top of page
Search

নেহেৰু ষ্টেডিয়ামত ৰাজহুৱা শপতগ্ৰহণ, দিছপুৰত মন্ত্ৰীক চাবলৈ জনতাৰ ভীৰ, ইউএমএফ গঠনেৰে কংগ্ৰেছক মোক্ষম

তাজুদ্দিন আহমেদ



১৯৮৫ চনৰ ১৫ আগষ্টত চৰকাৰ আৰু বিদেশী বিতাড়ণ আন্দোলনৰ নেতৃবৃন্দই অসম চুক্তি স্বাক্ষৰ কৰিছিল। খবৰটো অসম আহি পোৱাত গুৱাহাটীৰ ৰাজ পথত এক উছৱমুখৰ পৰিৱেশ দেখা পোৱা গৈছিল। ছাত্র, যুৱক যুৱতীৰ একাংশৰ মুখত শুনা গ'ল, "আমি জিকিলো, কংগ্ৰেছ(ই) চৰকাৰ হাৰিল" বাক্যশাৰী। দিল্লীত কংগ্ৰেছ(ই) দলৰ নেতা মন্ত্ৰীসকলে এক জটিল সমস্যা সমাধান হোৱা বুলি স্বস্তিৰ নিশ্বাস পেলাইছিল। পিছে হিতেশ্বৰ শইকীয়া সহিতে অসমৰ সকলো মন্ত্ৰী বিধায়কৰ মনবোৰ বিমৰ্ষিত হৈ পৰিল। তেওঁলোকৰ কাৰ্য্যকালৰ প্ৰায় আধা সময় বাকী থাকোতেই তেওঁলোকে বিদায় ল'বলগীয়া হ'ল। সেই সময়ত হিতেশ্বৰ শইকীয়াৰ চৰকাৰখন মোটামুটি ভালেই চলি আছিল। আন্দোলনত বিনষ্ট হৈ পৰা পৰিস্থিতি বহুলাংশে উন্নত হৈ উঠিছিল। স্থবিৰ হৈ পৰা উন্নয়নৰ কাম-কাজবোৰো অলপ অলপকৈ আৰম্ভ হৈছিল। চৰকাৰখনৰ বাবে তাতোকৈ ডাঙৰ সফলতা আছিল এইয়া যে অসমৰ ৰাইজে আৰম্ভণিতে অবৈধ চৰকাৰ বুলি নামাকৰণ কৰা চৰকাৰখনক লাহে লাহে বৈধ বুলি গ্ৰহণ কৰি লৈছিল। নিজৰ চৰকাৰখনৰ এনেবোৰ কৃতকাৰ্য্যতাৰ দিশ প্ৰকাশ্য হৈ পৰাৰ পাচতো তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই হিতেশ্বৰ শইকীয়াৰ চৰকাৰখনক অতৰ্কিতে বৰ্খাস্ত কৰাৰ এনে হঠকাৰী সিদ্ধান্ত কিয় লৈ পেলালে সেই কথা বহুতৰে বাবে আজিও সাঁথৰ হৈয়েই ৰৈছে।

দিল্লীত অসম চুক্তিত স্বাক্ষৰ কৰি অসম আন্দোলনৰ শীৰ্ষ নেতৃবৃন্দই গুৱাহাটীত পদাৰ্পন কৰাৰ মুহূৰ্তত তেওঁলোকক বীৰৰ দৰে উষ্ম আদৰণিৰে সম্ভাষণ জনোৱা হৈছিল। সেই সময়ত অসম চুক্তিৰ দফাবোৰ প্ৰকৃতাৰ্থত কাৰ্য্যকৰী কৰাৰ সম্ভাৱনিয়তা কিমান সেই কথাবোৰ আন্দোলনৰ কোনো নেতা নাইবা উপদেষ্টাই চিন্তা কৰা কেতিয়াও ক'তো দেখা নাছিলোঁ। চুক্তি ৰূপায়ণৰ কৌশল (mechanism)বোৰৰ বিষয়ত কোনো কাকত-পত্ৰিকাত একো আলোচনা কৰা দেখা নগৈছিল। চুক্তি স্বাক্ষৰ হোৱা মানে ১৯৭১ চনৰ পাছৰ বিদেশী বিতাড়ণৰ কাম আৰম্ভ হ'ব বুলি আন্দোলনৰ নেতৃবৃন্দৰ এক বদ্ধমূল ধাৰণা আছিল। প্ৰশাসনিক দিশত সম্পূৰ্ণৰূপে অনভিজ্ঞ আন্দোলনৰ নেতৃবৃন্দই এই বিষয়বোৰৰ ক্ষেত্ৰত কোনো বিশেষজ্ঞৰ পৰা যথাযথ দিহা-পৰামৰ্শ নোলোৱাকৈ চুক্তিখন স্বাক্ষৰিত কৰাৰ ফলতেই আজিকোপতি এই চুক্তিখন প্ৰকৃতাৰ্থত কাৰ্য্যকৰী হৈ নুঠিল।

