Search

সৰাপাত

A short story by Geetima Devi



নাতিয়েক বৈভৱৰ বিয়া আজি। মনেশ্বৰ বুঢ়াৰ গাত সেয়ে সাত বিহুৰ নাচোন উঠিছে। লাখুটিত ভৰ দি হ'লেও বুঢ়াই সকলোবোৰ কাম-কাজৰ তদাৰকী নিজেই কৰিছে। খৰিকটীয়াৰপৰা ৰভা দিয়া মানুহকেইটালৈকে কোনো সাৰি যাব পৰা নাই বুঢ়াৰ নিশ্ছিদ্ৰ তদাৰকীৰপৰা। বুঢ়াৰ চকুৰ মণি, আলাসৰ লাড়ু এই বৈভৱ। তাক মানুহ কৰাৰ ক্ষেত্ৰত বুঢ়াই কিমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিলে তাক আজিও গাওঁবাসীয়ে অকপটে সোঁৱৰে।


হওঁতে আছিল, নথকা নহয়। একালত মনেশ্বৰ বৰকেৰাণীৰ পত্নী, পো- বোৱাৰী সকলো আছিল। ঘৰখনত অনবৰতে হাঁহি- ধেমালি আৰু প্ৰাণোচ্ছল পৰিৱেশ এটাই বিৰাজ কৰিছিল। পত্নী জেউতিৰ জ্যোতিয়ে পোহৰ কৰা মনেশ্বৰৰ পৰিয়ালটিয়ে সুখেৰেই পাৰ কৰিছিল এটি এটি দিন ৰাতি। পুতেক দীপকো ডাঙৰ হৈ আহিছিল মাক- বাপেকৰ মৰম আৰু শাসনৰ মাজেৰে। স্কুল, কলেজ, বিশ্ববিদ্যালয়ৰ শেষত জীৱনৰ বাটত খোজ দিছিল সি।


তাৰ চাকৰিটো গজি উঠোঁতে দুবছৰ সময় লাগিছিল। সেইখিনি সময়ো সি এনেয়ে কটোৱা নাছিল। গাওঁখনৰ দুখীয়া ল'ৰা- ছোৱালীকেইটাক পঢ়াইছিল। প্ৰথমে ওচৰৰ দুঘৰৰ ল'ৰা- ছোৱালী চাৰিটা আহিছিল। পিছলৈ গাওঁখনৰ বাকীবোৰ স্কুলীয়া ল'ৰা- ছোৱালীও অহা আৰম্ভ কৰিছিল তাৰ ওচৰলৈ পঢ়িবলৈ। তাৰ এই বিনামূলীয়া শিক্ষাদানে ল'ৰা- ছোৱালীহঁতৰ বৰ উপকাৰ সাধিছিল। ইয়াৰোপৰি তাৰ সৰুকালিতে পঢ়া বাহিৰা সাধু কিতাপ, আলোচনী আদি ল'ৰা- ছোৱালীহঁতক আজৰি সময়ত ঘৰত পঢ়িবলৈ নিব দিছিল। এখন কিতাপ পঢ়ি ঘূৰাই দিলে আন এখন নিব পাৰিছিল সিহঁতে। আন কথাত ক'বলৈ গ'লে সি এটা পুথিভঁৰাল আৰম্ভ কৰিছিল সৰু সুৰাকৈ। গাওঁখনৰ ল'ৰা- ছোৱালীৰ মাজত কিতাপ পঢ়াৰ আগ্ৰহ জন্মিছিল। ডেকাসকলেও লাহে লাহে তাক এই কামত সহায় কৰা আৰম্ভ কৰিছিল। বয়স্কসকলে আশীৰ্বাদ কৰিছিল তাক দীৰ্ঘায়ু হ'বলৈ।


