top of page
Search

৮৩ৰ নিৰ্বাচন, গুৱাহাটীত মুনীন বনাম ধ্ৰুৱ, চিপিআই (এম) কৰ্মীৰ বিলৈ

তাজুদ্দিন আহমেদ



অসমত সাংবিধানিক সংকট আতৰ কৰাৰ বাবে ১৯৮৩ চনৰ নিৰ্বাচন অপৰিহাৰ্য হৈ পৰিছিল। বিগত বছৰৰ মাৰ্চ মাহৰ পৰা প্ৰৱৰ্তন হোৱা ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বঢ়োৱাৰ আৰু কোনো ব্যৱস্থাও সেই সময়ত নাছিল। এনেদৰেই ১৯৮৩ৰ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতেই কেইটামান ৰাজনৈতিক দল তৎপৰ হৈ উঠিছিল। গণতন্ত্ৰ ৰক্ষাৰ বাবে এই নিৰ্বাচনত ভাগ লৈছিল কংগ্ৰেছ(ই), কংগ্ৰেছ(সমাজবাদী) আৰু কমিউনিষ্ট দল সমূহে। জনতা পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত ভাগ লোৱা নাছিল।

১৯৮৩ চনৰ আন্দোলনৰ তীব্ৰতা ১৯৮০ চনৰ আন্দোলনৰ দৰে নাছিল। সেয়ে ১৯৮৩ ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ বাধা আৰু বিৰোধিতা পূৰ্বৰ ১৯৮০ৰ নিৰ্বাচনৰ দৰে হোৱা নাছিল। এই নিৰ্বাচনত মনোনয়ন দাখিলত কোনো প্ৰাৰ্থীয়েই বিশেষ বাধাৰ সন্মুখীন হোৱা নাছিল। এই নিৰ্বাচনৰ বহিষ্কাৰৰ আহ্বান দি কোনোৱে গুৱাহাটীত পূৰ্বৰ দৰে আন্দোলন কৰাও তেতিয়া দেখা নাছিলোঁ। কিন্তু জনসাধাৰণৰ মনৰ ক্ষোভ কমা নাছিল। আৰু নিৰ্বাচনৰ দিন চমু চাপি আহে মানে এই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিবলৈ আৰম্ভ হৈছিল।

১৯৮৩ৰ নিৰ্বাচনত পূৱ গুৱাহাটী বিধান সভাৰ কংগ্ৰেছ(ই) দলৰ প্ৰাৰ্থী আছিল মুনীন শৰ্মা (গৌতম) আৰু কংগ্ৰেছ (সমাজবাদী)ৰ প্ৰাৰ্থী আছিল জেষ্ঠ কংগ্ৰেছী ধ্ৰুৱ নাৰায়ণ বৰুৱা। এই নিৰ্বাচনত দিল্লীৰ শাসকীয় দল কংগ্ৰেছ(ই)ৰ বিৰুদ্ধে কংগ্ৰেছ(সমাজবাদী) আৰু কমিউনিষ্টে মিত্ৰজোঁট গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। সেই সূত্ৰে পূব গুৱাহাটীৰ বিধান সভাৰ প্ৰাৰ্থী গৰাকী কংগ্ৰেছ(সমাজবাদী)ৰ আছিল আৰু গুৱাহাটীৰ লোকসভাৰ প্ৰাৰ্থী আছিল চিপিআই(এম) দলৰ উদ্ধৱ বৰ্মণ।

নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছিল ৰাইজৰ ক্ষোভো সিমানেই বৃদ্ধি হৈ প্ৰকাশ্য হ'বলৈ ধৰিছিল। গাঁও অঞ্চলৰ কাঠৰ দলংবোৰ ৰাইজে জ্বলাই দিছিল যাতে নিৰ্বাচন পতাৰ বাবে বেলট বাকচ লৈ পোলিং অফিচাৰ সকল গাৱলৈ আহিবই নোৱাৰে। ৰাইজে নিজাববীয়াকৈ এইদৰে নিৰ্বাচন বহিষ্কাৰৰ কৌশল ৰচনা কৰিছিল। তেতিয়া মানুহবোৰ ইমানেই আবেগিক হৈছিল যে নিজৰ নিকট ভৱিষ্যতৰ কথাও চিন্তা নকৰাকৈয়ে নিজৰ অহা-যোৱা বাটটোকেই খান্দি পেলাবলৈকো নাইবা দলংখনো জ্বলাই দিবলৈকো তেওঁলোকে অলপো সঙ্কোচ কৰা নাছিল। এনে এক আবেগবিহ্বল পৰিস্থিতি দেখি চিন্তাশীল ব্যক্তিসকলে শংকিত হৈ পৰিছিল এই কথা ভাবি যে যিকোনো মুহূৰ্ততে হয়তো পৰিস্থিতি অধিক ভয়ানক হৈ পৰিব পাৰে।

