top of page
Search

নিৰপেক্ষ সাংবাদিক, বুদ্ধিজীৱী এলাগী, জিএমচিএইছ'ত চিকিৎসকক কানতলীয়া চৰ

তাজুদ্দিন আহমেদ



'৮৩ ৰ নিৰ্বাচনৰ সময়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সংঘৰ্ষৰ বাতৰিয়ে গুৱাহাটীবাসীৰ মনতো সন্দেহ, অবিশ্বাসৰ বীজ সিচিছিল যে কিছুমান পক্ষই আক্ৰমণ প্ৰতি-আক্ৰমণৰ প্ৰস্তুতি চলাই আছে। আৰু সেই কাৰণেই গুৱাহাটীৰ বিভিন্ন ধাৰ্মিক আৰু ভাষিক সম্প্ৰদায়ৰ লোক সকলে নিজৰ নিজৰ বসতিস্থানৰ এলেকাবোৰত প্ৰতি নিশা পাল পাতি পহৰা দিয়াৰ ব্যৱস্থা কৰিছিল। সেইয়া ফেব্ৰুৱাৰী মাহ যদিও ঠাণ্ডাৰ প্ৰকোপ যঠেষ্ট আছিল। মাঘৰ উৰুকাৰ নিশাৰ দৰে সেইবাবে জুই পুৱাই যুৱক সকলে পহৰা দি নিশা পাৰ কৰিছিল। কেতিয়াবা কেতিয়াবা কিবা সন্দেহবশতঃ পহৰা দি থকা ল'ৰাবোৰে চিঞৰি উঠিছিল আৰু সেই মাজনিশা ঘৰত শুই থকা মানুহবোৰে হাতে হাতে লাঠী, দা, যাঠি-জোং লৈ চিঞৰ অহাৰ দিশে লৰ দিছিল। কাষৰ অইন সম্প্ৰদায়ৰ এলেকাৰ মানুহে এই চিঞৰ, হুলস্থুল শুনি একেদৰেই লৰা ধপৰা কৰি হুলস্থুল কৰিছিল। কিন্তু ক'তো কোনো ধৰণৰ সংঘৰ্ষ আছলতে হোৱা নাছিল। বেছ কিছু দিনলৈ গুৱাহাটীত নিশাৰ এনে হুলস্থুলীয়া পৰিস্থিতি এক সচৰাচৰ ঘটনাৰ দৰে হৈ পৰিছিল।

'৮৩ৰ সেই ফেব্ৰুৱাৰী মাহৰেই ১৮ তাৰিখে নেলীৰ হত্যাকাণ্ড সংঘটিত হয়। সেই ঘটনাৰ পাছত যেতিয়া নৰসংহাৰত আহত সকলক পানবজাৰস্থিত গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়লৈ অনা হৈছিল, কিছুমান স্থানীয় ব্যক্তিয়ে সেই আহত সকলক সহায় কৰাৰ উদ্দেশ্যে চিকিৎসালয়লৈ গৈছিল। কিন্তু তাত বাহৰ পাতি থকা নিৰ্বাচনৰ বিৰোধিতা কৰা যুৱক কিছুমানে এই লোকসকলক তাৰ পৰা খেদি পঠিয়াইছিল।

সেই কালত গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত চিপিআই(এম) দলৰ ছাত্র সংগঠন এছএফআই'ৰ ভালেমান সদস্য আছিল। তেওঁলোকে ৰাতি বাৰাণ্ডাতে চিকিৎসাধীন হৈ থকা আহত ব্যক্তি সকলক কোনোৱে গম নোপোৱাকৈ, মনে মনে চিকিৎসা কৰিছিল, পিন্ধিবলৈ কাপোৰ আৰু গাত ল'বলৈ কম্বল ইত্যাদিও যোগাৰ কৰি দিছিল।

