top of page
Search

ফেৰেংগাদাউ

অভিনন্দন দত্ত


চিৰাল ফটা পথাৰখনত

যি শেষটোপাল বৃষ্টি হৈ নামিছিল,

শ্ৰমিকৰ কামিহাড়ত যি

শেষ টুকুৰা মঙহ হৈ ওলমি ৰৈছিল,

যাৰ সু্ৰৰ দেউলত আজি

সুন্দৰৰ পূজাৰীজন সৌন্দৰ্যৰ কদৰ্য ৰূপত ম্ৰিয়মাণ!

মুক্তিকামী জনতাক যি শেষ উশাহ জাক বুকুৰ গভীৰতালৈ

সজোঁৰে টানি নিবলৈ মৰসাহ দিছিল;

দাসত্বৰ শিকলী ছিঙি তমোহৰ তাণ্ডৱ নৃত্যত

যিয়ে আকাশ পাতালৰ জুনুকাবোৰ খহাই পেলাইছিল

বিশ্ৱৰ ছন্দে ছন্দে! শেষবাৰৰ বাবে;

সেই ফেৰেংগাদাউৰ অনুপস্থিতিত

আজি শেষবোৰৰ অৱশেষবোৰ নি:শেষ।


::x::x::x::

 

Poet Abhinandan Dutta

hails from Golaghat and currently working as a

Dy. Manager, Lower Kapili HE Project, AEGCL

[Disclaimer: The opinions / views expressed in our Blog are those of the author / poet and do not reflect the opinions of the Publisher]

86 views

Recent Posts

See All
bottom of page