কিন্তু অদৃশ্যজনাৰ বক্ৰহাঁহিৰ ৰেখাত কি উপহাস লুকাই আছিল তাক কোনেও জনা নাছিল। দীপকৰ বিয়াৰ ঠিক দুবছৰ পিছতে এদিন সকলোটি ফুৰিবলৈ গৈছিল। উভতি অহাৰ বাটত তেওঁলোকৰ গাড়ীখনক খুন্দিয়াইছিল বিপৰীত দিশৰপৰা অহা তীব্ৰবেগী এখন ট্ৰাকে। কোনোৱে একো তৰ্কিব পৰাৰ আগতেই সকলো শেষ হৈছিল। এতিয়াও ষ্পষ্ট মনত আছে মনেশ্বৰৰ। কণমাণি নাতিয়েকক কোলাত তুলি লৈ বাকীকেইটি প্ৰাণীক জগাবলৈ তেওঁ আপ্ৰাণ চেষ্টা কৰিছিল সিদিনা, কিন্তু বিফল হৈছিল। কণমাণিটিৰ কান্দোনেও সিদিনা লৰাব পৰা নাছিল সিহঁতৰ পাষাণ কায়া।


মনেশ্বৰ বৰকেৰানীৰ সপোনৰ যৱনিকা পৰিছিল ঠিক সেইদিনাই--- এনেদৰেই। অৱশেষ আছিল মাথো এটি নমহীয়া প্ৰাণ যিয়ে তেওঁক শেষ হৈ যোৱা নাটখনৰ প্ৰথম অংকৰ প্ৰথম দৃশ্যত থিয় কৰাইছিল পুনৰবাৰ।


~ ~ ~


চুবুৰীয়াসকলে মনেশ্বৰ পাগল হ'ল বুলিয়েই ভাবিলে। সমাজৰ সকলো কামতে আগভাগ লোৱা এই মানুহজনে আজিকালি কাৰো লগত কথা- বতৰা নপতা হ'ল। অত্যাৱশ্যকীয় কামত নাতিয়েকক বুকুত সাৱটি লৈ অ'লৈ ত'লৈ যোৱাৰ বাহিৰে কোনোৱে তেওঁক ঘৰৰ বাহিৰত দেখা নোপোৱা হ'ল। অথচ ঘৰৰ ভিতৰত চিঞৰি চিঞৰি কথা কয় মনেশ্বৰে,  "হেৰা, উঠাহে। চাহ একাপো কৰি নিদিবা নেকি?" লগে লগেই পাকঘৰত বাচন- বৰ্তনৰ শব্দ হয়। অলপ পিচতেই আকৌ তেওঁ চাহৰ কাপটো লৈ  বাৰাণ্ডাত বহে। তেনেতে ভিতৰত কেঁচুৱাৰ কান্দোন শুনিলে পুনৰ উঠি যায় ভিতৰলৈ। ঘৰখনত মানুহ বুলিবলৈ কেৱল মনেশ্বৰ আৰু কেঁচুৱাটিকহে দেখা গৈছিল। অথচ পুতেক- বোৱাৰীয়েক আৰু ঘৈণীয়েক জেউতিক উদ্দেশ্যি দিনটোৰ বিভিন্ন সময়ত মনেশ্বৰে কৈ থকা কথাবোৰ শুনি চুবুৰীয়াসকল আচৰিত হৈছিল। অতীত হৈ যোৱা প্ৰাণী তিনিটিৰ আত্মাই তাৰ গাত লম্ভিলেহি বুলি ভাবি গাঁওৰ বহুতেই মনেশ্বৰক মাতবোল কৰিবলৈও ভয় কৰিছিল।


বুঢ়াই সকলো কাম নিজেই চম্ভালিছিল আৰু অকলশৰীয়া ঘৰটোত একপক্ষীয়ভাৱেই কথোপকথন চলাই নিবলৈ বৃথা প্ৰয়াস চলাইছিল। তেওঁৰ ভাৱনাত বন্দী হৈ ৰৈছিল মৰমৰ পত্নী তথা পো-বোৱাৰীৰ সাম্ভাৱ্য সংলাপ। মুঠৰ ওপৰত ঘৰখনত আটাইকেইজন মানুহৰ উপস্থিতিত মনেশ্বৰে যিখিনি কথা যেনেদৰে ক'লেহেঁতেন, এতিয়াও ঠিক তেনেদৰেই কয়। মাথো আনকেইজনৰ সংলাপখিনি নীৰৱতাই সামৰি লয়।


