top of page
Search

গুৱাহাটীত এছবেষ্টচ উদ্যোগ গঢ়িবলৈ মুখ্যমন্ত্ৰীৰ উৎসাহ, ফণী শৰ্মাৰ 'অনুৰাধা'

তাজুদ্দিনআহমেদ



১৯৯৬ চনৰ প্ৰফুল্ল কুমাৰ মহন্তৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ আৰম্ভণিৰে পৰাই ক্ৰমে জনপ্ৰিয়তা হ্ৰাস পাই আহিছিল। প্ৰথমতে জনতাৰ মানৱ অধিকাৰ আৰু গণতান্ত্ৰিক অধিকাৰ ৰক্ষাত ব্যৰ্থ, পাছলৈ উন্নয়নৰ দিশত ব্যৰ্থতা আৰু তাৰ পাচত ৰাজ্যখনক গভীৰ আৰ্থিক সংকটৰ দিশলৈ লৈ গৈছিল। অথচ অগপ দল দিল্লীৰ দেৱগৌড়া আৰু ইন্দ্ৰ কুমাৰ গুজৰালৰ সংযুক্ত মৰ্চাৰ (United Front) চৰকাৰ আৰু অটল বিহাৰী বাজপেয়ীৰ NDA (National Democratic Alliance) চৰকাৰৰ অংশীদাৰ দল আছিল। তেনেস্থলত কেন্দ্ৰীয় চৰকাৰৰ সহায় সহযোগ পোৱাৰ সুযোগ লভিও অসমৰ উন্নতি সাধিব নোৱাৰাটোৱে প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰ খনৰ চৰম ব্যৰ্থতাকে উদঙাই দেখুৱাইছিল।


সেই সময়ত গুৱাহাটীকে আদি কৰি অসমৰ প্ৰায় সকলো ঠাইৰে বাট পথৰ অৱস্থা আছিল অতি শোচনীয়। সেইবোৰ মেৰামতিৰ বাবে চৰকাৰৰ হাতত টকা নাছিল। গুৱাহাটী মেডিকেল কলেজ হস্পিটাললৈ পানীৰ বাহিৰে অইন একো বস্তুৰে যোগান নাছিল বুলি ভুক্তভোগী ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ অভিযোগ শুনিছিলোঁ। বিদ্যুৎ বিল পৰিশোধ নকৰাৰ বাবে হেনো হস্পিটাল চৌহদৰ বিদ্যুৎ কৰ্ত্তন কৰাত চৌদিশ অন্ধকাৰ হৈ পৰিৱেশ ভয়াবহ হৈ পৰিছিল। হস্পিটালৰ ভিতৰত ৰোগী নাছিল বুলিয়েই কব পাৰি। ৱাৰ্ড আৰু কৰিডৰত বাটৰ কুকুৰ শুই থকা মই নিজেই দেখিছিলোঁ। চৰকাৰী কৰ্মচাৰী সকলৰ বহুতে বহু দিনলৈ দৰমহা পোৱা নাছিল। পৰিৱহন নিগম আৰু ষ্টেটফেড আদি চৰকাৰী বৃহৎ প্ৰতিস্থানৰ হাজাৰ হাজাৰ কৰ্মচাৰীয়ে কেবা বছৰৰ দৰমহা পোৱা নাছিল। পৰিৱহন নিগমৰ কৰ্মচাৰী কিছুমানে বাছৰ টায়াৰ বেছি চাউল কিনি খাই কোনোমতে জীয়াই আছিল। সেই সময়ৰ গুৱাহাটীৰ অৱস্থা দেখি সমগ্ৰ অসমৰ আৰ্থিক সংকটৰ ছবি এখন কেনে হ'ব তাক অনুমান কৰিব পৰা গৈছিল। মোৰ জীৱনত এনে অৰাজক অৱস্থা প্ৰফুল্ল কুমাৰ মহন্তৰ শাসনৰ বাদে আন কাৰো শাসন কালতেই দেখা নাছিলোঁ।


