Search

৯৪'ৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন, যুৱ নেতাৰ তৎপৰতা, গুৱাহাটীৰ প্ৰথম মহিলা মেয়ৰ

তাজুদ্দিন আহমেদ



অসমৰ ১৯৯১ চনৰ নিৰ্বাচনৰ ফলাফলে সদ্য সমাপ্ত অসম আন্দোলনত গণৰোষৰ বলি হোৱা কংগ্ৰেছ দলক প্ৰায় পূৰ্ৱৰ স্থিতিলৈ উভতাই আনিছিল। অসমৰ জনগাঁথনি কংগ্ৰেছৰ অনুকূলে হোৱাৰ বাবে আৰু অসম আন্দোলনৰ জড়িয়তে চূড়ান্ত পৰ্যায় লাভ কৰা আঞ্চলিক জাতীয়তাবাদ আৰু তাৰ পৰাই সৃষ্ট অগপ দলৰ বিভাজনত নিৰ্বাচনৰ এই ফলাফল আছিল প্ৰত্যাশিত।


গুৱাহাটী মহানগৰীৰ বাবে হিতেশ্বৰ শইকীয়া নেতৃত্বাধীন ১৯৯১ত গঠন হোৱা কংগ্ৰেছ চৰকাৰৰ শাসনকালৰ এটা উল্লেখনীয় কাম আছিল গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন। ইয়াৰ পূৰ্ৱতে মাত্ৰ দুবাৰহে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। ১৯৭১ চনত গঠন হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচিত কাউন্সিলাৰৰ প্ৰথম সভাখন অনুষ্ঠিত হৈছিল ১৯৭৪ চনত। গুৱাহাটী পৌৰ নিগমৰ ১৯৭৪ চনৰ প্ৰথম নিৰ্বাচনটো অনুষ্ঠিত হৈছিল তদানীন্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াৰ শাসন কালত। তেতিয়া গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা আছিল ৩৪ টা। এই নিৰ্বাচনৰ পাচতে গুৱাহাটী পৌৰ নিগম মহানগৰখন চাফ চিকুনকৈ ৰখাৰ বাবে কাৰ্যতঃ দায়বদ্ধ হৈ পৰিছিল। আৰু আমিও সেই তেতিয়াই ডাষ্ট বিন্ আৰু ষ্ট্ৰীট লাইটৰ বাবে পৌৰ নিগমৰ ওচৰত আবেদন কৰিছিলোঁ আৰু নিগমেও আমাৰ দাবী মঞ্জুৰ কৰিবলৈ বাধ্য হৈছিল। সেইদৰে লেতেৰা নলা চফা কৰা আৰু ৰাস্তাৰ গাত বোৰত শিল, বালি ইত্যাদি দিয়া আদি কামো পৌৰ নিগমে ৰাইজৰ আবেদনত কৰা দেখিছিলোঁ। পৌৰ নিগম গঠন হোৱাৰ পাচত নিগম আৰু নাগৰিকৰ সুসম্পৰ্ক গঢ়লৈ উঠিছিল আৰু নাগৰিকেও মহানগৰৰ বাসিন্দা হিচাপে দায়বদ্ধতাৰ প্ৰতি সচেতন হৈ পৰিছিল। শৰৎ চন্দ্ৰ সিংহ নেতৃত্বাধীন চৰকাৰৰ কাৰ্য্যকাল সমাপ্ত হোৱাৰ পাচত ১৯৭৮ চনত গোলাপ বৰবৰা দেৱৰ জনতা পাৰ্টীৰ চৰকাৰ গঠন হৈছিল। এই গোলাপ বৰবৰা চৰকাৰৰ দিনত গুৱাহাটী পৌৰ নিগমৰ দ্বিতীয়টো নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাৰ পাচত সুদীৰ্ঘ ১৭ বছৰৰ মূৰত হিতেশ্বৰ শইকীয়াৰ আমোলত গুৱাহাটী পৌৰ নিগমৰ এই তৃতীয়টো নিৰ্বাচন অনুষ্ঠিত হৈছিল।


১৯৯৫ চনত অনুষ্ঠিত হোৱা পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত গুৱাহাটীখনৰ আয়তন দুগুণলৈ বৃদ্ধি হৈ পৰিছিল। সেয়েহে পৌৰ নিগমৰ পূৰ্বৰ ৩৪ টা ৱাৰ্ডৰ পৰা ৬০ টালৈ বৃদ্ধি কৰি নতুন নতুন ঠাই পৌৰ নিগমৰ অন্তৰ্ভুক্ত কৰা হৈছিল।


