top of page
Search

শুভ দৃষ্টি

কাশ্মিৰী ব্ৰহ্ম



দুচকুৰ মিলনে কেনেবাকৈ

দুখন হৃদয়ক বান্ধি পেলালে আজি,

আৰু তোমাৰ ছবি

সেইদিনাখনৰ পৰা

কঢ়িয়াই লৈ আছো হিয়াৰ মাজত

পাৰমানেন্ট মার্কাৰেৰে লিখা

মোৰ হৃদয়ত তোমাৰ নামটো

মই কিজানি

নিজেও মুচিব নোৱাৰিম;

তুমিও নোৱাৰিবা কাহানিও;

সেইদিনটো মোৰ আটাইতকৈ

ভাল দিন আছিল চাগে,

যিদিনা তুমি আছিলা

মোৰ সন্মূখত

আৰু মই আছিলোঁ তোমাৰ

চকুৰ আগত

দুজনে চাইছিলো!

এজনে আনজনৰ ফালে

আছিল চাগে সেয়া শুভদৃষ্টি!!


::x::x::x::


 

Poet Kashmiri Brahma

works as a School Teacher and

lives in Krishnai, Goalpara, Assam


[Disclaimer: The opinions expressed in the column are those of the author and do not necessarily

reflect the opinions of the Publisher.]

27 views

Recent Posts

See All
bottom of page