top of page
Search

গাৰু

ড° বিনোদ পোখ্ৰেল



নিসংগতাৰ সংগী মই,

অলেখ নিদ্ৰাবিহীন ৰজনীৰ সাক্ষী,

নিমখীয়া চকুপানীৰ আদ্ৰতাৰ বোজা

গোপনে ল'লোঁ অলক্ষিতে।


কেতিয়াবা বাৰু পাইছোনে মই

প্ৰিয় সখীৰ আখ্যা?

নাই! মোৰ দাবী মুঠেই নাখাটে।

উত্তৰ একেটাই প্ৰতিজনৰেই,

অপ্ৰাণ তোমাক খ্যাতি কেলেই?


হয়, মই গাৰুৱে কৈছো

খ্যাতি নালাগে অকনো মোক,

নিবিচাৰোঁ তোমাৰ অশ্ৰুৰ বোজা

সুখী হোৱা তোমালোক সকলো!

বিচাৰো এটি মধুৰ স্বপ্নৰ অনুভূতি

যি লৈ ফুৰে তোমাৰ প্ৰতিপল।


::x::x::x::


 

Poet Dr. Binod Pokhrel

is working as the

Chief Chemist, PHE & WS Dept,

Govt. of Arunachal Pradesh

and lives in Itanagar.


[Disclaimer: The opinions expressed in our Blog are those of the author(s) and do not reflect the opinions of the Publisher.]

33 views

Recent Posts

See All
bottom of page