হাত নপৰে। কোনোবাই আজি বিশ্বাস কৰিবনে - তাৰ পিছত সম্পূৰ্ণ তিনিদিন মুখত পানী লগোৱা নাছিলো, গা ধোৱা দূৰৈৰ কথা, কিজানিবা মুখৰ 'পেন্টিং' খিনি ধোৱা যায়, কিজানিবা চিকমিকনিটো উঠি যায়।


তিনিদিনৰ পিছত মধু তামুলী ছাৰে ঘৰলৈ বিচাৰি আহিব লগীয়া হ'ল - কিয় মই স্কুললৈ যোৱা নাই! তাৰ পিছত...প্ৰিয় পাঠক, পিতাৰ স্কেলৰ কোবকেইটাৰ দাগ এতিয়াও পিঠিতে লাগি থকাৰ দৰে অনুভৱ হ'লেই মনত পৰে আমাৰ সেই প্ৰথম মঞ্চাভিনয়ৰ ৰাতিটোৰ কথা। বৰবৰী থানৰ বাসন্তী পূজাৰ সেই প্ৰথম নাট্যদৰ্শনৰ মাত্ৰ দুবছৰৰ ভিতৰতে নিজে মঞ্চত প্ৰৱেশ কৰাৰ সুবিধা পোৱা এই অভাজনৰ আজিও যে এজন নাট্যকৰ্মীৰ পৰিচয়টো অটুট আছে তাতকৈ সৌভাগ্য আন কিবা থাকিব পাৰেনে!


::x::x::x::


প্ৰায় ডেৰশ খনৰো অধিক নাটক ৰচনাৰে অসমৰ নাট্য সাহিত্যৰ জগতত এখন নিগাজী আসন লাভ কৰিবলৈ সক্ষম হোৱা জিতেন শৰ্মা একেধাৰে ছুটি গল্প আৰু উপন্যাস ৰচয়িতা হোৱাৰ উপৰিও অসমৰ সংবাদ জগতৰো এক পৰিচিত নাম। ২০১৮ চনত অসম চৰকাৰৰ সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বটাৰে বিভূষিত জিতেন শৰ্মা প্ৰসাৰ ভাৰতী দূৰদৰ্শনৰ অন্তৰ্গত বাচনি কমিটি তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বাছনি কমিটিৰো এগৰাকী সন্মানীয় সদস্য। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক শৰ্মাৰ নাটক ইতিমধ্যেই কেইবাটাও ভাৰতীয় ভাষালৈ অনুদিত হৈছে। ৰিজাৰ্ভ বেঙ্কৰ চাকৰিৰ পৰা অৱসৰপ্ৰাপ্ত শৰ্মা গুৱাহাটীৰ নিগাজী বাসিন্দা।


Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.

27 views