Search

লাখটকীয়াৰ পৰা আৰম্ভ আবিদাৰ যাত্ৰা, পল ৰবচন ক্লাৱ'ত জুই, ভূপেনদা'ৰ আক্ষেপ

তাজুদ্দিন আহমেদ



দিল্লীত জনতা পাৰ্টী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ পতন হোৱাত দেশত সপ্তম লোকসভা নিৰ্বাচন অনুষ্ঠিত হয়। ১৯৮০ চনৰ জানুৱাৰীৰ এই নিৰ্বাচনৰ সময় চোৱাত অসমত বিদেশী বিতাড়ণ আন্দোলনে তীব্ৰতৰ ৰূপ লৈছিল। অসমৰ বিদেশী বিতাড়ণ নোহোৱা পৰ্যন্ত অসমত কোনো নিৰ্বাচন হ'ব নিদিও বুলি বিদেশী বিতাড়ণ আন্দোলনৰ নেতৃত্ববাহী সদৌ অসম ছাত্ৰ সন্থাই ঘোষণা কৰিছিল। ছাত্ৰসন্থাৰ এই ঘোষণাক কংগ্ৰেছ(ই) দলে ভ্ৰুক্ষেপ নকৰি বৰপেটা লোকসভা সমষ্টিত আবিদা আহমেদক প্ৰাৰ্থীত্ব দিছিল। আবিদা আহমেদ আছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ পত্নী। এই বৰপেটা লোকসভা সমষ্টিৰ পৰা ফখৰুদ্দিন আলি আহমেদে ৰাষ্ট্ৰপতি নিযুক্ত হোৱাৰ পূৰ্বে নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল। সেয়েহে তেওঁৰ বিয়োগৰ পাচত তেওঁৰ পত্নী আবিদা আহমেদে এই বৰপেটা সমষ্টিৰ প্ৰাৰ্থীত্বৰ টিকট কংগ্ৰেছ (ই) ৰ পৰা লাভ কৰিছিল। আবিদা আহমেদে বৰপেটাত মনোনয়ন দাখিলৰ বাবে দিল্লীৰ পৰা আহি প্ৰথমে তেওঁ গুৱাহাটীৰ লাখটকীয়াৰ নিজৰ ঘৰত থাকিবলৈ লৈছিল। অসমত আন্দোলন তীব্ৰতৰ হোৱা সময় চোৱাত ব্ৰহ্মপুত্ৰ উপত্যকাত আবিদা আহমেদৰ বাহিৰে অইন কোনো ব্যক্তিয়ে প্ৰাৰ্থী হবলৈ সাহস কৰা নাছিল। আবিদা আহমেদে মনোনয়ন দিবলৈ দিল্লীৰ পৰা অহা বুলি ছাত্ৰ সন্থাই গম পাই লগে লগে আবিদা আহমেদৰ লাখটকীয়াৰ ঘৰ ঘেৰাও কৰিছিল।