অসম চুক্তি স্বাক্ষৰিত হোৱাৰ কিছুদিন পাচত অসম বিধানসভাৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল। তাৰ ঠিক দিনচেৰেক পূৰ্বে আন্দোলনৰ নেতৃত্ব দিয়া নেতাগণে "অসম গণ পৰিষদ" নামেৰে এক ৰাজনৈতিক দল গঠন কৰিছিল। আৰু অগপৰ সভাপতি কোন হ'ব বুলি সকলোৱে গুণা-গঠা কৰিছিল। কাৰণ, অসম আন্দোলনৰ শীৰ্ষ নেতা ৰূপে প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু কুমাৰ ফুকন দুয়ো গৰাকী সমানে প্ৰভাৱশালী আছিল। যেতিয়া প্ৰফুল্ল কুমাৰ মহন্ত অগপৰ সভাপতি নিৰ্বাচিত হ'ল, তেতিয়া সকলোৰে জল্পনা-কল্পনাৰো অন্ত পৰিছিল।

সেই সময়ত অসমৰ জনসাধাৰণ একপ্ৰকাৰ নিশ্চিত আছিল যে অসমত আগন্তুক চৰকাৰ অসম গণ পৰিষদৰেই হ'ব আৰু এই চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰি ১৯৭১ চনৰ পাচৰ সকলো বিদেশীকেই অসম ভূমিৰ পৰা বিতাড়ণ কৰিব। সেয়েহে সদ্য গঠিত হোৱা অসম গণ পৰিষদ দলৰ প্ৰতি জনসাধাৰণে অগাধ আস্থা ৰাখিছিল।

আন পিনে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাচতে অসমৰ কংগ্ৰেছ(ই) দলৰ সংখ্যালঘূ নেতাসকলে অসম চুক্তিৰ বিৰোধিতাৰে কংগ্ৰেছ(ই) দল ত্যাগ কৰি ইউনাইটেড মাইনৰিটি ফ্ৰণ্ট (UMF) নামৰ এক দল গঠন কৰিছিল। এই ঘটনাটো কংগ্ৰেছ(ই) দলৰ বাবে আছিল এক প্ৰকাৰৰ মোক্ষম আঘাত। কাৰণ, বিদেশী বিতাড়ণ আন্দোলনে অসমমূলীয় আৰু বঙ্গমূলীয় লোকৰ একপ্ৰকাৰ মেৰুকৰণ কৰিছিল। সেয়েহে কংগ্ৰেছ(ই) দলৰ পক্ষত থকা বঙ্গমূলীয় লোকসকলে নিজা দল গঠন কৰাত কংগ্ৰেছ(ই) দলে নিজৰ প্ৰায় অৰ্দ্ধেক সংখ্যক গণ সমৰ্থন হেৰুৱাতো মোটামুটি খাটাং আছিল।

ৰাজনৈতিক বিষয়ত অসমৰ জনগাঁথনি কোনো এটা সম্প্ৰদায় নাইবা জনগোষ্ঠীৰ বাবেই বিশেষভাৱে কেতিয়াও সুবিধাজনক নহয়। এই কথাত কাৰোৰে নিশ্চয় দ্বিমত নাই যে বৰাক উপত্যকাৰ জনসাধাৰণৰ ৰাজনৈতিক চিন্তাধাৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসাধাৰণৰ সৈতে কেতিয়াও নিমিলে, এক কথাত তেওঁলোকৰ দৃষ্টিভংগী সদায়েই বিপৰীতেই হয়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বুজন পৰিমাণৰ বঙ্গমূলীয় মুছলমানৰ ৰাজনৈতিক স্থিতিও মুলসুতিৰ অসমীয়া জনসাধাৰণৰ সৈতে পৃথক হয়। এনে এক জনগাঁথনিৰ অসমত অগপ দলে অকলেই ক্ষমতা দখল কৰাটো সেই সময়ত মুঠেই সহজ নাছিল। কিন্তু কংগ্ৰেছ(ই) দলৰ পৰা বঙ্গমূলীয় মুছলমানসকলৰ অধিকাংশই আতৰি নিজা দল UMF খোলাত অগপ'ৰ ৰাজনৈতিক যাত্ৰা যঠেষ্ট সুচল হৈ উঠিছিল। তথাপিও ১৯৮৫ৰ নিৰ্বাচনত অগপ দলে কাণে কাণ মাৰিহে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।