মনেশ্বৰৰ বন্ধু আৰু চুবুৰীয়া ভদ্ৰকান্তৰপৰা ৰাইজখনে গম পালে যে মনেশ্বৰে হেনো অকলশৰীয়া অনুভৱ নহ'বৰ বাবেহে তেনেকৈ অকলে অকলেই কথা কৈ থাকে। শুনিবলৈ আন নাথাকিলেও নাতিল'ৰাকণতো আছে অন্ততঃ। বহুতেই মনেশ্বৰক ধৰিছিল দ্বিতীয় বিবাহ কৰাবলৈ, নাতিয়েকক ডাঙৰ- দীঘল কৰাৰ স্বাৰ্থত হ'লেও। ছোৱালী দেখুৱাই দিয়া মানুহো ওলাইছিল বহুত। কিন্তু শুভাকাংক্ষী এইসকল লোকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল মনেশ্বৰ বুঢ়াই।


দুৰ্ঘটনাটো হৈ যোৱাৰ ডেৰমাহমান পিছলৈকে তেওঁ এনেদৰেই কটালে। অকলেই কৰিবলৈ চেষ্টা কৰিলে সকলো। অৱশ্যে সময়ে সময়ে ভতিজা ল'ৰা- বোৱাৰীহঁত আহি বুঢ়াৰ দুজনীয়া হৈ পৰা সংসাৰখন কিছু আগুৰি দিছিল। তথাপিও সমস্যা হ'ল উপাৰ্জনক লৈ। চাকৰিটো নকৰিলে খাব কিদৰে? লাহে লাহে ইজন সিজনৰ লগত কথাটো আলোচনা কৰাত উপায় ওলাল। ওপৰৱালা অফিচাৰজনক সবিশেষ কোৱাত তেওঁ যেনিবা মনেশ্বৰৰ দুমাহৰ ছুটী মঞ্জুৰ কৰিবলৈ সন্মত হ'ল। আনহাতে, মাহিলী মজুৰিৰ বিনিময়ত গাঁৱৰ সিটো মূৰে থকা হৰিনাথৰ মাকক ঠিক কৰা হ'ল বৈভৱক চোৱা- চিতা কৰাৰ বাবে। ৰাতিপুৱা মনেশ্বৰ চাকৰিলৈ যোৱাৰ সময়ত মানুহজনী আহে আৰু সন্ধিয়া ঘৰ আহি পোৱাৰ লগে লগেই যায়গৈ। মুঠতে, নিজৰ চলন- ফুৰন, স্বভাৱ- চৰিত্ৰৰ ওপৰত যাতে কোনোদিনেই একো চেকা পৰিব নোৱাৰে, তাৰবাবে মনেশ্বৰ সদাসচেষ্ট হৈ ৰ'ল।


এইদৰেই দিন, মাহ আৰু বছৰৰ নাম লৈ সময়বোৰ হেৰাই গ'ল কালৰ বুকুত। আৰু এটি এটি দিনৰ এটি এটি মুহূৰ্তই মনেশ্বৰৰ সোঁৱৰণিৰ মণিকোঠা ভৰাই গ'ল।.......নাতিয়েকৰ প্ৰথম খোজটি বুঢ়াৰ এতিয়াও মনত আছে। সি আঁকবাক কৰা প্ৰথমখিলা পাত তেওঁ এতিয়াও ৰাখি থৈছে সযতনে। তাৰ আঁকবাক থকা তেওঁৰ শোৱনি কোঠাৰ দেৱালখনত এতিয়াও নতুনকৈ ৰং কৰা নাই। বিধ্বস্ত অতীতৰ কাৰুণ্যই আহি ডিঙিটোত ভিৰ কৰাৰ সময়তে নাতিয়েকে কৰা এনেবোৰ কৰ্ম- কাণ্ডই মনেশ্বৰক জীৱনটো আকৌ এবাৰ জীয়াৰ বাসনা আনি দিয়ে। সাধু আলোচনী অথবা খবৰ কাগজত থকা বিভিন্ন মানুহৰ মুখমণ্ডলত বিভিন্ন ষ্টাইলৰ ডাঢ়ি- গোঁফ আঁকিছিল নাতিয়েকে। গধূলি কামৰপৰা আহি মনেশ্বৰে খবৰ কাগজত দেশৰ দহৰ খবৰৰ উপৰিও নাতিয়েকৰ দৈনিক কৰ্মৰ খবৰো পাইছিল। এই কথাটো মনত পৰিলে আজিও তেওঁৰ হাঁহি উঠে। অৱশ্যে, আজি তেওঁৰ হাঁহিৰ ভাগ ল'বলৈ লগত নাতিয়েক বৈভৱ আছে। মনেশ্বৰ বুঢ়াৰ চেষ্টা আৰু যত্নৰেই ফচল আজিৰ প্ৰফেছাৰ বৈভৱ।


