Search

শৰৎকালৰ অপূৰ্ব অভিজ্ঞতা!

আন্মনা সন্দিকৈ মহন্ত


Photo: Anmona Handique- Mahanta


মই আৰু এই শৰৎকালৰ মলয়া বতাহ,

মই আৰু মোৰ কল্পনা,

সময়ৰ সোতে সোতে,

জীৱন নদীৰ পাৰে পাৰে,

বিচাৰি গৈছিলো মনৰ শান্তনা,

কিন্ত পালোঁ বহু খিনি অপূৰ্ব অভিজ্ঞতা,

এই নদীৰ সোতে দিলে মোক এটি প্ৰেৰণা,

গৈ থাকা আগুৱাই অনুপ্ৰাণিত হৈ,

নাচাবা ঘূৰি কেতিয়াও পাছলৈ,

সেয়ে সপোন বুকুত লৈ কৰিলো সকলো কামনা,

এৰা!অ’ পৃথিৱী তুমি যে কিমান ধুনীয়া!

যেতিয়া  তোমাৰ চিৰ লগৰী প্ৰকৃতি হৈ থাকে সেউজীয়া,

মানুহে যেন সলনি কৰে তেওঁলোকৰ ধ্বংসকামী ধাৰণা,

প্ৰকৃতিক বচাই ৰাখিবলৈ জগায় সামাজিক চেতনা ,

কাৰণ সকলো মিছা যদি নাথাকে এই প্ৰকৃতি,

নাথাকে কোনো শুৱলা কন্ঠৰ চৰাই চিৰিকটি,

মই আৰু এই শৰৎকালৰ মলয়া বতাহ,

য’ত মনৰ পৰা আজি কৰিলোঁ মই এই কল্পনা,

যে সদায় সজাই পৰাই ৰাখিম তোমাক মই জননী,

কাৰণ তুমিয়েই হৈছা নিস্বাৰ্থ ভাবে মানবতাৰ লগৰী৷

::x::x::x::

Poet Anmona Handique- Mahanta

hails from Guwahati and currently

lives in Nagoya, Japan


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

22 views