গুৱাহাটীত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ বিচৰা প্ৰাৰ্থীবোৰে প্ৰচাৰৰ কাম আৰম্ভ কৰিব পাৰিছিল। কংগ্ৰেছ(সমাজবাদী)ৰ প্ৰাৰ্থী ধ্ৰুৱ নাৰায়ণ বৰুৱাৰ বাদে তেওঁৰ দলৰ অইন কোনো ব্যক্তিক নিৰ্বাচনী প্ৰচাৰ চলোৱা নেদেখিলোঁ। তেওঁৰ হৈ প্ৰচাৰ চলাইছিল মিত্ৰজোঁটৰ চিপিআই(এম)ৰ কৰ্মী সকলে। সেই সময়ত চিপিআই(এম)ৰ নেতা কৰ্মীসকলৰ এক বদ্ধমূল ধাৰণা আছিল যে তেওঁলোকৰ দৰে জঙ্গী কৰ্মী অইন কোনো দলতেই নাছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে যিকোনো পৰিস্থিতিতেই দলৰ হৈ কাম কৰিবলৈ এই জঙ্গী কৰ্মীসকল সৰ্বদা প্ৰস্তুত আছিল। কিন্তু দিল্লীৰ শাসক দল কংগ্ৰেছ(ই)ৰ ভাৰাতীয়া কৰ্মীৰ সন্মুখত এই জঙ্গী কৰ্মী সকলৰ সংখ্যা খুবেই নগণ্য আছিল।

মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে চিপিআই(এম)ৰ কৰ্মীসকল নিশা সক্ৰিয় হৈ বাহিৰলৈ ওলাইছিল যাতে ৰাজবাটত মানুহ নোহোৱা অৱস্থাত ক'তো বিৰোধীৰ সৈতে সংঘাতৰ সৃষ্টি নহয়। কিন্তু যেতিয়া ক'ৰ'বাত প'ষ্টাৰ, বেনাৰ লগোৱা অৱস্থাত স্থানীয় বাসিন্দাই গম পাই ঘৰৰ পৰা ওলাই আহে তেতিয়া পৰিস্থিতি বিষম হৈছিল। এদিন কুমাৰপাৰা পাঁচআলিত বেনাৰ প'ষ্টাৰ লগাই থকা অৱস্থাত দুজন স্থানীয় যুৱক আহি প'ষ্টাৰ বেনাৰ নলগাবলৈ অতি বিনম্ৰ ভাবে অনুৰোধ জনাইছিল। কিন্তু কোনোৱে ল'ৰা দুজনৰ কথাত কাণষাৰ নিদি প'ষ্টাৰ বেনাৰ লগোৱা কাম কৰি থাকিল। তেতিয়া এজন ল'ৰাই শুধিলে আপোনালোক অসমীয়া নহয় নে? পুলিচ, চিআৰপিয়ে অসমীয়া ল'ৰাক পিটি আছে দেখা নাই নে? তেতিয়া চিপিআই(এম)ৰ কৰ্মী এজনে উত্তৰত ক'লে- দলং জ্বলালে পুলিচে নামাৰিব নেকি! তেতিয়া ল'ৰা দুজন খঙত অগ্নিশৰ্মা হৈ লগৰবোৰক চিঞৰি মাতিব ধৰিছিল। লগৰবোৰ আহি শিলাবৰ্ষণ কৰিব বুলি ভাবি চিপিআই(এম)ৰ কৰ্মীবোৰে গাড়ীত উঠি সেই স্থান ত্যাগ কৰিছিল।