হিতেশ্বৰ শইকীয়াৰ আমোলত পৌৰ নিগমৰ উল্লেখিত নিৰ্বাচনটো এই কাৰণে মহত্ত্বপূৰ্ণ আছিল যে এই নিৰ্বাচন পৰৱৰ্তী বিধান সভাৰ নিৰ্বাচনলৈ এবছৰতকৈও কম সময় থকাৰ সময়ত অনুষ্ঠিত হৈছিল। দ্বিতীয়তে হিতেশ্বৰ শইকীয়াই এই নিৰ্বাচনত পত্নী ড° হেমপ্ৰভা শইকীয়াক জয়ী কৰোৱাই নিগমৰ মেয়ৰ বনোৱাৰ বাবে দৃঢ়প্ৰতিজ্ঞ আছিল। সেয়েহে এই নিৰ্বাচনটোক কেন্দ্ৰ কৰি অসমৰ সকলো ৰাজনৈতিক দল আৰু সচেতন নাগৰিক একপ্ৰকাৰ সষ্টম হৈ উঠিছিল। মহানগৰীৰ একাংশ সচেতন নাগৰিকে এখন মঞ্চ তৈয়াৰ কৰি কিছুমান ৱাৰ্ডত প্ৰাৰ্থীও দিছিল। এই প্ৰাৰ্থীসকল মুলতঃ অৰাজনৈতিক আৰু সাধাৰণ নাগৰিক আছিল।


অসম আন্দোলনৰ কালৰ পৰা ক্ৰমাৎ বিধ্বস্ত হোৱা কংগ্ৰেছ দলটোৰ সাংগঠনিক দিশটো তেতিয়ালৈকে খুবেই দুৰ্বল আছিল। ১৯৯১ চনত হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হোৱালৈকে গুৱাহাটীত কংগ্ৰেছৰ সংগঠন বুলি আছলতে একোৱে নাছিল বুলি ক'ব পাৰি। হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী হৈ দলৰ সাংগঠনিক দিশটো সবল কৰাত যঠেষ্ট প্ৰয়াস কৰা দেখা গৈছিল। কিন্তু তথাপিও বিচৰা ধৰণে সংগঠন গঢ়ি তুলিব পৰা নাছিল। গুৱাহাটীত জিলা কমিটি, ব্লক কমিটি ইত্যাদি আছিল যদিও মহানগৰীৰ ৬০ টা ৱাৰ্ডত কংগ্ৰেছ কৰ্মীৰ অভাৱত সকলোবোৰ ৱাৰ্ডতে ৱাৰ্ড কমিটি গঠন কৰিব পৰা হোৱা নাছিল। তেনে এক পৰিস্থিতিত কংগ্ৰেছ দলে পৌৰ নিগমৰ নিৰ্বাচন খেলি সংখ্যাগৰিষ্ঠ আসন লাভ কৰাটো অলিক কল্পনাহে আছিল বুলি ক'ব পাৰি। কিন্তু হিতেশ্বৰ শইকীয়া হাৰ মনা বিধৰ ব্যক্তি নাছিল। তেওঁ সংগঠনৰ স্বাৰ্থত যথা সম্ভৱ সঠিক পথেৰে সকলো খিনি কাম নিয়াৰিকৈ কৰি গৈছিল।


সেই সময়ত গুৱাহাটীত কংগ্ৰেছৰ নেতা-কৰ্মীৰ প্ৰায় বেছি ভাগেই আছিল জন সম্পৰ্কবিহীন। সমাজৰ সুপৰিচিত লোক নাছিল বুলি ক'লেও ভুল নহ'ব। সেয়েহে পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ বাবে ৬০ গৰাকী জনপ্ৰিয় ব্যাক্তি কংগ্ৰেছ দলত বিচাৰিলেই পাব পৰা অৱস্থাত নাছিলেই। সেই বাবে নিৰ্বাচনৰ কিছুদিন পূৰ্বৰ পৰা গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটি পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে জনসাধাৰণৰ মাজৰ পৰা প্ৰাৰ্থী বিচৰাৰ কামত নিয়োজিত হৈ পৰিছিল।


সেই সময়লৈকে হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাই ৪ বছৰ অতিক্ৰম কৰিছিল যদিও গুৱাহাটীৰ সৰহভাগ অঞ্চলত পূৰ্বৰ দৰে কংগ্ৰেছ জনবিচ্ছিন্ন হৈ আছিল। চৰকাৰখনে কোনো কামেৰে এই খিলঞ্জীয়া অসমীয়া মানুহ অধ্যুষিত অঞ্চলবোৰত জনপ্ৰিয় হ'ব পৰা নাছিল। কিন্তু এইবোৰ অঞ্চলৰ পৰা কিছু কংগ্ৰেছ প্ৰাৰ্থী জয়ী কৰি আনিব নোৱাৰিলে পৌৰ নিগমখন কংগ্ৰেছে লাভ কৰিব নোৱাৰাটো একপ্ৰকাৰ খাটাং আছিল। সেয়েহে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়াৰ মুৰত এই অঞ্চল সমূহৰ পৰা যোগ্য প্ৰাৰ্থী বিচৰাৰ দৰে এক গধুৰ দ্বায়িত্ব আহি পৰিছিল।