প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি এনেবোৰ কাৰণত ৰাইজৰ মোহভঙ্গ হৈ পৰাত মুখ্য বিৰোধী দল কংগ্ৰেছত উদ্দীপনা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। আনকি দলটোৰ ৰাজ্যিক নেতৃত্বই বানপানী নাহোতেই সাহাৰ্য্য সামগ্ৰী সংগ্ৰহৰ কাম আৰম্ভ কৰিবলৈ মন মেলিছিল। সেই উদ্দেশ্যে এখন সমিতিও গঠন কৰা হৈছিল আৰু সভাপতিৰ দ্বায়িত্ব লভিছিল বিধায়ক ডঃ অৰ্ধেন্দু কুমাৰ দে আৰু উপ সভাপতিৰ দ্বায়িত্ব লভিছিল গুৱাহাটীৰ বিশিষ্ট নাগৰিক তথা ব্যৱসায়ী ফণী শৰ্মাই।


এই ফণী শৰ্মা নামৰ ব্যক্তি গৰাকী কেৱলযে এগৰাকী ব্যৱসায়ী আৰু ৰাজনীতিক আছিল তেনে নহয়, বৰঞ্চ তেওঁ আছিল এনে এগৰাকী ব্যক্তি যিগৰাকী গুৱাহাটীৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সতে জড়িত থকাৰ উপৰিও এগৰাকী সুদক্ষ ক্ৰীড়া সংগঠকো আছিল। পূৱ গুৱাহাটী বিহুতলীৰ সৈতে তেওঁ জড়িত হৈ থকা মই সৰুৰে পৰা দেখিছিলোঁ। তেওঁ অল ইণ্ডিয়া টেবুল টেনিছ এচছিয়েশ্বনৰ উপ সভাপতি আছিল। সেই সময়ত এগৰাকী অসমীয়াই সৰ্বভাৰতীয় ক্ৰীড়ানুষ্ঠান এটাৰ বিষয়ববীয়া হোৱাটো সমগ্ৰ অসমৰ বাবেই বৰ গৌৰৱৰ কথা আছিল।


এবাৰ তেওঁৰ সৈতে মই বান সাহাৰ্য্য বিচাৰি নুনমাটিৰ ইণ্ডিয়া কাৰ্বন নামৰ বৃহৎ উদ্যোগ প্ৰতিষ্ঠানটোলৈ যাবলগীয়া হোৱাত এক বৃহৎ এলেকাৰ মাজত টিলা এটাৰ ওপৰত অৱস্থিত ইণ্ডিয়া কাৰ্বনৰ কাৰ্যালয়ত উপস্থিত হৈছিলোঁ। তাৰ পৰাই চৌদিশে বিয়পি থকা ইণ্ডিয়া কাৰ্বনৰ বিশাল ব্যৱসায়িক এলেকাটো দেখা গৈছিল। গুৱাহাটীৰ ঠিক মাজ মজিয়াত এটা উদ্যোগৰ সৈতে এনে এক বিশাল এলেকা থকা মানে উদ্যোগটোৰ মূল্যতকৈ উদ্যোগটোৰ মাটিৰ মূল্য বহু গুণ বেছি হয়। গুৱাহাটীত অনাঅসমীয়াৰ এনে বহু উদ্যোগ আছে যিবোৰ উদ্যোগ প্ৰতিষ্ঠানে প্ৰয়োজনীয় মাটিতকৈ বহু বেচি মাটি চৰকাৰৰ পৰা লাভ কৰিছিল। তাকে দেখি ভাবিছিলো, গুৱাহাটীৰ যি কেইগৰাকী মুষ্টিমেয় অসমীয়া ব্যৱসায়ী আছিল তেওঁলোকে উৎপাদনশীল উদ্যোগ স্থাপনৰ পৰিৱৰ্তে চিনেমা হল, বাতৰি কাকত ছপোৱা ছপাশাল, পেট্ৰল পাম্প আদিৰ স্থাপনতে বেছি আগ্ৰহী হৈছিল।