চিপিআই(এম) কৰ্মীবোৰে তাৰ পাচত পল্টনবজাৰৰ থানাৰ ওচৰৰ পুলিচ পইণ্টলৈ গৈ প'ষ্টাৰিং কৰিছিল। ওপৰৰ ডাঙৰ ডাঙৰ হৰ্ডিং বোৰত কংগ্ৰেছ(ই)ৰ কৰ্মীয়ে জখলা ব্যৱহাৰ কৰি প'ষ্টাৰ লগাই আছিল। কিন্তু তাতো অজ্ঞাত ব্যক্তি আৰু চিআৰপিৰ সতৰ্কবাণী (কাৰণ সেই ঠাইত হেনো কেৱল কংগ্ৰেছ(ই) দলৰহে প'ষ্টাৰ লগোৱাৰ পাৰ্মিশ্বন আছিল) শুনি চিপিআই(এম) কৰ্মী সকলে সেই স্থান ত্যাগ কৰি মেঘদূত চিনেমা হলৰ কাষলৈ গ'ল। তালৈ গৈ চিপিআই(এম) কৰ্মীবোৰ খুবেই হতাশ হৈছিল কাৰণ, পুলিচ নোহোৱা ঠাইলৈ প'ষ্টাৰিং কৰিবলৈ গ'লে নিৰ্বাচন বিৰোধিতা কৰাবোৰে খেদিছিল আৰু পুলিচ থকা ঠাইলৈ গলে কংগ্ৰেছ(ই) দলৰ কৰ্মীয়ে খেদিছিল। এনেদৰে তেওঁলোকৰ প'ষ্টাৰিং কৰিবলৈ ঠাই নোহোৱা হোৱাৰ দৰে হৈছিল।

সেইবাৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পৰা গুৱাহাটীৰ মানুহৰবোৰ এক অজান ভয়ত আতংকিত হৈ বৰকৈ ঘূৰা-ফুৰা নকৰিছিল। চিনেমা হলবোৰত মানুহ তেনেই সেৰেঙা আছিল। সেই সময়ত বস্তি অঞ্চলৰ বহু যুৱকে চিনেমা হলবোৰত সংস্থাপিত হৈ আছিল। চিনেমা হলৰ টিকট ক'লা বজাৰত বেছি এওঁলোকে পেট প্ৰৱৰ্তাইছিল। চিনেমা হলত মানুহ সেৰেঙা হোৱাত সিহঁত বেকাৰ হৈ পৰিছিল। কৰ্মী নোহোৱা কংগ্ৰেছ(ই) দলে তেতিয়া দিল্লীৰ টকাৰে সিহঁতবোৰকেই কৰ্মী ৰূপে নিক্ষেপ কৰি নিৰ্বাচনৰ কামত খটুৱাব পাৰিছিল।

ভোট গ্ৰহণৰ আগমুহূৰ্তত চিপিআই(এম) দলৰ কৰ্মীবোৰে নিজৰ সমৰ্থক সকলক কেনেকৈ দলৰ হকে ভোটদান কৰোৱাব তাৰ কৌশল তৈয়াৰ কৰাৰ বাবে আলোচনা কৰিছিল। কিন্তু কংগ্ৰেছ(ই)ৰ কৌশলৰ সন্মুখত চিপিআই(এম)ৰ এই কৌশল কোনো কামত নাহিল।

১৯৮৩ ৰ নিৰ্বাচনৰ কোনো কামত সদৌ অসম কৰ্মচাৰী পৰিষদে সহযোগ নকৰাৰ সিদ্ধান্ত লৈছিল। সেয়েহে বহিঃৰাজ্যৰ পৰা নিৰ্বাচনৰ কামৰ বাবে কৰ্মচাৰী আৰু গাড়ীচালক আমদানি কৰি আনিবলগীয়া হৈছিল। সেয়েহে নিৰ্বাচনৰ কিছুদিন আগতে দিল্লীৰ পৰা বহু হিন্দী ভাষী কৰ্মচাৰী আৰু গাড়ীচালক আহি গুৱাহাটীত উপস্থিত হৈছিল আৰু তেওঁলোকক বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছিল। অসমৰ যিসকল কৰ্মচাৰীয়ে নিৰ্বাচনী কামত অংশগ্ৰহণত ইচ্ছুক আছিল তেওঁলোকক নিৰ্বাচনৰ দুদিন আগৰে পৰা পল্টনবজাৰৰ বেঙ্গলী ছোৱালী হাইস্কুলত পুলিচ বেষ্টনীৰ মাজত সুৰক্ষা প্ৰদান কৰি ৰাখিছিল। যিসকল কৰ্মচাৰী নিৰ্বাচনী দ্বায়িত্ব লোৱাত ইচ্ছুক নাছিল তাৰে কিছুমানক পুলিচে বিচাৰি উলিয়াই ধৰি নি বেঙ্গলী ছোৱালী হাইস্কুলত আবদ্ধ কৰি নিৰ্বাচনৰ দিনলৈ ৰাখিছিল।

