top of page
Search

অপৰিহাৰ্য

ড৹ ধ্ৰুৱজ্যোতি দাস



গছবোৰৰ দৰে হোৱা হেতেন

মানুহৰ জীৱন

একে ঠাইতে আৰম্ভণি

একে ঠাইতে অন্ত


অথবা নদীৰ দৰে

গতিশীল আৰু

স্থিতপ্ৰজ্ঞ


আক্ষেপ কিহৰ

তোমাক আমি

সুৰ্য্যৰ দৰেই সুঁৱৰিম

যি বিদায়ৰ পিছতো দি যায়

উভতি অহাৰ প্ৰতিশ্ৰুতি।


::x::x::x::


 

Dr. Dhrubajyoti Das

currently works as Associate Professor,

Dept. of English, Cotton University.

He lives in Guwahati


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

39 views

Recent Posts

See All
bottom of page