ফণী শৰ্মাক গুৱাহাটীৰ সকলোৱে চিনি পাইছিল গুৱাহাটীৰ আটক ধুনীয়া চিনেমা হল অনুৰাধা ছবি গৃহ'ৰ স্বত্বাধিকাৰী হিচাবে। ফাচীঁবজাৰৰ ৰূপায়ণ চিনেমা হলটোৰ মালিকো এই ফণী শৰ্মাই আছিল। কিন্তু এতিয়া তাত শ্বপিং কমপ্লেক্স হ'ল। তেওঁ ব্যৱসায়ী হিচাবে আন উদ্যোগৰ প্ৰতি আগ্ৰহী নহৈ চিনেমা হল স্থাপনৰ প্ৰতিহে কিয় আগ্ৰহী হৈছিল সেই কথা জানিবলৈ এবাৰ তেওঁক মই প্ৰশ্ন সুধিছিলোঁ। সেই মুহূৰ্তত আমি দুয়ো ইণ্ডিয়া কাৰ্বনৰ কাৰ্যালয়ৰ পৰা ওলাই বোন্দাৰ দিশে গৈ আছিলোঁ। তেওঁ মোক "কম ৰ'বা" বুলি কৈ অন্য কথা পাতিছিল। আমি যেতিয়া ৰাইনো এছবেষ্টৰ উদ্যোগত উপস্থিত হৈছিলো তেওঁ তেতিয়া কৈছিল, "মই এনে উদ্যোগ স্থাপনৰ সকলো সুবিধা পায়ো নাপাতিলোঁ। এই ভুল বহু পাচতহে মোৰ উপলব্ধি হৈছিল আৰু তেতিয়া এনে উদ্যোগ পতাৰ সুবিধা খিনি মোৰ হাতত নাছিল।"


ফণী শৰ্মা বানে গৰকা লক্ষীমপুৰৰ পৰা গুৱাহাটীলৈ আহিছিল আত্মসংস্থাপন বিচাৰি। প্ৰথমতে তেওঁ ভাৰতীয় খাদ্য নিগম (FCI)ৰ ঘেঁহু ট্ৰাকেৰে কঢ়িওৱাৰ ঠিকা কাম কৰিছিল। সেই সময়তে তেওঁ অনুৰাধা চিনেমা হলৰ বাবে মাটি ক্ৰয় কৰিছিল। তাৰ পাচত তেওঁ চিনেমা হলৰ অনুজ্ঞাপত্ৰৰ বাবে শ্বিলঙলৈ যাব লগীয়া গৈছিল। সেই সময়ত শ্বিলংতহে আছিল অসমৰ ৰাজধানী। শ্বিলঙত তেওঁ সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাক সাক্ষাৎ কৰি চিনেমা হলৰ অনুজ্ঞাপত্ৰ বিচাৰিছিল। তেতিয়া বিমলা প্ৰসাদ চলিহাই হেনো টেবুলৰ ড্ৰয়াৰৰ পৰা এছবেষ্টচ ৰুফিং ছিটৰ এটা টুকুৰা উলিয়াই ফণী শৰ্মাক দেখুৱাই কৈছিল, "এই এছবেষ্টচ ৰুফিং ছিট টিঙৰ সলনি ব্যৱহাৰ কৰিব পাৰি। এছবেষ্টচ ৰুফিং ছিট বনোৱা সকলো কেচাঁমাল অসমত পোৱা যায়। এই উদ্যোগ স্থাপনত চৰকাৰে সহায় কৰিব আৰু মাটিও দিব। তৈয়াৰ হোৱা এছবেষ্টচ ৰুফিং ছিট বজাৰত বেচিব নালাগে। সকলোখিনি অসম চৰকাৰৰ গড়কাপ্তানী বিভাগেই কিনি ল'ব।"


ফণী শৰ্মা আহিছিল চিনেমা হলৰ অনুজ্ঞাপত্ৰ বিচাৰি। কিন্তু মুখ্যমন্ত্ৰী চলিহাই এছবেষ্টচ উদ্যোগ স্থাপনৰ লাভদায়ক দিশবোৰ কৈ ফণী শৰ্মাক তেনে উদ্যোগ পাতিবলৈ একপ্ৰকাৰ উৎসাহিত কৰিবলৈ বিচাৰিছিল। কিন্তু ফণী শৰ্মাৰ মূৰত হেনো এইবোৰ একো সোমোৱা নাছিল। তেওঁৰ মন মস্তিষ্কত সেই সময়ত কেৱল চিনেমা হল নিৰ্মাণৰ সপোনটোহে ভাহি আছিল। মুখ্যমন্ত্ৰী চলিহাই কথাখিনি ফঁহিয়াই কোৱাৰ পাচত ফণী শৰ্মাক হেনো ক'লে, "আপুনি এই এছবেষ্টচ উদ্যোগ স্থাপন কৰক, মই সকলো সুবিধা কৰি দিম।" তেতিয়া ফণী শৰ্মাই হেনো একো নকৈ মনে মনে বহি আছিল। মুখ্যমন্ত্ৰী চলিহাই ফণী শৰ্মাক হেনো তেতিয়া ক'লে "মই কোৱা কথাবোৰ এবাৰ চিন্তা কৰি আপুনি কাইলৈ আহক।"