সেই সময়ত চিপিআই(এম) দলৰ আদৰ্শত বিশ্বাসী চিকিৎসক সকলৰ এটা অনুস্থান আছিল। নাম আছিল পিপ'লছ ৰিলিফ কমিটি (PRC)। অন্যহাতে ঔষধ কোম্পানীৰ ৰিপ্ৰেজেনটিটিভ সকলৰ এখন মঞ্চ "কমাৰচিয়েল ৰিপ্ৰেজেনটিটিভছ ইউনিয়ন" (CRU)ৰ নেতৃস্থানীয় ভালেমান লোকো চিপিআই(এম) দলৰ ভাৱাদৰ্শত বিশ্বাসী আছিল। সেয়েহে CRUএ ঔষধ-পাতি পাৰ্যমানে PRCক যোগান ধৰিছিল আৰু PRCএ এই ঔষধেৰে নেলীৰ আহত লোক সকলক যেনেকৈ পাৰে তেনেকৈ চিকিৎসা কৰিছিল। এনেতে এদিন মাজনিশা এছএফআই'ৰ শৰ্মা উপাধিৰ কনিষ্ঠ চিকিৎসক এগৰাকীয়ে নেলীৰ আহত ব্যক্তি এগৰাকীক চিকিৎসা কৰি থাকোতেই তাত বাহৰ পাতি থকা নিৰ্বাচন বিৰোধী যুৱকৰ দল এটাই দেখি চিকিৎসক জনক কাণতলীয়া চৰ সোধাইছিল। এই কথা পিছদিনা গুৱাহাটীৰ বহু মানুহৰ কাণে কাণে বিয়পি পৰিছিল।

সেই সময়ত পানবজাৰৰ GMC চিকিৎসালয়ত নেলীৰ আহত লোকসকলক ঔষধ, খাদ্য, বস্ত্ৰ ইত্যাদি যোগান ধৰাটো প্ৰায় অসম্ভৱ কথা আছিল। কাৰণ চিকিৎসালয়খনত দিনে নিশাই নিৰ্বাচন বিৰোধিতা কৰা যুৱক সকলে পহৰা দি ৰখি আছিল যাতে নেলী বা দৰঙৰ পৰা অহা নিৰ্বাচনী সংঘৰ্ষৰ আহত ব্যক্তিসকলক কোনোৱে কোনো ধৰণৰ সহায় আগবঢ়াব নোৱাৰে। বৰ্তমান MMC চিকিৎসালয়ৰ কেণ্টিনখন যি স্থানত আছে তাৰ ঠিক সমুখৰ চোতালতেই জুম বান্ধি, বহি নিৰ্বাচন বিৰোধিতা কৰা সেই যুৱক সকলে পহৰা দি আছিল। কাৰণ, সেই ফালেৰেই চিকিৎসালয়খনৰ ৰোগী থকা ৱাৰ্ড বোৰলৈ যাব লাগিছিল। নেলীৰ আহতসকললৈ সাহাৰ্য্য অনা কাৰোবাক তাত দেখিলেই গতিয়াই নাইবা শাৰীৰিক ভাৱে অপদস্থ কৰি খেদি পঠিওৱা হৈছিল। তেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ, বৰ্তমানৰ মহাত্মা গান্ধী পথৰ একেবাৰে কাষলৈকে ৰোগী থকা ৱাৰ্ডবোৰ অৱস্থিত আছিল। এতিয়া তাত স্বাস্থ্য বিভাগৰ কাৰ্যালয় হ'ল আৰু তাৰে সন্মুখৰ ঠাই মুকলি কৰি কিছু বছৰ আগতে গাড়ী পাৰ্কিংৰ এক ব্যৱস্থা নিৰ্মাণ কৰা হৈছিল কিন্তু সম্পূৰ্ণ নোহোৱাকৈ আজিও সেই নিৰ্মাণ পৰিত্যক্ত হৈ থকা দেখি আছোঁ। এছএফআই'ৰ সদস্যসকলে ৰাতি সেই ফালেদিয়েই ওখ দেৱাল বগাই ঔষধ, খাদ্য, কাপোৰ-কানি ইত্যাদি ভিতৰত কৰ্মৰত চিপিআই(এম)ৰ সমৰ্থক চিকিৎসক সকলক যোগান দিছিল।