নিৰ্বাচনৰ আগমুহূৰ্তত অসম গণ পৰিষদ দল গঠন হৈছিল যদিও ভাৰতৰ নিৰ্বাচন আয়ুক্ত'ৰ কাৰ্য্যলয়ত পঞ্জীয়ন নোহোৱাত ৮৫'ৰ নিৰ্বাচনত অগপ'ৰ প্ৰাৰ্থী সকল নিৰ্দলীয় হৈ যুজত অৱতীৰ্ণ হৈছিল। কিছুমান সমষ্টিত আকৌ অগপই হাতীৰ চিহ্ন লাভ নকৰি চাইকেল'ৰ চিহ্ন ল'বলগীয়া হৈছিল।

অসমৰ জনতা যি সকলে অসম আন্দোলনক অন্তঃকৰণেৰে সমৰ্থন কৰিছিল, তেওঁলোকৰ বাবে অগপ'ৰ চৰকাৰ আছিল এক কথাত ৬ বছৰীয়া আন্দোলনৰ ফচল। সেয়েহে অগপ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান চোৱাৰ হেপাঁহ সকলোৰে আছিল। অগপ'ৰ সেই চৰকাৰখনক লৈ জনসাধাৰণৰ উৎসাহ দেখি অগপ দলৰ নেতৃবৃন্দই গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ৰাজহুৱাকৈ শপত গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল। শপত গ্ৰহণ অনুষ্ঠানৰ দিনাখন নেহৰু ষ্টেডিয়ামলৈ দূৰ-দূৰনিৰ পৰা অসংখ্য মানুহৰ সোঁত বৈছিল। অসমৰ ইতিহাসত ১৮৪৭ চনৰ পাছত গণ আন্দোলনৰ প্ৰক্ৰিয়াৰে চৰকাৰ গঠন হোৱা এইখনেই প্ৰথম চৰকাৰ আছিল। এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰফুল্ল কুমাৰ মহন্তই মুখ্যমন্ত্ৰী ৰূপে আৰু ভৃগু কুমাৰ ফুকনে গৃহ মন্ত্ৰী ৰূপে শপত লোৱাৰ লগতে বাকীবোৰ মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিছিল।

ইয়াৰ পাছত ৰাজধানী দিশপুৰৰ মন্ত্ৰীৰ কোঠাবোৰত মন্ত্ৰীসকল বহাৰ লগে লগে তেওঁলোকক চাবলৈও জনতাৰ সোঁত বৈছিল। কাৰণ এই মন্ত্ৰীবোৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শ্ৰেণী কোঠাৰ পৰা ওলাই গৈ পোনে পোনে মন্ত্ৰীৰ আসনত বহিছিল। বিশ্বৰ ৰাজনৈতিক ইতিহাসতেই এইয়া এক অদ্ভূত পৰিঘটনা আছিল। তাৰ ঠিক কিছুদিন পাচতেই মই উড়িষ্যাত এগৰাকী অষ্ট্ৰেলিয়াৰ পৰ্য্যটকক লগ পোৱাত মোক অসমৰ বুলি জানি তেওঁ সুধিছিল, "অসমত হেনো কলেজৰ ছাত্ৰই চৰকাৰ বনাই ৰাজ্য চলাইছে, এইটো কেনেকৈ সম্ভৱ হল?" তেতিয়া তেওঁক ফঁহিয়াই মই বহু কথা কৈছিলোঁ। তেওঁ মোক এই কথা সোধাত এই কাৰণেই আচৰিত হৈছিলো যে আমাৰ ছাত্র নেতাৰ চৰকাৰখনৰ খবৰে সিহঁতৰ দেশতো বিয়পি পৰিছিল।

