Search

সপোনত এটা আলসুৱা জিঞা

Poem by ৰঞ্জন কুমাৰ বৰুৱা



এটা সপোন দেখিছিলো,

জিঞা এটা অচিন ঠাইৰ পৰা আহিছিল,

জিঞাটোৰ আলসুৱা পাখিত বেলিৰ দৰে উজ্বল কিবা এটা আছিল,

ক্ৰমশ‌: জিঞাটো উজ্বল হৈ হৈ বেলিলৈ ৰূপান্তৰিত হ'ল,

তাৰপিচত বেলি ৰূপী জিঞাটোৱে

আন্ধাৰ ফালি ফালি পূব দিশত উদয় হৈছিল‌।

এটা সপোন দেখিছিলো,

পানীৰ অভাৱত লঠঙা গছ বনৰ এখন শুকান পৃথিৱী,

চিৰালফটা পথাৰ,

খেতিয়কসকলে হা-হুমুনিয়াহ কাঢ়ি এজাক বৰষূণলৈ বাট চাই আছিল

অপেক্ষাৰ অন্ত পেলাই বৰষূণৰ বতৰা লৈ এটা জিঞা আহিছিল।

এটা সপোন দেখিছিলো,

মাছমৰীয়া গাও‌খনৰ মাছুৱৈ সকল মাছলৈ যোৱা নাই,

বিমৰ্ষ মনেৰে জিঞা অহালৈ বাট চাই আছে,

কাৰণ, তেওঁলোকে বিশ্বাস কৰে যে,

জিঞা দেখিলেহে খালৈ পূৰাই মাছ পাব।

অৱশেষত এজাক জিঞা আহিল,

মাছমৰীয়া সকলৰ মুখত হাঁহি বিৰিঙিছিল।

অৱশেষত সপোনত দেখিলো,

এটা দুটা নহয়,

জাক জাক ৰঙ বিৰঙৰ জিঞাই ৰং ছটিয়াবলৈ,

সৌভাগ্য আৰু সমৃদ্ধিৰ কঠীয়া লৈ,

জড়াগ্ৰস্ত পৃথিৱী অভিমূখে আহি আছিল।

::x::x::x::





Poet Ranjan Kr. Barua

works at Govt. of Assam

and lives in Bihpuria

77 views