top of page
Search

অসুৰমৰ্দিনী

দিলীপ কুমাৰ মহন্ত


Photo: MK Sarma


মন কৰিছানে কেতিয়াবা

খনিকৰৰ হাতত প্ৰাণ পাই উঠা

বেলবোধনৰে প্ৰতিষ্ঠা কৰা

মহাশক্তিৰ আধাৰ স্বৰূপা

মহিষাসুৰৰ বক্ষত ত্ৰিশূল ভেদি

যুদ্ধৰতা পৰম আদ্যশক্তি 

মৃণ্ময়ী প্ৰতিমা, দেৱী দুৰ্গাৰ --

লগতে বিৰাজমান

বাগদেৱী সৰস্বতী,

ধনপতি লক্ষ্মী,

বিঘ্নহাৰী গণপতি,

আৰু কাৰ্তিক দেৱসেনাপতিৰ

ভাৱলেশহীন আকাৰ --

সকলো প্ৰাণীৰ অন্তৰীক্ষত

চৈতন্য শক্তিৰূপে অধিস্থিত,

শান্তৰ পালন আৰু দুষ্টৰ সংহাৰ কৰ্তা,

একেলগে থকা দেৱ দেৱীগণৰ মাতা,

তেজোদীপ্ত দুৰ্গতিনাশিনীৰ

অসুৰৰ লগত হোৱা যুঁজত

কাৰোৱেই নাই যেন একো অনুৰাগ

একো বিচাৰ --

কোনোবাই যেতিয়া বিৰোধিতা কৰে সমাজৰ হিংসা, দ্বেষ, কপটতাৰ,

আমিবোৰো তেনেকৈয়ে 

হৈ থাকোঁ নেকি নিৰ্বিকাৰ...!!


::x::x::x::


 

Dilip Kr. Mahanta

retired from

Assam Judicial Service (AJS)

and lives in Guwahati


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

127 views

Recent Posts

See All
bottom of page