top of page
Search

সুখৰ পৰিচয়

অভিজিৎ মেনা



সুখ বিচাৰি সকলোৱে খাই হাবাথুৰি

সুখৰ সংজ্ঞা পাহৰি জীৱনে আজি হেৰুৱাইছে আকৰ্ষণ।


নিশাৰ নিৰ্জন পৰিৱেশ,

তথাপি সুখ বিচাৰি অস্থিৰ মায়াময় এই জীৱন।

তেজৰঙা যৌৱন,

চঞ্চল মুখমণ্ডলত ভৰি পৰিছে নিশ্চিদ্ৰতাৰ লেখ।


জোলোঙাত থকা নিস্বাৰ্থ সুখৰ পিচ এৰি,

নেদেখা সুখ পাবলে জীৱনে কৰিছে আজি অহোপুৰুষাৰ্থ।


জীৱনে পাহৰিছে,

বৰগীতৰ মধুৰ সুৰত পাশ্চাত্য সংগীতৰ বীজ বিচৰা,

মৰুভূমিত পানীৰ সন্ধানত মৰীচিকা খেদা

আৰু এবুকু যন্ত্ৰণাৰ বোজা লৈ সুখৰ সপোন দেখাটো নিৰৰ্থক।


বেদনাৰ চোলাটি সলালেহে জীৱনে উদ্গতি পাব।

হেৰাই যোৱা দিনবোৰৰ কথা পাহৰি নিজক অলপ চিনিবলে যত্ন কৰিলেহে,

সুখেৰে পৰিচয় হব।


::x::x::x::


 

Abhijit Mena

lives in Guwahati, Assam


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

199 views

Recent Posts

See All
bottom of page