top of page
Search

বন্ধ্যাকৰণৰ বাবে ৩০ টকা, উত্তৰ কোৰিয়াৰ খেলুৱৈৰ অসম পুলিছক এটা গ'ল, হেদায়েৎপুৰত বগা গাদ্দীত অপুৰ্ব

তাজুদ্দিন আহমেদ


Mahendra Mohan Choudhury Bhawan known as Congress S Bhawan (Photo: MKS)


১৯৭৫ চন। দেশত জৰুৰীকালীন অৱস্থা বলবৎ হৈছিল। মই তেতিয়া ১৭ বছৰীয়া যুৱক। তেতিয়া ৰাজনীতি ভালদৰে বুজি পোৱা হোৱা নাছিলোঁ। মাথোন জানিছিলো, বিৰোধী নেতাবোৰক আটক কৰি জেলত থৈছে। চৰকাৰৰ বিৰুদ্ধে মেল-মিটিং কৰিব নোৱাৰিছিল, প্ৰেছৰ ওপৰত চেনছৰশ্বিপ (censorship) প্ৰয়োগ কৰা হৈছিল। বচ্ এইখিনি বেয়া কাম হৈছিল বুলি জানিছিলোঁ। তাৰ বিপৰীতে কিছু ভাল কাম দেখিছিলো, যেনে খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস, চৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ সময় মতে উপস্থিতি, কাৰ্যালয়ত কোনো ব্যক্তি হাৰাশাস্তি হোৱা নাছিল, স্কুল কলেজত শিক্ষকে গুৰুত্ব সহকাৰে পঢ়াইছিল, হস্পিটেলত ৰোগীৰ চিকিৎসা ভাল হৈছিল ইত্যাদি। ইয়াৰ বাহিৰে গুৱাহাটীৰ যুৱক হিচাবে দেশৰ অইন কথা জনা নাছিলোঁ। কাৰণ, বাতৰি কাকতত কোনো চৰকাৰ বিৰোধী কথা নাথাকে। গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতবোৰৰ আৰ্হি কাকত (প্ৰুফ কপি) গধূলিতে দিছপুৰত জমা দিব লাগিছিল। জনসংযোগ বিষয়াই পঢ়ি চৰকাৰ বিৰোধী বাতৰি পালে কাটি দিছিল। এই কটা ঠাই খিনি উকা কৰি বাতৰি কাকতবোৰ ছপা হৈ ঘৰলৈ আহিছিল। প্ৰথম অৱস্থাত কাকতত উকা ঠাই বহুত আছিল। পাছত চৰকাৰৰ পচন্দৰ বাতৰি কেনে তাক জানি সম্পাদক সকলে আৰ্হি কাকত দিছপুৰত জমা দিয়াত কোনো খবৰ কাটিব লগীয়া হোৱা নাছিল।


Declaration of Emergency by the President of India (Photo Courtesy: Internet)


বাটৰ দাতিত ডাঙৰ হৰ্ডিং, বেনাৰত কুৰি দফীয়া আঁচনিৰ বিতং তথ্য পঢ়িবলৈ পাইছিলোঁ। জৰুৰীকালীন অৱস্থাত এই কুৰি দফীয়া আঁচনি ৰূপায়ণৰ কামত আমাৰ ৰাজ্য চৰকাৰ ব্যস্ত আছিল। এই আঁচনি দুখীয়া, মধ্যবিত্তৰ বাবে বৰ আকৰ্ষণীয় আছিল। লগতে সামাজিক সজাগতা আৰু বনানীকৰণৰ দৰে কিছুমান পৰিৱেশ সুৰক্ষাৰ কাৰ্যসূচীও আছিল। এই আঁচনিবোৰৰ অন্তৰ্গত কিছু কাম চৰকাৰে আৰু কংগ্ৰেছ দলে কৰা দেখি তেওঁলোকৰ প্ৰতি মই আকৰ্ষিত হৈছিলোঁ।

সেইসময়ত উলুবাৰীৰ যুৱ কংগ্ৰেছৰ নেতা এজনৰ সতে চিনাকি হৈছিল। তেওঁ ১৬ নং ৱাৰ্ড কমিটিৰ যুৱ নেতা আছিল। তেওঁৰ নাম মহৎ চৌধুৰী। সেই সময়ত উলুবাৰীৰ ৱাৰ্ড নং ১৬ আছিল। উলুবাৰী চাৰিআলিৰ পৰা কিছু আতৰত বাণী কান্ত কাকতি পথৰ ওপৰত এটা সৰু খেৰৰ পজাঘৰ আছিল। সেইটোৱে ১৬ নং ৱাৰ্ডৰ যুৱ কংগ্ৰেছৰ কাৰ্যালয় আছিল। এদিন মোক মহৎ দাই তালৈ মাতি চৰকাৰে কৰা বহু ভাল কামৰ কথা কৈছিল। মোৰো বিশ্বাস হল আৰু যুৱ কংগ্ৰেছৰ সভ্য হবলৈ কোৱাত সন্মতি দিছিলোঁ। এইদৰে মই এগৰাকী ৰাজনৈতিক কৰ্মী হৈ পৰিছিলোঁ।