ফণী শৰ্মা নিৰাশ হৈ মুখ্যমন্ত্ৰীৰকোঠাৰ পৰা ওলাই আহি ওৰে নিশা কথাবোৰ ভাবি ভাবি টোপনি যাব পৰা নাছিল। পুৱা হোৱাত তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ মুখ্যমন্ত্ৰী চলিহাক স্পষ্টকৈ ক'ব যে তেওঁ তেনে কোনো উদ্যোগ পতাত মুঠেই আগ্ৰহী নহয়; কেৱল চিনেমা হল স্থাপনতহে আগ্ৰহী আৰু কেৱল তাৰে অনুজ্ঞাপত্ৰ বিচাৰিহে তেওঁৰ ওচৰলৈ আহিছে।ভবা মতে কাম। অৱশেষত মুখ্যমন্ত্ৰী চলিহাই তেওঁক চিনেমা হলৰ অনুজ্ঞাপত্ৰ দিছিল আৰু ফনী শৰ্মা তাকে লৈ আনন্দ মনেৰে গুৱাহাটীলৈ উভতি আহিছিল।


৭০-৮০ৰ দশকত চিনেমা হলৰ ব্যৱসায় খুবেই ভাল আছিল। চিনেমা হলবোৰ গোটেই সপ্তাহ হাউচফুল হৈ থাকিছিল। কিন্তু লাহে লাহে টিভি, ভিডিঅ কেচেটৰ প্ৰভাৱত চিনেমা হলত দৰ্শক কমি আহি কিছুমান চিনেমা হল বন্ধ হৈ পৰিছিল। মই তেওঁক এই দুঃচিন্তাত ভোগাও কেতিয়াবা দেখিছিলোঁ। তেওঁ সন্ধিয়া সদায়েই এবাৰ ৰূপায়ণ চিনেমা হললৈ গৈছিল। টেবুলত থোৱা টিকট বিক্ৰীৰ চাৰ্টখন চাই তেওঁ প্ৰায়ে হতাশ হৈ মেনেজাৰক কৈছিল, "চ্যেল ইমান কম হ'লে কেনেকৈ চলিম!"


অৱশেষত তেওঁ ৰূপায়ণ চিনেমা হল ভাঙি সেই ঠাইত শ্বপিং কমপ্লেক্স নিৰ্মাণ কৰিছিল।


ফণী শৰ্মাক ৰাজনীতিকৰ ৰূপত প্ৰথম দেখিছিলো ১৯৮৫ চনৰ নিৰ্বাচনত। তেওঁ পূৱ গুৱাহাটী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈ প্ৰতিদ্বন্দিতা কৰিছিল। সেই সময়ত ছাত্ৰসন্থাই অসম চুক্তি স্বাক্ষৰ কৰি অগপ দল গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। সেয়েহে চৌদিশে কেৱল অগপৰ জয়জয় ময়ময় আৰু কংগ্ৰেছ একেবাৰে অপ্ৰিয় হৈ পৰিছিল। কিন্তু ফণী শৰ্মা কংগ্ৰেছ প্ৰাৰ্থী হৈয়ো নিজৰ ব্যক্তিত্বৰ বলত অগপ দলক ভাল প্ৰত্যাহ্বান দি পৰাজিত হৈছিল। তেতিয়াৰ পৰা ফণী শৰ্মা ৰাজনীতিক ৰূপে গুৱাহাটীত সুপৰিচিত হৈ পৰিছিল। কিন্তু সৰল ব্যৱসায়ী ফণী শৰ্মা চতুৰ কংগ্ৰেছী নেতাৰ পাকচক্ৰত পৰি দলত পুনৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী হব পৰা নাছিল। ৮০ দশকৰ শেষৰ ফালে কংগ্ৰেছৰ লবী ৰাজনীতিত তেওঁ নিজেই নজনাকৈ সোমাই পৰিছিল। হিতেশ্বৰ শইকীয়া বিৰোধী লবীটোৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ বাবে অনুস্থিত হোৱা দলীয় নিৰ্বাচনত ফণী শৰ্মাক হিতেশ্বৰ শইকীয়াৰ বিৰুদ্ধে ঠিয় কৰাইছিল। এই নিৰ্বাচনত ফণী শৰ্মাৰ শোচনীয় পৰাজয় হৈছিল আৰু হিতেশ্বৰ শইকীয়া সভাপতি হৈ দলৰ খুবেই শক্তিশালী নেতা হৈ পৰিছিল। ফলত, হিতেশ্বৰ শইকীয়া জীৱিত থকালৈকে অৰ্থাৎ ১৯৯৬ চনলৈকে ফনী শৰ্মাই দলৰ কোনো কমিটিৰ বিষয়ববীয়াৰ পদবী বা সাংসদ, বিধায়কৰ নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ টিকট লাভ কৰিব পৰা নাছিল। তেওঁ হিতেশ্বৰ শইকীয়া বিৰোধী চতুৰ ৰাজনীতিকৰ কথাত ভোল গৈ শক্তিশালী হিতেশ্বৰ শইকীয়াৰ বিৰুদ্ধে থিয় দি সেই সময়ৰ নিজৰ সুন্দৰ ৰাজনৈতিক ভৱিষ্যতটি নষ্ট কৰি পেলাইছিল।