নেলীৰ গণহত্যাৰ খবৰ বিয়পি পৰাৰ ঠিক পিছতেই গুৱাহাটীৰ এক বিশেষ ভাষিক আৰু ধৰ্মীয় সম্প্ৰদায় খুবেই আতংকিত হৈ পৰিছিল। সেই সময়ত গুৱাহাটীত বৌদ্ধিক চিন্তা-চৰ্চাৰ পৰিৱেশ প্ৰায় স্তিমিত হৈ পৰিছিল। উগ্ৰ জাতিয়তাবাদী ধ্যান-ধাৰণাৰে প্ৰভাৱান্বিত হৈ সাধাৰণ জনসাধাৰণৰ লগতে সৰহ সংখ্যক সাংবাদিক, সাহিত্যিক, কবি, শিল্পী আদিও আৱেগিক ভাৱে একপ্ৰকাৰ অস্থিৰ হৈ আছিল। সেই সময়ত আঙুলি মুৰত লেখিব পৰাকৈ যিকেইজন নিৰপেক্ষ বুদ্ধিজীৱী, শিল্পী-সাহিত্যিক আছিল তেওঁলোক সমাজৰ বাবে একপ্ৰকাৰ এলাগী হৈ পৰিছিল।

নেলীৰ গণসংহাৰত কিবাকৈ প্ৰাণ ৰক্ষা পৰা দুৰ্গতসকলক সাহাৰ্য্য প্ৰদান কৰাৰ বাবে গুৱাহাটীৰ পৰা কিছুলোক নেলীলৈ ৰাওনা হৈছিল। গুৱাহাটীৰ হাজী মুছাফিৰখানাত নেলীলৈ সাহাৰ্য্য লৈ যাবলৈ ওলোৱা কিছুলোকে বাহৰ পাতিছিল। সেই কথা গম পাই চিপিআই(এম) দলৰ যুৱ সংগঠন ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্বন (DYFI)ৰ সদস্য, কেইজনমান সংখ্যালঘূ যুৱক হাজী মুছাফিৰখানালৈ গৈছিল। যাতে DYFI সংগঠনেও নেলীলৈ সাহাৰ্য্য লৈ যাব পাৰে। কিয়নো সেই সময়ত নেলীলৈ পঠিয়াব পৰাকৈ DYFI সংগঠনৰ সদস্য খুব তাকৰ আছিল। সেই যুৱক কেইজনে হাজী মুছাফিৰখানালৈ গৈ গম পাইছিল যে নেলীলৈ সাহাৰ্য্য পঠাবলৈ আগভাগ লোৱা উদ্যোক্তা সকল আছিল সংখ্যালঘূ সম্প্ৰদায়ৰ কিছুমান যুৱক। DYFIৰ যুৱক কেইজন সাম্প্ৰদায়িক মনোভাৱাপন্ন উদ্যোক্তা যুৱক সকলৰ বিষয়ে ভাল দৰে অৱগত নাছিল। সেয়েহে সেই উদ্যোক্তা সকলে যেতিয়া গম পালে যে সিহঁতৰ সৈতে নেলীলৈ যাবলৈ মন কৰা যুৱক কেইজন কমিউনিষ্ট আদৰ্শত বিশ্বাসী বুলি, তেতিয়া সিহতে লগে লগে DYFIৰ যুৱক কেইজনক জনাই দিছিল যে ইছলামে হেনো কেতিয়াও কমিউনিষ্ট আদৰ্শৰ সৈতে একেলগে কোনো কাম কৰিব নোৱাৰে। ইছলামৰ মূল শত্ৰু কমিউনিষ্ট বুলিও সেই সময়ত দেশৰ ধৰ্মান্ধ মুছলমান, মোল্লা, মৌলবীবোৰে প্ৰচাৰ কৰি ফুৰিছিল। কাৰণ, সেই সময়ত আফগানিস্তানৰ কমিউনিষ্ট শাসক নজিবুল্লাৰ বিৰুদ্ধে তালিবানসকলে যুদ্ধ কৰি আছিল।