মনোনয়ন দিবলৈ যোৱাৰ দিনাখন অৰ্থাৎ ১৯৭৯ চনৰ ৯ ডিচেম্বৰত পুলিচে ছাত্ৰ সন্থাৰ ঘেৰাও বেষ্টনী ভাঙি আবিদা আহমেদক মোকলাই লৈ বৰপেটালৈ ৰাওনা হৈছিল। তেওঁলোক গুৱাহাটীৰ পৰা ওলাই গৈ ৰঙিয়াত এক বৃহৎ প্ৰতিৰোধৰ সন্মুখীন হৈছিল। ৰঙিয়াৰ প্ৰতিৰোধকাৰী সকলৰ মাজত আছিল ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ পুত্ৰ বীৰেণ বৰদলৈ, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বহু গণ্য-মান্য লোক। পুলিচে লাঠী চালনা কৰি এই প্ৰতিৰোধ আতৰাই আগুৱাই গৈছিল। অনুৰূপ ধৰণেৰে নলবাৰীটো এনে এক প্ৰতিৰোধ ভাঙি পুলিচে আবিদা আহমেদক লৈ আগুৱাই সেই ৰাতি ভৱানীপুৰ পাইছিলগৈ। তাত পুলিচে এক বৃহৎ প্ৰতিৰোধৰ সন্মুখীন হৈছিল। এই প্ৰতিৰোধ মোকলাবলৈ পুলিচে লোৱা ব্যৱস্থাত ভৱানীপুৰ কলেজৰ ছাত্ৰ খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল। খৰ্গেশ্বৰ তালুকদাৰ আছিল বিদেশী বিতাড়ণ আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ। এই দুঃখবৰটো বিয়পি সৰ্বত্ৰে বিয়পি পৰাৰ পাচত অসমবাসীয়ে অইন এটা ভাল খবৰ পাইছিল। সেইটো আছিল আবিদা আহমেদে দাখিল কৰা মনোনয়ন পত্ৰ বাতিল হৈছিল। আবিদা আহমেদে মনোনয়ন দাখিল কৰাৰ পাচত আৰু কেইবাখনো মনোনয়ন দাখিল হৈছিল যাতে আবিদা আহমেদে বিনা প্ৰতিদ্বন্দিতাই জয়ী হব নোৱাৰে। আবিদা আহমেদৰ মনোনয়ন বাতিল হোৱাৰ পাচত বাকী সকলোৱে দাখিল কৰা মনোনয়ন উভতাই লৈছিল যাতে নিৰ্বাচন অনুষ্ঠিত হ'ব নোৱাৰে।

সেই সময়ত গুৱাহাটীত বিদেশী বিতাড়ণৰ দাবীত হোৱা সত্যাগ্ৰহ আছিল অভূতপূৰ্ব। ইমান বিশাল শান্তিপূৰ্ণ আন্দোলন ইয়াৰ পূৰ্বে ক'তোৱে হোৱা শুনা নাছিলোঁ। গুৱাহাটীৰ সকলো ধৰ্মীয় আৰু ভাষিক সম্প্ৰদায়ে সত্যাগ্ৰহত ভাগ লৈছিল। নিজ নিজ অঞ্চলৰ পৰা শাৰী পাতি ওলাই ৰাজপথেৰে গৈ গুৱাহাটীৰ কেন্দ্ৰ স্থান যেনে কাছাৰী, পানবজাৰ, দীঘলীপুখুৰী আদিত সত্যাগ্ৰহ কৰি উভতিছিল। আৰম্ভণিতে ছাত্ৰ সন্থাই অকলে সত্যাগ্ৰহ কৰিছিল। পাচত ছাত্ৰ সন্থাৰ এই আন্দোলনক জনসাধাৰণে সঁহাৰি দিয়াত এই সত্যাগ্ৰহই ব্যপক ৰূপ ধাৰণ কৰিছিল।