অৱশেষত নিৰ্বাচনৰ দিনটো আহি পাইছিল। তাৰিনী চৰণ চৰকাৰী ছোৱালী হাইস্কুলত তিনিটা ভোট কেন্দ্ৰ আছিল। তালৈ ভোট দিবলৈ যোৱা মানুহ চাবলৈ ওচৰৰ বিল্ডিঙবোৰত কিছু মানুহ উঠি ৰৈ আছিল। কেৱল চাৰিজন ভোটাৰে ভোট দিবলৈ যোৱা বিল্ডিঙত উঠি থকা মানুহে দেখিছিল। পাচত শুনিছিলোঁ সেই কেইজন চিপিআই(এম)ৰ লোক আছিল।

গুৱাহাটীৰ ভোট গ্ৰহণ কেন্দ্ৰত কোনো স্থানীয় লোকে ভোট দিবলৈ যোৱা নাছিল। কিন্তু কংগ্ৰেছ(ই) দলৰ কৰ্মীয়ে দলবান্ধি গাড়ীত উঠি বহু ভোট গ্ৰহণ কেন্দ্ৰলৈ যোৱা বহু মানুহে প্ৰত্যক্ষ কৰিছিল।

লাখটকীয়াৰ এগৰাকী চিপিআই(এম)ৰ সমৰ্থক যুৱকে ভোট দিয়াৰ খবৰ ওচৰৰ ৰাণীবাৰী আৰু পানবজাৰত বিয়পি পৰিছিল। কিছু সময়ৰ পাচতে স্থানীয় ৰাইজে চিপিআই(এম)ৰ সমৰ্থকজনৰ ঘৰ ঘেৰাও কৰি অকথ্য গালি-গালাজ আৰু শিলাবৰ্ষণ কৰিছিল।

এই নিৰ্বাচনত গুৱাহাটীত কোনো বিশেষ অঘটন নঘটিল যদিও সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে নিৰ্বাচন কেন্দ্ৰিক হিংসা, অগ্নি সংযোগ, হত্যাকাণ্ড আদি দৰে ভয়াবহ ঘটনা সংঘটিত হৈছিল।

গুৱাহাটীৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহু সমষ্টিত ভোট দান মুঠেই হোৱা নাছিল বুলি বহুতেই মত পোষণ কৰিছিল। যি দুই এটা ভোটদান হৈছিল সেই ভোটদানৰ আধাৰতেই প্ৰাৰ্থীৰ জয় পৰাজয়ৰ সিদ্ধান্ত আৰু ঘোষণা কৰা হৈছিল। এইদৰে কেৱল কেইটামান ভোটেৰে পূব গুৱাহাটীৰ বিধান সভা সমষ্টিত কংগ্ৰেছ(ই)ৰ প্ৰাৰ্থী মুনীন শৰ্মা জয়ী হৈছিল।

এই নিৰ্বাচনক অসমৰ ৰাজনৈতিক ইতিহাসত কাহানিও নোহোৱা নোপজা এক ঘটনা বুলিব পাৰি। লাখ ভোটাৰ থকা সমষ্টি এটাত এশৰো কম ভোটদানৰ ফলাফলেৰে কোনো প্ৰাৰ্থী জয়ী হোৱাটো এক আচৰিত কাণ্ড। এনে নিৰ্বাচিত বিধায়কৰে প্ৰকৃতিততে এখন গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব পাৰি জানো? এনেবোৰ প্ৰশ্নকেই সেই সময়ৰ সচতেন মহলে উপস্থাপন কৰিছিল। দুই-চাৰিটা ভোটেৰে জয়ী হোৱা বিধায়কৰে গঠিত হোৱা ১৯৮৩ৰ হিতেশ্বৰ শইকীয়াৰ চৰকাৰখনক সেয়েহে কোনোৱে আদৰেৰে গ্ৰহণ কৰিব পৰা নাছিল।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.


[ Cover Photo Courtesy: Internet ]

93 views

Recent Posts

See All
bottom of page