~ ~ ~


বিয়াৰ সকলোখিনি কাম সুকলমে পাৰ হৈছে বুলিয়ে ক'ব পাৰি। বুঢ়াৰ ভতিজা পো- বোৱাৰীহঁতে দেহেকেহে খাটিলে। পুৰোহিত- আয়তী, ৰান্ধনি- যোগাৰী সকলোৱে যথাযথভাৱে নিজৰ কাম কৰি গৈছে। দৰা সাজি বৈভৱো শুভ মুহূৰ্তত ওলাই গৈছে। শুই থকা আলহী- দুলহীসকল উঠিবলৈ এতিয়াও বাকী। বুঢ়াৰ হ'লে চকুত টোপনি নাই। দৰাৰ লগত নগ'ল তেওঁ, কিন্তু দৰা যোৱাৰ পিছৰপৰাই অস্থিৰ, অধীৰ হৈ ৰাতিপুৱালৈ বাট চাই ৰ'ল।......অৱশেষত ৰাতি পুৱাল। কমলাৰঙী আকাশখনত সদ্যজাত বেলিটিৰ ওপৰত নক্সা আঁকি আঁকি চৰাই এজাক উৰি গ'ল। আৰু হয়তো অলপপৰ পিছতে নাতিয়েক ওলাবহি সপত্নীক। বুঢ়াই বাৰাণ্ডাতে চকীত বহি লৈ উদ্দেশ্যবিহীনভাৱে আগলৈ চাই আছে। মনত অযুত ভাৱৰ জোৱাৰ-- জীৱন পাটীগণিতৰ যোগ- বিয়োগৰ হিচাপত ব্যস্ত হৈ পৰিছে তেওঁৰ মন। হঠাতে কোনোবা এজনৰ মাত শুনি তেওঁ সেইফালে চালে। এইকেইদিনৰ বাবে দৈনিক মজুৰিৰ হিচাপত কামত লগোৱা মানুহ দুটা চোতালতে শুইছিল দৰা যোৱাৰ পিছত। সিঁহত  উঠিল। তাৰেই খোনোবাজনে বনকৰা মানুহজনীক পদুলিটো সাৰিবলৈ ক'লে। তায়ো খৰখেদাকৈ কামত লাগি গ'ল। পদূলিৰ একোণত থকা কঁঠালজোপাৰ শুকান পাতবোৰ সৰিছে। এইখিনিলৈকে ৰভাখন টানি দিয়া নহ'ল। মানুহজনীৰ বাঢ়নিৰ নিৰ্দয় কোবত শুকান পাতবোৰে দিক- বিদিক হেৰুৱাই দূৰৈত আছাৰ খাই পৰিছে। সৰাপাতবোৰৰ এই দূৰ্দশাত মনেশ্বৰ বুঢ়াৰ বুকুখন মোচৰ খাই উঠিল। কাতৰভাৱে তেওঁ মানুহজনীক উদ্দেশ্যি ক'লে, " অলপ লাহে- ধীৰে সাৰ ঐ ৰহিলা। পাতবোৰে দুখ পাব।" আৰু লগে লগে চকীৰপৰা উঠি লাখুটিত ভৰ দি ঘৰৰ ভিতৰলৈ খোজ ল'লে। অজান ভাৱনাত উঠলি গধুৰ হৈ পৰিল তেওঁৰ হৃদয়। আৱেগৰ ভৰত সেমেকি উঠিল দুচকু। কোনেও তাৰ ভু নাপালে।


::x::x::x::

Geetima Devi is a rehabilitation professional registered

under the Rehabilitation Council of India and has been

in practice since last fifteen years through the Sarva

Shiksha Abhiyan and some other esteemed academic

institutions of different states in India. Besides her area

of practice, i.e. special education, Geetima harbours

and nurtures a keen desire for creative writing like

poetry and short stories and articles relating to issue

of special needs and academics of the Divyangjan.

Her fields of study are English literature, social works

and special education.

75 views