ছাত্ৰ সন্থাই আৰম্ভ কৰা এই বিদেশী বিতাড়ণ আন্দোলনক আৰম্ভণিৰ পৰাই বিৰোধতা কৰিছিল কংগ্ৰেছ আৰু কমিউনিষ্ট দলবোৰে। পশ্চিম বঙ্গৰ সেই সময়ৰ মুখ্যমন্ত্ৰী জ্যোতি বসু আৰু কিছু কমিউনিষ্ট নেতাই এই বিদেশী বিতাড়ণ আন্দোলনক ঘোৰ বিৰোধিতা কৰি দিয়া কিছুমান মন্তব্যই কমিউনিষ্ট কৰ্মী সকলৰ ওপৰত আন্দোলন সমৰ্থনকাৰীৰ ক্ষোভ বৃদ্ধি কৰিছিল। সেই সময়ত অসমত কমিউনিষ্ট যঠেষ্ট শক্তিশালী আছিল। অসম বিধান সভাত ২০ গৰাকী কমিউনিষ্ট দলৰ বিধায়ক আছিল। গুৱাহাটীৰ আগশাৰীৰ কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত কমিউনিষ্ট ছাত্ৰ সংগঠন এছ এফ আইৰ সদস্য ভালে সংখ্যক আছিল। সেয়েহে এই কমিউনিষ্ট মতাদৰ্শী ছাত্ৰ ছাত্ৰীসকল আন্দোলন সমৰ্থনকাৰীৰ ক্ষোভৰ বলি হ'ব লগীয়া হৈছিল। সেই সময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সুপ্ৰসিদ্ধ বামপন্থী বুদ্ধিজীৱী হিৰেণ গোহাঁই কিছুমান উদণ্ড ছাত্ৰৰ হাতত লাঞ্চিত হৈছিল। তেতিয়া গুৱাহাটীত এনে এটা পৰিৱশ সৃষ্টি হৈছিল যে কোনোৱেই কোনো কাৰণতে বিদেশী বিতাড়ন আন্দোলনক সমালোচনা কৰিব নোৱাৰিছিল। কৰিলেই জাতিৰ শত্ৰু হৈ আন্দোলন সমৰ্থনকাৰীৰ ৰোষত পৰিছিল।

বৰ্তমানৰ অসমীয়া প্ৰতিদিন কাকত'ৰ কাৰ্যালয়ৰ ঠিক সন্মুখতে ৰেল লাইনৰ কাষতে এটা পুথিভঁৰাল আৰু যুৱক সঙ্ঘ আছিল। নাম আছিল পল ৰবছন ক্লাব। এই ক্লাবৰ সৰহভাগ সদস্য আছিল কমিউনিষ্ট ভাৱাদৰ্শী যুৱক আৰু ছাত্ৰ। আন্দোলনৰ কালছোৱাত কোনোবা দুষ্কৃতিকাৰীয়ে এদিন অগ্নি সংযোগ কৰি পুথিভঁৰাল সহ ক্লাবটো জ্বলাই দিছিল। শুনিছিলোঁ ভূপেন হাজৰিকাই সেই অগ্নিদগ্ধ পল ৰবছন ক্লাব'ৰ ঠাই ডোখৰ চাই খেদ প্ৰকাশ কৰিছিল।

কংগ্ৰেছ দলে আৰম্ভণিতে বিদেশী বিতাড়ণ আন্দোলনক বিৰোধিতা কৰিছিল যদিও ইন্দিৰা গান্ধীয়ে ১৯৮০ চনৰ জানুৱাৰীত পুনৰ প্ৰধানমন্ত্ৰী হোৱাত বিদেশী বিতাড়ণ সমস্যাৰ সমাধানৰ বাবে তেওঁ ১৯৬৬ চনৰ পাচত অহা বিদেশীসকলক বহিষ্কাৰ কৰিম বুলি কৈ আন্দোলনকাৰীক আন্দোলন সমাপ্ত কৰাৰ আহ্বান জনাইছিল। কিন্তু আন্দোলনকাৰীয়ে ১৯৫১ চনৰ পৰা অলপো লৰচৰ নহওঁ বুলি কোৱাত বিদেশী সমস্যাৰ সমাধানৰ পথ বন্ধ হৈ পৰিছিল।