১৯৯৬ চনত হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পাচত তৰুণ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছিল। তৰুণ গগৈৰ সৈতে ফণী শৰ্মাৰ আগৰে পৰাই এক সুসম্পৰ্ক আছিল। সেয়েহে তেওঁ ভাবিছিল যে এইবাৰ তেওঁ কংগ্ৰেছ দলত নিশ্চয় গুৰুত্ব লভিব পাৰিব।


২০০১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি আহিল আৰু ফণী শৰ্মাই টিকট নাপালে হয়টো নিৰ্দলীয় হৈ নিৰ্বাচন খেলি কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক হৰুৱাব পাৰে, তেনে আশংকা কৰি দলে তেওঁক নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতিৰ বাব দিছিল।


আজিৰ ৰাজনীতি ক্ষমতাৰ ৰাজনীতি। অৰ্থাৎ বিধায়ক, সাংসদ, মন্ত্ৰীৰ ৰাজনীতি। আজি দলীয় পদবীৰ কোনো মূল্য নাই। কোনো দলীয় কৰ্মীয়ে কেৱল পদবী অধিকাৰী নেতাৰ অনুগামী নহয়। এই নিৰ্বাচনৰ পাচত তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ হৈছিল আৰু তেতিয়া ফণী শৰ্মাক গুৱাহাটী পৌৰ নিগমৰ প্ৰশাসক (Administrator) হিচাবে চৰকাৰে নিযুক্তি দিছিল। কিন্তু কিছুদিন পাচত চৰকাৰে আৰু দুগৰাকী ব্যক্তিক প্ৰশাসক ৰূপে নিযুক্তি দি ফণী শৰ্মাৰ ক্ষমতা এক তৃতীয়াংশলৈ হ্ৰাস কৰা হৈছিল। এই কাৰ্যৰ বাবে ফণী শৰ্মাই মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওচৰত আপত্তি দৰ্শোৱাত মুখ্যমন্ত্ৰীয়ে শৰ্মাক পৌৰ নিগমৰ মুখ্য প্ৰশাসক ৰূপে নিযুক্ত কৰি তেওঁৰ মান ৰাখিছিল।


ৰাজনীতিৰ পথ মুঠেই মসৃণ নহয়। খলা বমা এই পথেৰে উজুটি নোখোৱাকৈ যিয়ে আগুৱাব পাৰে তেওঁহে সফলতাৰ মুখ দেখে। ফণী শৰ্মাই চাগে ৰাজনীতিৰ পথ মসৃণ বুলি ভাবি লৈছিল।


তেওঁ এগৰাকী সাংস্কৃতিক কৰ্মী, ক্ৰীড়া সংগঠক, সুপৰিচিত ব্যৱসায়ী আৰু জনপ্ৰিয় ৰাজনীতিক আছিল। এনে বহুমুখী প্ৰতিভাৰ ব্যক্তি আমাৰ সমাজত তেনেই বিৰল। তেওঁৰ অনুপস্থিতিত আজিলৈকে কংগ্ৰেছ দলে আৰু পৰিয়াল বৰ্গই তেওঁৰ স্মৃতিত বিশেষ একো উদ্যোগ গ্ৰহণ কৰা নেদেখিলোঁ‌। অথচ তেওঁ এনেবোৰ সামাজিক কামত নিজকে সম্পূৰ্ণৰূপে নিয়োজিত কৰি ৰাখিছিল।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.


[ Cover Photo(s) Courtesy: Internet ]

100 views

Recent Posts

See All
bottom of page