top of page
Search

এটা অজুহাতৰ অপেক্ষাত

ৰঞ্জন কুমাৰ বৰুৱা



আৰামী বেঞ্চখনৰ অবিহনে

ঘৰটোৰ সৌন্দৰ্য সম্পূৰ্ণ নহয়

মনত পৰাৰে পৰা প্ৰশস্ত বাৰান্দা খনত

দেখি আহিছো আৰামী বেঞ্চখন

যেন ঘৰ আৰু বেঞ্চখনৰ মাজত আছে

এৰাব নোৱাৰা সম্বন্ধ ।


কাঠ বাটামেৰে পুৰণা শৈলীত সজা

ঘৰটো তাহানিৰ দিনৰ

পিতাইয়ে কৈছিল, ঘৰটো হেনো

তিনি পুৰুষৰ আগৰ

বেঞ্চখনো একে সময়ৰ ।


পিতাইয়ে কৈছিল, আৰামী বেঞ্চখন

মাথো বহাৰ আহিলা নহয়

বৰঞ্চ তিনিটা জেনেৰেশ্যনৰ হাহিঁ কান্দোনৰ

নিৰ্বাক সাক্ষী, আত্মীয়তাৰ সাকো

আত্মীক সম্পৰ্কৰ স্নেহস্পৰ্শৰে ৰঞ্জিত

ঘৰটোৰ বিশেষ সৌন্দৰ্য ।


সময়ৰ পৰিক্ৰমাত

নিকটাত্মীয় জন পৰ হোৱাৰ দৰে

আধুনিকতাৰ নামত অতীত সংযোগী

স্মাৰকখন অৱহেলিত হৈ পৰি আছে

বাৰীৰ এচুকত,

যেন আমি এটা অজুহাতৰ বাবে অপেক্ষাৰত

নিজক মূলোচ্ছেদ কৰিবলৈ,

মেটেকাৰ দৰে ওপঙি থাকি

বতাহে যি দিশে নিয়ে,

সেইফালে বাট বুলিবলৈ

সেইবাবেই যেন এটা অজুহাতৰ

অপেক্ষাত থাকো ।


::x::x::x::


 

Poet Ranjan Kr. Barua

works at Govt. of Assam and lives in

Bihpuria, Lakhimpur, Assam


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

78 views

Recent Posts

See All
bottom of page