Search

হাইপোথেচিছ ১

কিশোৰ কুমাৰ দাস


Photo: MK Sarma


“It does take great maturity to understand that the opinion we are arguing for

is merely the hypothesis we favor, necessarily imperfect, probably transitory,

which only very limited minds can declare to be a certainty or a truth.”

Milan Kundera

জীৱন এনেকুৱা নহয় তেনেকুৱাহে

তেনেকুৱা নহয় এনেকুৱাহে হ'ব লাগে হেনো জীৱনটো


হয় নে?


উচ্চিষ্টৰ গোন্ধ শুঙি শুঙি ৰোমান্টিক গীত এটা পচ্ছাদপটত বজাই

চিটিবাছখনৰ বাবে ৰৈ ৰৈ আমনি লগাটো ঠিক কল্পনাবিলাস নহয়


কল্পনাবোধৰ ৰক্ষণাবেক্ষণ দি বাস্তৱক গুলি মাৰি দিয়া পৰামৰ্শ

তথা সক্ৰিয় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰোঁ


উচ্ছেদিত বাকশক্তিৰ গোপন চৰ্চাৰ গোপনীয়তাৰ গোন্ধ ধৰিবলৈ

লগাই দিয়া হৈছে পৰচৰ্চাৰ এশ টকীয়া বাজী


হায়

হায়ৰাণ উত্তৰ প্ৰযুক্তিবিদ্যা


মাৰিবলৈ মৰিবলৈকেহে যেন কলঢপ কলঢপকৈ জীয়াই

দখল ধৰি আছোঁ পৈতৃক ভেটি, পৈতৃক বতাহ


অযথা


মায়াৰ খেলত বিশেষ কোনোবা জিকি যাওঁক বুলিয়েই নিজকে বুজাই

নিজে হাৰি যাবলৈ ধাৰ লৈ থৈছোঁ নিস্তব্ধ ওঁঠৰ কঁপনি

মুখৰ বুকুৰ কঁপনি

আৰু হাতৰ আঙুলিৰ অলৈ যাম তলৈ যাম বিশৃংখলতা


আৰু অৱশেষত যেন হাৰি যাম

জিকিবলৈ লৈও


উভতি আহি উদং চকীখনে মোলৈ ৰৈ থাকিব বুলি থকা

আত্মবিশ্বাসকণে জ্বলাই মাৰিছে ধোকেবাজ কলিজাটোক

আৰু জ্বলি থাকিম বুলি দিয়া প্ৰতিশ্ৰুতিৰ ভেমত ভাবিছোঁ

এইবাৰলৈ দোকানখন একেবাৰেই বন্ধ কৰিম

নে খোলা ৰাখিম!


::x::x::x::


Poet Kishor Kumar Das

is a Research Scholar in Electronics and Communications Technology

at the Gauhati University and lives in Nalbari, Assam


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

20 views