DYFIৰ যুৱক কেইজনে মৌলবাদী যুৱক কেইজনৰ কথা শুনি লগে লগে হাজী মুছাফিৰখানা ত্যাগ কৰিছিল। পাচত অৱশ্যে তেওঁলোকে নিজাববীয়াকৈ আন ব্যৱস্থা কৰি নেলীলৈ সাহাৰ্য্য লৈ গৈছিল।

ইতিমধ্যে নেলীৰ গণহত্যাৰ বাতৰি বিশ্বৰ প্ৰায়বোৰ আগশাৰীৰ কাকত, আলোচনীতেই সবিস্তাৰে প্ৰকাশ পাইছিল। ইণ্ডিয়া টুডে'ৰ ১৫ মাৰ্চ ১৯৮৩ চনৰ সংখ্যাত নেলীৰ গণহত্যাৰ বিস্তৃত বাতৰি আৰু নৃশংস দৃশ্যৰ ছবি প্ৰকাশ পাইছিল। ইণ্ডিয়া টুডে'ৰ এই সংখ্যাটোৰ পৰাই সমগ্ৰ বিশ্বই নেলীৰ বিষয়ে ভালকৈ জানিবলৈ পাইছিল। সেই সময়ত নেলীৰ গণহত্যাৰ বাবে ইন্দিৰা গান্ধীৰ চৰকাৰক জগৰীয়া কৰি ৰাষ্ট্ৰসঙ্ঘত বহু কেইখন দেশে অভিযোগ কৰিছিল। ইন্দিৰা গান্ধীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ ভাৱমূৰ্তি বৰ্তাই ৰখাৰ বাবে নেলীৰ দুৰ্গতসকলৰ লগতে অসমৰ সকলো নিৰ্বাচনী সংঘৰ্ষৰ ভুক্তভোগীক সাহাৰ্য্য আৰু নিৰাপত্তা প্ৰদান কৰিছিল।

সেই সময়ত হিতেশ্বৰ শইকীয়াৰ কংগ্ৰেছ(ই) চৰকাৰখন নতুনকৈ গঠন হৈছিল। এই চৰকাৰখনে অতি দ্ৰুত ভাবে পিড়িত সকলক সাহাৰ্য্য প্ৰদান কৰাত আৰু যাৱতীয় নিৰাপত্তা দিয়াত সফল হৈছিল। ফলত অসমৰ অৱস্থা ক্ৰমাৎ স্বাভাৱিক হোৱাৰ দিশে আগ বাঢ়িছিল।


::x::x::x::


Disclaimer:


The opinions expressed in this Column are those of the author / columnist and do not necessarily reflect the opinions of the Publisher. The Columnist and the Publisher have taken utmost care to ensure that this writing does not offend anyone, knowingly or unknowingly. The objective of this writing is not to hurt any sentiments or be biased in favor of or against any particular person, society, gender, creed, nation or religion. The Columnist has made every attempt to ensure the accuracy and reliability of the information(s) provided in the writing. However, such information(s) are provided "as is" without warranty of any kind. Neither the Columnist nor the Publisher i.e. Guwahati Grand Poetry Festival or its owner i.e. Nidus Associates & Consultants Private Limited does not accept any responsibility or liability for the accuracy, content, completeness, legality, or reliability of the information(s) contained in the writing. No warranties, promises and/or representations of any kind, expressed or implied, are given as to the nature, standard, accuracy or otherwise of the information(s) provided in this writing nor to the suitability or otherwise of the information(s) to your particular circumstances. The Columnist or the Publisher shall not be liable for any loss or damage of whatever nature (direct, indirect, consequential, or other) whether arising in contract, tort or otherwise, which may arise as a result of your use of (or inability to use) this writing, or from your use of (or failure to use) the information(s) on this writing.


[ Cover Photo Courtesy: Internet ]

63 views

Recent Posts

See All
bottom of page