অসম আন্দোলনৰ সময়ত গুৱাহাটীৰ বিভিন্ন অঞ্চলত আন্দোলনৰ মাজেৰে স্বত্বঃস্ফুৰ্তভাবে কিছুমান নেতাৰ সৃষ্টি হৈছিল। আন্দোলন সমাপ্ত হোৱাৰ পাচত এই নেতাবোৰক অগপ চৰকাৰখনে কোনো গুৰুত্ব দিয়া নাছিল। সন্ত্ৰাসবাদীৰ ভয়ত তেওঁলোকৰ কিছুমানে কংগ্ৰেছলৈ আহিবলৈ ভয় কৰিছিল। ঠিক এনে কিছুমান নেতাকে কংগ্ৰেছৰ মানুহে বিচাৰি উলিয়াই নানা প্ৰলোভনেৰে প্ৰাৰ্থীত্ব দিয়াৰ প্ৰয়াস কৰিছিল।


অৱশেষত হিতেশ্বৰ শইকীয়াই ৬০ গৰাকী মনঃপুত প্ৰাৰ্থী বাচনিত সফল হৈছিল আৰু যুদ্ধংদেহি মনোভাৱেৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰিছিল।


এই পৌৰ নিগমৰ নিৰ্বাচনত মহিলাৰ বাবে এক তৃতীয়াংশ ৱাৰ্ড সংৰক্ষিত হৈ আছিল। মেয়ৰ পদবীও মহিলাৰ বাবে সংৰক্ষিত হৈছিল বাবে ড° হেমপ্ৰভা শইকীয়াক মেয়ৰ পতাৰ উদ্দেশ্যে তেওঁক এই পৌৰ নিৰ্বাচনত অৱতীৰ্ণ কৰোৱা হৈছিল। এই নিৰ্বাচনত কংগ্ৰেছৰ মূল বিৰোধী দল আছিল অগপ। নিৰ্বাচনৰ ফলাফল কংগ্ৰেছে আশা কৰাৰ দৰে নহ'ল যদিও ফলাফল কিন্তু সন্তোষজনক আছিল। কংগ্ৰেছ, অগপ কোনোৱে সংখ্যাগৰিষ্ঠ আসন লাভ কৰা নাছিল। এই নিৰ্বাচনত দুই-তিনিগৰাকী মান কাউন্সিলাৰ নিৰ্দলীয় আৰু বিজেপি দলৰ পৰা নিৰ্বাচিত হৈছিল। পৌৰ নিগমৰ মেয়ৰ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হ'বলৈ আন দলৰ তিনিগৰাকী কাউন্সিলাৰৰ প্ৰয়োজন হৈছিল। দুই এজন নিৰ্দলীয় পাৰিষদৰ সমৰ্থনো কংগ্ৰেছৰ পক্ষত আছিল। বাকী এগৰাকী নে দুগৰাকী কাউন্সিলাৰ যোগাৰ হোৱা নাছিল। সেই লৈ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া চিন্তিত হৈ পৰিছিল। কিন্তু ছাত্ৰসন্থাৰ পৰা কংগ্ৰেছলৈ প্ৰৱেশ ঘটা এজন যুৱ নেতাই হিতেশ্বৰ শইকীয়াৰ এই কঠিন কামটো সহজ কৰি পেলাইছিল। যুৱ নেতা জন cross votingৰ দৰে বক্ৰ পথেৰে কাৰ্য্য সমাধা কৰাত পাৰ্গত আছিল। তেৱেঁই অগপ দলৰ দুজন কাউন্সিলাৰক যোগাৰ কৰিবলৈ সক্ষম হৈছিল। পৌৰ নিগম নাইবা পৌৰ সভা আদি স্থানীয় নিগম-নিকাই গঢ়িবলৈ কাউন্সিলাৰ, সদস্য সকলে নিজ দলৰ প্ৰাৰ্থীক ভোট নিদি আন দলৰ প্ৰাৰ্থীক ভোট দিয়াটো কাৰিকৰীভাৱে অসম্ভৱ নাছিল। এনে কৰিলে বিধায়ক, সাংসদৰ দৰে কাউন্সিলাৰে কোনো প্ৰচলিত আইনৰ ৰোষত পৰাৰো ব্যৱস্থা নাছিল।


সেয়েহে অৱশেষত হিতেশ্বৰ শইকীয়াই বিচৰাৰ দৰেই গুৱাহাটী পৌৰ নিগমখন গঠন কৰি লৈছিল আৰু নিজ পত্নীকো মহানগৰীৰ প্ৰথম গৰাকী মহিলা মেয়ৰ ৰূপে নিৰ্বাচিত কৰোৱাবলৈ সক্ষম হৈছিল।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.


[ Cover Photo(s) Courtesy: Internet ]

60 views

Recent Posts

See All