এই ল'ৰামতীয়া চৰকাৰ খনৰ মন্ত্ৰীৰ বিভাগীয় কামৰ বিপৰীতে মন্ত্ৰীৰ আচৰণক লৈ ৰাইজে আমোদ লৈছিল। এই ছাত্ৰ মন্ত্ৰীবোৰে বিভাগীয় কামত মনোনিৱেশ কৰাৰ বিপৰীতে ফুৰা-চকা কৰা বেছি দেখিছিলোঁ। প্ৰথমাৱস্থাত প্ৰায়বোৰ মন্ত্ৰীয়েই অবিবাহিত আছিল আৰু তেওঁলোকৰ প্ৰেয়সীৰ ঘৰলৈ ৰঙা লাইট যুক্ত চৰকাৰী গাড়ী লৈ অহা যোৱা কৰাৰ খবৰে সেই সময়ৰ বাতৰি কাকততো প্ৰকাশ পাইছিল।

১৯৮৫ চনৰ অগপ চৰকাৰে প্ৰতিশ্ৰুতি অনুযায়ী বিশেষ একো কৰিব পৰা নাছিল। কেৱল বিদ্যালয় পৰ্যায়ত অষ্টম মান শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি চৰকাৰী স্কুল সমূহত যোগান ধৰিছিল। পিছে হিতেশ্বৰ শইকীয়াৰ আমোলত পুলিচে যিমান ক্ষমতা লভিছিল তাক অগপ চৰকাৰে কৰ্তন কৰিছিল। ফলত, গণতান্ত্ৰিক বাতাবৰণ এটা গঢ় লৈ উঠিছিল যদিও বড়ো আৰু কাৰ্বি সকলৰ মাজত আন্দোলনৰ বৰ্ধিত ৰূপে পৰিস্থিতি আৰু জটিল কৰি তুলিছিল।

১৯৮০ চনত উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত চলা বড়ো জনগোষ্ঠীৰ আন্দোলন শান্তিপূৰ্ণ আছিল। কিন্তু অগপৰ দিনত এই আন্দোলন তীব্ৰতৰ হৈ ভাতৃঘাতী ৰূপ ধাৰণ কৰিছিল। কাৰ্বি সকলেও স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীত এই অগপৰ শাসনকালতেই ১৯৮৬ চনত তেওঁলোকৰ আন্দোলন আৰম্ভ কৰিছিল। পিছে এই আন্দোলন শান্তিপূৰ্ণ আছিল। সেইসময়ত মই কাৰ্বি ছাত্র সন্থা'ৰ প্ৰতিস্থাপন দিৱসৰ কাৰ্যসূচীলৈ আমন্ত্ৰিত হৈ কেইগৰাকীমান সাংবাদিকৰ সৈতে ডিফুলৈ ৰাওনা হৈছিলোঁ। দলটোত হোমেন বৰগোহাঞি আৰু সেই সময়ত টেলিগ্ৰাফ কাকতত কৰ্মৰত সাংবাদিক ৱাছবিৰ হুছেইনো আছিল। ডিফুত তেতিয়া মুলসুতিৰ অসমীয়াৰ বিৰুদ্ধে এক বিৰাগ গঢ় লৈ উঠা অনুভৱ কৰিছিলো।

ইফালে জনসাধাৰণে যি আশাৰে অগপ'ক শাসনলৈ নিৰ্বাচিত কৰি পঠিয়াইছিল তাৰ যেন বিপৰীত কামবোৰহে হ'বলৈ ধৰিছিল। অসমৰ ভূমিপুত্ৰবোৰ একত্ৰিত হোৱাৰ সলনি ভাগভাগ হৈ বিদেশীৰ বিৰুদ্ধে দুৰ্বল হৈ পৰিছিল। অসম চুক্তি অনুসৰি নুমলীগড় শোধনাগাৰ, শঙ্কৰদেৱ কলাক্ষেত্ৰ আদি কেন্দ্ৰীয় চৰকাৰৰ সাহাৰ্য্যত কাৰ্যকৰী হ'বলৈ আৰম্ভ হোৱা প্ৰকল্পৰ বাহিৰে আন বিশেষ গুৰুত্বপূৰ্ণ উন্নয়নমুলক কাম ৰাইজে দেখিবলৈ পোৱা নাছিল।