ইতিমধ্যে ডেৰ বছৰীয়া গোলাপ বৰবৰা নেতৃত্বাধীন অসম চৰকাৰ খনৰ পাচত শপত লোৱা তিনি মহীয়া মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকাৰ পতনৰ অন্তত দুবাৰ ৬ মহীয়া ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ উকলিব লোৱাত এক সংবিধানিক সংকট আহি পৰিছিল। তেতিয়া দিল্লীত ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ পাচত ৮ গৰাকী বিধায়ক থকা অসমৰ কংগ্ৰেছ(ই) দলটোলৈ শৰৎ চন্দ্ৰ সিংহ'ৰ কংগ্ৰেছ দলৰ বিধায়ক আৰু জনতা পাৰ্টীৰ বিধায়কৰ সোঁত বৈ কংগ্ৰেছ(ই) বিধায়কৰ সংখ্যা চৰকাৰ বনাব পৰাকৈ যঠেষ্ট হৈ পৰিছিল। ফলত ১৯৮০ চনৰ ডিচেম্বৰ মাহত ছৈয়দা আনোৱাৰা টাইমূৰ'ৰ মুখ্যমন্ত্ৰীত্বত কংগ্ৰেছ(ই) দলৰ চৰকাৰ গঠন হৈছিল। ছৈয়দা আনোৱাৰা টাইমূৰ আছিল অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। কিন্তু ১৯৮১ৰ জুন মাহত টাইমূৰ চৰকাৰৰো পতন ঘটিল আৰু অসমত পুনৰ ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ল। ইফালে বিদেশী বিতাড়ণৰ দাবীৰ কোনো সমাধানৰ পথ নোলোৱাত আন্দোলন আৰু তীব্ৰতৰ হৈ পৰিল।

সেই সময়ছোৱাত ১০০ ঘণ্টীয়া অসম বন্ধ, জনতা কাৰফিউ, সত্যাগ্ৰহ আদি সঘনাই হৈ আছিল। ফলত শিক্ষানুষ্ঠানবোৰ বন্ধ হৈ ছাত্ৰ-ছাত্ৰীয়ে শৈক্ষিক বৰ্ষ হেৰুৱাইছিল। অৰ্থনৈতিক দিশত ৰাজ্যখনে আগুৱাব পৰা নাছিল। ৰাজ্যখনে এক অনিশ্চয়তাৰ দিশে গতি কৰিছিল। এনে এক পৰিস্থিতিত ৰাষ্ট্ৰপতি শাসন চলি ৰাজ্যখনৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিছিল।

বিদেশী বিতাড়ণ আন্দোলনৰ কালছোৱাত শেষ বাৰৰ বাবে হোৱা চৰকাৰখন আছিল কেশৱ চন্দ্ৰ গগৈ'ৰ চৰকাৰ। ১৯৮২ চনৰ জানুৱাৰীত গঠন হোৱা এই চৰকাৰখনৰ পতন হৈছিল দুমাহ পাচত, অৰ্থাৎ মাৰ্চ মাহত। তাৰ পাচত বিধান সভা ভঙ্গ হৈ পুনৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন হৈছিল। বিধান সভা ভঙ্গ হ'ল যেতিয়া ৰাষ্ট্ৰপতি শাসনৰ অন্ত হোৱাৰ পূৰ্ৱে নিৰ্বাচন পাতি নতুন চৰকাৰৰ গঠন কৰাটো আৱশ্যক হৈ পৰিছিল। সেয়েহে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ললে অসমত নিৰ্বাচন পাতিবলৈ আৰু নিৰ্বাচন আয়ুক্তই ১৯৮৩ চনৰ ফেব্ৰুৱাৰীৰ মাজ ভাগত একাধিক পৰ্যায়ত নিৰ্বাচন আৰম্ভ হ'ব বুলি ঘোষণা কৰিলে। ১৯৮০ চনৰ নিৰ্বাচন ব্ৰহ্মপুত্ৰ উপত্যকাত সম্পূৰ্ণ বহিষ্কাৰ হোৱাৰ বাবে অসমৰ অৱস্থা খুবেই শান্তিপূৰ্ণ আছিল। কিন্তু ১৯৮৩ ৰ নিৰ্বাচন অতি ভয়াবহ আছিল। নিৰ্বাচনক লৈ সংঘটিত হোৱা হিংসাত সমগ্ৰ বিশ্বৰ চকু ঠিয় হৈছিল।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.


[ Cover Photo Courtesy: Internet ]

51 views