এদিন মই হেদায়েৎপুৰৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ মিটিং এখনৰ নিমন্ত্ৰণ পাই তালৈ গৈছিলোঁ। মিটিং খন আছিল যুৱ কংগ্ৰেছৰ। আমি কেইজনমানে মিটিং হোৱা কোঠাত সোমাই বহিছিলোঁ। বেচ ডাঙৰ কোঠা। সম্পূৰ্ণ কোঠাত গাদ্দী আৰু বগা চাদৰ পৰা আছিল। কেইটামান গোল আকৃতিৰ দীঘল, শুদ্ধ বগা গাৰুও আছিল। মিটিঙত সভাপতি বহা ঠাইৰ সন্মুখত মাৰোৱাৰী দোকানৰ গাদ্দীত বহি মালিকে টকা থোৱা বাকচৰ দৰে এখন টেবুল আছিল। কোনোবা এজনে তাৰ ভিতৰৰ পৰা কাগজ কলম উলিয়াই ওপৰত থৈছিল। অলপ পাচতে যুৱ কংগ্ৰেছৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি অপূৰ্ব সিংহ আহি বহিছিল। তেওঁ সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ পুত্ৰ আছিল। তেওঁ আমাক জনাবলৈ আহিছিল যে আহিবলগীয়া বছৰ অৰ্থাৎ ১৯৭৬ চনত অসমত যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় সমাৰোহ গুৱাহাটীত পতা হব। তাৰ প্ৰস্তুতি কেনেকৈ কৰিব লাগিব সেই বিষয়ে কিছু কথা কৈছিল। তাৰ পূৰ্বে উত্তৰ কোৰিয়াৰ এটা ফুটবল দলৰ সৈতে অসম পুলিচৰ এখন ফুটবল খেল পাতিব বুলি জনাইছিল। লগতে যুৱক সকলে কেনেদৰে সুশৃংখল হৈ কাম কৰিব লাগে তাকো কৈছিল। আৰু কৈছিল সকলো উন্নত দেশৰে যুৱকৰ ইউনিফৰ্ম থাকে। যুৱ কংগ্ৰেছকো ইউনিফৰ্মৰ চাৰ্ট আৰু ট্ৰাউজাৰ দিয়া হব বুলি কৈছিল। অপূৰ্ব সিংহই যুৱ কংগ্ৰেছৰ নেতা হৈ বহু দেশ ফুৰি বহু জ্ঞান আয়ত্ব কৰিছিল। তেওঁ এজন ভাল স্থপতিবিদো আছিল।

আমাৰ দেশত জৰুৰীকালীন অৱস্থাৰ বলবৎ হোৱাৰ লগে লগে বিশ্বৰ সকলো গণতান্ত্ৰিক দেশে তাৰ প্ৰতিবাদ কৰিছিল। কাৰণ, এই ব্যৱস্থা গণতন্ত্ৰৰ পৰিপন্থী আৰু এক কথাত একনায়কত্ববাদী শাসন আছিল। সেই সময়ত কেৱল ছোভিয়েট ৰুছিয়া আৰু ছোভিয়েট ৰুছিয়াৰ মৈত্ৰী ৰাষ্ট্ৰ পূৱ ইউৰোপৰ কমিউনিষ্ট দেশসমূহে আৰু কমিউনিষ্ট উত্তৰ কোৰিয়াইহে ভাৰত চৰকাৰক সমৰ্থন কৰিছিল। সেয়েহে ভাৰতৰ জৰুৰীকালীন অৱস্থাটোক সমৰ্থনৰ উদ্দেশ্যে উত্তৰ কোৰিয়াই ফুটবল খেলুৱৈ দল এটাক ভাৰতলৈ প্ৰেৰণ কৰিছিল।

ভাৰতৰ বিভিন্ন ঠাইৰ লগতে উত্তৰ কোৰিয়াৰ খেল এখন গুৱাহাটীত যুৱ কংগ্ৰেছে অসম পুলিচৰ বিপক্ষে অনুষ্ঠিত কৰিছিল। খেলখনৰ আয়োজক যুৱক কংগ্ৰেছে নেহৰু ষ্টেডিয়ামত কাৰ্যালয় খুলি দুদিন আগৰ পৰা ব্যস্ত হোৱা দেখিছিলোঁ। যুৱ কংগ্ৰেছৰ নেতা হেদায়েৎপুৰৰ শ্ৰী নুৰক এই কাৰ্যালয়ত খুবেই ব্যস্ত হৈ থকা দেখিছিলোঁ। খেলখন অতি ৰোমাঞ্চকৰ আছিল। দৰ্শকেৰে ঠাহ খাই থকা নেহৰু ষ্টেডিয়ামত অসম পুলিচৰ সুন্দৰ খেলত দৰ্শক উল্লাসিত হৈ বাৰে বাৰে চিঞৰি উঠিছিল। প্ৰথমাৰ্দ্ধত অসম পুলিছে এটা গ'ল খাইছিল যদিও দ্বিতীয়াৰ্দ্ধত অসম পুলিচে গ'ল এটা দি ড্ৰ' কৰিছিল।