বিদেশী বিতাড়ণ আন্দোলন আৰম্ভ হোৱাৰ পৰা অসমৰ বাতৰি কাকতসমূহৰ সৰহসংখ্যকেই আন্দোলনৰ পক্ষত অৱস্থান কৰিছিল। কেৱল নাগৰিক, কলাখাৰ, জনক্ৰান্তি আদি কিছু ক্ষুদ্ৰ সাপ্তাহিক কাকতহে পক্ষ্যপাতিত্ব মূলক আচৰণৰ পৰা আতৰি আছিল। কিন্তু এইকেইখন কাকতৰ প্ৰভাৱ সমাজত তেনেই নগন্য আছিল। অগপ দলৰ চৰকাৰ গঠন হোৱাৰ পাচত পোন প্ৰথমবাৰ 'অসম বাণী' কাকতখনে এক নিৰপেক্ষ ভূমিকা লোৱা দেখিছিলোঁ। সেই সময়ত অসম বাণী'ৰ সম্পাদক আছিল তিলক হাজৰিকা আৰু সহকাৰী সম্পাদক আছিল অজিত কুমাৰ ভূঞা। ছয় বছৰীয়া আন্দোলনৰ অন্তত প্ৰথম বাৰ হেমেন দাস আদিৰ দৰে চৰকাৰ বিৰোধী নেতাৰ সাক্ষাৎকাৰ অসম বাণীত পঢ়িবলৈ পাইছিলোঁ। পাচত চৰকাৰ'ৰ ৰোষত পৰি তিলক হাজৰিকাই স্বেচ্ছামূলক অৱসৰ ল'ব লগীয়া হৈছিল আৰু অজিত কুমাৰ ভূঞাই চাকৰি এৰিব লগীয়া হৈছিল। ভূঞাই নতুনকৈ জন্ম লোৱা সাপ্তাহিক সাদিনৰ সম্পাদক ৰূপে যোগদান কৰে আৰু এই 'সাদিন' কাকততে পঢ়িবলৈ পাইছিলো অগপ চৰকাৰখনৰ দেধাৰ দুৰ্নীতিৰ কথা।

ইতিমধ্যে চৰকাৰৰ দিন চমু চাপি আহিছিল আৰু অগপ'ত বিসম্বাদ তুঙ্গত উঠিছিল। সেইসময়ত দিল্লীত ভি. পি. সিং নেতৃত্বাধীন চৰকাৰৰ পতন হৈছিল আৰু কংগ্ৰেছৰ(ই)ৰ সমৰ্থনত চন্দ্ৰশ্বেখৰ ডাঙৰীয়াৰ চৰকাৰ গঠন হৈছিল।

ভি. পি. সিং চৰকাৰ কংগ্ৰেছ(ই) বিৰোধী মিত্ৰজোঁতৰ চৰকাৰ আছিল আৰু অগপ এই চৰকাৰৰ অংশীদাৰ আছিল। অগপৰ সাংসদ দীনেশ গোস্বামী ভি. পি. সিঙৰ মন্ত্ৰীসভাত আইন মন্ত্ৰী আছিল। সেয়েহে ভি. পি. সিং চৰকাৰে অসমত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰা সন্ত্ৰাসবাদৰ বিৰুদ্ধে বেছি সৰব হোৱা নাছিল। পাচত কংগ্ৰেছ(ই) সমৰ্থিত চন্দ্ৰশ্বেখৰ চৰকাৰে এই সমস্যাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি অগপ'ৰ চৰকাৰৰ কাৰ্যকালৰ অন্ত পৰিবলৈ ছয়মাহ বাকী থাকোতেই অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰিছিল। এই সময়চোৱাত অগপৰ বিসম্বাদী নেতাবোৰ ওলাই আহি নতুন অসম গণ পৰিষদ নামেৰে এক নতুন ৰাজনৈতিক দল গঠন কৰিছিল।

১৯৯১ চনৰ নিৰ্বাচনত অগপ আৰু নঅগপই কংগ্ৰেছ(ই) বিৰোধী ভোট বিভাজন কৰাত কংগ্ৰেছ(ই) দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল। আৰু এনেদৰেই ছয় বছৰীয়া অসম আন্দোলনৰ অন্তত গঠন হোৱা জনসাধাৰণৰ বহু প্ৰত্যাশী চৰকাৰ খনৰো কাৰ্যকাল অন্ত পৰিছিল।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.


[ Cover Photo(s) Courtesy: Internet ]

33 views

Recent Posts

See All
bottom of page