top of page
Search

তোমালৈ মোৰ মনত পৰে

বিজয় এ চাংমা



নতুন বছৰৰ নতুন দিনত

অৰুনোদয়ৰ সোণালী কিৰণৰ

খিলখিলিয়া হাঁহি দেখি

তোমালৈ মোৰ মনত পৰে৷


ৰাতিপুৱা, শীতৰ পৰশ লগা

সেউজ বাগিচাৰ দলিচাত,

হিম পৰা দুবৰি দেখি

তোমালৈ মোৰ মনত পৰে৷


আবেলিৰ বেলি ডুূবাৰ পৰত

স্নিগ্ধ সাগৰৰ নীলাত,

সূৰ্য্যৰ হেঙুলীয়া ৰঙ দেখি

তোমালৈ মোৰ মনত পৰে৷


সন্ধিয়াৰ নীলিম আকাশ তলত,

মনৰ মাজত থকা ছবিখন

কল্পনাৰ পৰা যেতিয়া ওলাই আহে

তোমালৈ মোৰ মনত পৰে৷


নিৰ্মেঘ ৰাতিৰ আকাশত,

থুপিতৰাৰ জাকে জাকে সজা

তৰালিৰ চাদৰখন দেখি

তোমালৈ মোৰ মনত পৰে৷


হিম চেঁচা বতাহজাকৰ

স্মৃতিৰ মধুৰ সুবাসে

যেতিয়া মোৰ উশাহ স্তব্ধ কৰে,

তোমালৈ মোৰ মনত পৰে৷

তোমালৈ মোৰ মনত পৰে৷


::x::x::x::


 

Poet Bijoy A Sangma

is an MBA in Entrepreneurship,

Business Management & Strategy

and currently lives in Hyderabad, Telangana


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher]

81 views

Recent Posts

See All
bottom of page