top of page
Search

ছবিবোৰ ফুল হৈ ফুলিব

ৰঞ্জন কুমাৰ বৰুৱা




এই যে ছবিবোৰ

সযতনে ৰাখিবা

কাৰণ ছবিবোৰ

সময়ত ফুল হৈ ফুলে

চৰাই হৈ উৰি উৰি

বুকুৰ মাজত বাহঁ সাজে ।

 

সময় গৈ আছে নিৰৱধি

আমিও গৈ আছোঁ

বহুদূৰ যোৱাৰ পাছত

কুঁৱলীৰ দৰে ডাঠ আচ্ছাদনে

আৱৰি ধৰিব যেতিয়া

আমি ইজনে সিজনক

মণিব নোৱাৰিম

তেতিয়া ছবিয়ে চৰাই হৈ 

পথৰ সন্ধান দিব ।

 

নিয়তিৰ পৰিকল্পনাত

আমি হয়তো হেৰাই যাম 

বিস্মৃতিৰ কোলাত

জীৱন জগতৰ ব্যস্ততাই

ভাল দিনৰ স্মৃতি বিলাকত

বালিৰ তৰপ বান্ধিব পাৰে

তেতিয়া সময় পালে

ছবি বিলাক চাবা

সাহস পাবা

ছবিবোৰে কথা ক'বলৈ

আৰম্ভ কৰিব 

সোঁৱৰাই দিব

এছোৱা সময়ৰ কথা ।

 

এইযে সকলো ব্যৱধান আতৰাই

আমি ইজনে সিজনৰ

কথা ভাবিছিলো

কুশলে থকাৰ

প্ৰাৰ্থনা কৰিছিলোঁ

আমি মানু্হ হ'ব শিকিছিলো 

আমি ইজনে সিজনৰ

হৃদয়ত প্ৰবেশ কৰিছিলোঁ

আমি চৰাই হৈছিলো

আমি ফুল হৈছিলো

ছবিবোৰ সযতনে ৰাখিবা

কাৰণ ছবিবোৰ সময়ত

ফুল হৈ ফুলে

চৰাই হৈ উৰি উৰি

বুকুৰ মাজত বাহঁ সাজে।


::x::x::x::



Ranjan Kumar Boruah

works at Govt. of Assam and is a


[Disclaimer: The opinions expressed in our Blog are those of the author(s) / poet(s) and do not necessarily reflect the opinions of the Publisher.]

126 views

Recent Posts

See All
bottom of page