জৰুৰীকালীন অৱস্থাত যুৱ কংগ্ৰেছৰ দ্বাৰা বৃক্ষৰোপন অভিযান চলোৱা হৈছিল। সেইসময়ত জনসাধাৰণে সামাজিক বনানীকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে একোৱে নাজানিছিল। সেয়ে বৃক্ষৰোপন কাৰ্যসূচীলৈ মানুহ যুগুতোৱাটো খুবেই কষ্টকৰ আছিল। উদ্যোগক্তাসকলে লাচিত নগৰৰ কিছু গণ্য মান্য মানুহক মাতি বি টি কলেজত বৃক্ষৰোপন অভিযান আৰম্ভ কৰিছিল। অভিযানত উপস্থিত আছিল অসম যুৱ কংগ্ৰেছৰ সভাপতি অপূৰ্ব সিংহ। কলেজ চৌহদত কিছু গছপুলি ৰোৱাৰ পাচত সভা আৰম্ভ হৈছিল। এই সভাতে সামাজিক বনানীকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে কিছু অৱগত হৈছিলোঁ। সেইদৰে পৰিয়াল পৰিকল্পনাৰ বাবে বন্ধ্যাকৰণ অভিযান চলিছিল আৰু সচেতন নাগৰিকে সঁহাৰি দিছিল।

পানবজাৰৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চৰকাৰে এক বন্ধ্যাকৰণ কাৰ্যসূচী চলোৱা দেখিছিলোঁ। বন্ধ্যাকৰণ কৰিব বিচৰা পুৰুষক ৩০ টকা আৰু অসম ৰাজ্যিক লটাৰীৰ এখন এটকীয়া টিকট দিছিল। সেইসময়ত এজন দিন হাজিৰা কৰা শ্ৰমিকৰ মজুৰি আছিল ৭/৮ টকা। সেয়েহে ৩০ টকাৰ লোভতে বহুতে বন্ধ্যাকৰণ কৰিছিল। তাৰোপৰি হস্পিটেলত এদিন এৰাতি থকা বন্ধ্যাকৰণ কৰা মানুহক খুবেই ভাল খাদ্য খুউওৱা হৈছিল। দেশৰ ভৱিষ্যত চিন্তা কৰি কৰিবলৈ লোৱা এই পৰিয়াল পৰিকল্পনা আৰু সামাজিক বনানীকৰণৰ চৰকাৰী কাৰ্যসূচীক সেই সময়ৰ সমাজ সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছিল।

এই জৰুৰীকালীন অৱস্থাত কংগ্ৰেছ চৰকাৰে দেশত বহুত জনবিৰোধী কাম কৰা বুলি পাচত শুনিছিলোঁ। কিন্তু অসমত কংগ্ৰেছৰ শৰৎ চন্দ্ৰ সিংহৰ চৰকাৰখনে এনে জনবিৰোধী কাম কৰা দেখা নাছিলোঁ কেৱল বিৰোধী নেতাক আটক কৰি জেলত নিক্ষেপ কৰাৰ বাহিৰে। সেই সময়ত মিছা (MISA) বুলি এখন ক'লা আইনেৰে বিৰোধী নেতা আৰু কিছুমান দুস্কৃতিকাৰীক দুবছৰলৈ বিচাৰ নকৰাকৈ দেশৰ সমগ্ৰ ৰাজ্যৰ জেলত ৰখা হৈছিল।


পিচে ইয়াৰ প্ৰতিক্ৰিয়া অসমত পৰৱৰ্তী নিৰ্বাচনত দেখা পোৱা নগ'ল। ১৯৭৭ চনত দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ জৰুৰীকালীন অৱস্থাৰ অৱসান ঘটিছিল। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বে অৰ্থাৎ ২১ জুন ১৯৭৭ চনত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰিছিল।। সেই নিৰ্বাচনত কংগ্ৰেছ দলে অসমৰ ১৪ খন সংসদীয় আসনৰ ১০ খন লাভ কৰিছিল।

দেশ এখনত এনে জৰুৰীকালীন অৱস্থা বলবৎ কৰাটো গণতন্ত্ৰৰ পৰিপন্থী কাৰ্য। সেয়েহে বিশ্বৰ সকলো গণতান্ত্ৰিক দেশে ইন্দিৰা গান্ধীক এই কাৰ্যৰ বাবে গৰিহণা দিছিল। কিন্তু সেই সময়ৰ খুবেই শক্তিশালী ৰাষ্ট্ৰ ছোভিয়েট ৰুছিয়া, পূব ইউৰোপৰ কমিউনিষ্ট ৰাষ্ট্ৰসমূহ আৰু কমিউনিষ্ট উত্তৰ কোৰিয়াৰ পৰা ইন্দিৰা গান্ধীয়ে সম্পূৰ্ণ সমৰ্থন পাই বিশ্বত এক শক্তিশালী স্থিতিত অৱস্থান কৰিছিল।

::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.

73 views

Recent Posts

See All
bottom of page